< 1 Ahemfo 13 >

1 Awurade hyɛɛ Onyame nipa bi ma ɔkɔɔ Bet-El, na oduu hɔ bere a na Yeroboam rekɔ afɔremuka no ho akɔbɔ afɔre.
সেই সময়ত ঈশ্বৰৰ এজন লোক যিহোৱাৰ বাক্যৰ প্ৰভাৱত যিহূদাৰ পৰা বৈৎএললৈ আহি আছিল। তেতিয়া যাৰবিয়ামে ধূপ জ্বলাবৰ কাৰণে যজ্ঞ-বেদীৰ কাষত থিয় হৈ আছিল৷
2 Na ɔde Awurade nsɛm mu teɛɛ mu guu afɔremuka no so se, “Afɔremuka! Afɔremuka! Sɛnea Awurade se ni: ‘Wɔbɛwo ɔbabarima bi a wɔbɛto no din Yosia ato Dawid fi, na wo so na ɔde asɔfo a wofi nsɔree so ha a wɔhyew aduhuam ne nnipa nnompe no bɛbɔ afɔre!’”
তেতিয়া সেই লোকজনে যজ্ঞবেদীৰ বিৰুদ্ধে যিহোৱাৰ বাক্যৰ প্ৰভাৱত এই কথা ঘোষণা কৰিলে বোলে, “হে বেদী, বেদী, যিহোৱাই এই কথা কৈছে, ‘চোৱা, দায়ুদৰ বংশত যোচিয়া নামেৰে এটি পুত্ৰ জন্মিব আৰু তোমাৰ ওপৰত ধুপ জ্বলাওঁতা সেই পবিত্র ঠাইৰ পুৰোহিতসকলক তোমাৰ ওপৰত বলিদান কৰিব; আৰু তোমাৰ ওপৰত মনুষ্যৰ হাড় দগ্ধ কৰিব’।”
3 Da no ara, Onyankopɔn nipa no yɛɛ nsɛnkyerɛnne, na ɔkae se, “Eyi ne nsɛnkyerɛnne a Awurade ada no adi. Afɔremuka no mu bɛpae abien, na nsõ a egu so no ahwie agu.”
এনেতে সেইদিনাই তেওঁ এটা চিন নিৰূপণ কৰি ক’লে, “চোৱা, যিহোৱাই কোৱা প্ৰমাণৰ চিন এই: এই যজ্ঞবেদী ফাটি ভাগ হৈ যাব, আৰু তাৰ ওপৰত থকা ভস্ম মাটিত ছটিওৱা হ’ব’।”
4 Ɔhene Yeroboam bo fuw Onyame nipa yi sɛ wakasa atia afɔremuka yi. Enti ɔteɛɛ ne nsa wɔ ne so, teɛɛ mu se, “Monkyere no!” Nanso ne nsa a ɔteɛɛ wɔ ɔbarima no so no sinsenii a wantumi anyɛ ho hwee.
যেতিয়া ৰজাই, বৈৎএলত থকা যজ্ঞবেদীৰ বিৰুদ্ধে ঘোষণা কৰা সেই ঈশ্বৰৰ লোকজনৰ কথা শুনিলে, তেতিয়া তেওঁ যজ্ঞবেদীৰ পৰা হাত মেলি ক’লে, “তেওঁক ধৰা৷” তেতিয়া সেই ঈশ্ৱৰৰ লোকজনৰ বিৰুদ্ধে মেলা ৰজাৰ নিজ হাত এনেকৈ শুকাই গ’ল যে, তেওঁ সেই হাত পুনৰ কোঁচাব নোৱাৰিলে।
5 Na afɔremuka no mu paee abien, na nsõ a egu so no hwie gui, sɛnea nsɛnkyerɛnne a Onyankopɔn nipa nam Awurade nsɛm so daa no adi kyerɛɛ no.
আৰু ঈশ্বৰৰ লোকজনে ঈশ্বৰৰ বাক্য প্ৰভাৱত যি চিন নিৰূপণ কৰিছিল, সেই অনুসাৰে যজ্ঞবেদী ফাটি ভাগ হ’ল আৰু যজ্ঞবেদীৰ পৰা ভস্ম পৰি গ’ল।
6 Afei, ɔhene no srɛɛ Onyankopɔn nipa no se, “Srɛ Awurade, wo Nyankopɔn, ma me na me nsa no nya ahoɔden.” Enti Onyankopɔn nipa no srɛɛ Awurade maa no, na ɔhene no nsa nyaa ahoɔden ma ɛyɛɛ sɛnea na ɛte kan no.
তেতিয়া ৰজাই ঈশ্বৰৰ লোকজনক উত্তৰ দি ক’লে, “মোৰ হাত যেন পুনৰায় সুস্থ হয়, এই কাৰণে তুমি নিজ ঈশ্বৰ যিহোৱাৰ আগত অনুগ্ৰহ যাচনা কৰি মোৰ কাৰণে প্ৰাৰ্থনা কৰা।” তেতিয়া ঈশ্বৰৰ সেই লোকজনে যিহোৱালৈ প্ৰার্থনা কৰিলে আৰু ৰজাৰ হাত সুস্থ হৈ আগৰ দৰে হ’ল।
7 Afei, ɔhene no ka kyerɛɛ Onyankopɔn nipa no se, “Ma yɛnkɔ fie, na kodidi, na mɛma wo akyɛde bi.”
ৰজাই ঈশ্বৰৰ লোকজনক ক’লে, “তুমি মোৰ লগত ঘৰলৈ আহি প্ৰাণ জুৰুউৱা আৰু তুমি যি কর্ম কৰিলা তাৰ বাবে মই তোমাক এক উপহাৰ দিম।”
8 Nanso Onyankopɔn nipa no buaa no se, “Mpo, sɛ wode wʼagyapade mu fa bɛkyɛ me koraa a, me ne wo renkɔ, na brodo nso, merenni na manom nsu wɔ ha.
কিন্তু ঈশ্বৰৰ লোকজনে ৰজাক ক’লে, “তুমি যদি মোক তোমাৰ আধা সম্পত্তিও দিয়া, তথাপি মই তোমাৰ লগত নাযাও আৰু এই ঠাইত ভোজন বা জল পান নকৰিম,
9 Awurade asɛm so na wɔnam hyɛɛ me se, ‘Ɛnsɛ sɛ wudi brodo anaa wonom nsu wɔ hɔ. Afei, nsan mfa ɔkwan a wofaa so kɔɔ Bet-El no so.’”
কিয়নো যিহোৱাৰ বাক্যৰ দ্বাৰাই মোক এই দৰে আজ্ঞা দিয়া হৈছিল যে, ‘তুমি অন্ন ভোজন আৰু জল পান নকৰিবা, আনকি যি বাটেদি সেই ঠাইলৈ গৈছিলা, সেই একে বাটেদি ঘূৰিও নাহিবা’।”
10 Enti ofi Bet-El faa ɔkwan foforo so sɛ ɔrekɔ fie.
১০তাৰ পাছত তেওঁ যি বাটেদি বৈৎএললৈ আহিছিল, সেই বাটেদি নগৈ আন বাটেদি ঘৰলৈ প্ৰস্থান কৰিলে।
11 Na ɛbaa sɛ na odiyifo akwakoraa bi te Bet-El. Ne mmabarima bɛkaa nea Onyankopɔn nipa no ayɛ wɔ Bet-El da no nyinaa kyerɛɛ no. Afei, wɔkaa asɛm a waka akyerɛ ɔhene no nyinaa kyerɛɛ wɔn agya no.
১১সেই সময়ত বৈৎএলত এজন বৃদ্ধ ভাববাদী বাস কৰিছিল৷ তেওঁৰ পুত্ৰসকলৰ মাজৰ এজনে, সেই দিনা বৈৎএলত ঈশ্বৰৰ লোকজনে কৰা সকলো কৰ্মৰ কথা, তেওঁক আহি ক’লে৷ তেওঁ ৰজাৰ আগত যি কথা কৈছিল, সেই বিষয়েও তেওঁৰ পুত্ৰসকলে তেওঁৰ আগত ক’লে।
12 Odiyifo akwakoraa no bisaa wɔn se, “Na ɔfaa he?” Na ne mmabarima no kyerɛɛ no ɔkwan a Onyankopɔn nipa no faa so kɔe.
১২তেতিয়া তেওঁলোকৰ পিতৃয়ে তেওঁলোকক সুধিলে, “তেওঁ কোন বাটেদি গ’ল?” কিয়নো তেওঁৰ পুত্ৰসকলে যিহূদাৰ পৰা অহা ঈশ্বৰৰ সেই লোকজনে কোন বাটেদি গৈছিল, তাক তেওঁলোকে দেখিছিল।
13 Ɔka kyerɛɛ ne mmabarima no se, “Monhyehyɛ afurum no mma me ntɛm.” Na wɔhyehyɛɛ afurum no maa no no, ohuruw tenaa ne so
১৩তেতিয়া তেওঁ নিজ পুত্ৰসকলক ক’লে, মোৰ কাৰণে গাধত জীন লগোৱা। তেওঁলোকে তেওঁৰ কাৰণে গাধত জীন লগালে আৰু তেওঁ তাৰ ওপৰত উঠি গুচি গ’ল৷
14 tiw Onyankopɔn nipa no. Ɔkɔtoo no sɛ ɔte odum bi ase, na odiyifo akwakoraa no bisaa no se, “Wone Onyankopɔn nipa a wufi Yuda no ana?” Obuaa no se, “Yiw, ɛyɛ me.”
১৪সেই বৃদ্ধ ভাববাদী জনে ঈশ্বৰৰ লোকজনৰ পাছত গৈ, তেওঁক এজোপা এলা গছৰ তলত বহি থকা পালে; আৰু তাতে তেওঁ ঈশ্ৱৰৰ লোকজনক সুধিলে, “যিহূদাৰ পৰা অহা ঈশ্বৰৰ লোকজন আপুনিয়েই নে?” তেওঁ ক’লে, “হয় মইয়েই।”
15 Afei, odiyifo no ka kyerɛɛ no se, “Ma yɛnkɔ fie, na kodidi.”
১৫তেতিয়া বৃদ্ধ ভাববাদীজনে তেওঁক ক’লে, “মোৰ লগত ঘৰলৈ আহি ভোজন কৰক।”
16 Onyankopɔn nipa no ka kyerɛɛ no se, “Merentumi nsan mʼakyi. Minni ho kwan sɛ mididi anaa menom nsu wɔ ha.
১৬তেতিয়া তেওঁ বৃদ্ধ ভাববাদীজনক ক’লে, “মই তোমাৰ লগত ঘূৰি যাব আৰু তোমাৰ লগত ঘৰত সোমাব নোৱাৰোঁ; আৰু তোমাৰ লগত সেই ঠাইত অন্ন ভোজন আৰু জল পান নকৰোঁ,
17 Awurade hyɛɛ me se, ‘Ɛnsɛ sɛ wudi aduan biara anaa wonom nsu bere a wowɔ hɔ, anaa wofa ɔkwan a wofaa so kɔɔ hɔ no so san wʼakyi.’”
১৭কিয়নো যিহোৱাৰ বাক্যৰ দ্বাৰাই মোক আজ্ঞা দিয়া হৈছে যে, ‘তুমি অন্ন ভোজন আৰু জল পান নকৰিবা, আৰু যি বাটেদি যাবা, সেই বাটেদি ঘূৰি নাহিবা’।”
18 Odiyifo akwakoraa no buae se, “Me nso, meyɛ odiyifo sɛ wo ara. Na ɔbɔfo bi kaa Awurade asɛm kyerɛɛ me se, ‘Fa no san bra wo fi, na ommedidi na ɔnnom nsu.’” Nanso na odiyifo akwakoraa no redaadaa no.
১৮তেতিয়া বৃদ্ধ ভাববাদীজনে তেওঁক ক’লে, “তোমাৰ নিচিনা ময়ো এজন ভাববাদী আৰু এজন দূতে যিহোৱাৰ বাক্যৰ দ্বাৰাই মোক এই কথা ক’লে, ‘তেওঁ অন্ন ভোজন আৰু জল পান কৰিবৰ কাৰণে, তুমি যেন তেওঁক তোমাৰ ঘৰলৈ ঘূৰাই আনাগৈ’।” কিন্তু বৃদ্ধ ভাববাদীজনে তেওঁৰ আগত মিছা কথা কৈছিল।
19 Enti Onyankopɔn nipa no ne no san kɔe, kodidi nomee wɔ ne fi.
১৯তেতিয়া তেওঁ সেই বৃদ্ধ ভাববাদীজনৰ লগত ঘূৰি আহিল আৰু তেওঁৰ ঘৰত অন্ন ভোজন আৰু জল পান কৰিলে।
20 Bere a wɔte didipon ho redidi no, nkra fi Awurade nkyɛn baa odiyifo akwakoraa no so.
২০তেওঁলোকে মেজত বহি থকা সময়ত, তেওঁক ঘূৰাই অনা সেই ভাববাদীজনৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল;
21 Ɔteɛɛ mu guu Onyankopɔn nipa a ofi Yuda no so se, “Sɛɛ na Awurade ka: Woabu Awurade asɛm so, na woanni ahyɛde a Awurade, wo Nyankopɔn, hyɛɛ wo no so.
২১আৰু তাতে তেওঁ যিহূদাৰ পৰা অহা ঈশ্বৰৰ লোকজনৰ আগত ঘোষণা কৰি ক’লে, “যিহোৱাই এই কথা কৈছে, ‘কিয়নো তুমি যিহোৱাৰ বাক্যৰ বিৰুদ্ধে আচৰণ কৰিলা আৰু তোমাৰ ঈশ্বৰ যিহোৱাই তোমাক দিয়া আজ্ঞা পালন নকৰিলা,
22 Wosan baa ha bedii aduan, nom nsu, nanso ɔka kyerɛɛ wo se nni hwee, nnom hwee. Esiane eyi nti, wɔrensie wʼamu wɔ wʼagyanom da mu.”
২২আৰু তোমাক অন্ন ভোজন আৰু জল পান নকৰিবা বুলি তেওঁ যি ঠাইৰ বিষয়ে তোমাক কৈছিল, তুমি ঘূৰি আহি সেই ঠাইতে অন্ন ভোজন আৰু জল পান কৰিলা, এই কাৰণে তোমাৰ মৃতদেহটোক তোমাৰ পৈতৃক মৈদামত মৈদাম দিয়া নহ’ব।”
23 Na Onyankopɔn nipa no didi nom wiei no, odiyifo no hyehyɛɛ nʼafurum no maa no,
২৩পাছত তেওঁ ভোজন পান কৰি উঠিল৷ তেতিয়া সেই বৃদ্ধ ভাববাদীজনে ঘূৰাই অনা ঈশ্ৱৰৰ লোকজনৰ কাৰণে গাধত জীন লগালে৷
24 na Onyankopɔn nipa no sii kwan so bio. Na ɔrekɔ no ara, gyata bi ba bekum no. Nʼamu no daa ɔkwan mu a, na afurum no ne gyata no gyinagyina ho.
২৪যেতিয়া ঈশ্ৱৰৰ সেই লোক জনে প্ৰস্থান কৰিলে, তেতিয়া বাটৰ মাজত এটা সিংহই তেওঁক পাই বধ কৰিলে৷ তাতে তেওঁৰ মৃতদেহটো বাটত পৰি থাকিল৷ তাৰ কাষত গাধটো থিয় হৈ থাকিল আৰু মৃতদেহটোৰ কাষত সিংহটোও থিয় হৈ থাকিল।
25 Nnipa ba bɛtoo so sɛ amu no da ɔkwan mu a gyata no gyina ho. Enti wɔkɔbɔɔ amanneɛ wɔ Bet-El baabi a odiyifo akwakoraa no te hɔ.
২৫পাছত লোকসকলে সেই বাটে অহা যোৱা কৰোঁতে, বাটত পৰি থকা সেই মৃতদেহটো আৰু তাৰ কাষত থিয় হৈ থকা সিংহটো দেখিলে আৰু সেই বৃদ্ধ ভাববাদীজনে বাস কৰা নগৰলৈ আহি তেওঁলোকে সেই বাতৰি দিলে।
26 Bere a odiyifo akwakoraa no tee asɛm no, ɔkae se, “Ɛyɛ Onyankopɔn nipa no a wanni Awurade ahyɛde so no. Awurade ama nʼasɛm no aba mu sɛ ɔmaa gyata tow hyɛɛ no so, kum no.”
২৬যেতিয়া বৃদ্ধ ভাববাদী জনে তেওঁ বাটৰ পৰা ঘূৰাই অনা ভাববাদীজনৰ সেই বাতৰি শুনিলে, তেওঁ ক’লে, “তেওঁ ঈশ্বৰৰ সেই লোক, যিজনে যিহোৱাৰ বাক্যৰ বিৰুদ্ধে আচৰণ কৰিছিল৷ এই কাৰণে যিহোৱাই তেওঁক কোৱা বাক্য অনুসাৰে তেওঁক সিংহৰ হাতত শোধাই দিলে; তাতে সিংহই তেওঁক আক্ৰমণ কৰি বধ কৰিলে।”
27 Na odiyifo no ka kyerɛɛ ne mmabarima no se, “Monhyehyɛ afurum no mma me.” Na wɔhyehyɛɛ afurum no.
২৭তেতিয়া তেওঁ নিজৰ পুত্ৰসকলক ক’লে, “মোৰ কাৰণে গাধত জীন লগোৱা।” তেতিয়া তেওঁলোকে সেইদৰে কৰিলে৷
28 Ɔkɔ kohuu sɛ amu no da ɔkwan mu. Na afurum no ne gyata no da so gyinagyina ne ho, a gyata no nwee amu no, nto nhyɛɛ afurum no nso so.
২৮পাছত তেওঁ গৈ বাটত পৰি থকা সেই মৃতদেহটোৰ কাষত থিয় হৈ থকা সেই গাধ আৰু সিংহটোকো দেখিলে৷ সিংহটোৱে মৃতদেহটো খোৱা নাছিল আৰু গাধটোকো আক্ৰমণ কৰা নাছিল৷
29 Enti odiyifo no faa Onyankopɔn nipa no amu no de no too nʼafurum no so, san de no kɔɔ kurom, kosuu no, siee no.
২৯তেতিয়া সেই ভাববাদীজনে ঈশ্বৰৰ লোকজনৰ মৃতদেহটো তুলি লৈ গাধৰ ওপৰত উঠাই ঘূৰি আহিল৷ আৰু তেওঁৰ কাৰণে বিলাপ কৰিবলৈ আৰু তেওঁক মৈদাম দিবলৈ নিজ নগৰলৈ আহিল।
30 Ɔde amu no too nʼankasa ne da mu, fii awerɛhow mu, suu no se, “Ao, me nua!”
৩০তেওঁ নিজ লোকসকলৰ মৈদামত তেওঁৰ মৈদাম দিলে; তেতিয়া তেওঁলোকে “হায় হায় মোৰ ভাই!”, এই বুলি কৈ তেওঁৰ কাৰণে বিলাপ কৰিলে।
31 Akyiri no, odiyifo no ka kyerɛɛ ne mmabarima no se, “Sɛ mewu a, munsie me wɔ ɔda a woasie Onyankopɔn nipa wɔ mu no mu. Momfa me nnompe ngu ne nnompe ho.
৩১তেওঁক মৈদাম দিয়াৰ পাছত, বৃদ্ধ ভাববাদী জনে নিজ পুত্ৰসকলক ক’লে, “মোৰ যেতিয়া মৃত্যু হ’ব, তেতিয়া এই যি মৈদামত ঈশ্বৰৰ এই লোকজনক মৈদাম দিয়া হ’ল, ইয়াৰ ভিতৰতে মোকো মৈদাম দিবা৷ এওঁৰ অস্থিৰ কাষত মোৰ অস্থি ৰাখিবা।
32 Na asɛm a Awurade ka kyerɛɛ no se ɔnka ntia afɔremuka a ɛwɔ Bet-El ne abosomfi no a ɛwowɔ Samaria nkurow so no, ɛbɛba mu.”
৩২কিয়নো বৈৎএলত থকা যজ্ঞবেদীৰ বিৰুদ্ধে আৰু চমৰিয়াৰ নগৰবোৰত থকা পবিত্ৰ ঠাইবোৰত আটাই ঘৰৰ বিৰুদ্ধে যিহোৱাৰ বাক্যৰ দ্বাৰাই এওঁ যি ঘোষণা কৰিছিল, সেয়ে অৱশ্যে সিদ্ধ হ’ব।”
33 Nanso eyi akyi koraa no, Yeroboam annan ne ho amfi nʼakwammɔne no so. Ɔkɔɔ so yii asɔfo fi nnipa no mu. Obiara a ɔpɛ no, otumi yɛɛ ɔsɔfo wɔ abosomfi hɔ.
৩৩এই ঘটনাৰ পাছত যাৰবিয়ামে নিজৰ কুপথৰ পৰা নুঘূৰিল, কিন্তু পুনৰায় প্ৰজাসকলৰ মাজৰ পৰা লোকসকলক পবিত্ৰ ঠাইবোৰৰ পুৰোহিত নিযুক্ত কৰিলে৷ সেই পবিত্ৰ ঠাইবোৰত পুৰোহিত হৈ সেৱা কৰিবৰ বাবে যিসকল লোকে ইচ্ছা কৰিছিল, তেওঁ তেনে লোকসকলকে পুৰোহিত পাতিছিল।
34 Eyi bɛyɛɛ bɔne kɛse, na ɛnam so sɛee Yeroboam ahemman, maa ne fifo nyinaa wuwui.
৩৪এনে কাৰ্যবোৰে যাৰবিয়ামৰ পৰিয়াললৈ পাপ আনিলে, আৰু এই অপৰাধে বিচ্ছিন্ন কৰি, পৃথিৱীৰ পৰা তেওঁৰ নাম লুপ্ত কৰিলে।

< 1 Ahemfo 13 >