< Zekeriya 10 >
1 İlkbaharda RAB'den yağmur dileyin. O'dur yağmur bulutlarını oluşturan. İnsanlara yağmur sağanakları Ve herkese tarlada ot verir.
১তোমালোকে বসন্তকালৰ সময়ত যিহোৱাৰ আগত প্ৰাৰ্থনা কৰা- ধুমুহা-বৰষুণ সৃষ্টি কৰোঁতা যিহোৱা তেৱেঁই! আৰু তেৱেঁই তেওঁলোকৰ বাবে জাকে জাকে বৰষুণ দিব, মানুহ আৰু পথাৰ উভয়ৰ বাবেই বৰষুণ বৰষাব।
2 Oysa aile putlarından alınan yanıtlar boştur, Falcılar yalan görümler görür Ve gerçek yanı olmayan düşler anlatarak Boşuna avuturlar. Bu yüzden halk sürü gibi dağınık, Sıkıntı çekiyor, çünkü çoban yok.
২কিয়নো গৃহ-দেৱতাবোৰে অসাৰ কথা কয় আৰু দৈৱজ্ঞবোৰে মিছা দৰ্শন পাই, তেওঁলোকে মিছা সপোনৰ কথা প্ৰকাশ কৰি বৃথা সান্ত্বনা দিয়ে; এই কাৰণে তেওঁলোকে মেৰ-ছাগৰ নিচিনাকৈ ভ্ৰমি ফুৰে আৰু ৰখীয়া নোহোৱাত দুখ পায়।
3 RAB şöyle diyor: “Öfkem çobanlara karşı alevlendi, Önderleri cezalandıracağım. Her Şeye Egemen RAB kendi sürüsünü, Yahuda halkını kayıracak. Görkemli savaş atı gibi yapacak onları.
৩মেৰ-ছাগ ৰখীয়াসকলৰ অহিতে মোৰ ক্ৰোধ জ্বলি উঠিছে, আৰু এই পৰিচাৰকসকলক মই দণ্ড দিম; কিয়নো বাহিনীসকলৰ যিহোৱাই তেওঁৰ জাক যিহূদা-বংশৰ বুজ-বিচাৰ লৈ, তেওঁলোকক নিজৰ উত্তম ৰণুৱা ঘোঁৰা যেন কৰিব!
4 Köşe taşı, Çadır kazığı, Savaş yayı Ve bütün önderler Yahuda'dan çıkacak.
৪তাৰে পৰাই চুকৰ শিলটো, তম্বু ধৰি ৰখা খুটি, যুদ্ধৰ ধনু আৰু অধিপতি সকল আহিব।
5 Savaşta düşmanlarını sokaklardaki çamurda çiğneyen yiğitler gibi olacaklar. RAB onlarla olduğu için Savaşacak ve atlıları utandıracaklar.
৫তেওঁলোকে বীৰ হৈ যুঁজত বাটৰ বোকাত তেওঁলোকৰ শত্ৰুবোৰক গচকিব; তেওঁলোকে যুদ্ধ কৰিব, কিয়নো যিহোৱা তেওঁলোকৰ লগত আছে, আৰু যিসকল অশ্বাৰোহী, তেওঁলোকক লজ্জিত কৰিব।
6 “Yahuda halkını güçlendireceğim, Yusuf soyunu kurtarıp Sürgünden geri getireceğim. Çünkü onlara acıyorum. Sanki onları reddetmemişim gibi olacaklar. Çünkü ben onların Tanrısı RAB'bim ve onları yanıtlayacağım.
৬“মই যিহূদা বংশক সবল কৰিম আৰু যোচেফৰ বংশক উদ্ধাৰ কৰিম; কিয়নো তেওঁলোকক মই পুনৰায় পূৰ্ব অৱস্থালৈ আনিম কাৰণ তেওঁলোকৰ ওপৰত মোৰ দয়া আছে। তেওঁলোক যেন মোৰ দ্বাৰাই পৰিত্যক্ত হোৱা নাছিল, এনেকুৱা তেওঁলোক হ’ব; কাৰণ মই তেওঁলোকৰ ঈশ্বৰ যিহোৱা আৰু মই তেওঁলোকৰ প্ৰাৰ্থনাৰ উত্তৰ দিম।
7 Efrayimliler yiğitler gibi olacaklar, Şarap içmiş gibi yürekleri coşacak. Çocukları bunu görüp neşelenecek, Yürekleri RAB'de sevinç bulacak.
৭তেতিয়া ইফ্ৰয়িমীয়াসকল বীৰপুৰুষৰ নিচিনা হ’ব আৰু দ্ৰাক্ষাৰসৰ দ্বাৰাই যেনেকৈ মানুহৰ মনত আনন্দ হয়, তেওঁলোকৰ হৃদয়ত তেনে আনন্দ হ’ব; তেওঁলোকৰ সন্তান সকলে তাকে দেখি আনন্দ কৰিব। তেওঁলোকৰ হৃদয়ে যিহোৱাত উল্লাস কৰিব!
8 “Islık çalıp onları toplayacağım, Onları kesinlikle kurtaracağım. Eskiden olduğu gibi Yine çoğalacaklar.
৮মই তেওঁলোকক সুহুৰিয়াই মাতি একগোট কৰিম, কিয়নো মই তেওঁলোকক উদ্ধাৰ কৰিম আৰু তেওঁলোক পুনৰায় বৃদ্ধি পোৱাৰ দৰে বৃদ্ধি পাব!
9 Onları halklar arasına dağıttımsa da, Uzak ülkelerde beni anımsayacaklar; Çocuklarıyla birlikte sağ kalacak ve geri dönecekler.
৯মই তেওঁলোকক জাতি সমূহৰ মাজত বীজ সিঁচাৰ দৰে সিঁচিছিলোঁ, কিন্তু তেওঁলোকে দূৰ দেশত মোক সোঁৱৰণ কৰিব যাতে তেওঁলোকে নিজ নিজ সন্তান সকলৰ সৈতে জীৱন-যাপন কৰি ঘূৰি আহিব।
10 Onları Mısır'dan geri getirecek, Asur'dan toplayacağım; Gilat'a, Lübnan'a getireceğim. Onlara yeterince yer bulunmayacak.
১০কিয়নো মই তেওঁলোকক মিচৰ দেশৰ পৰা ঘূৰাই আনিম আৰু অচূৰৰ পৰা তেওঁলোকক গোট খুৱাম। যেতিয়া তেওঁলোকৰ ঠাইৰ নাটনি হ’ব, তেতিয়া মই তেওঁলোকক গিলিয়দ দেশ আৰু লিবানোনলৈ আনিম।
11 Sıkıntı denizinden geçecekler, Denizin dalgaları yatışacak, Nil'in bütün derinlikleri kuruyacak. Asur'un gururu alaşağı edilecek, Mısır'ın krallık asası elinden alınacak.
১১তেওঁলোকে সঙ্কটপূৰ্ণ সমুদ্ৰৰ মাজেদি যাত্রা কৰিব; তেওঁলোকে সাগৰৰ ঢৌক প্ৰহাৰ কৰিব; আৰু নীল নদীৰ সকলো জল তেওঁলোকে শুকুৱাই পেলাব। অচূৰৰ মহত্ত্ব তল পেলোৱা হ’ব আৰু মিচৰৰ দণ্ডডালি তেওঁলোকৰ পৰা দূৰ কৰা যাব।
12 Halkımı kendi gücümle güçlendireceğim, Adıma layık bir yaşam sürdürecekler.” Böyle diyor RAB.
১২মই তেওঁলোকক মোৰে সৈতে সবল কৰিম আৰু তেওঁলোকে তেওঁৰ নামেৰে অহা-যোৱা কৰিব।” এয়েই যিহোৱাৰ ঘোষণা।