< Mezmurlar 122 >
1 Davut'un hac ilahisi Bana: “RAB'bin evine gidelim” dendikçe Sevinirim.
১মই আনন্দিত হ’লো, যেতিয়া লোকসকলে মোক ক’লে, “ব’লা, আমি যিহোৱাৰ গৃহলৈ যাওঁ।”
2 Ayaklarımız senin kapılarında, Ey Yeruşalim!
২হে যিৰূচালেম, আমি তোমাৰ দুৱাৰবোৰৰ ভিতৰত ভৰি থৈ থিয় হৈ আছোঁ।
3 Bitişik nizamda kurulmuş bir kenttir Yeruşalim!
৩সেই যিৰূচালেমক একেলগে সুদৃঢ়ভাৱে সংযুক্ত কৰা এটি নগৰ হিচাবে গঢ়ি তোলা হৈছে।
4 Oymaklar çıkar oraya, RAB'bin oymakları, İsrail'e verilen öğüt uyarınca, RAB'bin adına şükretmek için.
৪সকলো ফৈদ সেই ঠাইলৈ উঠি যায়, তেওঁলোক যিহোৱাৰ লোকসকলৰ ফৈদ; তেওঁলোকে ইস্ৰায়েল জাতিৰ বাবে দিয়া আজ্ঞা অনুসাৰে যিহোৱাৰ নামৰ ধন্যবাদ কৰিবলৈ উঠি যায়।
5 Çünkü orada yargı tahtları, Davut soyunun tahtları kurulmuştur.
৫কিয়নো সেই ঠাইত বিচাৰৰ বাবে সিংহাসনবোৰ আছে, দায়ুদৰ বংশৰ সিংহাসনবোৰ স্থাপিত আছে।
6 Esenlik dileyin Yeruşalim'e: “Huzur bulsun seni sevenler!
৬তোমালোকে যিৰূচালেমৰ শান্তিৰ অৰ্থে প্ৰাৰ্থনা কৰা; “যিসকলে যিৰূচালেমক ভাল পায়, তেওঁলোক উন্নত হওঁক।
7 Surlarına esenlik, Saraylarına huzur egemen olsun!”
৭তোমালোকৰ প্রাচীৰবোৰৰ ভিতৰত শান্তি হওঁক, আৰু তোমালোকৰ উচ্চ অট্টালিকাবোৰ নিৰাপদে থাকক।”
8 Kardeşlerim, dostlarım için, “Esenlik olsun sana!” derim.
৮মোৰ কুটুম্ব আৰু বন্ধুসকলৰ অর্থে মই ক’ম, “যিৰূচালেমৰ মাজত শান্তি থাকক।”
9 Tanrımız RAB'bin evi için İyilik dilerim sana.
৯আমাৰ ঈশ্বৰ যিহোৱাৰ গৃহ সেই ঠাইত আছে বাবেই মই তোমাৰ মঙ্গল বিচাৰি প্ৰার্থনা কৰিম।