< Hâkimler 4 >
1 Ehut'un ölümünden sonra İsrailliler yine RAB'bin gözünde kötü olanı yaptılar.
১এহূদৰ মৃত্যুৰ পাছত, ইস্ৰায়েলৰ সন্তান সকলে পুনৰ যিহোৱাৰ দৃষ্টিত আকৌ কু-আচৰণ কৰিলে।
2 RAB de İsrailliler'i Hasor'da egemenlik süren Kenanlı kral Yavin'in eline teslim etti. Yavin'in Sisera adında bir ordu komutanı vardı; Haroşet-Goyim'de yaşardı.
২তেতিয়া যিহোৱাই হাচোৰত শাসন কৰা যাবীন নামৰ এজন কনানীয়া ৰজাৰ হাতত তেওঁলোকক তুলি দিলে; তেওঁৰ সেনাপতিজনৰ নাম আছিল চীচৰা। চীচৰাই অনা-ইস্রায়েলী লোক বাস কৰা হৰোচৎ হোহোইমত বাস কৰিছিল।
3 Dokuz yüz demir savaş arabasına sahip olan Yavin, yirmi yıldır İsrailliler'i acımasızca eziyordu. Bu yüzden İsrailliler RAB'be yakardılar.
৩সেই সেনাপতিৰ নশ লোহাৰ ৰথ আছিল আৰু তেওঁ বিশ বছৰলৈকে ইস্ৰায়েলীয়া লোক সকলৰ ওপৰত অতিশয় উৎপীড়ন চলাইছিল। সেয়ে, ইস্রায়েলবাসীয়ে যিহোৱাৰ ওচৰত সহায় বিচাৰি কাতৰোক্তি কৰিবলৈ ধৰিলে।
4 O sırada İsrail'i Lappidot'un karısı Peygamber Debora yönetiyordu.
৪সেই সময়ত লপ্পীদোতৰ ভাৰ্যা দবোৰা নামৰ এগৰাকী মহিলা ভাববাদী আছিল। তেওঁ তেতিয়া ইস্ৰায়েলৰ বিচাৰকর্তা আছিল।
5 Debora Efrayim'in dağlık bölgesinde, Rama ile Beytel arasındaki hurma ağacının altında oturur, kendisine gelen İsrailliler'in davalarına bakardı.
৫তেওঁ ইফ্ৰয়িমৰ পৰ্ব্বতীয়া অঞ্চলৰ ৰামা আৰু বৈৎএলৰ মাজৰ দবোৰাৰ খাজুৰ গছ নামেৰে জনাজাত খাজুৰ গছৰ তলত বহে আৰু ইস্ৰায়েলৰ সন্তান সকলে নিজৰ কাজিয়া-পেচালৰ মীমাংসাৰ কাৰণে তেওঁৰ গুৰিলৈ আহে।
6 Debora bir gün adam gönderip Avinoam oğlu Barak'ı Kedeş-Naftali'den çağırttı. Ona, “İsrail'in Tanrısı RAB, yanına Naftali ve Zevulunoğulları'ndan on bin kişi alıp Tavor Dağı'na gitmeni buyuruyor” dedi,
৬তেওঁ নপ্তালী দেশৰ কেদচৰ পৰা অবীনোৱমৰ পুত্ৰ বাৰাকক মাতি আনি ক’লে, “ইস্রায়েলৰ ঈশ্বৰ যিহোৱাই আপোনাক এই আজ্ঞা দিছে, ‘তুমি নপ্তালীৰ আৰু জবূলূনৰ বংশৰ দহ হাজাৰ লোক লগত লৈ তাবোৰ পৰ্ব্বতৰ ফালে যোৱা।
7 “RAB, ‘Kral Yavin'in ordu komutanı Sisera'yı, savaş arabalarını ve ordusunu Kişon Vadisi'ne, senin yanına çekip eline teslim edeceğim’ diyor.”
৭মই যাবীনৰ সেনাপতি চীচৰাক, তেওঁৰ ৰথ আৰু সৈন্যদলৰ সৈতে কীচোন নদীৰ ওচৰলৈ লৈ যাম আৰু মই তোমাক তেওঁৰ ওপৰত জয়যুক্ত কৰিম’।”
8 Barak Debora'ya, “Eğer benimle gelirsen giderim” dedi, “Benimle gelmezsen gitmem.”
৮তেতিয়া বাৰাকে দাবোৰাক ক’লে, “আপুনি যদি মোৰ লগত যায়, তেতিয়াহে মই যাম; কিন্তু যদি আপুনি নাযায়, তেনেহ’লে মই নাযাওঁ।”
9 Debora, “Seninle gelmesine gelirim, ama böyle bir yol tuttuğun için onurlandırılmayacaksın” dedi, “Çünkü RAB Sisera'yı bir kadının eline teslim etmiş olacak.” Böylece Debora kalkıp Barak'la birlikte Kedeş'e gitti.
৯তেওঁ ক’লে, “ঠিক আছে, মই আপোনাৰ লগত নিশ্চয়ে যাম। কিন্তু এই যুদ্ধ-যাত্ৰাৰ গৌৰৱ হ’লে আপুনি নাপাব; কিয়নো যিহোৱাই এগৰাকী মহিলাৰ শক্তিৰ দ্বাৰাই চীচৰাক পৰাস্ত কৰিব।” তাৰ পাছত দবোৰাই উঠি বাৰাকেৰে সৈতে কেদচলৈ গ’ল।
10 Barak Zevulun ve Naftali oğullarını Kedeş'te topladı. Ardında on bin kişi vardı. Debora da onunla birlikte gitti.
১০বাৰাকে জবূলূন আৰু নপ্তালী বংশৰ লোক সমূহক কেদচলৈ একলগে মাতি আনিলে। দহ হাজাৰ লোক তেওঁৰ লগত গ’ল আৰু দবোৰাও তেওঁৰ লগত গ’ল।
11 Kenliler'den Hever, Musa'nın kayınbiraderi Hovav'ın torunlarından, yani Kenliler'den ayrılmış, çadırını Kedeş yakınında Saanannim'deki meşe ağacının yanına kurmuştu.
১১সেই সময়ত হেবৰ নামৰ কেনীয়া সম্প্রদায়ৰ এজন লোক আছিল; তেওঁ অন্যান্য কেনীয়াসকলক এৰি নিজে পৃথকে আছিল। কেনীয়াসকল আছিল মোচিৰ শহুৰেক হোববৰ উত্তৰপুৰুষ। হেবৰে কেদচৰ ওচৰৰ চনন্নীমত থকা ওক গছৰ দাঁতিত নিজৰ তম্বু তৰিছিল।
12 Avinoam oğlu Barak'ın Tavor Dağı'na çıktığını duyan Sisera,
১২চীচৰাই এই খবৰ পালে যে, অবীনোৱমৰ পুত্ৰ বাৰাক তাবোৰ পৰ্ব্বতলৈ উঠি গৈছে।
13 dokuz yüz demir arabasını ve yanındaki halkı Haroşet-Goyim'den çıkarıp Kişon Vadisi'nde topladı.
১৩চীচৰাই তেতিয়া নিজৰ নশ লোহাৰ ৰথ আৰু তেওঁৰ লগত থকা সকলো সৈন্যকে গোটাই লৈ অনা-ইস্রায়েলী জাতিৰ হৰোচৎৰ পৰা কীচোন নদীৰ পাৰলৈ আহিল।
14 Debora Barak'a, “Haydi kalk! Çünkü RAB'bin Sisera'yı senin eline teslim ettiği gün bugündür” dedi, “RAB senin önünden gidiyor.” Bunun üzerine Barak ardında on bin kişiyle Tavor Dağı'ndan indi.
১৪তেতিয়া দবোৰাই বাৰাকক ক’লে, “আপুনি আগবাঢ়ি যাওঁক! কিয়নো চীচৰাক পৰাজয় কৰিবৰ কাৰণে যিহোৱাই আজিয়েই এই সময় আপোনাক দিছে; যিহোৱাই জানো আপোনাক পথ দেখুৱাই নিয়া নাই?” তেতিয়া বাৰাক আৰু তেওঁৰ পাছে পাছে যোৱা দহ হাজাৰ লোক তাবোৰ পৰ্ব্বতৰ পৰা নামিল।
15 RAB, Sisera'yı, savaş arabalarını sürenleri ve ordusunu Barak'ın önünde şaşkına çevirerek bozguna uğrattı. Sisera savaş arabasından indi ve yaya olarak kaçtı.
১৫বাৰাকৰ লোকসকলে যেতিয়া তেওঁলোকক আক্রমণ কৰিলে, তেতিয়া যিহোৱাই চীচৰা, তেওঁৰ সকলো ৰথবোৰ আৰু সৈন্যসামন্তক বিভ্রান্ত কৰি তুলিলে; তাতে চীচৰাই ৰথৰ পৰা নামি দৌৰি পলাই গ’ল।
16 Barak savaş arabalarını ve orduyu Haroşet-Goyim'e kadar kovaladı. Sisera'nın bütün ordusu kılıçtan geçirildi, tek kişi bile kurtulamadı.
১৬কিন্তু বাৰাকে অনা-ইস্রায়েলীৰ হৰোচৎ পর্যন্ত তেওঁলোকৰ ৰথ আৰু সৈন্যসামন্তৰ পাছে পাছে খেদি গ’ল; চীচৰাৰ সকলো সৈন্যকে তৰোৱালেৰে আঘাত কৰি বধ কৰা হ’ল, এজন লোকো বাচি নাথাকিল।
17 Yaya olarak kaçan Sisera ise Kenliler'den Hever'in karısı Yael'in çadırına sığındı. Çünkü Hasor Kralı Yavin'le Kenliler'den Hever'in arası iyiydi.
১৭কিন্তু চীচৰাই দৌৰি পলাই গৈ সেই কেনীয়া হেবৰৰ ভার্য্যা যায়েলৰ তম্বুলৈ আহিল; কাৰণ সেই সময়ত হাচোৰৰ ৰজা যাবীন আৰু কেনীয়া হেবৰৰ বংশৰ মাজত বন্ধুত্ব আছিল।
18 Yael Sisera'yı karşılamaya çıktı. Ona, “Korkma, efendim, gel çadırıma sığın” dedi. Çadırına sığınan Sisera'nın üzerine bir yorgan örttü.
১৮যায়েলে চীচৰাক আগবঢ়ায় আনিবলৈ ওলাই গৈ তেওঁক ক’লে, “হে মোৰ প্ৰভু, ভিতৰলৈ আহঁক, মোৰ ভিতৰলৈকে আহঁক, ভয় নকৰিব।” তাতে চীচৰা যায়েলৰ তম্বুৰ ভিতৰলৈ গ’ল আৰু যায়েলে এখন কম্বলেৰে চীচৰাক ঢাকি দিলে।
19 Sisera, “Susadım, lütfen biraz su ver de içeyim” dedi. Yael süt tulumunu açıp ona içirdikten sonra üzerini yine örttü.
১৯চীচৰাই তেওঁক ক’লে, “মোৰ পিয়াহ লাগিছে, অনুগ্রহ কৰি মোক অলপ পানী পিবলৈ দিয়া।” যায়েলে এটা গাখীৰৰ মোট মেলি তেওঁক পান কৰিবলৈ দি পাছত আকৌ তেওঁক ঢাকি ৰাখিলে।
20 Sisera kadına, “Çadırın kapısında dur” dedi, “Biri gelir de çadırda kimse var mı diye sorarsa, yok de.”
২০চীচৰাই তেওঁক ক’লে, “তুমি তম্বুৰ দুৱাৰ মুখত থিয় হৈ থাকা; যদি কোনো মানুহে আহি তোমাক সোধে, ইয়াতে কোনো মানুহ আছেনে? তুমি ‘নাই’ বুলি কবা।”
21 Hever'in karısı Yael eline bir çadır kazığı ile tokmak aldı. Yorgunluktan derin bir uykuya dalmış olan Sisera'ya sessizce yaklaşarak kazığı şakağına dayadı ve yere saplanıncaya dek çaktı. Sisera hemen öldü.
২১পাছত চীচৰা তাতে গভীৰ নিদ্রা গ’ল; এনে সময়তে হেবৰৰ ভার্য্যা যায়েলে তম্বুৰ এটা খুটি আৰু হাতুৰী হাতত ল’লে আৰু তাৰ পাছত মনে মনে তেওঁৰ ওচৰলৈ গৈ তেওঁৰ মূৰৰ একাষে সেই খুটি হাতুৰিৰে সুমুৱাই দিলে; খুটিটো মূৰৰ মাজেদি ওলাই মাটিত গৈ হানিলে। এইদৰে চীচৰাৰ মৃত্যু হ’ল।
22 Yael Sisera'yı kovalayan Barak'ı karşılamaya çıktı. “Gel, aradığın adamı sana göstereyim” dedi. Barak kadını izledi ve şakağına kazık çakılmış Sisera'yı ölü buldu.
২২বাৰাকে চীচৰাৰ পাছে পাছে খেদি আহি সেই ঠাই পালে। যায়েলে তেওঁক মাতি আনিবলৈ বাহিৰলৈ ওলাই গৈ ক’লে, “আহঁক, আপুনি বিচাৰি ফুৰা মানুহজনক মই দেখুৱাই দিম।” তাতে বাৰাকে তেওঁৰ লগত তম্বুৰ ভিতৰলৈ সোমাই দেখিলে যে, চীচৰা মৰি পৰি আছে আৰু তেওঁৰ মূৰৰ কাষেদি তম্বুৰ খুটি সোমোৱা আছে।
23 Böylece Tanrı o gün Kenanlı kral Yavin'i İsrailliler'in önünde bozguna uğrattı.
২৩এইদৰে যিহোৱাই সেইদিনা ইস্ৰায়েলৰ সন্তান সকলৰ সন্মুখত কনানৰ ৰজা যাবীনক পৰাস্ত কৰিলে।
24 Giderek güçlenen İsrailliler sonunda Kenanlı kral Yavin'i ortadan kaldırdılar.
২৪শেষত যাবীন ৰজাৰ বিনাশ নোহোৱালৈকে ইস্ৰায়েলৰ সন্তান সকল দিনে দিনে তেওঁৰ বিৰুদ্ধে অধিক শক্তিশালী হৈ উঠিল।