< Yoel 1 >
1 RAB'bin Petuel oğlu Yoel'e bildirdikleri.
১পথূৱেলৰ পুত্ৰ যোৱেললৈ অহা এইটো যিহোৱাৰ বাক্য।
2 Ey yaşlılar, dinleyin, Ülkede yaşayan herkes, kulak verin: Sizin zamanınızda ya da atalarınızın zamanında Hiç böyle bir şey oldu mu?
২হে পৰিচাৰকসকল, এই কথা শুনা? আৰু হে দেশনিবাসীসকল, কাণ দিয়া। তোমালোকৰ দিনত বা তোমালোকৰ পূৰ্বপুৰুষসকলৰ দিনত এনে ঘটিছিল নে?
3 Bunu çocuklarınıza anlatın; Çocuklarınız kendi çocuklarına, Onların çocukları da bir sonraki kuşağa anlatsınlar.
৩তোমালোকে নিজ নিজ সন্তান সকলক এই বিষয়ে কোৱা, আৰু তেওঁলোকেও নিজ নিজ সন্তান সকলক কওঁক, আৰু তেওঁলোকৰ সন্তান সকলেও তেওঁলোকৰ ভাবী সন্তান সকলক কওঁক।
4 Genç çekirgeden artakalan ürünü olgunlaşmış çekirge yedi, Ondan artakalanı yumurtadan yeni çıkan çekirge yedi; Ondan artakalanı da yavru çekirgeler yedi.
৪কুটি খোৱা ফৰিঙে এৰাখিনি কাকতী ফৰিঙে খালে; আৰু কাকতী ফৰিঙে এৰাখিনি চেলেকা ফৰিঙে খালে; আৰু চেলেকা ফৰিঙে এৰাখিনি বিনাশকাৰী ফৰিঙে খালে।
5 Ey sarhoşlar, ayılın ve ağlayın. Ey şarap düşkünleri, tatlı şarap için ağıt yakın. Çünkü şarabınızı ağzınızdan kaptılar.
৫হে মতলীয়াসকল, সাৰ পোৱা আৰু কান্দা! বিলাপ কৰা, হে দ্ৰাক্ষাৰস পান কৰোঁতাসকল, কাৰণ নতুন দ্রাক্ষাৰস তোমালোকৰ মুখৰ পৰা সম্পূর্ণৰূপে আতৰাই দিয়া হ’ল।
6 Güçlü ve sayılamayacak kadar büyük bir çekirge ordusu saldırdı ülkeme. Aslan dişine benzer, Dişi aslanın kesici dişlerine benzer dişleri var.
৬কিয়নো এটা জাতি মোৰ দেশৰ বিৰুদ্ধে উঠি আহিল, অসংখ্য প্ৰাণী থকা এক বলবান জাতি। সিহঁতৰ দাঁত সিংহৰ দাঁতৰ নিচিনা, আৰু সিংহীৰ গুৰি দাঁতৰ নিচিনা সিহঁতৰ গুৰি দাঁত।
7 Asmalarımı harap ettiler, İncir ağaçlarımı mahvettiler, Kabuklarını soyup yere attılar. Soyulan dallar bembeyaz.
৭সিহঁতে মোৰ দ্ৰাক্ষালতা ধ্বংস কৰিলে, আৰু মোৰ ডিমৰু গছৰ বাকলি এৰুৱালে। সিহঁতে তাক নিচেইকৈ বখলিয়ালে আৰু পেলাই দিলে; তাৰ ডালবোৰ বগা কৰিলে।
8 Sözlüsünü yitirip çul kuşanan bir genç kız gibi yas tutun.
৮যৌৱন কালৰ স্বামীৰ শোকত চট কাপোৰেৰে কঁকাল বন্ধা কন্যাৰ নিচিনাকৈ তুমি বিলাপ কৰা।
9 RAB'bin Tapınağı'na götürülecek Tahıl ve şarap sunusu yok artık. RAB'be hizmet eden kâhinler yas tutuyorlar.
৯যিহোৱাৰ গৃহৰ পৰা ভক্ষ্য আৰু পেয় নৈবেদ্য বন্ধ কৰা হ’ল। যিহোৱাৰ দাসবোৰ, পুৰোহিতসকলে শোক কৰিছে।
10 Tarlalar harap oldu, toprak acılı. Çünkü tahıl mahvoldu, Yeni şarap tükendi, zeytinyağı kesildi.
১০পথাৰবোৰ নষ্ট হ’ল, ভূমিয়ে শোক কৰিছে। কিয়নো শস্য নষ্ট কৰা হ’ল, নতুন দ্ৰাক্ষাৰস শুকাল, আৰু তেল নাইকিয়া হ’ল।
11 Arpa, buğday için dövünün, ey ırgatlar, Ağıt yakın, ey bağcılar, Çünkü tarlaların ürünü yok oldu.
১১হে খেতিয়কসকল, লজ্জিত হোৱা, হে দ্ৰাক্ষাবাৰী আপডাল কৰোঁতাসকল, ঘেঁহু ধান আৰু যৱৰ বাবে বাবে বিলাপ কৰা। কিয়নো পথাৰৰ শস্য বিনষ্ট হ’ল।
12 Asmalar kurudu, incir ağaçları soldu; Nar, hurma, elma, bütün meyve ağaçları kurudu. İnsanoğlunun sevinci yok oldu.
১২দ্ৰাক্ষালতা শুকাল, ডিমৰু গছ জঁয় পৰিল, ডালিম, খাজুৰ আৰু আপেলৰ গছবোৰ - পথাৰৰ সকলো গছ শুকাল। সঁচাকৈ মনুষ্য সন্তান সকলৰ মাজৰ পৰা আমোদ প্ৰমোদ নাইকিয়া হ’ল।
13 Ey kâhinler, çul kuşanıp yas tutun. Ey sunakta hizmet edenler, ağıt yakın, Ey Tanrım'ın hizmetkârları, tapınağa gelin, Çul içinde geceleyin. Çünkü Tanrınız'ın Tapınağı için Tahıl ve şarap sunusu kalmadı.
১৩হে পুৰোহিতসকল, তোমালোকে চট কাপোৰ পৰিধান কৰি বিলাপ কৰা! হে যজ্ঞ-বেদিৰ পৰিচাৰকসকল, বিলাপ কৰা। হে মোৰ ঈশ্বৰৰ দাসবোৰ, আহাঁ, চট কাপোৰ পিন্ধি ওৰে ৰাতি পৰি থাকা। কিয়নো তোমালোকৰ ঈশ্বৰৰ গৃহৰ পৰা ভক্ষ্য আৰু পেয় নৈবেদ্য প্রতিৰোধ কৰা হৈছে।
14 Oruç için gün belirleyin, özel bir toplantı yapın; Yaşlıları ve ülkede yaşayanların tümünü Tanrınız RAB'bin Tapınağı'na toplayıp RAB'be yakarın.
১৪তোমালোকে পবিত্ৰ উপবাস নিৰূপণ কৰা, সমাজ গোট খাবলৈ ঘোষণা কৰা। পৰিচাৰকসকল আদি কৰি দেশনিবাসী আটাই লোকক গোট খুউৱাই তোমালোকৰ ঈশ্বৰ যিহোৱাৰ গৃহত যিহোৱালৈ কাতৰোক্তি কৰা,
15 Eyvahlar olsun! Çünkü RAB'bin günü yakındır. Her Şeye Gücü Yeten'in göndereceği yıkım gibi geliyor o gün.
১৫হায় হায়, এয়ে কেনে দিন! কিয়নো যিহোৱাৰ ভয়ংকৰ দিন ওচৰ। এই সকলোৰে সৈতে সৰ্ব্বশক্তিমান ঈশ্বৰৰ পৰা যেন প্ৰলয়হে উপস্থিত হ’ল।
16 Yiyeceğimiz gözümüzün önünde yok edildi. Tanrımız'ın Tapınağı'nda sevinç ve coşku sona erdi.
১৬আমাৰ চকুৰ আগত খোৱা বস্তুবোৰ, আৰু এনেকি আমাৰ ঈশ্বৰৰ গৃহৰ আনন্দ আৰু উল্লাস লোপ পোৱা নাই নে?
17 Tohumlar keseklerin altında çürüdü, Tahıl yok oldu, Ambarlar boş kaldı, depolar yıkıldı.
১৭বোৱা কঠীয়াৰ ধানবোৰ নিজ নিজ চপৰাৰ তলত শুকাই গ’ল, ভঁৰালবোৰ ধ্বংস কৰা হ’ল, শস্যৰ ঘৰবোৰ ভাগিল, কাৰণ শস্যবোৰ নাইকিয়া হ’ল।
18 Hayvanlar nasıl da inliyor! Sığır sürüleri çaresiz. Çünkü otlaklar kurudu. Koyun sürüleri perişan oldu.
১৮পশুবোৰে কেনেকৈ কেঁকাইছে! চৰণীয়া ঠাই নোহোৱাৰ বাবে গৰুৰ জাকবোৰ ব্যাকুল হৈছে। এনেকি মেৰ-ছাগ আৰু ছাগলীৰ জাকবোৰে দণ্ড ভোগ কৰিছে।
19 Ya RAB, sana yakarıyorum. Çünkü ateş otlakları yok etti, Bütün ağaçları kavurdu.
১৯হে যিহোৱা, মই তোমাৰেই আগত কাতৰোক্তি কৰিছোঁ। কিয়নো অগ্নিয়ে অৰণ্যৰ চৰণীয়া ঠাইবোৰ গ্ৰাস কৰিলে, অগ্নিশিখাই খেতিৰ সকলো গছবোৰ পুৰি পেলালে।
20 Yabanıl hayvanlar bile sana sesleniyor. Çünkü akarsular kurudu, Ateş otlakları yok etti.
২০বনৰ পশুবোৰেও তোমাৰ আগত ক্ৰন্দন কৰিছে, কিয়নো জলৰ জুৰিবোৰ শুকাল, আৰু অৰণ্যৰ চৰণীয়া ঠাইবোৰ অগ্নিয়ে গ্ৰাস কৰিলে।