< Yaratiliş 44 >
1 Yusuf kâhyasına, “Bu adamların torbalarına taşıyabilecekleri kadar yiyecek doldur” diye buyurdu, “Her birinin parasını torbasının ağzına koy.
১যোচেফে তেওঁৰ ঘৰৰ ঘৰগিৰীক আদেশ দি ক’লে, “এই লোকসকলে যিমান শস্য লৈ যাব পাৰে, তেওঁলোকৰ বস্তাবোৰ সিমানকৈ পূৰ কৰি দিয়া আৰু প্ৰতিজন লোকৰ ধন তেওঁলোকৰ বস্তাৰ মুখত থ’বা।
2 En küçüğünün torbasına benim gümüş kâsemi ve buğdayının parasını koy.” Kâhya Yusuf'un buyruğunu yerine getirdi.
২মোৰ ৰূপৰ পিয়লাটো সবাটোকৈ সৰুটোৰ শস্য ভৰোৱা বস্তাৰ মুখত থ’বা; শস্য কিনাৰ বাবে অনা তাৰ ধনখিনিও থ’বা।” তেতিয়া ঘৰগিৰী জনে যোচেফে কোৱাৰ দৰেই কৰিলে।
3 Sabah erkenden adamlar eşekleriyle yolcu edildi.
৩পাছদিনা অতি পুৱাতেই লোকসকলক তেওঁলোকৰ গাধবোৰৰ সৈতে বিদায় দিলে।
4 Onlar kentten pek uzaklaşmamıştı ki Yusuf kâhyasına, “Hemen o adamların peşine düş” dedi, “Onlara yetişince, ‘Niçin iyiliğe karşı kötülük yaptınız?’ de,
৪তেওঁলোক নগৰৰ পৰা ওলাই যোৱাৰ পাছত, অধিক দূৰ গৈ পোৱাৰ আগতেই যোচেফে তেওঁৰ ঘৰগিৰীক ক’লে, “সোনকালে সেই লোকসকলৰ পাছে পাছে যোৱা। তেওঁলোকক লগ পাই ক’বা, ‘তোমালোকে উপকাৰৰ সলনি কিয় অপকাৰ কৰি আহিলা? কিয় তোমালোকে মোৰ প্রভুৰ পিয়লা চুৰ কৰিলা?
5 ‘Efendimin şarap içmek, fala bakmak için kullandığı kâse değil mi bu? Bunu yapmakla kötülük ettiniz.’”
৫সেইটো পিয়লাতে মোৰ প্ৰভুৱে পান কৰে আৰু মঙ্গল চোৱাৰ কাৰণেও ব্যৱহাৰ কৰে? তোমালোকে এই কৰ্ম কৰি অতি অন্যায় কৰিছা’।”
6 Kâhya onlara yetişip bu sözleri yineledi.
৬এইদৰে সেই ঘৰগিৰীয়েও গৈ বাটত তেওঁলোকক লগ ধৰিলে আৰু এইবোৰ কথা ক’লে।
7 Adamlar, “Efendim, neden böyle konuşuyorsun?” dediler, “Bizden uzak olsun, biz kulların böyle şey yapmayız.
৭কিন্তু তেওঁলোকে তেওঁক ক’লে, “মহাশয়, আপুনি কিয় এনেবোৰ কথা কৈছে? আপোনাৰ দাসবোৰৰ পৰা এনে ধৰণৰ কৰ্ম কৰা দূৰ হওক।
8 Torbalarımızın ağzında bulduğumuz paraları Kenan ülkesinden sana geri getirdik. Nasıl efendinin evinden altın ya da gümüş çalarız?
৮চাওক, যোৱাবাৰ আমাৰ বস্তাৰ মুখত যি ধন পাইছিলোঁ, সেয়া আমি কনান দেশৰ পৰা পুনৰ আপোনালৈ ওভটাই আনিলো; তেন্তে আপোনাৰ প্ৰভুৰ ঘৰৰ পৰা আমি ৰূপ বা সোণ কেনেকৈ চুৰ কৰি আনিব পাৰোঁ?
9 Kullarından birinde çıkarsa öldürülsün, geri kalanlar efendimin kölesi olsun.”
৯যদি সেই পিয়লা আপোনাৰ এই দাসবোৰৰ কোনোবা এজনৰ ওচৰত পোৱা যায়, তেন্তে তাৰ মৃত্যু হওঁক আৰু আমিও প্ৰভুৰ দাস হৈ থাকিম।”
10 Kâhya, “Peki, dediğiniz gibi olsun” dedi, “Kimde çıkarsa kölem olacak, geri kalanlar suçsuz sayılacak.”
১০তেতিয়া ঘৰগিৰীজনে ক’লে, “ঠিক আছে, আপোনালোকৰ কথাৰ দৰেই হওক; কিন্তু যিজনৰ ওচৰত সেই পিয়লা পোৱা যাব, কেৱল তেৱেঁ মোৰ দাস হ’ব; আন সকলো নিৰ্দ্দোষী হ’ব।”
11 Hemen torbalarını indirip açtılar.
১১তেতিয়া তেওঁলোকে বেগতে নিজৰ বস্তা মাটিত নমাই খুলিলে।
12 Kâhya büyükten küçüğe doğru hepsinin torbasını aradı. Kâse Benyamin'in torbasında çıktı.
১২ঘৰগিৰীয়ে ডাঙৰজনৰ পৰা আৰম্ভ কৰি শেষত সৰুজনলৈকে বিচাৰোতে বিন্যামীনৰ বস্তাৰ ভিতৰত সেই পিয়লা পোৱা গ’ল।
13 Kardeşleri üzüntüden giysilerini yırttılar. Sonra torbalarını eşeklerine yükleyip kente geri döndüler.
১৩তেতিয়া তেওঁলোকে নিজৰ কাপোৰ ফালিলে। নিজৰ গাধত বোজাবোৰ দি পুনৰ নগৰলৈ উভটি গ’ল।
14 Yahuda'yla kardeşleri Yusuf'un evine geldiğinde, Yusuf daha evdeydi. Önünde yere kapandılar.
১৪যিহূদা আৰু তেওঁৰ ভায়েক-ককায়েকসকল যেতিয়া যোচেফৰ ঘৰ আহি পালে, যোচেফ তেতিয়াও তাতে আছিল। তেওঁলোকে তেওঁৰ সন্মুখলৈ গৈ মাটিত উবুৰি হৈ পৰিল।
15 Yusuf, “Nedir bu yaptığınız?” dedi, “Benim gibi birinin fala bakabileceği aklınıza gelmedi mi?”
১৫তেতিয়া যোচেফে তেওঁলোকক ক’লে, “তোমালোকেনো এইটো কি কাম কৰিলা? তোমালোকে নাজানা নে যে মোৰ নিচিনা এজন লোকে মঙ্গল চোৱাৰ অভ্যাস কৰিব পাৰে?”
16 Yahuda, “Ne diyelim, efendim?” diye karşılık verdi, “Nasıl anlatalım? Kendimizi nasıl temize çıkaralım? Tanrı suçumuzu ortaya çıkardı. Hepimiz köleniz artık, efendim; hem biz hem de kendisinde kâse bulunan kardeşimiz.”
১৬যিহূদাই ক’লে, “মোৰ প্ৰভুকনো আমি কি ক’ম? উত্তৰেইবা কি দিম? কেনেদৰেইবা আমি নিজক নিৰ্দ্দোষী বুলি প্রমাণ কৰিম? আপোনাৰ দাসবোৰৰ অপৰাধ ঈশ্বৰেই প্ৰকাশ কৰি দিলে; যাৰ হাতত সেই পিয়লাটো পোৱা গৈছে, চাওঁক, সি আৰু আমি সকলোৱেই মোৰ প্ৰভুৰ দাস হলোঁ।”
17 Yusuf, “Benden uzak olsun!” dedi, “Yalnız kendisinde kâse bulunan kölem olacak. Siz esenlikle babanızın yanına dönün.”
১৭তাতে যোচেফে ক’লে, “এনে কৰ্ম কৰা মোৰ পৰা দূৰ হওঁক; যাৰ হাতত পিয়লাটো পোৱা গৈছে, তেওঁহে মোৰ দাস হ’ব; কিন্তু আন সকলোৱে শান্তিৰে তোমালোকৰ পিতৃৰ কাষলৈ ঘূৰি যোৱা।”
18 Yahuda yaklaşıp, “Efendim, lütfen izin ver konuşayım” dedi, “Kuluna öfkelenme. Sen firavunla aynı yetkiye sahipsin.
১৮তেতিয়া যিহূদাই তেওঁৰ ওচৰলৈ আগুৱাই গৈ ক’লে, “হে মোৰ মালিক, ফৰৌণ যেনে আপুনিও তেনে। দয়া কৰি মোৰ প্ৰভুৰ কাণত আপোনাৰ এই দাসক এষাৰ কথা জনাবলৈ অনুমতি দিয়ক। আপোনাৰ এই দাসৰ ওপৰত আপোনাৰ ক্ৰোধ প্রজ্বলিত নহওঁক।
19 Efendim, biz kullarına sormuştun: ‘Babanız ya da başka kardeşiniz var mı?’ diye.
১৯মোৰ প্ৰভুৱে তেওঁৰ এই দাসবোৰক সুধিছিল, ‘তোমালোকৰ পিতৃ আৰু কোনো ভাই আছে নে?’
20 Biz de, ‘Yaşlı bir babamız ve onun yaşlılığında doğan küçük bir kardeşimiz var’ demiştik, ‘O çocuğun kardeşi öldü, kendisi annesinin tek oğlu. Babamız onu çok sever.’
২০তাতে আমি প্ৰভুক কৈছিলোঁ, ‘আমাৰ এজন বৃদ্ধ পিতা আছে আৰু তেওঁৰ বুঢ়া কালৰ এজন সৰু ল’ৰাও আছে; তাৰ ককায়েকৰ মৃত্যু হৈছে আৰু একে মাকৰ সন্তান হিচাবে সি এতিয়া অকলেই আছে; সেয়ে তাৰ পিতাই তাক অতি মৰম কৰে।
21 “Sen de biz kullarına, ‘O çocuğu bana getirin, gözümle göreyim’ demiştin.
২১পাছত আপুনি আপোনাৰ এই দাসবোৰক কৈছিল, ‘তাক মোৰ ওচৰলৈ লৈ আনা, মই তাক চাব বিচাৰো।’
22 Biz de, ‘Çocuk babasından ayrılamaz, ayrılırsa babası ölür’ diye karşılık vermiştik.
২২তেতিয়া আমি প্ৰভুক কৈছিলোঁ, ‘ল’ৰাটিয়ে তাৰ পিতাকক এৰি আহিব নোৱাৰে; কিয়নো যদি আহে, তেন্তে তাৰ পিতাৰ মৃত্যু হ’ব।’
23 Sen de biz kullarına, ‘Eğer küçük kardeşiniz sizinle gelmezse, yüzümü bir daha göremezsiniz’ demiştin.
২৩কিন্তু আপুনি আপোনাৰ দাসবোৰক কৈছিল, ‘তোমালোকৰ সৰু ভাইক লগত লৈ নাহিলে, তোমালোকে পুনৰ মোৰ মুখ দেখা নাপাবা।’
24 “Kulun babamızın yanına döndüğümüzde, söylediklerini ona anlattık.
২৪সেয়ে মোৰ প্ৰভুৰ সকলো কথা আমি আপোনাৰ দাস, মোৰ পিতাক কৈছিলোঁ।
25 Babamız, ‘Yine gidin, bize biraz yiyecek alın’ dedi.
২৫পাছত আমাৰ পিতায়ে কৈছিল, ‘তোমালোকে পুনৰ গৈ আমাৰ বাবে কিছু শস্য কিনি আনাগৈ।’
26 Ama biz, ‘Gidemeyiz’ dedik, ‘Ancak küçük kardeşimiz bizimle gelirse gideriz. Küçük kardeşimiz bizimle olmazsa o adamın yüzünü göremeyiz.’
২৬তেতিয়া আমি ক’লোঁ, ‘আমাৰ সৰু ভাই যদি আমাৰ লগত যায়, তেতিয়াহে আমি যাম। নহ’লে আমি যাব নোৱাৰো। কিয়নো আমাৰ সৰু ভাই যদি আমাৰ লগত নাথাকে, তেন্তে সেই পুৰুষৰ মুখকে আমি দেখিবলৈ নাপাম।’
27 “Babam, biz kullarına, ‘Biliyorsunuz, karım bana iki erkek çocuk doğurdu’ dedi,
২৭তেতিয়া আপোনাৰ দাস অর্থাৎ মোৰ পিতায়ে আমাক ক’লে, ‘তোমালোকেতো জানাই যে মোৰ ভাৰ্যাই মোলৈ দুটি পুত্ৰ প্ৰসৱ কৰিছিল।
28 ‘Biri yanımdan ayrıldı. Besbelli bir hayvan parçaladı, bir daha göremedim onu.
২৮তাৰে এটি মোৰ পৰা ওলাই গ’ল আৰু মই কলোঁ, ‘নিশ্চয় কোনো জন্তুৱে তাক ডোখৰ ডোখৰ কৰি ছিৰাছিৰ কৰিলে; তাৰ পাছৰ পৰাই মই তাক পুনৰ দেখা নাপালোঁ;
29 Bunu da götürürseniz ve ona bir zarar gelirse, bu acıyla ak saçlı başımı ölüler diyarına götürürsünüz.’ (Sheol )
২৯এতিয়া যদি তোমালোকে ইয়াকো মোৰ ওচৰৰ পৰা লৈ যোৱা আৰু তাৰ যদি কোনো ক্ষতি হয়, তেন্তে এই পকা চুলিৰে সৈতে শোকতে মোক তোমালোকে চিয়োললৈ পঠাবা।’ (Sheol )
30 “Efendim, şimdi babam kulunun yanına döndüğümde çocuk yanımızda olmazsa, babam onu görmeyince ölür. Çünkü onu yaşama bağlayan bu çocuktur.
৩০গতিকে, এতিয়া মই আপোনাৰ দাসৰ কাষলৈ অর্থাৎ মোৰ পিতাৰ কাষলৈ যদি ল’ৰাটো অবিহনে উভটি যাওঁ আৰু যিহেতু ল’ৰাটোৰ লগত তেওঁৰ প্রাণ একেলগে বন্ধা আছে,
31 Biz kulların da acı içinde babamızın ak saçlı başını ölüler diyarına indiririz. (Sheol )
৩১সেয়ে ল’ৰাটোক আমাৰ লগত নেদেখিলে, তেওঁৰ নিশ্চয়ে মৃত্যু হ’ব। তাতে আপোনাৰ এই দাসবোৰে আপোনাৰ দাস অর্থাৎ আমাৰ পিতাইক তেওঁৰ পকা চুলিৰে সৈতে শোকতে চিয়োললৈ পঠাব; (Sheol )
32 Ben kulun bu çocuğa kefil oldum. Babama, ‘Onu sana geri getirmezsem, ömrümce kendimi sana karşı suçlu sayarım’ dedim.
৩২মই, এই আপোনাৰ দাসে মোৰ পিতাৰ ওচৰত এই ল’ৰাৰ কাৰণে জামিন হৈ কৈছিলোঁ, ‘মই যদি তাক আপোনাৰ ওচৰলৈ নানো, তেন্তে পিতা মই চিৰকাললৈকে আপোনাৰ ওচৰত অপৰাধী হৈ থাকিম।
33 “Lütfen şimdi çocuğun yerine beni kölen kabul et. Çocuk kardeşleriyle birlikte geri dönsün.
৩৩সেয়ে মোৰ প্ৰভু, দয়া কৰি সেই ল’ৰাৰ পৰিবর্তে মোকে আপোনাৰ দাসৰ দৰে ৰাখক আৰু ল’ৰা জনক তাৰ ককায়েকসকলৰ সৈতে ঘূৰি যাবলৈ দিয়ক।
34 O yanımda olmadan babamın yanına nasıl dönerim? Babamın başına gelecek kötülüğe dayanamam.”
৩৪কিয়নো, ল’ৰা জনক লগত নিনিয়াকৈ মই কেনেকৈ পিতাৰ ওচৰলৈ উলটি যাম? মোৰ পিতালৈ যি আপদ ঘটিব, তাক মই চাব নোৱাৰিম।”