< Yaratiliş 28 >

1 İshak Yakup'u çağırdı, onu kutsayarak, “Kenanlı kızlarla evlenme” diye buyurdu,
ইচহাকে যাকোবক মাতি আশীৰ্ব্বাদ কৰিলে আৰু এই আজ্ঞা দিলে, “তুমি কনান দেশৰ কোনো ছোৱালী বিয়া নকৰিবা।
2 “Hemen Paddan-Aram'a, annenin babası Betuel'in evine git. Orada dayın Lavan'ın kızlarından biriyle evlen.
তুমি উঠি পদ্দন-অৰাম দেশত তোমাৰ মাতৃৰ পিতৃগৃহ বথোৱেলৰ ঘৰলৈ যোৱা। তাৰ পৰা তোমাৰ মোমায়েৰা লাবনৰ জীয়েকহঁতৰ মাজৰ কোনো এজনীক বিয়া কৰি আনাগৈ।
3 Her Şeye Gücü Yeten Tanrı seni kutsasın, verimli kılsın, soyunu çoğaltsın; soyundan halklar türesin.
সৰ্ব্বশক্তিমান ঈশ্বৰে তোমাক আশীৰ্ব্বাদ কৰক আৰু বহুবংশ কৰি বৃদ্ধি কৰক। তোমাক অনেক জাতি সমূহৰ পিতৃ হোৱাৰ ক্ষমতা দিয়ক।
4 İbrahim'i kutsadığı gibi seni ve soyunu da kutsasın. Öyle ki, Tanrı'nın İbrahim'e verdiği topraklara –üzerinde yabancı olarak yaşadığın bu topraklara– sahip olasın.”
যি আশীৰ্ব্বাদ ঈশ্বৰে অব্ৰাহামক দিছিল, সেই আশীর্বাদ তেওঁ তোমাক আৰু তোমাৰ পাছত তোমাৰ বংশৰ লোকসকলক দান কৰক। যি দেশ ঈশ্বৰে অব্রাহামক দিছিল আৰু য’ত তুমি বাস কৰি আছা, সেই দেশ তোমাৰ অধিকাৰলৈ আহক।”
5 İshak Yakup'u böyle uğurladı. Yakup Paddan-Aram'a, kendisinin ve Esav'ın annesi Rebeka'nın kardeşi Aramlı Betuel oğlu Lavan'ın yanına gitmek üzere yola çıktı.
এইদৰে ইচহাকে যাকোবক পঠাই দিলে আৰু যাকোবেও পদ্দন-অৰামৰ অৰামীয়া বথোৱেলৰ পুত্ৰ লাবনৰ ওচৰলৈ গ’ল। লাবন যাকোব আৰু এচৌৰ মাক ৰিবেকাৰ ককায়েক আছিল।
6 Esav İshak'ın Yakup'u kutsadığını, evlenmek üzere Paddan-Aram'a gönderdiğini öğrendi. Ayrıca Yakup'u kutsarken, babasının, “Kenanlı kızlarla evlenme” diye buyurduğunu, Yakup'un da annesiyle babasını dinleyip Paddan-Aram'a gittiğini öğrendi.
পাছত এচৌৱে জানিলে যে ইচহাকে যাকোবক আশীৰ্ব্বাদ কৰি পদ্দন-অৰামৰ পৰা কোনো ছোৱালীক বিয়া কৰি আনিবলৈ পঠাইছে; তেওঁ আৰু শুনিলে যে ইচহাকে যাকোবক আশীৰ্ব্বাদ দিয়াৰ সময়ত এই আজ্ঞা দিছিল “তুমি কোনো কনানীয়া ছোৱালীক বিয়া নকৰিবা।”
7
এচৌৱে দেখিলে, যাকোবে তেওঁৰ পিতৃ-মাতৃৰ আদেশ মানি পদ্দন-অৰামলৈ গুছি গ’ল।
8 Böylece babasının Kenanlı kızlardan hoşlanmadığını anladı.
তাতে এচৌৱে বুজি পালে যে এই কনানীয়া মহিলাসকলৰ প্রতি তেওঁৰ পিতৃ ইচহাক সন্তুষ্ট নহয়।
9 İsmail'in yanına gitti. İbrahim oğlu İsmail'in kızı, Nevayot'un kızkardeşi Mahalat'la evlenerek onu karılarının üzerine getirdi.
সেয়ে দুগৰাকী ভার্য্যা থকাতো তেওঁ অব্ৰাহামৰ পুতেক ইশ্মায়েলৰ ঘৰলৈ গৈ তেওঁৰ জীয়েক মহলতক বিয়া কৰিলে। মহলত নবায়োতৰ ভনীয়েক আছিল।
10 Yakup Beer-Şeva'dan ayrılarak Harran'a doğru yola çıktı.
১০আনফালে যাকোবে বেৰ-চেবাৰ পৰা ওলাই হাৰণৰ ফালে যাত্ৰা কৰিলে।
11 Bir yere varıp orada geceledi, çünkü güneş batmıştı. Oradaki taşlardan birini alıp başının altına koyarak yattı.
১১এখন ঠাইত বেলি মাৰ যোৱাত তেওঁ সেই ঠাইতে ৰাতিটো কটালে। সেই ঠাইৰে এটা শিল মূৰৰ তলত লৈ তেওঁ শুই থাকিল।
12 Düşte yeryüzüne bir merdiven dikildiğini, başının göklere eriştiğini gördü. Tanrı'nın melekleri merdivenden çıkıp iniyorlardı.
১২তেওঁ শুই থাকোতে সপোনত দেখিলে যে পৃথিৱীৰ ওপৰত এডাল জখলা থিয় হৈ আছে আৰু তাৰ মূৰটো গৈ স্বর্গত লাগি আছে। তেওঁ দেখিলে যে তাৰ ওপৰেদি ঈশ্বৰৰ দূতবোৰে উঠা-নমা কৰি আছিল আৰু
13 RAB yanıbaşında durup, “Atan İbrahim'in, İshak'ın Tanrısı RAB benim” dedi, “Üzerinde yattığın toprakları sana ve soyuna vereceğim.
১৩যিহোৱাই খটখটিৰ ওপৰত থিয় হৈ কৈছিল, “মই যিহোৱা। মই তোমাৰ ওপৰ পিতৃ অব্ৰাহামৰ ঈশ্বৰ আৰু ইচহাকৰো ঈশ্বৰ; তুমি যি ঠাইত শয়ন কৰিছা, সেই দেশ মই তোমাক আৰু তোমাৰ বংশক দিম।
14 Yeryüzünün tozu kadar sayısız bir soya sahip olacaksın. Doğuya, batıya, kuzeye, güneye doğru yayılacaksınız. Yeryüzündeki bütün halklar sen ve soyun aracılığıyla kutsanacak.
১৪তোমাৰ বংশ পৃথিৱীৰ ধুলিৰ নিচিনা অসংখ্য হ’ব; তুমি পূৱ, পশ্চিম, উত্তৰ আৰু দক্ষিণলৈ বিস্তাৰিত হৈ যাবা; পৃথিৱীৰ সমুদায় জাতি, তোমাৰ আৰু তোমাৰ বংশতে আশীৰ্ব্বাদপ্ৰাপ্ত হ’ব।
15 Seninle birlikteyim. Gideceğin her yerde seni koruyacak ve bu topraklara geri getireceğim. Verdiğim sözü yerine getirinceye kadar senden ayrılmayacağım.”
১৫চোৱা, মই তোমাৰ লগত আছোঁ; তুমি যি যি ঠাইলৈ যাবা, মই তোমাক ৰক্ষা কৰিম আৰু পুনৰায় মই তোমাক এই দেশলৈ ওলোটাই আনিম; কিয়নো মই তোমাক কোৱা সকলো কথাকে সিদ্ধ নকৰোঁমানে, মই তোমাক ত্যাগ নকৰিম।”
16 Yakup uyanınca, “RAB burada, ama ben farkına varamadım” diye düşündü.
১৬যাকোবে টোপনিৰ পৰা সাৰ পাই ক’লে, “তেন্তে যিহোৱা নিশ্চয়কৈ এই ঠাইত আছে, অথচ মই তাক জনা নাছিলোঁ।”
17 Korktu ve, “Ne korkunç bir yer!” dedi, “Bu, Tanrı'nın evinden başka bir yer olamaz. Burası göklerin kapısı.”
১৭তেওঁ ভয়তে ক’লে, “কি ভয়ানক এই ঠাই! ই ঈশ্বৰৰ গৃহৰ বাহিৰে আন একো নহয়; ইয়েই স্বৰ্গৰ দুৱাৰ।”
18 Ertesi sabah erkenden kalkıp başının altına koyduğu taşı anıt olarak dikti, üzerine zeytinyağı döktü.
১৮পাছত যাকোবে অতি ৰাতিপুৱাতে উঠিল আৰু তেওঁ যি শিল মুৰৰ তলত লৈছিল তাক স্তম্ভৰূপে স্থাপন কৰি ওপৰত তেল বাকি দিলে।
19 Oraya Beytel adını verdi. Kentin önceki adı Luz'du.
১৯তেওঁ সেই ঠাইৰ নাম বৈৎএল ৰাখিলে; কিন্তু পূৰ্বতে সেই নগৰৰ নাম লুজ আছিল।
20 Sonra bir adak adayarak şöyle dedi: “Tanrı benimle olur, gittiğim yolda beni korur, bana yiyecek, giyecek sağlarsa,
২০যাকোবে সঙ্কল্প কৰি এই প্ৰতিজ্ঞা কৰিলে, “যদি ঈশ্বৰ মোৰ সঙ্গী হয়, মোৰ এই যাত্রাপথত তেওঁ মোক ৰক্ষা কৰে, যদি তেওঁ মোক অন্ন-বস্ত্রও যোগাই দিয়ে,
21 babamın evine esenlik içinde dönersem, RAB benim Tanrım olacak.
২১যদি মই পিতৃৰ ঘৰলৈ পুনৰায় নিৰাপদে ঘূৰি আহিব পাৰোঁ, তেন্তে এই যিহোৱায়েই মোৰ ঈশ্বৰ হ’ব।
22 Anıt olarak diktiğim bu taş Tanrı'nın evi olacak. Bana vereceğin her şeyin ondalığını sana vereceğim.”
২২তেতিয়া এই যি শিল মই স্তম্ভ স্বৰূপে স্থাপন কৰিলোঁ, ই এক পবিত্র শিল হ’ব; আপুনি মোক যি যি দিব, মই তাৰ দহ ভাগৰ এভাগ আপোনাক ঘূৰাই দিম।”

< Yaratiliş 28 >