< Yaratiliş 26 >

1 İbrahim'in yaşadığı dönemdeki kıtlıktan başka ülkede bir kıtlık daha oldu. İshak Gerar'a, Filist Kralı Avimelek'in yanına gitti.
অব্ৰাহামৰ দিনত হোৱা প্ৰথম আকালৰ দৰে সেই দেশত পুনৰায় আকাল হোৱাত, ইচহাকে গৰাৰালৈ, পলেষ্টীয়াসকলৰ ৰজা অবীমেলকৰ ওচৰলৈ গ’ল।
2 RAB İshak'a görünerek, “Mısır'a gitme” dedi, “Sana söyleyeceğim ülkeye yerleş.
পাছত যিহোৱাই তেওঁক দৰ্শন দি ক’লে, “তুমি মিচৰ দেশলৈ নামি নাযাবা; যি দেশৰ কথা মই তোমাক ক’ম, তাতে থাকিবা।
3 Orada bir süre kal. Ben seninle olacak, seni kutsayacağım: Bütün bu toprakları sana ve soyuna vereceğim. Baban İbrahim'e ant içerek verdiğim sözü yerine getireceğim.
তুমি এই দেশতে প্ৰবাস কৰা; তাতে মই তোমাৰ সঙ্গী হৈ তোমাক আশীৰ্ব্বাদ কৰিম; কিয়নো এই সকলো দেশ তোমাক আৰু তোমাৰ বংশকেই দিম, মই তোমাৰ পিতৃ অব্ৰাহামলৈ কৰা শপত সাম্ফল কৰিম।
4 Soyunu gökteki yıldızlar kadar çoğaltacağım. Bu ülkelerin tümünü onlara vereceğim. Yeryüzündeki bütün uluslar senin soyun aracılığıyla kutsanacak.
মই আকাশৰ তৰাবোৰৰ দৰে তোমাৰ বংশ বঢ়াই, তোমাৰ বংশক এই সকলো দেশ দিম; আৰু তোমাৰ বংশতে পৃথিৱীৰ সমুদায় জাতি আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব;
5 Çünkü İbrahim sözümü dinledi. Uyarılarıma, buyruklarıma, kurallarıma, yasalarıma bağlı kaldı.”
কিয়নো অব্ৰাহামে মোৰ কথা মানি, মোৰ আজ্ঞা আৰু বিধি-ব্যৱস্থাবোৰ পালন কৰিছিল।”
6 Böylece İshak Gerar'da kaldı.
সেইবাবে ইচহাকে গৰাৰত বসবাস কৰিছিল।
7 Yöre halkı karısıyla ilgili soru sorunca, “Kızkardeşimdir” diyordu. Çünkü “Karımdır” demekten korkuyordu. Rebeka yüzünden yöre halkı beni öldürebilir diye düşünüyordu. Çünkü Rebeka güzeldi.
সেই ঠাইৰ লোকসকলে ইচহাকৰ ভাৰ্যাৰ কথা সোধাত, “তেওঁ মোৰ ভনী বুলি ক’লে।” ৰিবেকা বৰ সুন্দৰী, ইয়াৰ মানুহবোৰে ৰিবেকাক পাবলৈ কিজানি মোক বধ কৰে এই কাৰণে “মোৰ ভার্য্যা বুলি” পৰিচয় নিদিলে।
8 İshak orada uzun zaman kaldı. Bir gün Filist Kralı Avimelek, pencereden dışarı bakarken, İshak'ın karısı Rebeka'yı okşadığını gördü.
পাছত তেওঁ সেই ঠাইত ভালেমান দিন থাকিল, এদিন পলেষ্টীয়াসকলৰ ৰজা অবীমেলকে খিড়িককিদি চাই, ইচহাকক তেওঁৰ ভাৰ্যা ৰিবেকাই সৈতে ক্ৰীড়া কৰিবৰ দেখিলে।
9 İshak'ı çağırtarak, “Bu kadın gerçekte senin karın!” dedi, “Neden kızkardeşin olduğunu söyledin?” İshak, “Çünkü onun yüzünden canımdan olurum diye düşündüm” dedi.
তাতে অবীমেলকে ইচহাকক মাতি আনি ক’লে তুমি তেওঁৰ লগত কি কৰি আছিলা? “সেই মহিলা গৰাকী নিশ্চয়ে তোমাৰ ভাৰ্যা; তেন্তে তুমি ভনী বুলি কেনেকৈ ক’লা? ইচহাকে ক’লে, তেওঁৰ কাৰণে মই মৰিম বুলি ভাবি সেইদৰে কৈছিলোঁ।”
10 Avimelek, “Nedir bize bu yaptığın?” dedi, “Az kaldı halkımdan biri karınla yatacaktı. Bize suç işletecektin.”
১০তেতিয়া অবীমেলকে ক’লে, “তুমি আমালৈ এইটো কি কাম কৰিলা? লোকসকলৰ মাজৰ কোনো এজনে তোমাৰ ভাৰ্যাৰে সৈতে অনায়েসে শয়ন কৰিব পাৰিলেহেঁতেন; সেয়ে হোৱা হ’লে তুমি আমাক দোষী সাব্যস্ত কৰিলাহেঁতেন।”
11 Sonra bütün halka, “Kim bu adama ya da karısına dokunursa, kesinlikle öldürülecek” diye buyruk verdi.
১১পাছত অবীমেলকে সকলো লোকক এই আজ্ঞা দি সাবধান কৰি ক’লে, “যি কোনোৱে এই পুৰুষ বা তেওঁৰ ভাৰ্যাক স্পৰ্শ কৰিব, নিশ্চয়ে তাৰ প্ৰাণদণ্ড হ’ব।”
12 İshak o ülkede ekin ekti ve o yıl ektiğinin yüz katını biçti. RAB onu kutsamıştı.
১২সেই কালত ইচহাকে সেই দেশত ধান ৰোপণ কৰি, সেই একে বছৰতেই এশ গুণ পালে; আৰু যিহোৱাই তেওঁক আশীৰ্ব্বাদ কৰিলে আৰু তেওঁ বৰ মানুহ হ’ল;
13 İshak bolluğa kavuştu. Varlığı gittikçe büyüyordu. Çok zengin oldu.
১৩আৰু ইচহাক বৰ ধনী হৈ হৈ, ক্ৰমেৰে অতিশয় মহান ব্যক্তি হ’ল।
14 Sürülerle davar, sığır ve birçok uşak sahibi oldu. Filistliler onu kıskanmaya başladılar.
১৪আৰু তেওঁৰ অনেক পশুধন আৰু অনেক দাস-দাসী হ’ল। এইকাৰণে পলেষ্টীয়াসকলে তেওঁক ঈৰ্ষা কৰিলে।
15 Babası İbrahim yaşarken kölelerinin kazmış olduğu bütün kuyuları toprakla doldurup kapadılar.
১৫ইচহাকৰ পিতৃ অব্ৰাহামৰ দিনত, অব্ৰাহামৰ বন্দীবোৰে যি যি নাদ খান্দিছিল, সেই সকলোকে পলেষ্টীয়াসকলে মাটি দি পুতি বন্ধ কৰিলে।
16 Avimelek İshak'a, “Ülkemizden git” dedi, “Çünkü gücün bizim gücümüzü aştı.”
১৬পাছত অবীমেলকে ইচহাকক ক’লে, “তুমি আমাৰ ওচৰৰ পৰা গুচি যোৱা কিয়নো তুমি আমাতকৈও অতিশয় ক্ষমতাশালী থ’লো।”
17 İshak oradan ayrıldı. Gerar Vadisi'nde çadır kurup oraya yerleşti.
১৭তেতিয়া ইচহাকে তাৰ পৰা গুচি গৈ, গৰাৰৰ উপত্যকাত তম্বু তৰি তাতেই বাস কৰিলে।
18 Babası İbrahim yaşarken kazılmış olan kuyuları yeniden açtırdı. Çünkü Filistliler İbrahim'in ölümünden sonra o kuyuları kapamışlardı. Kuyulara aynı adları, babasının vermiş olduğu adları verdi.
১৮আৰু তেওঁৰ পিতৃ অব্ৰাহামৰ দিনত খন্দা যি যি পানীৰ নাদ পলেষ্টীয়াসকলে অব্ৰাহামৰ মৃত্যুৰ পাছত পুতি পেলাইছিল, ইচহাকে পুনৰাই সেইবোৰ নাদ খানি উলিয়ালে; আৰু তেওঁৰ পিতৃয়ে দিয়া নামৰ দৰেই, ইচহাকে সেইবোৰৰ নাম দিলে।
19 İshak'ın köleleri vadide kuyu kazarken bir kaynak buldular.
১৯আৰু ইচহাকৰ বন্দীবোৰে সেই উপত্যকা খানি তাত এটা পানীৰ নিজৰাৰ ভূমূক পালে।
20 Gerar'ın çobanları, “Su bizim” diyerek İshak'ın çobanlarıyla kavgaya tutuştular. İshak kendisiyle çekiştikleri için kuyuya Esek adını verdi.
২০তাতে গৰাৰৰ পশু ৰখীয়াবোৰে ইচহাকৰ পশু ৰখীয়াই সৈতে বিবাদ কৰি ক’লে, “এই পানী আমাৰ।” এই হেতুকে ইচহাকে সেই নাদৰ নাম “এচক” ৰাখিলে; কাৰণ সিহঁতে তেওঁৰ লগত বিবাদ কৰিছিল।
21 İshak'ın köleleri başka bir kuyu kazdılar. Bu kuyu yüzünden de kavga çıkınca İshak kuyuya Sitna adını verdi.
২১পাছে আৰু এটা নাদ খান্দিলে, সিহঁতে তাৰ নিমিত্তেও বিবাদ কৰিলে; তাতে ইচহাকে তাৰ নাম “চিত্না” ৰাখিলে।
22 Oradan ayrılıp başka bir yerde kuyu kazdırdı. Bu kuyu yüzünden kavga çıkmadı. Bu nedenle İshak ona Rehovot adını verdi. “RAB en sonunda bize rahatlık verdi” dedi, “Bu ülkede verimli olacağız.”
২২আকৌ তেওঁ তাৰ পৰা গৈ, আন এটা নাদ খান্দিলে। তাৰ নিমিত্তে হ’লে সিহঁতে বিবাদ নকৰিলে; তাতে তেওঁ তাৰ নাম ৰহোবোৎ ৰাখি ক’লে, “এতিয়াহে যিহোৱাই আমাক বহল ঠাই দিছে; এতেকে আমি দেশত বৃদ্ধি হ’ম।”
23 İshak oradan Beer-Şeva'ya gitti.
২৩তাৰ পাছত ইচহাক তাৰ পৰা বেৰ-চেবালৈ গ’ল।
24 O gece RAB kendisine görünerek, “Ben baban İbrahim'in Tanrısı'yım, korkma” dedi, “Seninle birlikteyim. Seni kutsayacak, kulum İbrahim'in hatırı için soyunu çoğaltacağım.”
২৪সেই ৰাতিয়েই যিহোৱাই তেওঁক দৰ্শন দি ক’লে, “মই তোমাৰ পিতৃ অব্ৰাহামৰ ঈশ্বৰ, ভয় নকৰিবা; কিয়নো মই তোমাৰ সঙ্গী হৈ তোমাক আশীৰ্ব্বাদ কৰিম আৰু মোৰ নিজ দাস অব্ৰাহামলৈ চাই তোমাৰ বংশ বৃদ্ধি কৰিম।”
25 İshak orada bir sunak yaparak RAB'bi adıyla çağırdı. Çadırını oraya kurdu. Köleleri de orada bir kuyu kazdı.
২৫পাছত ইচহাকে সেই ঠাইতে এটা যজ্ঞ-বেদি নিৰ্ম্মাণ কৰি যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলে আৰু তাতে নিজ তম্বু তৰিলে। পাছে ইচহাকৰ বন্দীহঁতে তাত এটা নাদ খান্দিলে।
26 Avimelek, danışmanı Ahuzzat ve ordusunun komutanı Fikol ile birlikte, Gerar'dan İshak'ın yanına gitti.
২৬তেতিয়া অবীমেলকে অহুজ্জৎ নামেৰে নিজৰ এজন বন্ধুক আৰু তেওঁৰ প্ৰধান সেনাপতি ফীখোলকো লগত লৈ, গৰাৰৰ পৰা ইচহাকৰ ওচৰলৈ গ’ল।
27 İshak onlara, “Niçin yanıma geldiniz?” dedi, “Benden nefret ediyorsunuz. Üstelik beni ülkenizden kovdunuz.”
২৭তাতে ইচহাকে তেওঁলোকক ক’লে, “তোমালোকে মোক ঘিণ কৰি তোমালোকৰ ওচৰৰ পৰা খেদি পঠালা; এতিয়া নো তোমালোক মোৰ ওচৰলৈ কেলৈ আহিছা?”
28 “Açıkça gördük ki, RAB seninle” diye yanıtladılar, “Onun için, aramızda ant olsun: Biz nasıl sana dokunmadıksa, hep iyi davranarak seni esenlik içinde gönderdikse, sen de bize kötülük etme. Bu konuda seninle anlaşalım. Sen şimdi RAB'bin kutsadığı bir adamsın.”
২৮তাতে তেওঁলোকে ক’লে, “যিহোৱা যে তোমাৰ সঙ্গী, তাক আমি জানিলোঁ তোমাৰ আৰু আমাৰ মাজত এক শপত হ’বলৈ,
২৯আমি যেনেকৈ তোমাক স্পৰ্শ কৰা নাই, বৰং শান্তিৰে বিদায় কৰিছিলোঁ, তেনেকৈ তুমিও যাতে আমাক হিংসা নকৰা, এয়ে তোমাৰে সৈতে এটা নিয়ম স্থাপন কৰিলোঁ; তুমি এতিয়া যিহোৱাৰ আশীৰ্ব্বাদ প্ৰাপ্ত থ’লো।”
30 İshak onlara bir şölen verdi, yiyip içtiler.
৩০তেতিয়া ইচহাকে তেওঁলোকলৈ ভোজ যুগুত কৰিলে আৰু তেওঁলোকে ভোজন-পান কৰিলে।
31 Sabah erkenden kalkıp karşılıklı ant içtiler. Sonra İshak onları yolcu etti. Esenlik içinde oradan ayrıldılar.
৩১পাছত তেওঁলোক দুজনে নিচেই ৰাতিপুৱাতে উঠি, ইজনে সিজনৰ আগত শপত কৰিলে আৰু ইচহাকে তেওঁলোকক বিদায় কৰিলে, তেওঁলোক শান্তিৰে তেওঁৰ ওচৰৰ পৰা গুচি গ’ল।
32 Aynı gün İshak'ın köleleri gelip kazdıkları kuyu hakkında kendisine bilgi verdiler, “Su bulduk” dediler.
৩২আৰু সেই দিনাই ইচহাকৰ দাসবোৰে আহি সিহঁতে খন্দা এটা নাদৰ বিষয়ে তেওঁক সম্বাদ দিলেহি বোলে “আমি পানী পালোঁ।”
33 İshak kuyuya Şiva adını verdi. Bu yüzden kent bugüne kadar Beer-Şeva diye anılır.
৩৩তাতে তেওঁ সেই নাদৰ নাম চিবিয়া ৰাখিলে; এই হেতুকে আজিলৈকে সেই নগৰৰ নাম বেৰ-চেবা বুলি প্ৰখ্যাত।
34 Esav kırk yaşında Hititli Beeri'nin kızı Yudit ve Hititli Elon'un kızı Basemat'la evlendi.
৩৪পাছত এচৌৱে 40 বছৰ বয়সত, হিত্তীয়া বেৰীৰ জীয়েক যিহূদিৎ আৰু হিত্তীয়া এলোনৰ জীয়েক বাচমতক বিয়া কৰিলে।
35 Bu kadınlar İshak'la Rebeka'nın başına dert oldular.
৩৫কিন্তু ইহঁত দুজনী ইচহাক আৰু ৰিবেকাৰ মনত দুখ দিওঁতা হ’ল।

< Yaratiliş 26 >