< Ezra 10 >

1 Ağlayarak kendini Tanrı'nın Tapınağı'nın önünde yere atan Ezra dua edip günahlarını açıkladı. Bu arada erkek, kadın, çocuk, İsrailliler'den çok büyük bir topluluk Ezra'nın çevresine toplandı. Onlar da hıçkıra hıçkıra ağlıyordu.
এইদৰে ঈশ্বৰৰ গৃহৰ আগত ইজ্ৰাই চকুলোৰে প্ৰাৰ্থনা কৰি পাপ স্বীকাৰ কৰিলে। ইস্ৰায়েলৰ সমবেত হোৱা পুৰুষ, মহিলা, সন্তান সকল আহি তেওঁৰ ওচৰত গোট খালে, কাৰণ লোকসকলে অতিশয়ৰূপে ক্ৰন্দন কৰিছিল।
2 Elamoğulları'ndan Yehiel oğlu Şekanya, Ezra'ya şöyle dedi: “Çevremizdeki halklardan yabancı karılar aldığımız için Tanrımız'a ihanet ettik. Buna karşın İsrail için hâlâ umut var.
এলমৰ বংশধৰ যিহীয়েলৰ পুত্ৰ চখনিয়াই ইজ্ৰাক ক’লে, “আমাৰ ঈশ্বৰৰ বিৰুদ্ধে আমি বিশ্ৱাসঘাতক কৰি অন্য জাতিৰ লোকসকলৰ পৰা ছোৱালী বিয়া কৰাই বসবাস কৰি আছোঁ। কিন্তু এই বিষয়ত এতিয়াও ইস্ৰায়েলৰ আশা আছে।
3 Senin ve Tanrımız'ın buyrukları karşısında titreyenlerin öğütleri uyarınca, bütün yabancı kadınları ve çocuklarını uzaklaştırmak için Tanrımız'la şimdi bir antlaşma yapalım. Bu antlaşma yasaya uygun olsun.
সেয়ে আহক, এতিয়া আমাৰ ঈশ্ৱৰৰ সৈতে প্রতিজ্ঞাবদ্ধ হওঁ, ঈশ্বৰৰ আজ্ঞা অনুসাৰে আৰু আমাৰ ঈশ্ৱৰৰ আজ্ঞাত যিসকল কম্পমান হৈছে তেওঁলোকৰ পৰামৰ্শ অনুসাৰে সকলো মহিলা আৰু তেওঁলোকৰ সন্তান সকলক বাহিৰ কৰি পঠাওঁ, আৰু এই সকলো বিধান অনুযায়ী হওঁক।
4 Haydi kalk! Sorumluluk senin üzerinde. Biz seni destekleyeceğiz. Güçlü ol ve gerekeni yap!”
উঠক, কাৰণ এই সকলো কাৰ্য আপুনিয়েই কৰি যাব লাগিব, আৰু আমিও আপোনাৰ লগত আছোঁ; সাহিয়াল হওক আৰু এই কাৰ্য কৰক।”
5 Bunun üzerine yerden kalkan Ezra önde gelen Levili kâhinlere ve öbür İsrailliler'e söyleneni yapmaları için ant içirdi. Hepsi ant içti.
তেতিয়া ইজ্ৰাই উঠিল আৰু সেই বাক্য অনুসাৰে কৰিবলৈ পুৰোহিত কৰ্মচাৰী, লেবীয়া, আৰু সকলো ইস্ৰায়েল লোকসকলক এইদৰে কৰ্য্য কৰিবলৈ শপত খুৱালে।
6 Sonra Ezra Tanrı'nın Tapınağı'nın önünden ayrılıp Elyaşiv oğlu Yehohanan'ın odasına gitti. Orada gecelerken ne yemek yedi, ne su içti. Sürgünden dönenler Tanrı'ya bağlı kalmadığı için yas tutuyordu.
তাৰ পাছত ইজ্ৰাই ঈশ্বৰৰ গৃহৰ পৰা উঠি আহিল আৰু ইলিয়াচীবৰ পুত্ৰ যিহোহাননৰ কোঁঠালিলৈ গ’ল। যিসকল লোক বন্দীত্বত আছিল তেওঁলোকে অবিশ্ৱাসী লোকৰ দৰে কৰা কাৰ্যৰ বাবে শোক কৰিলে আৰু তেওঁ একো ভোজন-পান নকৰিলে।
7 Sürgünden dönenlerin hepsinin Yeruşalim'de toplanması için Yahuda ve Yeruşalim'de bir duyuru yapıldı:
সেয়ে বন্দীত্বৰ পৰা ঘূৰি অহা সকলো লোকক যিৰূচালেমত গোট খাবলৈ যিহূদা আৰু যিৰূচালেমলৈ তেওঁলোকে বাৰ্ত্তা পঠিয়ালে।
8 Halkın önderlerinin ve ileri gelenlerinin kararı uyarınca, üç gün içinde gelmeyenin bütün malına el konulacak, kendisi de sürgünden dönenler topluluğundan atılacaktı.
যিসকল লোক কৰ্মচাৰী আৰু বৃদ্ধসকলৰ পৰামৰ্শ অনুযায়ী তিনি দিনৰ ভিতৰত নাহে, তেওঁলোকৰ সকলো সম্পত্তি বৰ্জিত কৰা হ’ব, আৰু বন্দীত্বৰ পৰা অহা লোকসকলৰ সমাজৰ পৰা তেওঁলোকক পৃথক কৰা যাব।
9 Bütün Yahudalı ve Benyaminli erkekler üç gün içinde Yeruşalim'de toplandılar. Dokuzuncu ayın yirminci günü hepsi Tanrı'nın Tapınağı'nın önündeki alandaydı. Hem durumun öneminden, hem de yağmurdan ötürü herkes titriyordu.
সেয়ে যিহূদাৰ আৰু বিন্যামীনৰ সকলো লোকে তিন দিনৰ ভিতৰত যিৰূচালেমলৈ আহি গোট খালে। নৱম মাহৰ বিশ দিনৰ দিনা, ঈশ্বৰৰ গৃহৰ সন্মুখত সকলো লোক থিয় হ’ল। সেই বাক্য আৰু বৰষুণৰ কাৰণে লোকসকল কঁপিব ধৰিলে।
10 Kâhin Ezra kalkıp, “Siz Tanrı'ya ihanet ettiniz” dedi, “Yabancı kadınlarla evlendiniz. İsrail'in suçuna suç kattınız.
১০তেতিয়া পুৰোহিত ইজ্ৰাই থিয় হৈ ক’লে, “তোমালোকে নিজেই নিজকে বিশ্ৱাসঘাত কৰিছা, তোমালোকে অন্য জাতিৰ মহিলাৰ সৈতে বসবাস কৰি, ইস্ৰায়েলৰ দোষ বৃদ্ধি কৰিলা।
11 Şimdi atalarınızın Tanrısı RAB'be suçunuzu açıklayın. O'nun istediğini yapın. Çevredeki halklardan ve yabancı karılardan ayrılın.”
১১এতিয়া তোমালোকৰ পূৰ্বপুৰুষৰ ঈশ্বৰ যিহোৱাৰ গৌৰৱ-প্রশংসা কৰা আৰু তেওঁৰ ইচ্ছা সিদ্ধ কৰা। দেশৰ লোকসকলৰ পৰা আৰু আন জাতিৰ মহিলাৰ পৰা নিজকে পৃথক কৰা।
12 Topluluk yüksek sesle şöyle karşılık verdi: “Bütün söylediklerini yapacağız.
১২গোটেই সমাজে বৰ মাতেৰে উত্তৰ দি ক’লে, “আপুনি কোৱাৰ দৰেই আমি কৰিম।
13 Yalnız kalabalık çok, üstelik hava da yağmurlu. Dışarda duracak gücümüz kalmadı. Hem bu bir iki günde çözülecek iş değil. Çünkü bu konuda çok günah işledik.
১৩যদিও তাত অনেক লোক আছিল, আৰু বাৰিষা কাল আছিল। বাহিৰত থিয় হৈ থাকিবলৈ আমাৰ শক্তি নাই, আৰু এইটো এদিন বা দুদিনৰ কাম নহয়, আমি এই বিষয়ত অতিৰিক্তভাৱে অৱহেলা কৰি আহিছোঁ।
14 Bütün topluluk adına önderlerimiz bu konuyla ilgilensin. Sonra kentlerimizde yabancı kadınla evli olan herkes saptanan bir zamanda kentin ileri gelenleri ve yargıçlarıyla birlikte gelsin. Yeter ki, Tanrımız'ın bu konudaki kızgın öfkesi üzerimizden kalksın.”
১৪সেয়ে গোটেই সমাজক আমাৰ কৰ্মচাৰীসকলে প্রতিনিধিত্ব কৰক। আমাৰ ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধ যেতিয়ালৈকে আমাৰ পৰা দূৰ নহয়, তেতিয়ালৈকে নগৰৰ বৃদ্ধলোক আৰু বিচাৰকৰ্ত্তাসকলে নিৰূপিত কৰা সময়ত যি সকলে অন্য জাতিৰ মহিলাক নগৰবোৰত বসবাস কৰিবলৈ অনুমতি দিছিল, তেওঁলোক আহক।”
15 Ancak, Asahel oğlu Yonatan, Tikva oğlu Yahzeya ve onları destekleyen Meşullam ile Levili Şabbetay buna karşı çıktılar.
১৫এই প্ৰস্তাব অচাহেলৰ পুত্ৰ যোনাথন আৰু তিকবাৰ পুত্ৰ যহজিয়াই বিৰোধিতা কৰিলে, আৰু মচুল্লম আৰু লেবীয়া চবথয়ে তেওঁলোকক সমৰ্থন কৰিলে।
16 Sürgünden dönenler bu öneriye göre davrandılar. Kâhin Ezra adlarını belirterek her boydan boy başlarını seçti. Onuncu ayın birinci günü oturup konuyu incelemeye başladılar.
১৬সেয়ে বন্দীত্বৰ পৰা অহা লোকসকলে এই কাৰ্য কৰিলে। নিৰ্বাচিত ব্যক্তি ইজ্ৰা পুৰোহিত, তেওঁলোকৰ বংশৰ জাতি আৰু গৃহত থকা মূখ্য লোকসকল, তেওঁলোকৰ নাম অনুযায়ী দশম মাহৰ প্ৰথম দিনা সেই বিষয়ে বিচাৰ কৰিবলৈ বহিল।
17 Birinci ayın birinci günü yabancı kadınlarla evlenen bütün erkeklerin durumunu incelemeyi bitirdiler.
১৭প্ৰথম মাহৰ প্ৰথম দিনা তেওঁলোকে অন্য জাতিৰ মহিলাৰ সৈতে বসবাস কৰা লোকসকলৰ বিষয়ে অনুসন্ধান কৰি শেষ কৰিলে।
18 Kâhinlerin soyundan gelip yabancı kadınlarla evlenenler şunlardı: Yosadak oğlu Yeşu'nun oğullarından ve kardeşlerinin soyundan Maaseya, Eliezer, Yariv, Gedalya.
১৮পুৰোহিতসকলৰ বংশৰ মাজত যি সকলে অন্য জাতিৰ মহিলাৰ সৈতে বসবাস কৰিছিল, তেওঁলোকৰ নাম হ’ল: যোচাদকৰ পুত্ৰ যেচুৱা আৰু তেওঁৰ ভায়েকসকলৰ মাজত মাচেয়া, ইলীয়েজৰ, যাৰীব, আৰু গদলিয়া।
19 Bunlar karılarını kovacaklarına söz verdiler. İşledikleri suç için suç sunusu olarak sürüden bir koç sundular.
১৯সেই কাৰণে তেওঁলোকে নিজৰ ভাৰ্যাক পঠিয়াবলৈ প্রতিজ্ঞাবদ্ধ হ’ল। তেওঁলোক দোষৰ বাবে জাকৰ পৰা এটা মতা মেৰ-ছাগ বলিদান কৰিলে।
20 İmmeroğulları'ndan: Hanani, Zevadya.
২০ইম্মেৰৰ বংশধৰসকলৰ মাজত হনানী আৰু জবদিয়া।
21 Harimoğulları'ndan: Maaseya, Eliya, Şemaya, Yehiel, Uzziya.
২১হাৰীমৰ বংশধৰসকলৰ মাজত মাচেয়া, এলিয়া, চময়িয়া, যিহীয়েল, আৰু উজ্জিয়া।
22 Paşhuroğulları'ndan: Elyoenay, Maaseya, İsmail, Netanel, Yozavat, Elasa.
২২পচহুৰৰ বংশধৰসকলৰ মাজত ইলীয়োঐনয়, মাচেয়া, ইশ্মায়েল, নথনেল, যোজাবদ, আৰু ইলিয়াচা।
23 Levililer'den: Yozavat, Şimi, Kelaya –Kelita– Petahya, Yahuda, Eliezer.
২৩লেবীয়াসকলৰ মাজত যোজাবদ, চিমিয়ী, কলায়া, তেওঁলোক কলীটা, পথহিয়া, যিহূদা আৰু ইলীয়েজৰ।
24 Ezgicilerden: Elyaşiv. Tapınak kapı nöbetçilerinden: Şallum, Telem, Uri.
২৪গায়ক সকলৰ মাজত ইলীয়াচিব। দুৱৰীসকলৰ মাজত চল্লুম, টেলম আৰু উৰী।
25 Öbür İsrailliler'den: Paroşoğulları'ndan: Ramya, Yizziya, Malkiya, Miyamin, Elazar, Malkiya, Benaya.
২৫ইস্ৰায়েলৰ অৱশিষ্ট লোক পৰিয়োচৰ বংশধৰসকলৰ মাজত ৰমিয়া, যিজ্জিয়া, মল্কিয়া, মিয়ামীন, ইলিয়াজৰ, মাল্কিয়া আৰু বনায়া।
26 Elamoğulları'ndan: Mattanya, Zekeriya, Yehiel, Avdi, Yeremot, Eliya.
২৬এলমৰ বংশধৰসকলৰ মাজত মত্তনীয়া, জখৰিয়া, যিহীয়েল, অব্দী, যিৰেমোৎ, আৰু এলিয়া।
27 Zattuoğulları'ndan: Elyoenay, Elyaşiv, Mattanya, Yeremot, Zavat, Aziza.
২৭জত্তুৰ বংশধৰসকলৰ মাজত ইলিয়োঐনয়, ইলীয়াচিব, মত্তনীয়া, যিৰেমোৎ, জাবদ, আৰু অজীজা।
28 Bevayoğulları'ndan: Yehohanan, Hananya, Zabbay, Atlay.
২৮বেবয়ৰ বংশধৰসকলৰ মাজত যিহোহানন, হননিয়া, জব্বয়, আৰু অথলয়।
29 Banioğulları'ndan: Meşullam, Malluk, Adaya, Yaşuv, Şeal, Yeremot.
২৯বাণীৰ বংশধৰসকলৰ মাজত মচুল্লম, মল্লূক, অদায়া, যাচূব, আৰু চাল যিৰেমোৎ।
30 Pahat-Moavoğulları'ndan: Adna, Kelal, Benaya, Maaseya, Mattanya, Besalel, Binnuy, Manaşşe.
৩০পহৎ-মোৱাবৰ বংশধৰসকলৰ মাজত অদনা, কলাল, বনায়া, মাচেয়া, মত্তনীয়া, বচলেল, বিন্নূই, আৰু মনচি।
31 Harimoğulları'ndan: Eliezer, Yişşiya, Malkiya, Şemaya, Şimon,
৩১হাৰীমৰ বংশধৰসকলৰ মাজত ইলীয়েজৰ, যিচিয়া, মল্কিয়া, চময়িয়া, চিমিয়োন,
32 Benyamin, Malluk, Şemarya.
৩২বিন্যামীন, মল্লূক, আৰু চমৰিয়া।
33 Haşumoğulları'ndan: Mattenay, Mattatta, Zavat, Elifelet, Yeremay, Manaşşe, Şimi.
৩৩হাচুমৰ বংশধৰসকলৰ মাজত মত্তনয়, মত্ততা, জাবদ, ইলীফেলট, যিৰেময়, মনচি আৰু চিমিয়ী।
34 Banioğulları'ndan: Maaday, Amram, Uel,
৩৪বাণীৰ বংশধৰসকলৰ মাজত মাদয়, অম্রম, ঊৱেল,
35 Benaya, Bedeya, Keluhu,
৩৫বনায়া, বেদিয়া, কলূহী,
36 Vanya, Meremot, Elyaşiv,
৩৬বনিয়া, মৰেমোৎ, ইলীয়াচিব,
37 Mattanya, Mattenay, Yaasay,
৩৭মত্তনীয়া, মত্তনয়, যাচু,
38 Bani, Binnuy, Şimi,
৩৮বাণী, বিন্নূই, চিমিয়ী,
39 Şelemya, Natan, Adaya,
৩৯চেলেমিয়া, নাথন, অদায়া,
40 Maknadvay, Şaşay, Şaray,
৪০মকনদবয়, চাচয়, চাৰয়,
41 Azarel, Şelemya, Şemarya,
৪১অজৰেল, চেলেমিয়া, চমৰিয়া,
42 Şallum, Amarya, Yusuf.
৪২চল্লুম, অমৰিয়া, যোচেফ,
43 Nevooğulları'ndan: Yeiel, Mattitya, Zavat, Zevina, Yadday, Yoel, Benaya.
৪৩আৰু নবোৰ বংশধৰসকলৰ মাজত যিয়ীয়েল, মিত্তিথিয়া, জাবদ, জবীনা, ইদ্দো, যোৱেল, আৰু বনায়া।
44 Bunların hepsi yabancı kadınlarla evlenmişti. Bazılarının bu kadınlardan çocukları da vardı.
৪৪এই সকলো লোকৰ অন্য জাতিৰ মহিলা ভাৰ্যা আৰু তেওঁলোকৰ কিছুমানৰ সন্তান আছিল।

< Ezra 10 >