< 2 Krallar 24 >
1 Yahuda Kralı Yehoyakim'in krallığı döneminde Babil Kralı Nebukadnessar Yahuda'ya saldırdı. Yehoyakim üç yıl ona boyun eğdiyse de sonradan fikrini değiştirerek Nebukadnessar'a başkaldırdı.
১যিহোয়াকীমৰ ৰাজত্বৰ সময়ত বেবিলনৰ ৰজা নবূখদনেচৰে যিহূদা দেশ আক্রমণ কৰিলে। যিহোৱাকীম তিনি বছৰ তেওঁৰ অধীনত আছিল। কিন্তু পাছত তেওঁ নবুখদনেচৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে।
2 RAB, kulları peygamberler aracılığıyla söylediği söz uyarınca, Yahuda'yı yok etmek üzere Kildani, Aramlı, Moavlı ve Ammonlu akıncıları ona karşı gönderdi.
২যিহোৱাই যিহোৱাকীমৰ বিৰুদ্ধে কলদীয়া, অৰামীয়া, মোৱাবীয়া আৰু অম্মোনীয়া লুট কৰোঁতা দলসমূহক পঠালে। যিহোৱাই তেওঁৰ দাস ভাববাদীসকলৰ দ্বাৰাই যি কথা ঘোষণা কৰিছিল, সেই অনুসাৰে যিহূদা দেশক বিনষ্ট কৰিবলৈ তেওঁ তেওঁলোকক পঠালে।
3 Bütün bunlar RAB'bin buyruğuyla Yahudalılar'ın başına geldi. Manaşşe'nin işlediği bütün günahlar, döktüğü suçsuz kan yüzünden RAB Yahudalılar'ı huzurundan atmak istedi. Çünkü Manaşşe Yeruşalim'i suçsuzların kanıyla doldurmuştu ve RAB bunu bağışlamak niyetinde değildi.
৩যিহোৱাৰ আজ্ঞা অনুসাৰেই যিহূদা দেশৰ প্ৰতি এই সকলো ঘটিছিল, যাতে তেওঁলোকক নিজৰ সন্মুখৰ পৰা যিহোৱাই দূৰ কৰিব পাৰে। এই সকলোবোৰ ঘটিছিল, কিয়নো মনচিয়ে কৰা সকলো পাপ কাৰ্যৰ কাৰণে;
৪আৰু তেওঁ কৰা নিৰ্দ্দোষী লোকসকলৰ ৰক্তপাতৰ কাৰণে। মনচিয়ে নির্দ্দোষীসকলৰ তেজেৰে যিৰূচালেম পূৰ্ণ কৰিছিল আৰু যিহোৱাই ইয়াক ক্ষমা কৰিবলৈ মান্তি নহ’ল।
5 Yehoyakim'in krallığı dönemindeki öteki olaylar ve bütün yaptıkları Yahuda krallarının tarihinde yazılıdır.
৫যিহোয়াকীমৰ অন্যান্য বৃত্তান্ত আৰু তেওঁ কৰা সকলো কাৰ্যৰ কথা “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?
6 Yehoyakim ölüp atalarına kavuşunca, yerine oğlu Yehoyakin kral oldu.
৬পাছত যিহোয়াকীম তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁৰ পদত পুত্ৰ যিহোয়াখীন ৰজা হ’ল।
7 Mısır Kralı bir daha ülkesinden dışarı çıkamadı. Çünkü Babil Kralı Mısır Vadisi'nden Fırat'a kadar daha önce Mısır Firavunu'na ait olan bütün toprakları ele geçirmişti.
৭মিচৰৰ ৰজাই যুদ্ধ কৰিবৰ কাৰণে নিজৰ দেশৰ পৰা আৰু বাহিৰ নহ’ল; কিয়নো বেবিলনৰ ৰজাই মিচৰৰ ৰজাৰ অধীনত থকা মিচৰৰ জুৰিৰ পৰা ইউফ্রেটিচ নদীলৈকে সমগ্র ৰাজ্য দখল কৰি ল’লে।
8 Yehoyakin on sekiz yaşında kral oldu ve Yeruşalim'de üç ay krallık yaptı. Annesi Yeruşalimli Elnatan'ın kızı Nehuşta'ydı.
৮ওঠৰ বছৰ বয়সত যিহোয়াখীন ৰজা হৈছিল আৰু তেওঁ তিনি মাহ যিৰূচালেমত ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল নহূস্তা; তেওঁ যিৰূচালেম নগৰৰ নিবাসী ইলনাথনৰ জীয়েক আছিল।
9 O da babası gibi RAB'bin gözünde kötü olanı yaptı.
৯যিহোৱাখীনে তেওঁৰ পিতৃৰ দৰেই যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল।
10 O sırada Babil Kralı Nebukadnessar'ın askerleri Yeruşalim'in üzerine yürüyüp kenti kuşattı.
১০সেই সময়ত বেবিলনৰ ৰজা নবূখদনেচৰৰ সৈন্যসকলে যিৰূচালেম আক্রমণ কৰি নগৰ অৱৰোধ কৰিলে।
11 Kuşatma sürerken Nebukadnessar geldi.
১১তেওঁৰ সৈন্যসকলে যেতিয়া নগৰখন ঘেৰি ৰাখিছিল, তেতিয়া বেবিলনৰ ৰজা নবূখদনেচৰ নিজেই নগৰলৈ আহিল।
12 Yahuda Kralı Yehoyakin, annesi, görevlileri, yöneticileri ve hadımlarıyla birlikte, Nebukadnessar'a teslim oldu. Babil Kralı krallığının sekizinci yılında Yehoyakin'i tutsak etti.
১২যিহূদাৰ ৰজা যিহোয়াখীন, তেওঁৰ মাক, তেওঁৰ দাসবোৰ, তেওঁৰ ৰাজপুত্রসকল আৰু কৰ্মচাৰীসকল সকলোৱেই ৰজা নবুখদনেচৰৰ ওচৰলৈ ওলাই গ’ল। তাতে ৰজা নবুখদনেচৰৰ ৰাজত্বৰ আঠ বছৰত তেওঁ যিহোৱাখীমক বন্দী কৰি লৈ গ’ল।
13 RAB'bin sözü uyarınca, Nebukadnessar RAB'bin Tapınağı'nın ve kral sarayının bütün hazinelerini boşalttı, İsrail Kralı Süleyman'ın RAB'bin Tapınağı için yaptırdığı altın eşyaların tümünü parçaladı.
১৩যিহোৱাই যি দৰে কৈছিল, তেনেদৰেই ঘটিল; নবুখদনেচৰে যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ পৰা সকলো মূল্যবান সামগ্রীবোৰ লৈ গ’ল আৰু ইস্ৰায়েলৰ ৰজা চলোমনে যিহোৱাৰ মন্দিৰৰ কাৰণে সোণেৰে যিবোৰ সামগ্রী নির্মাণ কৰিছিল, সেইবোৰ তেওঁ কাটি টুকুৰা- টুকুৰি কৰি লৈ গ’ল।
14 Bütün Yeruşalim halkını, komutanları, yiğit savaşçıları, zanaatçıları, demircileri, toplam on bin kişiyi sürgün etti. Yahuda halkının en yoksul kesimi dışında kimse kalmadı.
১৪তাৰ উপৰিও যিৰূচালেমৰ সকলোকে, অর্থাৎ সকলো প্ৰধান লোক, যোদ্ধা সহ দহ হাজাৰ লোক আৰু কাৰিকৰ, কমাৰ সকলকো বন্দী কৰি লৈ গ’ল; দেশত দৰিদ্ৰ লোকৰ বাহিৰে আন কোনো নাথাকিল।
15 Babil Kralı Nebukadnessar Yehoyakin'i tutsak olarak Babil'e götürdü. Onunla birlikte annesini, karılarını, hadımlarını ve ülkenin ileri gelenlerini de Yeruşalim'den Babil'e sürdü. Ayrıca yedi bin deneyimli yiğit savaşçıyı ve bin zanaatçıyla demirciyi Babil'e sürgün etti.
১৫নবুখদনেচৰে যিহোয়াখীনক বন্দী হিচাবে বেবিলনলৈ লৈ গ’ল। তেওঁ যিৰূচালেমৰ পৰা ৰজাৰ মাকক, তেওঁৰ ভাৰ্য্যাসকলক, কৰ্মচাৰী সকলক আৰু দেশৰ প্রধান লোকসকলকো লৈ গ’ল।
১৬বেবিলনৰ ৰজাই যুদ্ধৰ কাৰণে উপযুক্ত সাত হাজাৰ যোদ্ধা, এক হাজাৰ কাৰিকৰ আৰু কমাৰসকলক বন্দী কৰি বেবিলনলৈ আনিলে।
17 Yehoyakin'in yerine amcası Mattanya'yı kral yaptı ve adını değiştirip Sidkiya koydu.
১৭বেবিলনৰ ৰজাই যিহোৱাখীনৰ খুড়ায়েক মত্তনীয়াক তেওঁৰ পদত ৰজা পাতিলে আৰু তেওঁৰ নাম সলনি কৰি চিদিকিয়া ৰাখিলে।
18 Sidkiya yirmi bir yaşında kral oldu ve Yeruşalim'de on bir yıl krallık yaptı. Annesi Livnalı Yeremya'nın kızı Hamutal'dı.
১৮একৈশ বছৰ বয়সত চিদিকিয়া ৰজা হৈছিল। তেওঁ যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল হমূতল। তেওঁ লিব্না নিবাসী যিৰিমিয়াৰ জীয়েক আছিল।
19 Yehoyakim gibi Sidkiya da RAB'bin gözünde kötü olanı yaptı.
১৯যিহোয়াকীমৰ দৰে চিদিকিয়াই যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল।
20 RAB Yeruşalim'le Yahuda'ya öfkelendiği için onları huzurundan attı. Sidkiya Babil Kralı'na karşı ayaklandı.
২০যিৰূচালেম আৰু যিহূদাৰ ওপৰত যিহোৱা ক্রুদ্ধ হোৱাৰ কাৰণে এই দুই দেশক তেওঁ নিজৰ সন্মুখৰ পৰা দূৰ নকৰা পর্যন্ত এই সকলো দশা ঘটি আছিল। পাছত চিদিকিয়াই বেবিলনৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে।