< 1 Samuel 9 >
1 Benyamin oymağından Afiyah oğlu Bekorat oğlu Seror oğlu Aviel oğlu Kiş adında bir adam vardı. Benyaminli Kiş sözü geçen biriydi.
১সেই সময়ত বিন্যামীন ফৈদত এজন প্ৰভাৱশালী ব্যক্তি আছিল, তেওঁৰ নাম আছিল কীচ, তেওঁ অবীয়েলৰ পুত্ৰ, অবীয়েল জেৰৰ পুত্ৰ, জেৰৰ বখোৰতৰ পুত্ৰ, বাখোৰত আফিয়াৰ পুত্ৰ আছিল, এওঁলোক বিন্যামীন ফৈদৰ লোক আছিল।
2 Saul adında genç, yakışıklı bir oğlu vardı. İsrail halkı arasında ondan daha yakışıklısı yoktu. Boyu herkesten bir baş daha uzundu.
২কীচৰ এজন সুদৰ্শন পুত্ৰ আছিল, তেওঁৰ নাম আছিল চৌল, ইস্ৰায়েলৰ সন্তান সকলৰ মাজত তেওঁতকৈ সুদৰ্শন কোনো পুৰুষ নাছিল আৰু আন সকলো লোকতকৈ তেওঁ ওখ আছিল।
3 Bir gün Saul'un babası Kiş'in eşekleri kayboldu. Kiş, oğlu Saul'a, “Hizmetkârlardan birini yanına al da git, eşekleri ara” dedi.
৩এদিন চৌলৰ পিতৃ কীচৰ গাধবোৰ হেৰাল। তেতিয়া কীচে নিজ পুত্ৰ চৌলক ক’লে, “তুমি দাস সকলৰ মাজৰ এজনক লগত লৈ গাধবোৰ বিচাৰি যোৱা।”
4 Saul Efrayim dağlık bölgesinden geçip Şalişa topraklarını dolaştı. Ama eşekleri bulamadılar. Şaalim bölgesine geçtiler. Eşekler orada da yoktu. Sonra Benyamin bölgesinden geçtilerse de, hayvanları bulamadılar.
৪সেয়ে চৌলে পাহাৰীয়া দেশ ইফ্ৰয়িমৰ মাজেৰে পাৰ হৈ চালিচা প্ৰদেশৰ মাজেৰে গ’ল; কিন্তু গাধবোৰ তাত নাছিল। তাৰ পাছত তেওঁলোকে চালীম প্ৰদেশৰ মাজেৰে গ’ল, কিন্তু তাতো নাছিল, তাৰ পাছত বিন্যামীন প্ৰদেশৰ মাজেৰে গ’ল, কিন্তু তেওঁলোকে তাতো বিচাৰি নাপালে।
5 Suf bölgesine varınca, Saul yanındaki hizmetkârına, “Haydi dönelim! Yoksa babam eşekleri düşünmekten vazgeçip bizim için kaygılanmaya başlar” dedi.
৫যেতিয়া তেওঁলোক চুফ প্ৰদেশ পালে, চৌলে নিজৰ লগত যোৱা দাসক ক’লে, “আহাঁ, আমি উভটি যাওঁ, হয়তো মোৰ পিতৃয়ে গাধবোৰৰ চিন্তা কৰিবলৈ বাদ দি আমাৰ বাবেহে চিন্তা কৰিবলৈ আৰম্ভ কৰিব।”
6 Hizmetkâr, “Bak, bu kentte saygın bir Tanrı adamı vardır” diye karşılık verdi, “Bütün söyledikleri bir bir yerine geliyor. Şimdi ona gidelim. Belki gideceğimiz yolu o bize gösterir.”
৬কিন্তু দাস জনে তেওঁক ক’লে, “শুনক! এই নগৰত ঈশ্বৰ বিশ্বাসী এজন লোক আছে; তেওঁ সন্মানীয় ব্যক্তি, তেওঁ যি যি কয়, সকলো সিদ্ধ হয়; এতেকে আহক আমি এতিয়া সেই ঠাইলৈ যাওঁ; হয়তো আমি কোনবাটে যাব লাগে তেওঁ জনাব পাৰিব।”
7 Saul, “Gidersek, adama ne götüreceğiz?” dedi, “Torbalarımızdaki ekmek tükendi. Tanrı adamına götürecek bir armağanımız yok. Neyimiz kaldı ki?”
৭তেতিয়া চৌলে তেওঁৰ দাসক ক’লে, “কিন্তু আমি যদি যাওঁ, তেন্তে সেই লোকৰ ওচৰলৈ কি লৈ যাম? কিয়নো আমাৰ পাত্ৰৰ পিঠা শেষ হ’ল; ঈশ্বৰৰ লোকৰ ওচৰলৈ উপহাৰস্বৰূপে আমি কি লৈ যাম? আমাৰ লগত কি আছে?”
8 Hizmetkâr, “Bak, bende çeyrek şekel gümüş var” diye karşılık verdi, “Gideceğimiz yolu bize göstermesi için bunu Tanrı adamına vereceğim.”
৮তাতে দাস জনে চৌলক উত্তৰ দি ক’লে, “এয়া চাওকচোন, মোৰ হাতত এক চেকল ৰূপৰ চতুৰ্থ ভাগৰ এভাগ আছে; আমি কোন বাটে যাব লাগে, সেই কথা জনাবৰ কাৰণে মই ঈশ্বৰৰ লোকজনক ইয়াকে দিম।”
9 –Eskiden İsrail'de biri Tanrı'ya bir şey sormak istediğinde, “Haydi, biliciye gidelim” derdi. Çünkü bugün peygamber denilene o zaman bilici denirdi.–
৯(আগৰ সময়ত ইস্ৰায়েলত, যেতিয়া এজন লোকে ঈশ্বৰৰ ইচ্ছা কি জানিব বিচাৰে, তেওঁ কয়, “আহাঁ, আমি ভাববাদীৰ ওচৰলৈ যাওঁ”।’ কাৰণ বৰ্তমানত যাক ভবিষ্যত বক্তা বোলা হয়, আগৰ সময়ত তেওঁক ভাববাদী বোলা হৈছিল)।
10 Saul hizmetkârına, “İyi, haydi gidelim” dedi. Böylece Tanrı adamının yaşadığı kente gittiler.
১০তেতিয়া চৌলে নিজৰ দাসক ক’লে, “ঠিকেই কৈছা; ব’লা আমি যাওঁহক।” তাৰ পাছত তেওঁলোকে ঈশ্বৰৰ লোক য’ত আছিল সেই নগৰলৈ গ’ল।
11 Yokuştan kente doğru çıkarlarken, kuyudan su çekmeye giden kızlarla karşılaştılar. Onlara, “Bilici burada mı?” diye sordular.
১১তেওঁলোকে নগৰৰ পাহাৰেদি উঠি যাওঁতে, পানী তুলিবলৈ অহা কেইগৰাকীমান যুৱতীক লগ পালে; তেওঁলোকক চৌল আৰু তেওঁৰ দাসে সুধিলে, “ইয়াত ভাববাদী আছেনে?”
12 Kızlar, “Evet, ilerde” diye karşılık verdiler, “Şimdi çabuk davranın. Kentimize bugün geldi. Çünkü halk bugün tapınma yerinde bir kurban sunacak.
১২তেওঁলোকে উত্তৰ দি ক’লে, “তেওঁ আছে; চাওক, আপোনাৰ ঠিক সন্মুখতে আছে, সোনকাল কৰক, তেওঁ নগৰলৈ আজি আহিছে, কাৰণ আজি ওখ স্থানত লোকসকলে বলিদান কৰিব।
13 Kente girer girmez, yemek için tapınma yerine çıkmadan önce onu bulacaksınız. Kurbanı o kutsayacağı için, kendisi gelmeden halk yemek yemez. Çağrılı olanlar o geldikten sonra yemeye başlar. Şimdi gidin, onu hemen bulursunuz.”
১৩সেয়ে তেওঁ ওখ স্থানলৈ ভোজন কৰিবলৈ যোৱাৰ পূৰ্বে আপোনালোকে নগৰত সোমায়ে তেওঁক বিচাৰি পাব। কিয়নো তেওঁ গৈ নোপোৱালৈকে, লোকসকলে ভোজন নকৰে, কাৰণ তেওঁ বলিদানত আশীৰ্ব্বাদ কৰাৰ পাছতহে নিমন্ত্ৰিত সকলে ভোজন কৰিব। এতেকে আপোনালোক এতিয়াই যাওক; তেতিয়াহে তেওঁক লগ পাব।”
14 Saul'la hizmetkârı kente gittiler. Kente girdiklerinde, tapınma yerine çıkmaya hazırlanan Samuel onlara doğru ilerliyordu.
১৪সেয়ে তেওঁলোক নগৰলৈ গ’ল। তেওঁলোক নগৰত সোমাওঁতেই দেখিলে যে, চমূৱেলে ওখ স্থানলৈ যাবৰ উদ্দেশে তেওঁলোকৰ ফালে আহি আছে।
15 Saul gelmeden bir gün önce RAB Samuel'e şunu açıklamıştı:
১৫চৌল আহি পোৱাৰ আগদিনা, যিহোৱাই চমূৱেলৰ আগত এই কথা প্ৰকাশ কৰিলে:
16 “Yarın bu saatlerde sana Benyamin bölgesinden birini göndereceğim. Onu halkım İsrail'in önderi olarak meshedeceksin. Halkımı Filistliler'in elinden o kurtaracak. Halkımın durumuna baktım; çünkü haykırışları bana ulaştı.”
১৬“কাইলৈ এনে সময়তে মই বিন্যামীন প্ৰদেশৰ পৰা এজন মানুহ তোমাৰ ওচৰলৈ পঠাম; তেওঁক মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত অধিপতি হ’বলৈ তুমি তেওঁক অভিষেক কৰিবা, তাতে তেওঁ মোৰ প্ৰজাক পলেষ্টীয়াসকলৰ হাতৰ পৰা উদ্ধাৰ কৰিব; কিয়নো, মোৰ প্ৰজাসকলৰ কাতৰোক্তিৰ শব্দ মোৰ কাণত পৰাত, মই তেওঁলোকলৈ দৃষ্টি কৰিলোঁ।”
17 Samuel Saul'u görünce, RAB, “İşte sana sözünü ettiğim adam!” dedi, “Halkıma o önderlik edecek.”
১৭যেতিয়া চমূৱেলে চৌলক দেখা পালে, যিহোৱাই তেওঁক ক’লে, “যাৰ বিষয়ে মই তোমাক কৈছিলোঁ, এইজনেই সেই ব্যক্তি; তেৱেঁই মোৰ প্ৰজাসকলৰ ওপৰত শাসন কৰিব।”
18 Saul kent kapısında duran Samuel'e yaklaştı. “Bilicinin evi nerede, lütfen söyler misin?” dedi.
১৮তেতিয়া চৌলে দুৱাৰ মুখত চমূৱেলৰ ওচৰলৈ গৈ ক’লে, “মোক কওক, ভাববাদীৰ ঘৰ ক’ত?”
19 Samuel, “Bilici benim” diye yanıtladı, “Önümden tapınma yerine çıkın. Bugün benimle birlikte yemek yiyeceksiniz. Yarın sabah düşündüğün her şeyi sana bildirip seni geri gönderirim.
১৯চমূৱেলে চৌলক উত্তৰ দি ক’লে, “ময়েই সেই ভাববাদী, মই ওখ স্থানলৈ যোৱাৰ পূৰ্বে তুমি তালৈ যোৱা, কাৰণ তুমি আজি মোৰ লগত ভোজন কৰিবা, কাইলৈ ৰাতিপুৱা মই তোমাক যাবলৈ দিম আৰু তোমাৰ মনৰ সকলো কথা মই তোমাক জনাম।
20 Üç gün önce kaybolan eşeklerin için kaygılanma. Onlar bulundu. İsrail'in özlemi kime yönelik? Sana ve babanın ailesine değil mi?”
২০আজি তিন দিন পূৰ্বে, তোমাৰ যি গাধবোৰ হেৰাইছিল, সেইবোৰৰ কাৰণে চিন্তা নকৰিবা; কিয়নো সেইবোৰ পোৱা যাব আৰু যাৰ কাৰণে ইস্ৰায়েলৰ সকলো ইচ্ছা জড়িত হৈ আছে; সেয়ে জানো তোমাৰ আৰু তোমাৰ সমূদায় পিতৃ-বংশৰ নহয়?”
21 Saul şu karşılığı verdi: “Ben İsrail oymaklarının en küçüğü olan Benyamin oymağından değil miyim? Ait olduğum boy da Benyamin oymağına bağlı bütün boyların en küçüğü değil mi? Bana neden böyle şeyler söylüyorsun?”
২১চৌলে উত্তৰ দি ক’লে, “ইস্ৰায়েলৰ সকলোতকৈ সৰু ফৈদ বিন্যামীন ফৈদৰ মই নহয় নে? আৰু বিন্যামীন ফৈদৰ আটাই গোষ্ঠীবিলাকৰ মাজত মোৰ গোষ্ঠী সকলোতকৈ সৰু নহয় নে? তেনেহ’লে আপুনি মোৰ আগত এই দৰে কিয় কৈছে?”
22 Samuel Saul ile hizmetkârını alıp yemek odasına götürdü; yaklaşık otuz çağrılı arasında ilk sırayı onlara verdi.
২২তাৰ পাছত চমূৱেলে চৌলক আৰু তেওঁৰ দাসক ভোজনৰ কোঁঠালিটোলৈ লৈ গ’ল; আৰু ত্ৰিশ জনমান নিমন্ত্ৰিত অতিথিৰ সৈতে প্ৰধান ঠাইত বহুৱালে।
23 Sonra aşçıya, “Sana verdiğim ve bir kenara ayırmanı söylediğim payı getir” dedi.
২৩চমূৱেলে ৰান্ধনীক ক’লে, “মই তোমাক যিখিনি ‘বেলেগে ৰাখিব দিছিলোঁ’ তোমাক দিয়া সেই ভাগটো লৈ আনা।’
24 Aşçı budu getirip Saul'un önüne koydu. Samuel, “İşte senin için ayrılan parça, buyur ye!” dedi, “Çünkü bunu belirtilen gün çağırdığım halkla birlikte yemen için sakladım.” O gün Saul Samuel'le yemek yedi.
২৪তাৰ পাছত ৰান্ধনীয়ে বলিদান দিয়া পিছ ভৰিৰ কৰঙণ আৰু তাৰ ওপৰত যি সকলো আছিল, সেইখিনি আনি চৌলৰ আগত থলে। তেতিয়া চমূৱেলে ক’লে, “চোৱা, তোমাৰ কাৰণে যি ৰখা হৈছিল! তাক ভোজন কৰা, কাৰণ নিৰূপিত সময়লৈকে তোমাৰ বাবে ইয়াক ৰখা হৈছিল। সেয়ে অতিথিসকলৰ সৈতে তুমি ভোজন কৰা।” চৌলে সেই দিনা চমূৱেলৰ লগত ভোজন কৰিলে।
25 Tapınma yerinden kente indikten sonra Samuel evinin damında Saul'la konuştu.
২৫যেতিয়া তেওঁলোক ওখ স্থানৰ পৰা নগৰলৈ নামি আহিল, তেতিয়া চমূৱেলে ঘৰৰ চালৰ ওপৰত চৌলৰ লগত কথোপকথন কৰিলে।
26 Sabah erkenden, şafak sökerken kalktılar. Samuel, damdan Saul'u çağırıp, “Hazırlan, seni göndereceğim” dedi. Saul kalktı. Samuel'le birlikte dışarı çıktılar.
২৬ৰাতিপুৱাতে চমূৱেলে চৌলক ঘৰৰ চালৰ ওপৰলৈ মাতি ক’লে, “উঠা, যাতে মই তোমাক তোমাৰ বাটে পঠিয়াব পাৰোঁ;” সেয়ে চৌল উঠিল আৰু চমূৱেলৰ সৈতে দুয়োজন বাটলৈ ওলাই গ’ল।
27 Kentin sınırına yaklaşırken Samuel Saul'a, “Hizmetkâra önümüzden gitmesini söyle” dedi. Hizmetkâr öne geçince, Samuel, “Ama sen dur” diye ekledi, “Sana Tanrı'nın sözünü bildireceğim.”
২৭তাৰ পাছত নগৰৰ বাহিৰলৈ যোৱাত, চমূৱেলে চৌলক ক’লে, “তোমাৰ দাসক আমাৰ আগে আগে যাবলৈ কোৱা, তাতে দাস আগ হৈ গ’ল কিন্তু তুমি অলপ সময় ইয়াতে ৰৈ থাকা, যাতে মই তোমাক ঈশ্বৰৰ বাক্য শুনাব পাৰোঁ।”