< Luk 13 >
1 Ho hoka nyi mego dooto bunu Jisu nyi minjito Pilot gv Galili nyi vdwa Pwknvyarnvnyi kumla erin rijila rimu gvrila mvki namgv lvga nga.
১সেই সময়ত তাত উপস্থিত থকা কেইজনমান লোকে যীচুক গালীলীয়া লোকৰ বিষয়ে এই সম্বাদ দিলে যে, পীলাতে তেওঁলোকৰ বলিৰ উৎসর্গৰ তেজৰ সৈতে গালীলীয়া সকলৰ তেজ মিহলি কৰিছিল।
2 Jisu bunua mirwkto. “Ogulvgavbolo ho Galilian vdwa vbv mvkito, hum nonu bunua kvvbi Galilian vdwa kaiyabv rimur morya nvnga kaatam dubv ripv vla mvngdunvre?
২যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “আপোনালোকে ভাবিছে নে যে, এই গালীলীয়া সকলে দুখভোগ কৰাৰ কাৰণে আন গালীলীয়া সকলতকৈ অধিক পাপী আছিল?
3 Ma vbvmare, Okv ngo nonua mindu nonu vdwlo nonugv rimur lokv linku mabolo, nonu mvnwngngv bunugv sinam aingbv sire.
৩মই অাপোনালোকক কওঁ তেনে নহয়; কিন্তু মন-পালটন নকৰিলে, অাপোনালোক সকলোৱে সেইদৰে বিনষ্ট হব।
4 Nyi vring gula pinw go Siloam lo aokoko dubv rakchanam naam hv vdwlo darlula darki nama ogubv mvngpv? Um nonu bunua Jerusalem gv nyi mvnwngnga kaiyabv rimur murnv go vla kaatamnam gubv ripv vla mvngdure?
৪চীলোহত এটা ওখ দুর্গৰ পতনত যি ওঠৰ জন মানুহৰ মৃত্যু হৈছিল, আপোনালোকে ভাবে নেকি যে যিৰূচালেমৰ বাকী মানুহতকৈ তেওঁলোক বেছি পাপী আছিল?
5 Ma vbvmare! Okv ngo nonua mindu, vdwlo nonu nonugv rimur lokv linku maridw nonu mvnwngngv vbvrila sire.”
৫মই অাপোনালোকক কওঁ তেনে নহয়; কিন্তু মন-পালটন নকৰিলে, আপোনালোকো বিনষ্ট হব।”
6 Vbvrikunamv Jisu so minchisinam sum bunua minjito: “Ho hoka nyi ako dooto nw ninyigv nayamlo koksitkokrik singnv vkv soto. Nw vngtoku hoka apw kaakarla vbvritola kaapa kuma toku.
৬তাৰ পাছত যীচুৱে এই দৃষ্টান্ত দি ক’লে, “কোনো এজন মানুহৰ দ্ৰাক্ষাবাৰীত এজোপা ডিমৰু গছ ৰোৱা হৈছিল৷ এবাৰ গৰাকীয়ে আহি তাৰ ফল বিচাৰিলে, কিন্তু এটাও ফল নাপালে।
7 Vkvlvgabv nw ninyigv nayam kaaya nvnga minto, ‘Kaatoka, so gv koksitkokrik singnv so ngo apw lvgabv anying nyinghom go kaalwkto, okv ngo ogu goka kaapa ma. Um tvnglwkto! vlam oguaingbv kvdw lo doomu dubv?’
৭তেতিয়া গৰাকীয়ে বাৰীচোৱাক ক’লে, ‘চোৱা, মই তিনি বছৰ ধৰি এই ডিমৰু গছৰ ফল বিচাৰি আছোঁ, কিন্তু একোৱে নাপাও; সেয়েহে ইয়াক কাটি পেলোৱা। কিয় ইয়াক অযথা মাটি ডৰা নষ্ট কৰিব দিওঁ?’
8 Vbvritola nayam kaayanv angv mirwkto, atu, anying goda akinbv vlam doomuto; ngo vlam kvdwa dugo gvrila naya-naka lo lwkbum kwnvpv.
৮তাতে বাৰীচোৱাই তেওঁক উত্তৰ দি ক’লে, ‘হে প্ৰভু এই বছৰো থাকিবলৈ দিয়ক। মই ইয়াৰ চাৰিওফালে খান্দি সাৰ দিম৷
9 Aarinv anying tolo singnv ngv apw charlin bolo, v alvyachok namv; vbv maloka, no um tvngnga toku mabv.”
৯পাছত যদি ফল ধৰে, তেনেহলে ভালেই; নহলে ইয়াক কাটি পেলাব’।”
10 Jius Doonualu golo Jisu Jius kumkunaamlo japjila dooto.
১০এদিন বিশ্ৰামবাৰে এটা নাম-ঘৰত যীচুৱে উপদেশ দি আছিল।
11 Hoka nyimv nvgo nyingring gola nyingpinw go alvmanv dow hv ninyia lvvmala doodubv mvkunam go dooto; nw pookung toku okv achukguka gudung nyuku matoku.
১১তাত এনে এগৰাকী মহিলা আছিল, যি মহিলা গৰাকীয়ে এটা শক্তিহীন কৰা অশুচি আত্মাৰ অধীনত ওঁঠৰ বছৰ ধৰি কষ্ট ভোগ কৰি আছিল আৰু তাই কুঁজী হৈ গৈছিল, একেবাৰে পোন হব পৰা নাছিল।
12 Vdwlo Jisu nyimv nvnga kaapa tokudw nw nyimv nvnga goklinto, “Nyimv angv, no noogv lvvma lokv adu dukunv!”
১২যীচুৱে তাইক দেখি মাতিলে আৰু ক’লে, “হে নাৰী তোমাৰ শক্তিহীন অৱস্থাৰ পৰা তুমি মুক্ত হোৱা।”
13 Nw ninyigv laak v nyimv nvngv gv aolo lakpvto, okv vjakgobv nyimv nvngv adinabia dakunv gudung toku okv Pwknvyarnvnyi hartv toku.
১৩তাৰ পাছত যীচুৱে তাইৰ ওপৰত হাত ৰাখিলে আৰু লগে লগে তাই পোন হৈ ঈশ্বৰৰ স্তুতি কৰিলে।
14 Jius kumkunaam gv rigvdogvnv haachi toku Jisunyi doonualu lo mvpu nvgobv vla, vkvlvgabv nw gamtv rungbv gokla, okv nyi vdwa minto, “Ngonu kudungkua ridubv alu lookv go doodunv; vkvlvgabv ho alulo aatoka okv mvpu kotoka, vbvritola doonualu loma!”
১৪কিন্তু যীচুৱে বিশ্ৰামবাৰে সুস্থ কৰাৰ কাৰণে, নাম-ঘৰৰ অধিকাৰী জনে ক্ৰোধিত হৈ লোক সকলক ক’লে, “কাম কৰাৰ কাৰণে ছয় দিন আছে৷ গতিকে সেই ছয় দিনত আহিবা আৰু সুস্হ হবা, বিশ্ৰামবাৰত নহয়।”
15 Ahtu ninyia mirwkto, “Kaakudubvrinv nonu! Nonu gv lokv akonv ninyigv svv vmalo siak ka Jius Doonualu lo oso nga pakyak laila isi tvngmu dubv naam lokv vnglin madunvre?
১৫প্ৰভুৱে তেওঁক উত্তৰ দি ক’লে, “কপটীয়া সকল! বিশ্ৰামবাৰে আপোনালোক সকলোৱে জানো নিজৰ গাধ বা গৰু গোহালিৰ পৰা মেলি পানী খোৱাবলৈ নিনিয়ে?
16 Vjak so si Abraham gv husi v ninyia Uyu nyingring gola nyingpinw go tumla vvpvpv; sum Jius Doonualu lo limu madu kubvri?”
১৬তেনেহলে সুদীর্ঘ ওঠৰ বছৰ ধৰি চয়তানৰ বন্ধনত থকা অব্ৰাহামৰ বংশৰ এই মহিলা গৰাকীক বিশ্ৰামবাৰৰ দিনা এই বন্ধনৰ পৰা মুকলি কৰা উচিত নহয় নে?”
17 Ninyigv mirwksinamv nyirunv vdwa hinying simudubv minto, nyi vdwv ninyigv lamrwpadubv mvnam rinam lokv himpu nyatoku.
১৭তেওঁ এইবোৰ কথা কোৱাৰ পাছত, তেওঁৰ বিৰুদ্ধে যি সকল লোক আছিল: সেই লোক সকলে লাজ পালে৷ কিন্তু তেওঁ কৰা সকলো গৌৰৱময় কার্যবোৰ দেখি লোক সকলে আনন্দ কৰিলে৷
18 Jisu tvvkato, “Pwknvyarnv gv Karv ngv oguaingbv ridunv? Um ngo ogu-am lvkobv mintak nvdubv?
১৮তাৰ পাছত যীচুৱে ক’লে, “ঈশ্বৰৰ ৰাজ্য কিহৰ নিচিনা? আৰু কিহৰ লগত মই ইয়াৰ তুলনা দিম?
19 Hv svbv ridu. Nyi ako yingmw naala okv ninyigv rongolo paklwkdo. Agar hv garlinla okv singnv gubv ritoku, okv pvta vdwv ho aala bunugv asup a vkvgv hakbv vdwlo suplwk toku.”
১৯ই হল এটা সৰু সৰিয়হৰ বীজৰদৰে; এজন লোকে সেইবোৰ আনি নিজৰ বাগিছাত সিঁচিলে আৰু তাৰ পৰা গজালি ওলাই বাঢ়ি এজোপা ডাঙৰ গছ হৈ উঠিল; তাতে আকাশৰ চৰাইবোৰে আহি তাৰ ডালবোৰত বাহ সাজিলে।”
20 Jisu lvkodv minto, “Pwknvyarnv gv Karv nga ngo ogu gonyi lvkobv mintak nvdubv?
২০তেওঁ আকৌ কলে, “ঈশ্বৰৰ ৰাজ্যক মই কিহৰ লগত তুলনা কৰিম?
21 Hv svbv ridu. Nyimv nvgonv vpap mego naala okv hum kainv pvchwng gulo vtwng nga mvyomvchila nyakma dvdvlobv vvpvnam aing bv rido.”
২১ঈশ্বৰৰ ৰাজ্য খমীৰৰদৰে৷ এগৰাকী মহিলাই তাকে লৈ প্ৰায় তিনি দোণ ময়দাৰ সৈতে মিহলায় আৰু আটাইখিনি ময়দা নুফুলালৈকে ঢাকি থয়৷”
22 Jisu banggu vdwlo okv nampum vdwlo vnggoto nyi vdwa japgo jila okv ninyigv lamtv nga Jerusalem takbv vngdula.
২২এইদৰে তেওঁ নগৰে নগৰে গাঁৱে গাঁৱে উপদেশ দি দি যিৰূচালেমলৈ গ’ল।
23 Nyi gonv ninyi tvkato, “Tamsarnv, nyi miang gonv mvngchik ringnam a paamwng redw?” Jisu bunua mirwkto,
২৩তেতিয়া কোনো এজনে সুধিলে, “প্ৰভু, তাকৰ লোকেহে উদ্ধাৰ পাব নে?” তেতিয়া তেওঁ তেওঁলোকক ক’লে
24 “No vdwgo rilapvdw agi takching kolo vngpit dvbv rilaka; ogulvgavbolo nyi mvnwngngv hoka vngpit rungdubv rikwre vbvritola rinyu mare.
২৪“ঠেক দুৱাৰেদি সোমাবলৈ বহুত কষ্ট, প্ৰাণপণে চেষ্টা কৰা; মই তোমালোকক কওঁ, অনেক লোকে তাত সোমাবৰ বাবে যত্ন কৰিব, কিন্তু নোৱাৰিব৷
25 Naam atu v gudung reku okv agi a koktum reku; vbvrikubolo vdwlo no agumlo daktola okv agi a takdin reku okv minre, ‘Ngonugv lvgabv agi a kokda jilabv, Ahtu!’ nw nonua mirwksire, ‘Nonu ogolokv aapvnv ngo chima!’
২৫কাৰণ ঘৰৰ গৰাকীয়ে উঠি দুৱাৰ বন্ধ কৰিব, তেতিয়া তোমালোকে বাহিৰত থিয় হৈ দুৱাৰত টুকুৰিয়াই ক’বা, প্ৰভু আমালৈ দুৱাৰ মেলি দিয়ক, তেওঁ উত্তৰ দি আপোনালোকক ক’ব, ‘তোমালোক কোন ঠাইৰ মানুহ, সেই বিষয়ে মই নাজানো৷’;
26 Vbvrikunamv nonu mirwksire, ‘Ngonu nam lvkobv dvbamto okv tvngbumto; no ngonugv banggu lo tamsarto!’
২৬তেতিয়া তোমালোকে ক’বা, আপোনাৰ সাক্ষাতে আমি ভোজন-পান কৰিলোঁ আৰু আমাৰ আলি বাটতে আপুনি উপদেশ দিলে।
27 Vbvritola nw lvkodv mindvre, ‘Ngo nonua chimakv nonu ogo lokv aapvnv. Ngoogv lokv vngroto, nonu alvmanv nyi vdwv!’
২৭কিন্তু তেওঁ উত্তৰ দি কব, মই তোমালোকক কওঁ, ‘এই সকল কৰ মানুহ, সেই বিষয়ে মই নাজানো; হে দুৰাচাৰীবোৰ মোৰ ওচৰৰ পৰা দূৰ হ!’
28 Nonu Abraham, Isaak, okv Jakob okv nyijwk mvnwngnga Pwknvyarnv gv Karv lo doodubv kaapa rikunyi, hoka nonua orlinla ora rikulo, nonu kapla, hijung nga kotwkkrwkla rire!
২৮তেতিয়া ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব! তাতে তোমালোকে অব্ৰাহাম, ইচহাক, যাকোব আৰু ভাববাদী সকলক ঈশ্বৰৰ ৰাজ্যত দেখা পাবা, কিন্তু তোমালোকক বাহিৰত পেলোৱা হ’ব৷
29 Nyi vdwv doonyi chaagu lokv okv aagia lokv, yordum okv yorko lokv aakumla Pwknvyarnv gv Karv lo dootung tokula dvpam pamminre.
২৯তেতে পূব, পশ্চিম, উত্তৰ, দক্ষিণৰ পৰা মানুহবোৰ আহি ঈশ্বৰৰ ৰাজ্যত ভোজনত বহিব,
30 Vbvrikunamv yvv bunu vjak koching dunv vngcho reku okv vjak yvvbunudw vngcho dunv kochingreku.”
৩০আৰু চোৱা যি সকল আগ হব, সেই সকলোবোৰ পাছ পৰিব; আৰু যি সকল পাছ পৰিব তেওঁলোক আগবাঢ়িব৷”
31 Ho gv dw akin hoka Parisis mego Jisu gvlo aato okv ninyia minto, “No sokv linro lakuka okv dooku kvvbiv gulo vngnyikuka, ogulvgavbolo Herod nam mvki nvpv mvngdu.”
৩১কিছু সময়ৰ পাছত কেইজনমান ফৰীচীয়ে আহি তেওঁক ক’লে, “তুমি ইয়াৰ পৰা অাতৰি যোৱা; কাৰণ হেৰোদে তোমাক বধ কৰিবলৈ বিচাৰি আছে।”
32 Jisu bunua mirwkto, “Vngnyila haaringpaksar a minpa tvka: ‘Ngo uyuvram vdwa charkakdu okv silu okv aaru kaatamre mvpuripu nama, okv loum nvnvlo ngo ngoogv kudungkua nga rinya reku.’
৩২যীচুয়ে তেওঁলোকক ক’লে, “যোৱা তোমালোকে গৈ সেই শিয়ালক এই কথা কোৱাগৈ, মই আজি আৰু কাইলৈ ভূত খেদাম নৰিয়াক সুস্থ কৰিম, তৃতীয় দিনা মই মোৰ কার্য সিদ্ধ কৰিম।
33 Ogubvrijeka ngo silu ngoogv lamtvlo vngrung rikunv, aarunyi, okv logo nvnga so si nyijwk ka kvvbi mookulo mvki dubv riku mare Jerusalem mvngchiklo.
৩৩যি কি নহওক আজি, কাইলৈ আৰু পৰহিলৈ মই যাত্ৰাত আগবাঢ়ি থাকিব লাগিব; কোনো কাৰণতেই এজনো ভাৱবাদী যিৰূচালেমৰ পৰা দুৰৈত মৃত্যু হব নোৱাৰে৷
34 “Jerusalem, Jerusalem! nonu nyijwk vdwa mvki do, nonu gvlo Pwnvyarnvgv gindungpingko vngmunama nonu vlwng kungpv! Vdwnvgo ngo noogv nyi vdwa laak kv lakyum nwngdu kubv, roknv gv ruu vdwa laap lokv lapyumnam aingbv, vbvritola nonu nga vbv rimuma!
৩৪হে যিৰূচালেম! যিৰূচালেম! যি জনে ভাববাদী সকলক বধ কৰে আৰু তোমাৰ ওচৰলৈ পঠোৱা সকলৰ ওপৰত শিল দলিয়াই ৷ বহু বাৰ মই তোমাৰ এই ল’ৰা ছোৱালীবোৰক বচাব খুজিছিলোঁ, কুকুৰাই যেনেকৈ নিজ পোৱালিবোৰক ডেউকাৰ তলত সুৰক্ষা দি ৰাখে তেনেকৈ ৰাখিব খুজিছিলোঁ: কিন্তু আপুনি সন্মত নহ’ল৷
35 Okv vkvlvgabv nonugv Pwknvyarnvnaam arochoko reku. Ngo nonua jvjvbv milv jidunv nonu nga vdwloka kaapa mare vdwlo nonu ‘Pwknvyarnv aya laka yvvdw Ahtu gv amin lo aanv nga vla mindw v aama dvdvlo.’”
৩৫চোৱা, তোমালোকৰ ঘৰ ধ্বংস হৈ গৈছে; মই তোমালোকক কওঁ- যেতিয়ালৈকে তোমালোকে এই কথা নোকোৱা ‘প্ৰভুৰ নামেৰে যি জন আহিছে তেওঁ ধন্য’ তেতিয়ালৈকে তোমালোকে মোক দেখিবলৈ নাপাবা।”