< Mga Filipos 4 >
1 Kaya nga, mga kapatid kong minamahal at pinananabikan, aking katuwaan at putong, magsitibay nga kayo sa Panginoon, mga minamahal ko.
১এতেকে, হে মোৰ প্ৰিয় আৰু ইষ্ট ভাই সকল, আপোনালোকেই মোৰ আনন্দ আৰু কিৰীটি স্বৰূপ; প্ৰেমৰ বন্ধু সকল, এনেদৰেই প্ৰভুত আপোনালোকে স্থিৰে থাকক৷
2 Ipinamamanhik ko kay Euodias, at ipinamamanhik ko kay Sintique, na mangagkaisa ng pagiisip sa Panginoon.
২মই ইবদিয়া আৰু চুন্তুখীক বিনয় কৰি আছোঁ, প্ৰভুত তেওঁলোক যেন এক মনৰ হয়।
3 Oo, ipinamamanhik ko rin naman sa iyo, tapat na kasama sa pagtulong, na iyong tulungan ang mga babaing ito, sapagka't sila'y nangagpagal na kasama ko sa evangelio, at kasama rin naman ni Clemente, at ng ibang aking mga kamanggagawa, na ang kanilang pangalan ay nangasa aklat ng buhay.
৩প্ৰকৃততে, মই আপোনালোককো নিবেদন কৰোঁ, হে মোৰ সৎ বন্ধু সকল, আপোনালোকে সেই ভনী দুজনীক সহায় কৰক; কিয়নো তেখেত সকলে ক্লীমেন্ত আৰু মোৰ সহকাৰী সকলৰ সৈতে শুভবাৰ্তাৰ বাবে মোৰ সহিত প্ৰাণপণ কৰিছিল; আৰু এই লোক সকলৰ নাম জীৱন পুস্তকত লিখা আছে৷
4 Mangagalak kayong lagi sa Panginoon: muli kong sasabihin, Mangagalak kayo.
৪আপোনালোকে প্ৰভুত সদায় আনন্দ কৰক; পুনৰায় কওঁ, আনন্দ কৰক।
5 Makilala nawa ang inyong kahinhinan ng lahat ng mga tao. Ang Panginoon ay malapit na.
৫আপোনালোকৰ ক্ষান্ত স্বভাৱ সকলো মানুহে জানক। প্ৰভু অহাৰ সময় ওচৰ।
6 Huwag kayong mangabalisa sa anomang bagay; kundi sa lahat ng mga bagay sa pamamagitan ng panalangin at daing na may pagpapasalamat ay ipakilala ninyo ang inyong mga kahilingan sa Dios.
৬আপোনালোকে একোলৈ চিন্তা নকৰিব, কিন্তু সকলো বিষয়তে আপোনালোকৰ যাচনা, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে সৈতে ঈশ্বৰৰ আগত জনোৱা হওক।
7 At ang kapayapaan ng Dios, na di masayod ng pagiisip, ay magiingat ng inyong mga puso at ng inyong mga pagiisip kay Cristo Jesus.
৭তাতে সকলো বুদ্ধিতকৈ উত্তম, যি ঈশ্বৰৰ শান্তি, সেয়ে খ্ৰীষ্ট যীচুত আপোনালোকৰ হৃদয় আৰু ভাবনাক পহৰা দিব।
8 Katapustapusan, mga kapatid, anomang bagay na katotohanan, anomang bagay na kagalanggalang, anomang bagay na matuwid, anomang bagay na malinis, anomang bagay na kaibigibig, anomang bagay na mabuting ulat; kung may anomang kagalingan, at kung may anomang kapurihan, ay isipin ninyo ang mga bagay na ito.
৮শেষতে, হে ভাই সকল, যি যি সত্য, আদৰণীয়, ন্যায়, শুদ্ধ, প্ৰেমময়, আৰু সুখ্যাতিযুক্ত যি কোনো সদগুণ আৰু যি কোনো প্ৰশংসাযুক্ত, সেইবোৰ বিষয় আলোচনা কৰক।
9 Ang mga bagay na inyong natutuhan at tinanggap at narinig at nakita sa akin, ang mga bagay na ito ang gawin ninyo: at ang Dios ng kapayapaan ay sasa inyo.
৯আপোনালোকে যি যি শিকিলে, গ্ৰহণ কৰিলে, শুনিলে আৰু মোক যেনে দেখিলে, তেনেদৰে সকলোৱে আচৰণ কৰক; তাতে শান্তিৰ আঁকৰ ঈশ্বৰ আপোনালোকৰ লগত থাকিব।
10 Datapuwa't ako'y totoong nagagalak sa Panginoon, na ngayon sa kahulihulihan ay inyong binuhay ang inyong pagmamalasakit sa akin; na dito'y katotohanang nangagkaroon kayo ng malasakit, nguni't kayo'y nagkulang ng mabuting pagkakataon.
১০মই প্ৰভুত অতিশয় আনন্দিত, কাৰণ মোৰ উপকাৰৰ অৰ্থে আপোনালোকৰ চিন্তা শেষত পুনৰজীৱিত হ’ল৷ যদিও আপোনালোকে আগতে চিন্তা কৰিছিল, কিন্তু তেতিয়া সহায় কৰিবলৈ কোনো সুবিধা পোৱা নাছিল।
11 Hindi sa sinasabi ko ang tungkol sa kailangan: sapagka't aking natutuhan ang masiyahan sa anomang kalagayang aking kinaroroonan.
১১নাটনিৰ বিষয়ে মই যে এই কথা কৈছোঁ, এনে নহয়; কিয়নো মই সকলো ধৰণৰ অৱস্থাতে সন্তুষ্ট হৈ থাকিবলৈ শিকিলোঁ।
12 Marunong akong magpakababa, at marunong naman akong magpakasagana: sa bawa't bagay at sa lahat ng bagay ay natutuhan ko ang lihim maging sa kabusugan, at maging sa kagutuman, at maging sa kasaganaan at maging sa kasalatan.
১২মই অভাৱৰ সময়ত থাকিবলৈ জানো আৰু প্ৰাচুৰ্যতাৰ সময়টো থাকিবলৈ জানো; সকলো বিষয়তে মই তৃপ্ত হ’বলৈ আৰু ক্ষুধিত হ’বলৈ, উপচয় ভোগ কৰিবলৈ আৰু অভাৱত থাকিবলৈ শিক্ষিত হ’লোঁ।
13 Lahat ng mga bagay ay aking magagawa doon sa nagpapalakas sa akin.
১৩মই খ্ৰীষ্টৰ দ্ৱাৰাই সকলো কাম সিদ্ধ কৰিব পাৰোঁ, কিয়নো তেওঁ মোক বলৱান কৰে।
14 Gayon man ay mabuti ang inyong ginawa na kayo'y nakiramay sa aking kapighatian.
১৪তথাপি আপোনালোক যে, মোৰ ক্লেশত সহভাগী হ’ল, সেই বিষয়ে বৰ ভাল কৰিলে।
15 At kayo mga taga Filipos, nalalaman naman ninyo, na nang pasimulan ang evangelio, nang ako'y umalis sa Macedonia, alin mang iglesia ay walang nakipagkaisa sa akin sa pagkakaloob at pagtanggap kundi kayo lamang;
১৫হে ফিলিপীয়া সকল, আপোনালোকে নিজেও জানে যে শুভবাৰ্তা প্ৰচাৰ কৰাৰ আৰম্ভণিতে যেতিয়া মই মাকিদনিয়াৰ পৰা প্ৰস্থান কৰিছিলোঁ, তেতিয়া কোনো মণ্ডলীয়ে দান দিয়া বা দান লোৱাৰ কথাত, মোৰ সহভাগী নহ’ল; কেৱল আপোনালোকেহে হৈছিল;
16 Sapagka't sa Tesalonica ay nagpadala kayong minsan at muli para sa aking kailangan.
১৬এনে কি, মই থিচলনীকীত থাকোঁতেও, আপোনালোকে এবাৰতকৈ বেছি মোৰ প্ৰয়োজনীয় উপকাৰ পঠিয়াইছিল।
17 Hindi sa ako'y naghahanap ng kaloob; kundi hinahanap ko ang bunga na dumadami sa ganang inyo.
১৭মই যে দান বিচাৰিছোঁ, সেয়ে নহয়, কিন্তু আপোনালোকৰ হিচাবত বহু লাভজনক ফল দেখিবলৈহে বিচাৰিছোঁ।
18 Datapuwa't mayroon ako ng lahat ng bagay, at sumasagana: ako'y busog, palibhasa'y tumanggap kay Epafrodito ng mga bagay na galing sa inyo, na isang samyo ng masarap na amoy, isang handog na kaayaaya, na lubhang nakalulugod sa Dios.
১৮সকলো বিষয়তে মোৰ প্ৰচুৰতা আছে৷ মই সম্পূর্ণ হ’লো৷ মই ইপাফ্ৰদীতৰ দ্ৱাৰাই আপোনালোকৰ পৰা উপহাৰবোৰ পালোঁ, সেয়া সুগন্ধৰ আঘ্ৰাণ স্বৰূপ আৰু ঈশ্বৰৰ গ্ৰাহ্য আৰু সন্তোষজনক যজ্ঞ স্বৰূপ৷
19 At pupunan ng aking Dios ang bawa't kailangan ninyo ayon sa kaniyang mga kayamanan sa kaluwalhatian kay Cristo Jesus.
১৯আৰু মোৰ ঈশ্বৰে আপোনালোকৰ সকলো অভাৱ, প্ৰতাপেৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীচুত পূৰ্ণ কৰিব।
20 Ngayon nawa'y suma ating Dios at Ama ang kaluwalhatian magpakailan man. Siya nawa. (aiōn )
২০এতিয়া আমাৰ পিতৃ ঈশ্বৰৰ মহিমা চিৰকাল হওক। আমেন। (aiōn )
21 Batiin ninyo ang bawa't banal kay Cristo Jesus. Binabati kayo ng mga kapatid na kasama ko.
২১খ্ৰীষ্ট যীচুত থকা সকলো পবিত্ৰ লোকক মঙ্গলবাদ দিব। মোৰ লগৰ ভাই সকলে আপোনালোকক মঙ্গলবাদ কৰিছে।
22 Binabati kayo ng lahat ng mga banal, lalong lalo na ng mga kasangbahay ni Cesar.
২২সকলো পবিত্ৰ লোকে, বিশেষকৈ চীজাৰৰ ঘৰৰ লোক সকলে আপোনালোকক মঙ্গলবাদ কৰিছে।
23 Ang biyaya ng Panginoong Jesucristo ay sumainyo nawang espiritu.
২৩প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ আত্মাৰ লগত থাকক।