< Psaltaren 97 >
1 HERREN är nu konung! Därför fröjde sig jorden; havsländerna glädje sig, så många som de äro.
১যিহোৱাই ৰজা; পৃথিৱীয়ে আনন্দ কৰক; দ্বীপ সমূহেও আনন্দ কৰক।
2 Moln och töcken omgiva honom, rättfärdighet och rätt äro hans trons fäste.
২তেওঁৰ চাৰিওফালে মেঘ আৰু ঘন অন্ধকাৰে ঘেৰি আছে; ধাৰ্মিকতা আৰু ন্যায় বিচাৰ তেওঁৰ সিংহাসনৰ ভিত্তিমূল।
3 Eld går framför honom och förbränner hans ovänner runt omkring.
৩অগ্নিয়ে তেওঁৰ আগে আগে গমন কৰে; চাৰিওফালে তেওঁৰ শত্ৰুবোৰক দগ্ধ কৰিছে।
4 Hans ljungeldar lysa upp jordens krets; jorden ser det och bävar.
৪তেওঁৰ বিজুলীৰ চমকে জগতখন আলোকময় হ’ল; তাকে দেখি পৃথিৱী কম্পমান হ’ল।
5 Bergen smälta såsom vax för HERREN, för hela jordens Herre.
৫পর্বতবোৰ মমৰ দৰে গলি গ’ল যিহোৱাৰ সন্মুখত, সমুদায় পৃথিৱীৰ সন্মুখত।
6 Himlarna förkunna hans rättfärdighet, och alla folk se hans ära.
৬আকাশমণ্ডলে তেওঁৰ ধাৰ্মিকতা প্রচাৰ কৰিছে, সকলো জাতিয়ে তেওঁৰ গৌৰৱ দেখিছে।
7 Alla de skola komma på skam, som dyrka beläten, de som berömma sig av avgudar. Alla gudar skola tillbedja honom.
৭লজ্জিত হওঁক সেইসকল, যিসকলে মূৰ্ত্তি পূজা কৰে; যিসকলে অসাৰ প্রতিমাত গর্ব কৰে; যিহোৱাৰ আগত সকলো দেৱতাই প্ৰণিপাত কৰক।
8 Sion hör det och gläder sig, och Juda döttrar fröjda sig för dina domars skull, HERRE.
৮হে যিহোৱা, তোমাৰ ন্যায় বিচাৰৰ কাৰণে চিয়োন আনন্দিত হৈছে, যিহূদাৰ জীয়ৰীসকল উল্লাসিত হৈছে।
9 Ty du, HERRE, är den Högste över hela jorden; du är högt upphöjd över alla gudar.
৯হে যিহোৱা, তুমি সমুদায় পৃথিৱীৰে সৰ্ব্বোপৰি জনা; সকলো দেৱতাৰ ওপৰত তোমাৰ স্থান।
10 I som älsken HERREN, haten det onda. Han bevarar sina frommas själar, ur de ogudaktigas hand räddar han dem.
১০যিসকলে দুষ্টতাক ঘিণ কৰে, যিহোৱাই তেওঁলোকক প্ৰেম কৰে; তেওঁ নিজৰ ভক্তসকলৰ প্ৰাণ ৰক্ষা কৰে, দুষ্টসকলৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰে।
11 Ljus är utsått för den rättfärdige och glädje för de rättsinniga.
১১ধাৰ্মিকৰ কাৰণে পোহৰ সিঁচি দিয়া হয়; সৰল অন্তৰৰ লোকৰ কাৰণে আনন্দ দিয়া হয়।
12 Glädjens, I rättfärdige, i HERREN, och prisen hans heliga namn.
১২হে ধাৰ্মিক লোকসকল, যিহোৱাত আনন্দ কৰা, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা।