< Jeremia 2 >
1 Och HERRENS ord kom till mig; han sade:
১যিহোৱাই আৰু এটি বাক্য মোক দিলে,
2 Gå åstad och predika för Jerusalem och säg: Så säger HERREN: Jag kommer ihåg, dig till godo, din ungdoms kärlek, huru du älskade mig under din brudtid, huru du följde mig i öknen, i landet där man intet sår.
২যেন, কাণে শুনাকৈ যিৰূচালেমৰ প্রতিজনলৈ এই কথা প্ৰচাৰ কৰা হয়। আৰু তেওঁ কৈছিল যে, মই যেন এই কথা তেওঁলোকক কওঁ: “মই, যিহোৱাৰ, অতি পুৰ্বে তুমি মোক মানি চলা আৰু আমাৰ অংগীকাৰত বিশ্বাস কৰা সেই সকলো কথা মোৰ মনত আছে। বাগ্দান কৰা কালত কন্যাই দৰাক কৰাৰ দৰে মোক আনন্দিত কৰিছিলা; তুমি মোক প্রেম কৰিছিলা, আৰু মৰুভূমিৰ মাজেৰে মোৰ পাছে পাছে তুমি গমন কৰিছিলা;
3 Ja, en HERRENS heliga egendom är Israel, förstlingen av hans skörd; alla som vilja äta därav ådraga sig skuld, olycka kommer över dem, säger HERREN.
৩সেই কালত তুমি ইস্রায়েল মোলৈ নিলগে আছিলা; শস্যৰ প্ৰথমে পকা ফলৰ গৰাকি হোৱাৰ দৰে তোমালোক মোৰ আছিলা। যিসকলে মোৰ লোকসকলক অনিষ্ট কৰিছিল, তেওঁলোকৰ প্রতি দণ্ডাজ্ঞা দিবলৈ আৰু দুৰ্যোগ পঠিয়াবলৈ মই প্রতিজ্ঞা কৰিছিলোঁ। মই, যিহোৱাই কৈছিলোঁ যে, এইবোৰ ঘটিব, ঠিক তেনেদৰেই এইবোৰ অমঙ্গল ঘটিব।”
4 Hören HERRENS ord, I av Jakobs hus, I alla släkter av Israels hus.
৪হে যাকোবৰ বংশ, হে ইস্রায়েলৰ আটাই লোকসকল,
5 Så säger HERREN: Vad orätt funno edra fäder hos mig, eftersom de gingo bort ifrån mig och följde efter fåfängliga avgudar och bedrevo fåfänglighet?
৫যিহোৱাই কি কৈছে, সেই বাক্য শুনা: “যিহোৱাই তোমালোকৰ পূৰ্বপুৰুষসকলে কি অন্যায় পালে, যে, তেওঁলোক মোৰ পৰা আঁতৰ হৈ গৈ, অসাৰৰ পাছত চলি অসাৰ হল?
6 De frågade icke: »Var är HERREN, han som förde oss upp ur Egyptens land, han som ledde oss i öknen, det öde och oländiga landet, torrhetens och dödsskuggans land, det land där ingen vägfarande färdades, och där ingen människa bodde?»
৬তেওঁলোকে নকলে, যে, যি জনাই মিচৰ দেশৰ পৰা আমাক উলিয়াই আনিছিল, যি জনাই মৰুভূমিৰ মাজেদি, বালুকাময় আৰু গুহাময় দেশৰ মাজেদি, খৰাং আৰু মৃত্যুচ্ছায়াস্বৰূপ দেশৰ মাজেদি পথিক নচলা আৰু নিবাসী নথকা দেশৰ মাজেদি আমাক লৈ আহিছিল, সেই যিহোৱা ক’ত?
7 Och jag förde eder in i det bördiga landet, och I fingen äta av dess frukt och dess goda. Men när I haden kommit ditin, orenaden I mitt land och gjorden min arvedel till en styggelse.
৭মই তোমালোকক এখন উদ্যানময় দেশলৈ, তাৰ ফল আৰু উত্তম উত্তম বস্তু ভোজন কৰিবলৈ আনিছিলোঁ, কিন্তু যেতিয়া তোমালোকে সোমালা, তেতিয়া তোমালোকে মোৰ দেশ অশুচি কৰিলা আৰু মোৰ আধিপত্য ঘিণলগীয়া কৰিলা।
8 Prästerna frågade icke: »Var är HERREN?» De som hade lagen om händer ville icke veta av mig, och herdarna avföllo från mig; profeterna profeterade i Baals namn och följde efter sådana som icke kunde hjälpa.
৮‘এতিয়া যিহোৱা ক’ত’ বুলি তোমালোকৰ পুৰোহিতসকলে নক’লে, আৰু ব্যৱস্থাত পাৰ্গতলোকে মোক নাজানিলে, আৰু তোমালোককৰ পালকসকলেও মোৰ বিৰুদ্ধে অধৰ্ম-আচৰণ কৰিলে, আৰু ভাববাদীসকলেও বালৰ নামেৰে ভাববাণী প্ৰচাৰ কৰিলে আৰু অনুপকাৰী বস্তুৰ পাছত চলিলে।”
9 Därför skall jag än vidare gå till rätta med eder, säger HERREN, ja, ännu med edra barnbarn skall jag gå till rätta.
৯এই হেতুকে, যিহোৱাই কৈছে, মই তোমালোকৰ লগত আৰু প্ৰতিবাদ কৰিম, আৰু তোমালোকৰ পো-নাতিসকলৰ সৈতেও প্ৰতিবাদ কৰিম।
10 Dragen bort till kittéernas öländer och sen efter, sänden bud till Kedar och forsken noga efter; sen till, om något sådant där har skett.
১০কিয়নো, তোমালোকে কিত্তীম দ্বীপবোৰলৈ পাৰ হৈ গৈ চোৱা, আৰু কেদৰলৈ মানুহ পঠোৱা, তাত এনেকুৱা কথা কৈছে নে নাই তাক চোৱা ভালকৈ বিবেচনা কৰা, তেওঁলোকৰ দেশৰ কোনো লোকে এনে কাম কৰা নাই, যিবিলাক তোমালোকৰ লোকসকলে কৰিলে!
11 Har väl något hednafolk bytt bort sina gudar? Och dock äro dessa inga gudar. Men mitt folk har bytt bort sin ära mot en avgud som icke kan hjälpa.
১১যিবোৰ ঈশ্বৰ নহয়, এনে দেৱতাবোৰক কোনো এক জাতিয়ে জানো সলনি কৰিছিল? কিন্তু মোৰ প্ৰজাসকলে উপকাৰ নকৰা বস্তুৰ লগত নিজৰ গৌৰৱ সলনি কৰিলে।
12 Häpnen häröver, I himlar; förskräckens och bäven storligen, säger HERREN.
১২যিহোৱাই কৈছে, হে আকাশ-মণ্ডল, ইয়াত বিস্ময় মানা, ভয়ত নোম শিয়ৰোৱা, অতিশয় তধা লগা।
13 Ty mitt folk har begått en dubbel synd: mig hava de övergivit, en källa med friskt vatten, och de hava gjort sig brunnar, usla brunnar, som icke hålla vatten.
১৩কিয়নো মোৰ প্ৰজাসকলে দুটা দোষ কৰিলে; তেওঁলোকে জীৱন্ত জলৰ ভুমুকস্বৰূপ মোক ত্যাগ কৰিলে, আৰু তেওঁলোকে নিজৰ কাৰণে জলাধাৰ, পানী ৰাখিব নোৱাৰা ভগা জলাধাৰ খানিলে।
14 Är väl Israel en träl eller en hemfödd slav, eftersom han så har lämnats till plundring?
১৪ইস্ৰায়েল জানো বন্দী? বা তেওঁলোক জানো ঘৰ-ওপজা বন্দী?
15 Lejon ryta mot honom, de låta höra sitt skri. De göra hans land till en ödemark, hans städer brännas upp, så att ingen kan bo i dem.
১৫তেন্তে তেওঁলোকে কিয় লুটদ্ৰব্য হৈছে? ডেকা সিংহবোৰে তাৰ ওপৰত গৰ্জ্জিছে, গৰ্জ্জন কৰিছে; সিহঁতে তাৰ দেশ উচ্ছন্ন কৰিলে। তাৰ নগৰবোৰ দগ্ধ হৈ নিবাসীহীন হৈছে।
16 Till och med Nofs och Tapanhes' barn avbeta dina berg.
১৬নোফৰ আৰু তহ্পন্হেচৰ সন্তান সকলেও তোমালোকৰ মূৰৰ তালু টকলা কৰিলে।
17 Men är det ej du själv som vållar dig detta, därmed att du övergiver HERREN din Gud, när han vill leda dig på den rätta vägen?
১৭তোমাৰ ঈশ্বৰে তোমাক পথেদি লৈ যোৱা সময়ত তোমাৰ ঈশ্বৰ যিহোৱাক তুমি পৰিত্যাগ কৰাত, তুমি জানো নিজে নিজক ইয়াক ঘটোৱা নাই?
18 Varför vill du nu gå till Egypten och dricka av Sihors vatten? Och varför vill du gå till Assyrien och dricka av flodens vatten?
১৮আৰু এতিয়া চীহোৰৰ জল পান কৰিবলৈ মিচৰৰ বাটত তোমাৰ কি কাম আছে? আৰু ফৰাৎ নদীৰ জল পান কৰিবলৈ অচুৰৰ বাটত তোমাৰ কি কাম আছে?
19 Det är din ondska som bereder dig tuktan, det är din avfällighet som ådrager dig straff. Märk därför och besinna vilken olycka och sorg det har med sig att du övergiver HERREN, din Gud, och icke vill frukta mig, säger Herren, HERREN Sebaot.
১৯তোমাৰ নিজ দুষ্টতাই তোমাক শাস্তি দিব, আৰু তোমাৰ অপথে যোৱাই তোমাক ধমকি দিব। এই হেতুকে তুমি ঈশ্বৰ যিহোৱাক ত্যাগ কৰা আৰু অন্তৰত মোৰ ভয় নৰখা যে বেয়া আৰু তিতা, ইয়াক জ্ঞাত হৈ বুজা, এয়ে প্ৰভু বাহিনীসকলৰ যিহোৱাৰ বচন।
20 Ty för länge sedan bröt du sönder ditt ok och slet av dina band och sade: »Jag vill ej tjäna.» Och på alla höga kullar och under alla gröna träd lade du dig ned för att öva otukt.
২০কিয়নো বহুকাল হ’ল, তুমি তোমাৰ যুৱলি ভাঙিলা; আৰু যোঁত-জৰী চিঙি ক’লা, “মই পৰাধীন নহম,” কাৰণ তুমি প্ৰত্যেক ওখ পৰ্ব্বতত, আৰু কেঁচাপতীয়া গছৰ তলত মূৰ দোৱাই বেশ্যাকৰ্ম কৰিলা।
21 Jag hade ju planterat dig såsom ett ädelt vinträd av alltigenom äkta art; huru har du då kunnat förvandlas för mig till vilda rankor av ett främmande vinträd?
২১তথাপি মই তোমাক উত্তম দ্ৰাক্ষালতা বুলি, সকলোভাবে প্ৰকৃত গুটি বুলি ৰুইছিলোঁ; তেন্তে তুমি কেনেকৈ মোৰ গুৰিত বিজাতীয় দ্ৰাক্ষালতাৰ নৰম ডালত পৰিবৰ্ত্তন হলা?
22 Ja, om du ock tvår dig med lutsalt och tager än så mycken såpa, så förbliver dock din missgärning oren inför mig, säger Herren, HERREN.
২২কিয়নো যদিও খাৰেৰে নিজৰ গা ধোৱা, আৰু অনেক চাবোন লগোৱা, তথাপি মোৰ দৃষ্টিত তোমাৰ অপৰাধ দাগস্বৰূপ হৈ থাকিব, এয়েই সত্য, কিয়নো ইয়াক প্ৰভু যিহোৱাই কৈছে।
23 Huru kan du säga: »Jag har ej orenat mig, jag har icke följt efter Baalerna»? Besinna vad du har bedrivit i dalen, ja, betänk vad du har gjort. Du är lik ett ystert kamelsto, som löper hit och dit.
২৩তুমি কেনেকৈ কব পৰা, যে, মই অশুচি নহওঁ, বালদেৱতাবোৰৰ পাছত চলা নাই? উপত্যকাত কৰা তোমাৰ আচাৰ-ব্যৱহাৰ চোৱা, তুমি কি কৰিলা, তাক জ্ঞাত হোৱা; তুমি তোমাৰ পথত পকোৱা-পকিকৈ ভ্ৰমি ফুৰোঁতা এজনী বেগীউটৰ নিচিনা।
24 Du är lik en vildåsna, fostrad i öknen, en som flåsar i sin brunst, och vars brånad ingen kan stävja; om någon vill till henne, behöver han ej löpa sig trött; när hennes månad kommer, träffar man henne.
২৪তুমি নিজ অভিলাষত বায়ু সুঙি ফুৰা অৰণ্যত অভ্যাস হোৱা এজনী বনৰীয়া গাধৰ নিচিনা; তাই কামাতুৰ হোৱা সময়ত কোনে তাইক ওলোটাব পাৰে? তাইলৈ অভিলাষ কৰি বিচৰাবোৰে ভাগৰ নাপাব, তাইৰ নিয়মিত মাহত তাইক পাব।
25 Akta din fot, så att den icke tappar skon, och din strupe, så att den ej bliver torr av törst. Men du svarar: »Du mödar dig förgäves. Nej, jag älskar de främmande, och efter dem vill jag följa.»
২৫তুমি তোমাৰ ভৰি পইজাৰ নোহোৱা হবলৈ, আৰু ডিঙিৰ নলী শুকান হবলৈ নিদিবা। কিন্তু তুমি কৈছা, “ইয়াত আশা নাই, সমূলি নাই; কিয়নো মই বিদেশীসকলক প্ৰেম কৰোঁ, তেওঁলোকৰেই পাছত চলিম!”
26 Såsom tjuven står där med skam, när han ertappas, så skall Israels hus komma på skam, med sina konungar, och furstar, med sina präster och profeter,
২৬চোৰ ধৰা পৰিলে যেনেকৈ সি লাজত পৰে, তেনেকৈ ইস্ৰায়েল বংশই লাজ পাইছে। তেওঁলোক, তেওঁলোকৰ ৰজা, অধ্যক্ষ, পুৰোহিত আৰু ভাববাদীসকলে লাজ পাইছে।
27 dessa som säga till trästycket: »Du är min fader», och säga till stenen: »Du har fött mig.» Ty de vända ryggen till mig och icke ansiktet; men när olycka är på färde, ropa de: »Upp och fräls oss!»
২৭তেওঁবিলাক প্ৰতিজনে এডোখৰ কাঠক, ‘তুমি মোৰ পিতৃ!’ এইবুলি, আৰু এটা শিলক, তুমি মোক উৎপন্ন কৰিলা ‘তুমি মোৰ মাতৃ!’ এইবুলি কয়; কিয়নো তেওঁলোকে মোৰ ফালে মূৰ নকৰি পিঠিহে দিলে; কিন্তু আপদৰ দিনত তেওঁলোকে কব, তুমি উঠি আমাক উদ্ধাৰ কৰা!
28 Var äro då dina gudar, de som du gjorde åt dig? Må de stå upp. Kunna de frälsa dig i din olyckas tid? Ty så många som dina städer äro, så många hava dina gudar blivit, du Juda.
২৮তুমি নিজৰ কাৰণে যি দেৱতাবোৰ সাজিলা, তোমাৰ সেই দেৱতাবোৰ ক’ত? সেইবোৰেই উঠি, যদি পাৰে, তেন্তে আপদৰ সময়ত তোমাক নিস্তাৰ কৰক; কিয়নো হে যিহূদা, তোমাৰ যিমান নগৰ, সিমান তোমাৰ দেৱতা আছে।
29 Huru kunnen I gå till rätta med mig? I haven ju alla avfallit från mig, säger HERREN.
২৯যিহোৱাই কৈছে, তোমালোকে কিয় মোৰ লগত প্ৰতিবাদ কৰিছা? তোমালোক সকলোৱেই মোলৈ বিদ্রোহ আচৰণ কৰিছা?
30 Förgäves har jag slagit edra barn; de hava icke velat taga emot tuktan. Edert svärd har förtärt edra profeter, såsom vore det ett förhärjande lejon.
৩০মই তোমালোকৰ সন্তান সকলক বৃথা প্ৰহাৰ কৰিলোঁ; তেওঁলোকে শাস্তি নুবুজিলে; বৰং তোমালোকৰ নিজৰ তৰোৱালেই বিনাশক সিংহৰ দৰেই তোমালোকৰ ভাববাদীসকলক গ্ৰাস কৰিলে।
31 Du onda släkte, giv akt på HERRENS ord. Har jag då för Israel varit en öken eller ett mörkrets land, eftersom mitt folk säger: »Vi hava gjort oss fria, vi vilja ej mer komma till dig»?
৩১তেন্তে হে বৰ্ত্তমান কালৰ লোকসকল, তোমালোকে যিহোৱাৰ বাক্য আলোচনা কৰা। ইস্ৰায়েলৰ পক্ষে মই জানো অৰণ্য বা অন্ধকাৰময় দেশস্বৰূপ? তেন্তে মোৰ প্ৰজাসকলে কিয় কয় যে, আমি মুকলি হ’লো, আমি তোমাৰ ওচৰলৈ আৰু নাযাওঁ?’
32 Icke förgäter en jungfru sina smycken eller en brud sin gördel? Men mitt folk har förgätit mig sedan urminnes tid.
৩২যুৱতীয়ে জানো নিজৰ অলঙ্কাৰ বা কন্যাই জানো নিজৰ পিন্ধা সাজ পাহৰিব পাৰে? কিন্তু মোৰ প্ৰজাসকলে অসংখ্য দিন মোক পাহৰি আছে।
33 Huru skickligt går du icke till väga, när du söker älskog! Därför har du ock blivit förfaren på det ondas vägar.
৩৩তুমি প্ৰেম বিচাৰিবলৈ কেনে সুন্দৰৰূপে নিজ পথ যুগুত কৰিছা। এই কাৰণে দুষ্ট স্ত্রীসকলকো তুমি নিজ পথ শিকালা।
34 Ja, på dina mantelflikar finner man blod av arma och oskyldiga, som du har dödat, icke därför att de ertappades vid inbrott, nej, därför att din håg står till allt sådant.
৩৪তোমাৰ বস্ত্ৰৰ আঁচলতে নিৰ্দ্দোষী দৰিদ্ৰ প্ৰাণীবোৰৰ তেজ পোৱা গৈছে; মই বৰকৈ বিচাৰি বিচাৰি যে তাক পালোঁ, এনে নহয়, কিন্তু সেই সকলোৰে ওপৰত তাক পালোঁ।
35 Och dock säger du: »Jag går fri ifrån straff; hans vrede mot mig har förvisso upphört.» Nej, jag vill gå till rätta med dig, om du än säger: »Jag har icke syndat.»
৩৫তথপি তুমি কৈছা, মই নিৰ্দ্দোষী, অৱশ্যে মোৰ পৰা তেওঁৰ ক্ৰোধ ঘূৰিল। চোৱা, মই পাপ কৰা নাই, তুমি এই কথা কোৱাৰ কাৰণে, মই তোমাৰে সৈতে বিচাৰস্থানত সোমাম।
36 Varför har du nu så brått att vandra åstad på en annan väg? Också med Egypten skall du komma på skam, likasom du kom på skam med Assyrien.
৩৬তুমি তোমাৰ পথ সলনি কৰিবৰ মনেৰে কিয় ইমানকৈ ভ্ৰমণ কৰিছা? তুমি অচুৰৰ পৰা যেনেকৈ লাজ পাইছিলা, তেনেকৈ মিচৰৰ পৰাও লাজ পাবা।
37 Också därifrån skall du få gå din väg, med händerna på huvudet. Ty HERREN förkastar dem som du förlitar dig på, och du skall icke bliva lyckosam med dem.
৩৭অৱশ্যে তাৰ ওচৰৰ পৰাও মূৰত হাত দি গুচি যাবা; কিয়নো যিহোৱাই তোমাৰ আশ্ৰয়স্থানবোৰ অগ্ৰাহ্য কৰিলে; সেইবোৰত তোমাৰ কুশল নহব।”