< Amos 7 >
1 Följande syn lät Herren, HERREN mig se; Jag såg gräshoppor skapas, när sommargräset begynte växa upp; och det var sommargräset efter kungsslåttern.
১প্ৰভু যিহোৱাই মোক এই দর্শন দেখুৱালে: “চোৱা, যেতিয়া দ্বিতীয়বাৰ শস্য বাঢ়িবলৈ আৰম্ভ কৰিলে, সেই সময়ত তেওঁ কাকতি ফৰিংবোৰ সৃষ্টি কৰিছিল। ৰজাই প্রথম শস্য দোৱাৰ পাছত এইটো আছিল দ্বিতীয় শস্যৰ খেতি।
2 När så dessa hade ätit upp alla markens örter, sade jag: »Herre, HERRE, förlåt. Huru skall Jakob kunna bestå, han som är så ringa?»
২সেই কাকতি ফৰিংবোৰে যেতিয়া দেশৰ সকলো সেউজীয়া শাক-পাচলি খাই শেষ কৰি পেলাইছিল, তেতিয়া মই মিনতি কৰিলোঁ, “হে প্ৰভু যিহোৱা, অনুগ্রহ কৰি ক্ষমা কৰক; যাকোব নো কেনেকৈ জীয়াই থাকিব? তেওঁ যে অতি সৰু।”
3 Då ångrade HERREN detta. »Det skall icke ske», sade HERREN.
৩তেতিয়া যিহোৱাই এই বিষয়ত মন সলনি কৰি ক’লে, “এইদৰে নঘটিব।”
4 Följande syn lät Herren, HERREN mig se: Jag såg Herren, HERREN nalkas för att utföra sin sak genom eld; och elden förtärde det stora djupet och höll på att förtära arvedelslandet.
৪প্ৰভু যিহোৱাই মোক এইদৰে দর্শন দিলে: যিহোৱা ঈশ্বৰে বিচাৰৰ অর্থে অগ্নিক মাতিলে। সেই অগ্নিয়ে মহাসমুদ্রক শুকুৱাই পেলালে আৰু ভূমিকো গ্ৰাস কৰিবলৈ ধৰিলে।
5 Då sade jag: »Herre, HERRE, håll upp. Huru skall Jakob kunna bestå, han som är så ringa?»
৫তেতিয়া মই কলোঁ, “হে প্ৰভু যিহোৱা, “মই অনুৰোধ কৰিছোঁ, আপুনি ক্ষান্ত হওঁক, যাকোব নো কেনেকৈ জীয়াই থাকিব? তেওঁ যে অতি সৰু।”
6 Då ångrade HERREN detta. »Icke heller detta skall ske», sade Herren, HERREN.
৬তেতিয়া যিহোৱাই এই বিষয়ত মন সলনি কৰি ক’লে, “এইদৰে নঘটিব।”
7 Följande syn lät han mig se: Jag såg Herren stå på en mur, uppförd efter sänklod, och i sin hand höll han ett sänklod.
৭তেওঁ মোক পুনৰ এটা দর্শন দিলে: প্ৰভুৱে এডাল ওলোম-জৰী হাতত লৈ, ওলোমৰ জোখ লৈ তৈয়াৰ কৰা এটা দেৱালৰ ওচৰত থিয় হৈ আছিল।
8 Och HERREN sade till mig: »Vad ser du, Amos?» Jag svarade: »Ett sänklod.» Då sade Herren: »Se, jag skall hänga upp ett sänklod mitt ibland mitt folk Israel; jag kan icke vidare tillgiva dem.
৮যিহোৱাই মোক ক’লে, “হে আমোচ, তুমি কি দেখিছা?” তেতিয়া মই কলোঁ, “এডাল ওলোম জৰী দেখিছোঁ।” তেতিয়া প্ৰভুৱে ক’লে, “চোৱা, মই মোৰ প্ৰজা ইস্ৰায়েলৰ মাজত এডাল ওলোম-জৰী ৰাখিছো।” তেওঁলোকক মই আৰু কেতিয়াও ক্ষমা নকৰিম।
9 Isaks offerhöjder skola bliva ödelagda och Israels helgedomar förstörda, och mot Jerobeams hus skall jag uppresa mig med svärdet.»
৯ইচহাকৰ বংশৰ ওখ ঠাইৰ মঠবোৰ ধ্বংস হ’ব আৰু ইস্রায়েলৰ পূণ্যধামবোৰ উচ্ছন্ন হ’ব; মই তৰোৱাল লৈ যাৰবিয়ামৰ বংশৰ বিৰুদ্ধে উঠিম।”
10 Men Amasja, prästen i Betel, sände till Jerobeam, Israels konung, och lät säga: »Amos förehar en sammansvärjning mot dig, mitt i Israels hus. Landet kan icke härda ut med allt hans ordande.
১০তাৰ পাছত বৈৎএলৰ পুৰোহিত অমচিয়াই ইস্ৰায়েলৰ ৰজা যাৰবিয়ামৰ ওচৰলৈ এই খবৰ কৈ পঠালে: “ইস্ৰায়েলৰ বংশৰ মাজত আপোনাৰ বিৰুদ্ধে আমোচে চক্ৰান্ত কৰিছে; দেশৰ লোকসকলে তেওঁৰ কোনো কথা সহিব পৰা নাই।
11 Ty så har Amos sagt: 'Jerobeam skall dö för svärd, och Israel skall föras bort i fångenskap ur sitt land.'»
১১আমোচে এই কথা কৈছে: ‘যাৰবিয়াম তৰোৱালৰ আঘাতৰ দ্বাৰাই মৃত্যু হ’ব; ইস্ৰায়েলে অৱশ্যেই নিজ দেশৰ পৰা বন্দী হৈ আন দেশলৈ যাব লাগিব’।”
12 Och Amasja sade till Amos: »Du siare, gå din väg och sök din tillflykt i Juda land; där må du äta ditt bröd, och där må du profetera.
১২অমচিয়াই আমোচক ক’লে, “হে ভাৱবাদী, যোৱা! তুমি ইয়াৰ পৰা যিহূদা দেশলৈ গুচি যোৱা। তাতেই ভাৱবাদী হিচাবে জীৱিকা উলিওৱা আৰু তাতেই ভাৱবাণী প্ৰচাৰ কৰা।
13 Men i Betel får du icke vidare profetera, ty det är en konungslig helgedom och ett rikets tempel.»
১৩কিন্তু বৈৎএলত হলে পুনৰ ভাৱবাণী প্ৰচাৰ নকৰিবা; কিয়নো এই ঠাই ৰজাৰ পুণ্যধাম আৰু এক ৰাজকীয় মন্দিৰ।”
14 Då svarade Amos och sade till Amasja: »Jag är varken en profet eller en profetlärljunge, jag är en boskapsherde, som lever av mullbärsfikon.
১৪তেতিয়া আমোচে উত্তৰ দি অমচিয়াক ক’লে, “মই ভাববাদীও নহওঁ নাইবা ভাববাদীৰ শিষ্যও নহওঁ। মই এজন পশু-ৰখীয়া আৰু ডিমৰু গছবোৰৰ ফল সংগ্ৰহ কৰোঁতা আছিলোঁ।
15 Men HERREN tog mig från hjorden; HERREN sade till mig: 'Gå åstad och profetera för mitt folk Israel.'
১৫যিহোৱাই মোক মেৰ-ছাগৰ জাক চৰোৱা কার্যৰ পৰা আনি মোক ক’লে, ‘তুমি যোৱা আৰু মোৰ ইস্ৰায়েলৰ লোকসকলৰ আগত গৈ ভাৱবাণী প্ৰচাৰ কৰা’।
16 Så hör nu HERRENS ord. Du säger: 'Profetera icke mot Israel och predika icke mot Isaks hus.'
১৬তেনেহ’লে এতিয়া আপুনি যিহোৱাৰ বাক্য শুনক; আপুনি কৈছে, ‘ইস্ৰায়েলৰ বিৰুদ্ধে ভাৱবাণী প্ৰচাৰ নকৰিবা আৰু ইচহাকৰ বংশৰ বিৰুদ্ধেও প্রচাৰ নকৰিবা।’
17 Därför säger HERREN så: Din hustru skall bliva en sköka i staden, dina söner och döttrar skola falla för svärd, ditt land skall bliva utskiftat med mätsnöre, själv skall du dö i ett orent land, och Israel skall föras bort i fångenskap ur sitt land.»
১৭সেইবাবে যিহোৱাই এই কথা কৈছে: ‘তোমাৰ ভার্যা নগৰখনৰ মাজত বেশ্যা হ’ব, তোমাৰ ল’ৰা-ছোৱালী তৰোৱালৰ দ্বাৰাই পতিত হ’ব, তোমাৰ মাটি জুখি জুখি আনৰ মাজত ভগাই দিয়া হ’ব; তুমি নিজেও এক অশুচি দেশত মৰিবা, ইস্ৰায়েলক নিজ দেশৰ পৰা দেশান্তৰিত হ’ব’।”