< 1 Johannesbrevet 4 >
1 Mina älskade, tron icke var och en ande, utan pröven andarna, huruvida de äro av Gud; ty många falska profeter hava gått ut i världen.
১হে প্ৰিয়সকল, অাপোনালোকে সকলো আত্মাত বিশ্বাস নকৰিব; কিন্তু সেই আত্মা ঈশ্বৰৰ হয় নে নহয়, সেই বিষয়ে জানিবৰ বাবে আত্মাবোৰ পৰীক্ষা কৰি চাব; কাৰণ জগতত বহুত ভুৱা ভাববাদী ওলাল।
2 Därpå skolen I känna igen Guds Ande: var och en ande som bekänner att Jesus är Kristus, kommen i köttet, han är av Gud;
২অাপোনালোকে ঈশ্বৰৰ আত্মাক এনেদৰে জানিব পাৰিব, যীচু খ্ৰীষ্ট যে মাংসত আহিল, এই কথা যিবোৰ আত্মাই স্বীকাৰ কৰে, সেই আত্মা ঈশ্বৰৰ;
3 men var och en ande som icke så bekänner Jesus, han är icke av Gud. Den anden är Antikrists ande, om vilken I haven hört att den skulle komma, och som redan nu är i världen.
৩আৰু যি আত্মাই যীচুক স্বীকাৰ নকৰে, সেইবোৰ ঈশ্বৰৰ নহয়; সেয়ে খ্ৰীষ্টৰ শত্ৰুৰ আত্মা৷ এই বিষয়ে আপোনালোকে শুনিছে, এইবোৰ ইতিমধ্যে জগতত এতিয়া উপস্থিত হৈ আছে।
4 I, kära barn, I ären av Gud och haven övervunnit dessa; ty han som är i eder är större än den som är i världen.
৪হে প্ৰিয় সন্তানসকল, অাপোনালোক হ’ল ঈশ্বৰৰ আৰু অাপোনালোকে সেই আত্মা বোৰৰ ওপৰত জয় কৰিলে; কিয়নো জগতত থকা জনতকৈ আপোনালোকত থকা জন মহান।
5 De äro av världen; därför tala de vad som är av världen, och världen lyssnar till dem.
৫এই আত্মাবোৰ জগতৰ; এই কাৰণে জগতৰ কথাহে কয় আৰু জগতৰ লোক সকলেও এইবোৰৰ কথা শুনে।
6 Vi åter äro av Gud. Den som känner Gud, han lyssnar till oss; den som icke är av Gud, han lyssnar icke till oss. Härpå känna vi igen sanningens Ande och villfarelsens ande.
৬আমি হ’লে ঈশ্বৰৰ লোক; যিজনে ঈশ্বৰক জানে, তেওঁ আমাৰ কথা শুনে; যিজন ঈশ্বৰৰ নহয়, তেওঁ আমাৰ কথা নুশুনে৷ ইয়াৰ দ্বাৰাই আমি সত্যৰ আত্মা আৰু ভ্ৰান্তিৰ আত্মাক জানিব পাৰোঁ।
7 Mina älskade, låtom oss älska varandra; ty kärleken är av Gud, och var och en som älskar, han är född av Gud och känner Gud.
৭হে প্ৰিয় লোকসকল আহক, আমি পৰস্পৰে প্ৰেম কৰোঁহক; কিয়নো প্ৰেম ঈশ্বৰৰ পৰা হয়৷ যি কোনোৱে প্ৰেম কৰে, তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা আৰু তেওঁ ঈশ্বৰক জানে।
8 Den som icke älskar, han har icke lärt känna Gud, ty Gud är kärleken.
৮যিজনে প্ৰেম নকৰে, তেওঁ ঈশ্বৰক নাজানে; কিয়নো ঈশ্বৰেই প্ৰেম।
9 Därigenom har Guds kärlek blivit uppenbarad bland oss, att Gud har sänt sin enfödde Son i världen, för att vi skola leva genom honom.
৯ঈশ্বৰৰ একমাত্ৰ পুত্ৰৰ দ্বাৰাই আমি জীৱন লাভ কৰিবলৈ ঈশ্বৰে যে, তেওঁক জগতলৈ পঠালে, ইয়াতে আমাৰ বাবে ঈশ্বৰৰ প্ৰেম প্ৰকাশিত হ’ল৷
10 Icke däri består kärleken, att vi hava älskat Gud, utan däri, att han har älskat oss och sänt sin Son till försoning för våra synder.
১০ঈশ্বৰক যে আমি প্ৰেম কৰিলোঁ, এনে নহয়; কিন্তু তেওঁহে আমাক প্ৰেম কৰিলে আৰু আমাৰ পাপৰ প্ৰায়শ্চিত্ত হ’বলৈ নিজ পুত্ৰক পঠাই দিলে, ইয়াতেই প্ৰেম আছে।
11 Mina älskade, om Gud så har älskat oss, då äro ock vi pliktiga att älska varandra.
১১হে প্ৰিয়সকল, ঈশ্বৰে আমাক যদি এনে প্ৰেম কৰিলে, তেনেহলে আমিও পৰস্পৰে প্ৰেম কৰা উচিত।
12 Ingen har någonsin sett Gud. Om vi älska varandra, så förbliver Gud i oss, och hans kärlek är fullkomnad i oss.
১২ঈশ্বৰক কোনেও কেতিয়াও দেখা নাই; আমি যদি পৰস্পৰে প্ৰেম কৰোঁ, তেনেহলে ঈশ্বৰ আমাৰ লগত থাকে আৰু তেওঁৰ প্ৰেম আমাৰ মাজত সিদ্ধ হয়।
13 Därav att han har givit oss av sin Ande veta vi att vi förbliva i honom, och att han förbliver i oss.
১৩আমি জানোঁ যে, তেওঁ আমাৰ মাজত আছে; আৰু আমিও তেওঁৰ লগত আছোঁ৷ এই বিষয়ে আমি জানো, কাৰণ ঈশ্বৰে তেওঁৰ আত্মাক আমাৰ বাবে দান কৰিলে৷
14 Och vi hava själva sett, och vi vittna om att Fadern har sänt sin Son till att vara världens Frälsare.
১৪আমি দেখিছোঁ আৰু সাক্ষ্য দিছোঁ যে, পিতৃয়ে জগতৰ ত্ৰাণকৰ্তা হ’বলৈ তেওঁৰ পুত্ৰক পঠাই দিলে৷
15 Den som bekänner att Jesus är Guds Son, i honom förbliver Gud, och han själv förbliver i Gud.
১৫যীচু যে ঈশ্বৰৰ পুত্ৰ; ইয়াক যিজনে স্বীকাৰ কৰে, ঈশ্বৰ তেওঁত থাকে আৰু তেৱোঁ ঈশ্বৰত থাকে।
16 Och vi hava lärt känna den kärlek som Gud har i oss, och vi hava kommit till tro på den. Gud är kärleken, och den som förbliver i kärleken, han förbliver i Gud, och Gud förbliver i honom.
১৬আমালৈ ঈশ্বৰৰ প্ৰেম আছে, এই কথা আমি জানোঁ আৰু বিশ্বাসো কৰোঁ। ঈশ্বৰ প্ৰেম আৰু যি জন প্ৰেমত থাকে, তেওঁ ঈশ্বৰত থাকে আৰু ঈশ্বৰো তেওঁত থাকে।
17 Därigenom är kärleken fullkomnad hos oss, att vi hava frimodighet i fråga om domens dag; ty sådan Han är, sådana äro ock vi i denna världen.
১৭এই প্ৰেমে আমাৰ ক্ষেত্ৰত এনেদৰে পূর্ণতা পালে যে, আমি সোধ-বিচাৰৰ দিনা আত্মবিশ্ৱাসীহৈ থিয় হব পাৰিম; কিয়নো তেওঁ যেনেকুৱা, আমিও এই জগতত তেনেকুৱাই আছোঁ।
18 Räddhåga finnes icke i kärleken, utan fullkomlig kärlek driver ut räddhågan, ty i räddhågan ligger tanke på straff, och den som rädes är icke fullkomnad i kärleken.
১৮প্ৰেমত ভয় নাই, কিন্তু সিদ্ধ প্ৰেমে ভয়ক দূৰ কৰে; কাৰণ ভয়ৰ সৈতে শাস্তি জড়িত থাকে৷ কিন্তু যি জনে ভয় কৰে, তেওঁ প্ৰেমত সিদ্ধতা লাভ কৰা নাই৷
19 Vi älska, därför att han först har älskat oss.
১৯আমি প্ৰেম কৰোঁ, কাৰণ তেৱেঁই প্ৰথমে আমাক প্ৰেম কৰিলে৷
20 Om någon säger sig älska Gud och hatar sin broder, så är han en lögnare. Ty den som icke älskar sin broder, som han har sett, han kan icke älska Gud, som han icke har sett.
২০কোনোৱে যদি কয়, ‘মই ঈশ্বৰক প্ৰেম কৰোঁ’, কিন্তু তেওঁ যদি নিজ ভাইক ঘৃণা কৰে, তেনেহলে তেওঁ মিছলীয়া; কিয়নো ভাইক যদি তেওঁ দেখিও প্ৰেম কৰা নাই, তেনেহলে যি জনক দেখা নাই, এনে ঈশ্বৰক তেওঁ প্ৰেম কৰিব নোৱাৰে।
21 Och det budet hava vi från honom, att den som älskar Gud, han skall ock älska sin broder.
২১যিজনে ঈশ্বৰক প্ৰেম কৰে, তেওঁ আপোন ভাইকো প্ৰেম কৰক; এই আজ্ঞা আমি তেওঁৰ পৰা পালোঁ।