< 1 Korinthierbrevet 2 >
1 När jag kom till eder, mina bröder, var det också icke med höga ord eller hög visdom som jag kom och frambar för eder Guds vittnesbörd.
১হে প্রিয় ভাই আৰু ভনী সকল, যেতিয়া মই আপোনালোকৰ ওচৰলৈ গৈ ঈশ্বৰৰ নিগূঢ়-তত্ত্ব প্রচাৰ কৰিছিলোঁ, তেতিয়া মই শুৱলা বক্তৃতাৰে বা জ্ঞানৰ উত্তমতাৰে প্রচাৰ কৰা নাছিলোঁ।
2 Ty jag hade beslutit mig för, att medan jag var bland eder icke veta om något annat än Jesus Kristus, och honom såsom korsfäst.
২কিয়নো মই সিদ্ধান্ত লৈছিলোঁ যে, আপোনালোকৰ মাজত থকাৰ সময়ত কেৱল যীচু খ্রীষ্ট আৰু তেওঁৰ ক্রুচীয় মৃত্যুৰ বাহিৰে আন একোৱেই নজনাম।
3 Och jag uppträdde hos eder i svaghet och med fruktan och mycken bävan.
৩মই আপোনালোকৰ ওচৰত দূৰ্বলতাৰে সৈতে ভয়ত অতিশয় কঁপি আছিলোঁ।
4 Och mitt tal och min predikan framställdes icke med övertalande visdomsord, utan med en bevisning i ande och kraft;
৪তাতে মোৰ কথা আৰু মোৰ প্রচাৰত কোনো জ্ঞানযুক্ত মনোমোহা ভাষা নাছিল, কিন্তু সেইবোৰত আত্মাৰ শক্তিৰ প্রমাণ আছিল,
5 ty eder tro skulle icke vara grundad på människors visdom, utan på Guds kraft.
৫সেয়েহে আপোনালোকৰ বিশ্বাস যেন মানুহৰ জ্ঞানত নির্ভৰশীল নহৈ ঈশ্বৰৰ শক্তিত নির্ভৰশীল হয়।
6 Visdom tala vi dock bland dem som äro fullmogna, men en visdom som icke tillhör denna tidsålder eller denna tidsålders mäktige, vilkas makt bliver till intet. (aiōn )
৬তথাপি যি সকল লোক পৰিপক্ক, সেই লোক সকলৰ মাজত অৱশ্যে আমি জ্ঞানৰ কথা কওঁ; সেই জ্ঞান এই পার্থিৱ জগতৰ নহয় নাইবা এই যুগৰ বিনাশৰ পাত্ৰ শাসনকৰ্তা সকলৰ জ্ঞান নহয়; (aiōn )
7 Nej, vi tala Guds hemliga visdom, den fördolda, om vilken Gud, redan före tidsåldrarnas begynnelse, har bestämt att den skall bliva oss till härlighet, (aiōn )
৭কিন্তু আমি নিগূঢ়-তত্ত্বত ঈশ্বৰৰ জ্ঞানৰ কথা কওঁ। এই জ্ঞান গুপ্ত আছিল আৰু ঈশ্বৰে এই বিষয়ে আমাৰ গৌৰৱৰ অর্থে যুগবোৰৰ পূৰ্বেই স্থিৰ কৰিছিল। (aiōn )
8 och som ingen av denna tidsålders mäktige har känt; ty om de hade känt den, så hade de icke korsfäst härlighetens Herre. (aiōn )
৮এই যুগৰ শাসনকৰ্তা সকলৰ কোনেও সেই জ্ঞানৰ বিষয়ে জনা নাছিল। কিয়নো, জনা হ’লে, তেওঁলোকে মহিমাপূর্ণ প্ৰভুক ক্রুচত নিদিলেহেঁতেন; (aiōn )
9 Vi tala -- såsom det heter i skriften -- »vad intet öga har sett och intet öra har hört, och vad ingen människas hjärta har kunnat tänka, vad Gud har berett åt dem som älska honom».
৯কিন্তু সেই গুপ্ত জ্ঞানৰ বিষয়ে এইদৰে লিখা আছে, ‘চকুৱে যি যি নেদেখিলে, কাণে যি যি নুশুনিলে, মনেও যি নাভাবিলে, সেই সকলো ঈশ্বৰক যি সকলে প্ৰেম কৰে, সেই সকলৰ বাবে তেওঁ যুগুত কৰিলে’,
10 Ty för oss har Gud uppenbarat det genom sin Ande. Anden utrannsakar ju allt, ja ock Guds djuphet.
১০কিন্তু ঈশ্বৰে আত্মাৰ দ্বাৰাই সেইবোৰ আমাৰ আগত প্ৰকাশ কৰিলে; কাৰণ আত্মাই সকলো বিষয়ৰ অনুসন্ধান কৰে; এনে কি, ঈশ্বৰৰ নিগূঢ়তত্ত্বৰো অনুসন্ধান কৰে।
11 Ty vilken människa vet vad som är i en människa, utom den människans egen ande? Likaså känner ingen vad som är i Gud, utom Guds Ande.
১১কোনো এজনৰ মনৰ কথা তেওঁত থকা আত্মাৰ বাহিৰে আন কোনে জানিব পাৰে? সেইদৰে ঈশ্বৰৰ গভীৰ বিষয়বোৰো ঈশ্বৰৰ আত্মাত বাহিৰে, আন কোনেও নাজানে।
12 Men vi hava icke fått världens ande, utan den Ande som är av Gud, för att vi skola veta vad som har blivit oss skänkt av Gud.
১২আমি জগতৰ আত্মা পোৱা নাই, কিন্তু ঈশ্বৰৰ পৰা তেওঁৰ আত্মাহে পালোঁ যাতে ঈশ্বৰে অনুগ্ৰহেৰে আমাক যি সকলো দান কৰিলে সেইবোৰ বুজি পাওঁ।
13 Om detta tala vi ock, icke med sådana ord som mänsklig visdom lär oss, utan med sådana ord som Anden lär oss; vi hava ju att tyda andliga ting för andliga människor.
১৩আমি সেই দানবোৰৰ বিষয়ে কওঁতে, মনুষ্যৰ জ্ঞানৰ পৰা শিক্ষা পাই নকওঁ, কিন্তু আত্মাৰ পৰা শিক্ষা পাইহে কওঁ। আত্মিক বিষয় বুজাবলৈ আত্মিক জ্ঞানেৰে কওঁ।
14 Men en »själisk» människa tager icke emot vad som hör Guds Ande till. Det är henne en dårskap, och hon kan icke förstå det, ty det måste utgrundas på ett andligt sätt.
১৪কিন্তু যি সকলৰ ভিতৰত ঈশ্বৰৰ আত্মা নাই, তেওঁলোকে ঈশ্বৰৰ আত্মাৰ কথা গ্ৰাহ্য নকৰে; কিয়নো তেওঁৰ মানত সেইবোৰ মূৰ্খতা। তেওঁ সেই কথাৰ তত্বও পাব নোৱাৰে। কিয়নো সেই বিষয়বোৰ মাত্র আত্মিকৰূপেহে বিচাৰ কৰা হয়।
15 Den andliga människan åter kan utgrunda allt, men själv kan hon icke utgrundas av någon.
১৫কিন্তু আত্মিক ব্যক্তি জনে সকলো বিষয়কে বিচাৰ কৰে; তেওঁ আন কাৰো বিচাৰৰ অধীন নহয়।
16 Ty »vem har lärt känna Herrens sinne, så att han skulle kunna undervisa honom?» Men vi hava Kristi sinne. Se Själisk i Ordförkl.
১৬“কিয়নো, প্রভুৰ মন কোনে বুজি পাব পাৰে যে তেওঁ প্ৰভুক নির্দেশ দিব পাৰে?” কিন্তু খ্ৰীষ্টৰ মন আমাৰ অন্তৰত আছে।