< Josua 18 >

1 Och hela menigheten af Israels barn församlade sig i Silo, och der uppsatte de vittnesbördsens tabernakel; och landet var dem undergifvet.
পাছত ইস্ৰায়েলৰ সন্তান সকলৰ সমাজে চীলোত গোট খালে আৰু সেই ঠাইতে সাক্ষাৎ কৰা তম্বু স্থাপন কৰিলে৷ আৰু সন্মুখত থকা দেশ তেওঁলোকে বশীভুত কৰিলে৷
2 Och voro ännu sju slägter af Israels barn, hvilkom deras del icke utskift var.
ইস্ৰায়েলৰ লোকসকলৰ মাজত সেই সাতোটা ফৈদৰ উত্তৰাধিকাৰ তেতিয়ালৈকে নিৰূপিত হোৱা নাছিল৷
3 Och Josua sade till Israels barn: Huru länge viljen I vara så late, att I icke gån åstad, och tagen landet in, som Herren edra fäders Gud eder gifvit hafver?
যিহোচূৱাই ইস্ৰায়েলৰ লোকসকলক ক’লে, “তোমালোকৰ পুৰ্ব্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাই তোমালোকক দিয়া দেশত যাবলৈ কিমান কাল অৱহেলা কৰি থাকিবা?”
4 Tager eder af hvarjo slägtene tre män, att jag må sända dem, och de stå upp, och gå igenom landet, och beskrifva det efter deras arfvedelar, och komma till mig igen.
প্ৰত্যেক ফৈদৰ পৰা তিনি জনকৈ ব্যক্তি তোমালোকৰ নিজৰ কাৰণে নিযুক্ত কৰা৷ মই তেওঁলোকক পঠিয়াম৷ তেওঁলোকে গৈ দেশৰ সকলো ঠাইৰ বিষয়ে নিৰীক্ষণ কৰিব৷ তেওঁলোকে নিজ নিজ উত্তৰাধিকাৰৰ বিষয়ে বর্ণনা কৰি লিখিব আৰু তাৰ পাছত মোৰ ওচৰলৈ উভতি আহিব।
5 Skifter landet i sju delar: Juda skall blifva vid sina gränsor sunnanefter; och Josephs hus skall blifva vid sina gränsor nordanefter.
তেওঁলোকে সেই ঠাই সাতোটা ভাগ কৰিব৷ যিহূদা দক্ষিণফালে থকা তেওঁলোকৰ সীমাৰ ভিতৰত থাকিব আৰু উত্তৰ ফালে আগতে থকাৰ দৰে যোচেফৰ বংশই নিজৰ সীমাত থাকিব।
6 Men I, beskrifver de sju delars land, och bärer det hit till mig, så vill jag kasta eder lott för Herranom vårom Gud.
এইদৰে তোমালোকে দেশখন সাত অংশ কৰি, সেই বিষয়ে বৰ্ণনা লিখি মোৰ ওচৰলৈ আনিবা৷ মই ইয়াত, আমাৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে তোমালোকৰ বাবে চিঠি খেলাম।
7 Ty Leviterna hafva ingen del ibland eder, utan Herrans Presterskap är deras arfvedel; men Gad och Ruben, och den halfva slägten Manasse, hafva tagit sin del på hinsidon Jordan österut, den Mose Herrans tjenare dem gaf.
তোমালোকৰ মাজত লেবীয়াসকলৰ কোনো ভাগ নাই কিয়নো যিহোৱাৰ পুৰোহিতৰ পদেই তেওঁলোকৰ উত্তৰাধিকাৰ৷ গাদ, ৰূবেণ আৰু মনচিৰ আধা ফৈদে যৰ্দ্দনৰ সিপাৰে নিজ নিজ উত্তৰাধিকাৰ গ্ৰহণ কৰিলে।
8 Då stodo de män upp, och foro åstad; och Josua böd dem, då de gå ville till att beskrifva landet, och sade: Vandrer igenom landet, och beskrifver det, och kommer igen till mig, att jag må kasta eder lott för Herranom i Silo.
তেতিয়া সেই লোকসকল উঠি তালৈ গ’ল; যিসকল দেশৰ বৰ্ণনা লিখি আনিবলৈ যোৱা লোক আছিল, সেই লোকসকলক যিহোচূৱাই এই আজ্ঞা দি ক’লে, “তোমালোকে গৈ দেশৰ উচ্চ আৰু নিম্ন ভূমি অঞ্চলৰ সকলো ফালে ফুৰি, দেশৰ বৰ্ণনা লিখি মোৰ ওচৰলৈ উভতি আহিবা৷ মই এই চীলোত, যিহোৱাৰ সাক্ষাতে, তোমালোকৰ বাবে চিঠি খেলাম।”
9 Så gingo männerna åstad, och drogo landet igenom, och beskrefvo det på en skrift efter städerna i sju delar; och kommo till Josua i lägret igen i Silo.
তেতিয়া সেই লোক কেইজন গৈ দেশখনৰ সকলো ঠাই ফুৰি, প্ৰত্যেক নগৰ অনুসাৰে সাতোটা ভাগৰ আৰু প্ৰত্যেক ভাগৰ নগৰসমূহৰ তালিকা কৰি, নুৰিয়াই ৰখা কাকতত বৰ্ণনা লিখিলে৷ তাৰ পাছত তেওঁলোকে চীলোৰ ছাউনিত থকা যিহোচূৱাৰ ওচৰলৈ উভতি আহিল।
10 Då kastade Josua lotten öfver dem i Silo för Herranom, och skifte der landet ut ibland Israels barn, hvarjom och enom sin del.
১০তেতিয়া যিহোচূৱাই চীলোত যিহোৱাৰ সাক্ষাতে তেওঁলোকৰ অৰ্থে চিঠি খেলালে৷ এইদৰে যিহোচূৱাই সেই ঠাইতে ইস্ৰায়েলৰ লোকসকলৰ ভাগ অনুসাৰে দেশখন ভাগ কৰি তেওঁলোকক দিলে।
11 Och föll BenJamins barnas slägtes lott efter deras ätter, och vardt deras lotts gränsa emellan Juda barn och Josephs barn.
১১নিজ নিজ বংশ অনুসাৰে বিন্যামীনৰ ফৈদক মাটিৰ ভাগ দিয়া হ’ল৷ তেওঁলোকক ভাগ দিয়া অংশৰ অঞ্চল যিহূদাৰ বংশধৰ আৰু যোচেফৰ বংশধৰৰ মাজত অৱস্থিত আছিল৷
12 Och deras gränsa var på sidone norrut ifrå Jordan, och går uppåt utmed Jericho på norra sidone, och kommer upp på berget vesterut; och utgången är vid den öknen BethAven;
১২তেওঁলোকৰ উত্তৰ ফালৰ সীমা যৰ্দ্দনত আৰম্ভ হৈছিল৷ তাৰ পৰা সেই সীমা উঠি গৈ যিৰীহোৰ উত্তৰ ফালে থকা পর্বতমালা হৈ পশ্চিম দিশে থকা পর্বতৰ দেশলৈকে হ’ল৷ তাৰ পাছত সেই সীমা বৈৎ-আবনৰ মৰুপ্ৰান্তত উপনীত হ’ল৷
13 Och går dädan intill Lus, utmed sidone på Lus söderut, det är BethEl; och går nederåt intill AtharothAdar vid berget, som ligger sunnan vid det nedra BethHoron;
১৩তাৰ পৰা সেই সীমা লুজ অৰ্থাৎ বৈৎএলৰ দক্ষিণ দাঁতিলৈ গ’ল৷ তাৰ পাছত বৈৎ-হোৰোণৰ দক্ষিণে থকা পৰ্ব্বতেদি অটৰোৎ-অদ্দৰৰ তললৈ নামি গ’ল।
14 Och går neder, och böjer sig omkring till vestra sidona söderut ifrå berget, som ligger för BethHoron söderut; och går ut vid KiriathBaal, det är KiriathJearim, Juda barnas stad. Detta är nu den sidan vesterut.
১৪বৈৎ-হোৰোণৰ সন্মূখত থকা পর্বতৰ পৰা সেই সীমা পশ্চিম দিশে ঘূৰি যিহূদাৰ গোষ্ঠীৰ নগৰ কিৰিয়ৎ-বাল অর্থাৎ কিৰিয়ৎ-যিয়াৰীমত ইয়াৰ সীমাৰ অন্ত পৰিল; এইদৰে পশ্চিম সীমা গঠন কৰিলে।
15 Men den sidan söderut är ifrå KiriathJearim, och går ut emot vester, och kommer ut till vattubrunnen Nephtoah:
১৫দক্ষিণ ফালৰ সীমা থিক কিৰিয়ৎ-যিয়াৰীমৰ অন্তৰ পৰা আৰম্ভ হৈছিল৷ তাৰ পৰা সেই সীমা ইফ্ৰোণ হৈ নেপ্তোহ নামৰ জলৰ ভুমুকলৈ হ’ল।
16 Och går neder vid ändan på berget, som ligger för Hinnoms sons dal, den der ligger i Naphaims dal norrut, och går neder genom Hinnoms dal på de Jebuseers sido, sunnantill, och kommer neder vid den brunnen Rogel;
১৬পাছত সেই সীমা বিন হিন্নোমৰ উপত্যকাৰ সন্মুখে আৰু ৰফায়ীম পৰ্ব্বতৰ উত্তৰ ফালে থকা পৰ্বতৰ তললৈকে নামি গৈ, হিন্নোমৰ উপত্যকেদি যিবুচিৰ দক্ষিণ কাষলৈ নামি অয়িন-ৰোগেললৈ গ’ল।
17 Och drager sig ifrå nordan, och kommer ut till EnSemes, och kommer ut till de högar, som ligga uppe emot Adummim, och kommer ned till Bohens sten, Rubens sons;
১৭পাছত উত্তৰ ফালে ঘূৰি, সেই সীমা অয়িন-চেমচৰ দিশে গলীলোতত ওলাল, যি অদুম্মীমলৈ উঠি যোৱা পথৰ বিপৰীতে অৱস্থিত আছিল৷ পাছত সেই সীমা বোহনৰ শিলটোলৈকে নামি গ’ল৷
18 Och går utmed sidone vid slättmarkena, som ligger norrut, och kommer neder på slättmarkena;
১৮পাছত এই সীমাটো বৈৎ-অৰাবৰ উত্তৰে গৈ অৰাবালৈ নামি গ’ল;
19 Och drager utmed den sidone vid BethHogla, som ligger norrut, och änden deraf vid salthafsens tungo norrut, inpå Jordans södra ända. Detta är nu den södra gränsan.
১৯সেই সীমা বৈৎ-হগ্লাৰ উত্তৰ দিশে গৈ যৰ্দ্দনৰ দক্ষিণ মুৰত থকা লৱণ-সমুদ্ৰৰ উত্তৰ উপসাগৰত শেষ হ’ল৷ এয়ে দক্ষিণ ফালে থকা সীমা আছিল৷
20 Men till den östra sidan skall Jordan vara änden. Detta är nu BenJamins arfvedel i deras gränsor allt omkring, i deras ätter.
২০যৰ্দ্দনেই পূবফালে তাৰ সীমা গঠন কৰিলে। এয়ে আছিল বিন্যামীনৰ ফৈদৰ উত্তৰাধিকাৰ, এই সীমাৰ চাৰিওফালে থকা ঠাই তেওঁলোকক বংশ অনুসাৰে দিয়া হ’ল।
21 Men städerna BenJamins barnas slägters, ibland deras ätter, äro desse: Jericho, BethHogla, EmekKeziz,
২১নিজ নিজ বংশ অনুসাৰে বিন্যামীনৰ ফৈদৰ নগৰবোৰ আছিল যিৰীহো, বৈৎ-হগ্লা, এমক-কচিচ,
22 BethAraba, Zemaraim, BethEl,
২২বৈৎ-অৰাবা, চমাৰয়িম, বৈৎএল।
23 Avim, Para, Ophra,
২৩অব্বীম, পাৰা, অফ্ৰা,
24 CepharAmmonai, Ophni, Gaba. Det äro tolf städer, och deras byar.
২৪কফৰ-অন্মোনী, অফনী আৰু গেবা৷ এই বাৰখন তেওঁলোকৰ নগৰ আছিল, তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল।
25 Gibeon, Rama, Beeroth,
২৫তাৰ ওপৰিও আন নগৰবোৰ হ’ল, যেনে - গিবিয়োন, ৰামা, বেৰোৎ,
26 Mizpe, Cephira, Moza,
২৬মিস্পী, কফীৰা, মোচা,
27 Rekem, Jirpeel, Thareala,
২৭ৰেকম, যিৰ্পেল, তৰলা,
28 Zela, Eleph, och de Jebuseer, det är Jerusalem, Gibeath, Kiriath; fjorton städer, och deras byar. Detta är nu BenJamins barnas arfvedel i deras ätter.
২৮চেলা, এলফ আৰু যিবুচী অৰ্থাৎ যিৰূচালেম, গিবিয়ৎ আৰু কিৰিয়ৎ৷ এই চৌধ্যখন তেওঁলোকৰ নগৰ আছিল, তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল। এই অঞ্চলবোৰত বিন্যামীনৰ নিজ নিজ বংশ অনুসাৰে উত্তৰাধিকাৰ আছিল৷

< Josua 18 >