< Jeremia 28 >
1 Och i det samma året, uti Zedekia, Juda Konungs, rikes begynnelse, i femte månadenom af fjerde årena, talade Hanania, Assurs son, en Prophet af Gibeon, till mig uti Herrans hus, i Presternas och allt folkens närvaro, och sade:
১পাছত সেই বছৰত যিহূদাৰ ৰজা চিদিকিয়াৰ ৰাজত্ব কালৰ আৰম্ভণিত চতুৰ্থ বছৰৰ পঞ্চম মাহত, যিহোৱাৰ গৃহত, পুৰোহিত আৰু সকলো প্ৰজাৰ আগত গিবিয়োন নিবাসী অৰ্জ্জুৰৰ পুত্ৰ হননিয়া ভাববাদীয়ে মোক এই কথা ক’লে,
2 Detta säger Herren Zebaoth, Israels Gud: Jag hafver sönderbrutit Konungens ok i Babel.
২“ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: ‘মই বাবিলৰ ৰজাৰ যুৱলি ভাঙিলোঁ।
3 Och förr än tu år förlidna äro, skall jag låta åter igenkomma till detta rummet alla Herrans hus kärile, hvilka NebucadNezar, Konungen i Babel, hädantagit och till Babel fört hafver.
৩এই ঠাইৰ পৰা বাবিলৰ ৰজা নবূখদনেচৰে বাবিললৈ লৈ যোৱা যিহোৱাৰ গৃহৰ সকলো বস্তু সম্পূৰ্ণ দুই বছৰৰ ভিতৰত মই পুনৰায় এই ঠাইলৈ আনিম।
4 Dertill skall jag ock låta Jechonia, Jojakims son, Juda Konung, samt med alla fångar af Juda, som till Babel förde äro, komma till detta rummet igen, säger Herren; ty jag skall sönderbryta Konungens ok i Babel.
৪আৰু যিহোৱাই কৈছে, ‘মই যিহোয়াকীমৰ পুত্ৰ যিহূদাৰ ৰজা যকনিয়াক, বাবিললৈ বন্দী কৰি নিয়া যিহূদাৰ সকলোৰে সৈতে এই ঠাইলৈ পুনৰায় আনিম; কিয়নো মই বাবিলৰ ৰজাৰ যুৱলি ভাঙিম’।”
5 Då svarade Propheten Jeremia till den Propheten Hanania, uti Presternas och allt folkens närvaro, som i Herrans hus stodo;
৫তেতিয়া যিৰিমিয়া ভাববাদীয়ে যিহোৱাৰ গৃহত থিয় হৈ থকা পুৰোহিতসকল আৰু প্ৰজাসকলৰ আগত হননিয়া ভাববাদীক কথা ক’লে,
6 Och sade: Amen! Herren göre alltså; Herren stadfäste din ord, som du spått hafver, att han låter Herrans hus kärile, samt med alla fångna, komma till detta rummet igen.
৬যিৰিমিয়া ভাববাদীয়ে এই কথা ক’লে, আমেন, যিহোৱাই তাকেই কৰ’ক; বাবিলৰ পৰা এই ঠাইলৈ যিহোৱাৰ গৃহৰ বস্তুবোৰ আৰু দেশান্তৰত হোৱা আটাইকে পুনৰায় আনিব বুলি তুমি প্ৰচাৰ কৰা সেই ভাববাণীবোৰ যিহোৱাই সিদ্ধ কৰ’ক।
7 Men hör dock likväl detta ordet, som jag för din öron, och allt folkens öron, talar:
৭তথাপি তোমাৰ কাণত আৰু আটাই প্ৰজাৰ কাণত এই যি কথা মই কওঁ, তাক শুনা।
8 De Propheter, som för mig och för dig varit hafva af ålder, de hafva propheterat emot mång land och stor rike, om örlig, om olycko, och om pestilentie.
৮মোৰ আৰু তোমাৰ আগেয়ে যি প্ৰাচীন ভাববাদীসকল আছিল, তেওঁলোকে অনেক অনেক দেশ আৰু মহৎ মহৎ ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ, অমঙ্গল আৰু মহামাৰী হ’ব বুলি ভাববাণী প্ৰচাৰ কৰিছিল।
9 Men när en Prophet propheterar om frid, så varder man kännandes, om Herren honom i sanningene sändt hafver, då hans ord fullkomnad varda.
৯যি ভাববাদীয়ে শান্তি হ’ব বুলি ভাববাণী প্ৰচাৰ কৰে, সেই ভাববাদীৰ বাক্য ফলিয়ালেহে, যিহোৱাই সঁচাকৈ তেওঁক পঠোৱা হয় বুলি জনা যাব।”
10 Då tog Hanania oket af Prophetens Jeremia hals, och sönderbröt det.
১০পাছত হননিয়া ভাববাদীয়ে যিৰিমিয়া ভাববাদীৰ ডিঙিৰ পৰা যুৱলিখন সোলোকাই ভাঙি পেলালে।
11 Och Hanania sade, i allt folkens närvaro: Detta säger Herren: Likaså skall jag sönderbryta NebucadNezars ok, Konungens i Babel, af all folks hals, förr än tu år förlidna äro. Och Propheten Jeremia gick sin väg.
১১আৰু হননিয়াই আটাই প্ৰজাসকলৰ আগত ক’লে, “যিহোৱাই এই কথা কৈছে: ‘সম্পূৰ্ণ দুইবছৰৰ ভিতৰত মই বাবিলৰ ৰজা নবূখদনেচৰৰ যুৱলি এইদৰেই ভাঙি আটাই জাতিৰ ডিঙিৰ পৰা গুচাম’।” তেতিয়া যিৰিমিয়া ভাববাদী নিজ বাটে গুচি গ’ল।
12 Men Herrans ord skedde till Jeremia, sedan den Propheten Hanania hade sönderbrutit oket af Jeremia Prophetens hals, och sade:
১২পাছত হননিয়া ভাববাদীয়ে যিৰিমিয়া ভাববাদীৰ ডিঙিৰ পৰা যুৱলিখন ভাঙি গুচুৱাৰ পাছত যিহোৱাৰ বাক্য যিৰিমিয়ালৈ আহিল, বোলে,
13 Gack bort, och säg Hanania: Detta säger Herren: Du hafver sönderbrutit träoket, så gör nu ett jernok i samma staden.
১৩“তুমি গৈ হননিয়াক কোৱা, যিহোৱাই এই কথা কৈছে, ‘তুমি কাঠৰ যুৱলি ভাঙিলা হয়, কিন্তু তাৰ সলনি লোহাৰ যুৱলি যুগুত কৰিব লাগে।”
14 Ty detta säger Herren Zebaoth, Israels Gud: Ett jernok hafver jag hängt allo desso folkena på halsen, der de med tjena skola NebucadNezar, Konungen i Babel, och de måste tjena honom; ty jag hafver ock gifvit honom vilddjuren på markene.
১৪কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, বাবিলৰ নবূখদনেচৰ ৰজাৰ বন্দী-কাম কৰিবলৈ মই সকলো জাতিৰ ডিঙিত লোহাৰ যুৱলি লগালোঁ; তাতে তেওঁলোকে তেওঁৰ বন্দী-কাম কৰিব; আৰু মই বনৰ জন্তুবোৰকো তেওঁক দিলোঁ।”
15 Och Propheten Jeremia sade till den Propheten Hanania: Hör dock, Hanania; Herren hafver intet sändt dig, och du hafver åstadkommit, att detta folket förlåter sig uppå lögn.
১৫পাছত যিৰিমিয়া ভাববাদীয়ে হননিয়া ভাববাদীক ক’লে, “হে হননিয়া, শুনা; যিহোৱাই তোমাক পঠোৱা নাই, কিন্তু তুমি এই লোকসকলক মিছা কথাতে বিশ্বাস কৰাইছা।
16 Derföre säger Herren alltså: Si, jag skall taga dig bort utaf jordene; i detta året skall du dö: ty du hafver med ditt tal afvändt dem ifrå Herranom.
১৬এই হেতুকে যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই তোমাক পৃথিৱীৰ পৰা দূৰ কৰি দিম; তুমি এই বছৰৰ ভিতৰতে মৰিবা, কাৰণ তুমি যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহৰ কথা ক’লা।
17 Och så blef den Propheten Hanania död, på det samma året, i sjunde månadenom.
১৭আৰু হননিয়া ভাববাদী সেই বছৰৰ সপ্তম মাহত মৰিল।