< Jesaja 22 >
1 Detta är tungen öfver synedalen: Hvad är eder, att I så alle löpen på taken?
১উপত্যকাৰ বিষয়ে দেখা দৰ্শনৰ ঘোষণা। তোমালোক সকলোৱে ঘৰৰ চালত কিহৰ বাবে উঠিলা?
2 Du vast full med gny, en stad full med folk, en glad stad; dine slagne äro icke med svärd slagne, och icke döde blefne i strid;
২কোলাহলপূৰ্ণ নগৰ, হে উল্লাসপ্ৰিয় নগৰ, তোমালোকৰ মৃতবোৰ তৰোৱালেৰে হ’ত হোৱা নাই, আৰু তেওঁলোক যুদ্ধতো মৰা নাই।
3 Utan alle dine höfvitsmän äro tillika bortvekne för båga, och fångne; alle de, Som man uti dig funnit hafver, äro fångne, och långt bortflydde.
৩তোমালোকৰ শাসনকৰ্ত্তাসকল একেলগে পলাই গ’ল, কিন্তু তেওঁলোকক বিনা ধনুৰে ধৰা হ’ল; তেওঁলোকক সকলোকে বন্দী কৰা হ’ল, তেওঁলোকে দূৰলৈ পলাইছিল।
4 Derföre säger jag: Går ifrå mig, låter mig bitterliga gråta; farer icke efter att hugsvala mig öfver mins folks dotters förstöring.
৪সেই বাবে মই ক’লো, “মোলৈ দৃষ্টি নকৰিবা, মই সন্তাপেৰে ক্ৰন্দন কৰিম; মোৰ লোকসকল জীয়াৰীৰ সৰ্বনাশৰ বাবে মোক শান্তনা দিবলৈ চেষ্টা নকৰিবা।
5 Ty det är en bullers, förtryckelses och bekymmers dag af Herranom Zebaoth, i synedalenom, för murarnas undergrafnings skull, och för ropets skull på berget.
৫কিয়নো বাহিনীসকলৰ প্ৰভু যিহোৱাৰ বাবে ইয়াত এটা বিক্ষোভ, পদদলিত কৰা দিন উপস্থিত হৈছে, দৰ্শনৰ উপত্যকাত, দেৱালবোৰ ভঙা হৈছে, আৰু আটাহ পৰাৰ শব্দ পৰ্ব্বতলৈকে গৈছে।
6 Ty Elam drager med koger, vagnar, folk och resenärar, och Kir glimmar af sköldar.
৬এলমে ৰথ আৰু অশ্বাৰোহীৰ সৈতে তূণ লৈ গৈছে, আৰু কীৰ ঢাল খুলিছে।
7 Och skall ske, att dina utkorade dalar skola med vagnar fulle varda, och resenärer skola lägga sig för portarna.
৭তোমালোকৰ মনোৰম্য উপত্যকা অহাৰ বিষয়ে ৰথবোৰেৰে পৰিপূৰ্ণ হ’ব, আৰু অশ্বাৰোহীসকলে ৰাজদুৱাৰত নিজৰ স্থান ল’ব।”
8 Då skall Juda förlåt öppnad varda, att man skall kunna se, på den tiden, tygen uti skogshuset.
৮তেওঁ যিহূদাৰ সুৰক্ষা আতৰালে; আৰু সেই দিনা তোমালোক জংঘলৰ ৰাজপ্রাসাদত থকা অস্ত্ৰশস্ত্র দেখিছিলা;
9 Och I skolen se refvorna många vara på Davids stad, och skolen församla vatten uti dem nedra dammenom.
৯তোমালোক দায়ূদৰ নগৰৰ বিচ্ছেদ দেখিলা সেইবোৰ অনেক আছিল; আৰু তোমালোক পুখুৰীৰ তলৰ পানীবোৰ গোটালা।
10 I skolen ock räkna, husen i Jerusalem, ja, I skolen afbryta husen, till att befästa murarna.
১০তোমালোকে যিৰূচালেমৰ ঘৰবোৰ গণনা কৰিলা, আৰু নগৰৰ গড় সুদৃঢ় কৰিবৰ বাবে তাৰ ঘৰবোৰ ভাঙি পেলালা;
11 Och I skolen göra ena vattugraf, emellan båda murarna af den gamla dammens vatten; likväl sen I icke uppå den som detta gör, och skåden icke på den som sådant beställt hafver fjerranefter.
১১তোমালোকে পুৰণি পুখুৰীৰ পানীৰ বাবে দেৱাল দুটাৰ মাজত এটা জলাধাৰ তৈয়াৰ কৰিলা। কিন্তু যি জনে বহু দিন আগতে এই পৰিকল্পনা কৰিছিল সেই জনলৈ তোমালোকে দৃষ্টি নকৰিলা,
12 Derföre skall Herren, Herren Zebaoth på den tiden låta utropa, att man skall gråta och jämra sig, och kulla sig, och draga säck uppå;
১২সেইদিনা বাহিনীসকলৰ প্ৰভু যিহোৱাই, কান্দিবলৈ, বিলাপ কৰিবলৈ, মূৰ টকলা কৰিবলৈ, আৰু চট কাপোৰ কঁকালত বান্ধিবলৈ মাতিছিল;
13 Ändock nu, si; intet annat är än glädje, slagta oxar, dräpa får, äta kött, dricka vin, och säga: Låt oss äta och dricka, vi måste dock i morgon dö.
১৩কিন্তু চোৱা, তাৰ পৰিৱৰ্তে উৎসৱ উদযাপন, উল্লাস, পহু বধ, মেৰ-ছাগ বলি, মাংস-ভোজন, আৰু দ্ৰাক্ষাৰস পান কৰা চলি আছিল; “আহাঁ, আমি ভোজন পান কৰোঁহক, কিয়নো কাইলৈ আমি মৰিম।”
14 Detta är för Herrans Zebaoths öron uppenbart. Hvad gäller, om eder denna missgerningen förlåtas skall, tilldess I dön, säger Herren, Herren Zebaoth.
১৪মই শুনা বাহিনীসকলৰ যিহোৱাৰ দ্বাৰাই কোৱা কথা এই, “তোমালোকৰ এই অপৰাধ ক্ষমা কৰা নহ’ব, এনে কি, তোমালোকে মৰিলেও নহ’ব” এইয়ে বাহিনীসকলৰ যিহোৱা প্ৰভুৰ কোৱা কথা।
15 Så säger Herren, Herren Zebaoth: Gack in till räntomästaren Sebna, hofmästaren, och säg till honom:
১৫বাহিনীসকলৰ যিহোৱা প্ৰভুৱে এইদৰে কৈছে, “চেবনাৰ বংশৰ ওপৰত থকা তত্বাৱধায়কৰ ওচৰলৈ যোৱা আৰু কোৱা,
16 Hvad hafver du här? Hvem hörer du till? att du låter dig hugga en graf, såsom den der låter sig hugga en graf i höjdene, och såsom den der låter sig göra en boning i bergklippone?
১৬‘ইয়াত তোমাৰ কি আছে, আৰু তুমি কোন, যে তুমি ইয়াত নিজৰ বাবে এটা মৈদাম খানিলা? সিও নিজৰ বাবে এটা মৈদাম খানিলে, নিজৰ বাবে শিলত এটা বিশ্রামস্থান ক্ষোদিত কৰিলে’।”
17 Si, Herren skall förkasta dig, såsom en stark man någon bortkastar, och nederkrafsa dig;
১৭চোৱা, যিহোৱাই তোমাক দলিয়াই পেলাব, পৰাক্রমী জন তললৈ দলিয়াই পেলাব, তেওঁ তোমাক দুৰ্লভভাবে হাতেৰে মুচৰিব।
18 Och skall omdrifva dig, såsom ett klot på vida mark; der skall du dö, der skola dina kosteliga vagnar blifva med dins herras hus försmädelse.
১৮তেওঁ নিশ্চয়কৈ তোমাক গুল গুলকৈ নুৰিয়াই বলৰ দৰে গোল কৰি বহল দেশত পেলাই দিব; তোমাৰ প্ৰভুৰ বংশক লাজ দিয়া জন যি তুমি, তুমি সেই ঠাইত মৰিবা, আৰু তোমাৰ তেজস্বী ৰথবোৰ তাত থাকিব।
19 Och jag skall störta dig ifrå ditt stånd, och sätta dig af ditt ämbete.
১৯“মই তোমাক তোমাৰ কাৰ্যালয়ৰ পৰা আৰু তোমাৰ স্থানৰ পৰা খেদিম। তোমাক তলত পেলাই দিয়া হ’ব।
20 Och på den tiden vill jag kalla min tjenare Eliakim, Hilkia son;
২০সেই দিনা অহাৰ সময়ত, মই মোৰ দাস হিল্কিয়াৰ পুত্ৰ ইলিয়াকীমক মাতিম;
21 Och draga din kjortel uppå honom, och omgjorda honom med ditt bälte, och gifva ditt välde uti hans hand, att han skall vara deras fader, som i Jerusalem och Juda hus bo;
২১মই তোমাৰ ৰাজবস্ত্ৰ, আৰু তোমাৰ টঙালি তেওঁক পিন্ধাম, আৰু মই তোমাৰ ক্ষমতাৰ ভাৰ তেওঁৰ হাতত অৰ্পণ কৰিম। তেওঁ যিৰূচালেম নিবাসীসকলৰ আৰু যিহূদা বংশৰ পিতৃস্বৰূপ হ’ব।
22 Och skall lägga Davids hus nyckel uppå hans axlar, att han skall upplåta, och ingen skall tillsluta; att han skall tillsluta, och ingen upplåta.
২২মই দায়ূদৰ বংশৰ চাবি তেওঁৰ কান্ধত দিম; তাতে তেওঁ খুলিব, আৰু কোনেও বন্ধ নকৰিব, তেওঁ বন্ধ কৰিব, আৰু কোনেও নোখুলিব।
23 Och jag vill inslå honom för en nagla på ett fast rum, och han skall hafva ärones stol uti sins faders hus;
২৩মই সুৰক্ষিত স্থানত তেওঁক গজাল স্বৰূপে মাৰিম; আৰু তেওঁ নিজৰ পিতৃৰ বংশলৈ গৌৰৱৰ আসন স্বৰূপ হ’ব।
24 Att man skall hänga uppå honom all hans faders hus härlighet, barn och barnabarn, all små tyg, både dryckekar och allahanda strängaspel.
২৪তেওঁৰ পিতৃ-বংশৰ সকলো গৌৰৱ, সন্তান সকল আৰু বংশধৰ, প্রতিটো সৰু পাত্র, আৰু পিয়লাৰ পৰা সকলো কলহলৈকে তেওঁলোকে নিজৰ ওপৰত আৰি থ’ব।
25 På den tiden, säger Herren Zebaoth, skall nagelen borttagen varda, den på det fasta rummet står, så att han skall söndergå och falla, och hans börda förgås; ty Herren säger det.
২৫সেই দিনা বাহিনীসকলৰ যিহোৱাই কৰা ঘোষণা এই, “দৃঢ় স্থানত মৰা খুটিটো খহি পৰিব, বিছিন্ন হ’ব, পতিত হ’ব, আৰু তাৰ ওপৰত আৰি থোৱা ভাৰ বিচ্ছিন্ন হ’ব” কিয়নো যিহোৱাই এই কথা ক’লে।