< Jesaja 12 >
1 På den tiden skall du säga: Jag tackar dig, Herre, att du hafver varit vred på mig; och din vrede hafver sig vändt, och du tröster mig.
১সেই দিনা তুমি ক’বা, “হে যিহোৱা, মই আপোনাৰ ধন্যবাদ কৰিম; কাৰণ যদিও আপুনি মোৰ ওপৰত ক্ৰোধ আছিল, তথাপিও আপোনাৰ ক্ৰোধ আঁতৰিল, আৰু আপুনি মোক শান্ত্বনা দিলে।
2 Si, Gud är min helsa; jag är säker, och fruktar mig intet; ty Herren Gud är min starkhet och min psalm, och är min helsa.
২চোৱা, ঈশ্বৰ মোৰ পৰিত্ৰাণকৰ্ত্তা, মই তেওঁত ভাৰসা কৰিম, আৰু ভয় নকৰিম; কাৰণ যিহোৱা, হয়, যিহোৱাই মোৰ শক্তি আৰু মোৰ গান, তেওঁ মোৰ পৰিত্ৰাণকৰ্ত্তা হ’ল।”
3 I skolen ösa vatten med glädje utu helsobrunnomen;
৩পৰিত্ৰাণৰ নাদৰ পৰা তুমি আনন্দেৰে সৈতে পানী তুলিবা।
4 Och skolen säga på den tiden: Tacker Herranom; prediker hans Namn; görer hans anslag kunnig ibland folken; förkunner, att hans Namn högt är.
৪সেই দিনা তোমালোকে ক’বা, “যিহোৱাৰ ধন্যবাদ কৰা, আৰু তেওঁৰ নাম লোৱা; লোকসকলৰ মাজত তেওঁৰ কাৰ্যবোৰ প্ৰকাশ কৰা, তেওঁৰ নাম মহিমান্বিত বুলি ঘোষণা কৰা।
5 Lofsjunger Herranom; ty han hafver härliga bevist sig; detta vare kunnigt i all land.
৫যিহোৱাৰ উদ্দেশ্যে গান কৰা, কিয়নো তেওঁ মহৎ কাৰ্য কৰিলে; সমগ্র পৃথিৱীত এই সকলো জানিবলৈ দিয়া হওক।
6 Fröjda dig och var glad, du inbyggerska i Zion; ty Israels Helige är stor när dig.
৬হে চিয়োন-নিবাসীসকল তোমালোক উচ্চস্বৰেৰে আনন্দ-ধ্বনি কৰা; কিয়নো ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা তোমালোকৰ মাজত মহান।”