< Hesekiel 48 >
1 Detta äro namnen af slägterna: norrut, ifrån Hethlon intill Hamuth och HazarEnon, och ifrå Damasco intill Hamath, det skall Dan hafva för sin del, både öster och vester.
১ফৈদবোৰ এই এই নাম। একেবাৰে মূৰত উত্তৰ ফালে হিতলোনৰ বাটৰ কাষেদি হমাতৰ প্ৰৱেশস্থানলৈকে দম্মেচকৰ সীমাত থকা হচৰ-ঐননলৈকে, উত্তৰফালে হমাতৰ কাষত পূৱ আৰু পশ্চিমলৈ দানে এক অংশ পাব।
2 Näst Dan skall Asser hafva sin del, både öster och vester.
২আৰু দানৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ আচেৰে এক অংশ পাব।
3 Näst Asser skall Naphthali hafva sin del, öster och vester.
৩আৰু আচেৰৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ নপ্তালীয়ে এক অংশ পাব।
4 Näst Naphthali gränso skall Manasse hafva sin del, öster och vester.
৪আৰু নপ্তালীৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ মনচিয়ে এক অংশ পাব।
5 Näst Manasse gränso skall Ephraim hafva sin del, öster och vester.
৫আৰু মনচিৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ ইফ্ৰয়িমে এক অংশ পাব।
6 Vid Ephraims gränso skall Ruben hafva sin del, öster och vester.
৬আৰু ইফ্ৰয়িমৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ ৰূবেণে এক অংশ পাব।
7 Vid Rubens gränso skall Juda hafva sin del, öster och vester.
৭আৰু ৰূবেণৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ যিহূদাই এক অংশ পাব।
8 Men vid Juda gränso skolen I afskilja en del ifrån öster och intill vester, den fem och tjugu tusend stänger lång och bred är, lika som eljest en del är ifrån öster och intill vester; der skall helgedomen stå uppå.
৮আৰু যিহূদাৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ, পঁচিশ হাজাৰ হাত বহল আৰু দীঘলে পূৱ ফালৰ পৰা পশ্চিম ফাললৈ আন অংশবোৰৰ এক অংশ সমান তোমালোকে দিব লগা উপহাৰ ভূমি হ’ব; আৰু ধৰ্মধাম তাৰ মাজত হ’ব।
9 Och derifrå skolen I afskilja Herranom en del, fem och tjugu tusend stänger lång, och tiotusend stänger bred.
৯যিহোৱাৰ উদ্দেশ্যে তোমালোকে দিব লগা উপহাৰ ভূমি পঁচিশ হাজাৰ হাত দীঘল আৰু দহ হাজাৰ হাত বহল হ’ব।
10 Och den samme helige delen skall höra Presterna till; nämliga fem och tjugu tusend stänger långt, norrut och söderut, och tiotusend bredt, österut och vesterut; och Herrans helgedom skall stå der midt uti.
১০আৰু সেই পবিত্ৰ উপহাৰ ভূমি পুৰোহিতসকলৰ কাৰণে হ’ব। সেয়ে উত্তৰ ফালে পঁচিশ হাজাৰ হাত দীঘল, পশ্চিম ফালে দহ হাজাৰ হাত বহল, পূৱ ফালে দহ হাজাৰ হাত বহল, আৰু দক্ষিণ ফালে পঁচিশ হাজাৰ হাত দীঘল হ’ব; তাৰ মাজ ঠাইত যিহোৱাৰ ধৰ্মধাম থাকিব।
11 Det skall höra Prestema till, som af Zadoks slägte äro, hvilke mitt sätt hållit hafva, och voro icke affällige med Israels barnom, såsom Leviterna affällige voro.
১১ইস্ৰায়েলৰ সন্তান সকল বিপথে যোৱা সময়ত লেবীয়াসকলে বিপথে যোৱাৰ দৰে বিপথে নোযোৱা মোৰ ৰক্ষমীয় ৰক্ষা কৰা চাদোকৰ সন্তান সকলৰ মাজৰ পবিত্ৰীকৃত পুৰোহিতসকলৰ কাৰণে সেয়ে হ’ব।
12 Och skola de alltså hafva en egen del af den afskilda markene, der det aldrahelgasta uti är, vid de Leviters gränso.
১২সেয়ে তেওঁলোকৰ পক্ষে, দেশৰ উপহাৰ ভূমিৰ পৰা লোৱা, লেবীয়াসকলৰ সীমাৰ কাষত এক অতি পবিত্ৰ উপহাৰ হ’ব।
13 Men Leviterna skola ock hafva fem och tjugu tusend stänger i längdene, och tiotusend i breddene, invid Presternas gränso; all längd skall hafve, fem och tjugu tusend, och bredden tiotusend stänger;
১৩আৰু লেবীয়াসকলে পুৰোহিতসকলৰ সীমাৰ সন্মুখত দীঘলে পঁচিশ হাজাৰ হাত আৰু বহলে দহ হাজাৰ হাত এডোখৰ ভূমি পাব; তাৰ গোটেই দৈৰ্ঘ্য পঁচিশ হাজাৰ হাত আৰু প্ৰস্থ দহ হাজাৰ হাত।
14 Och skola intet deraf bortsälja, eller bortbyta, att landsens förstling, icke skall bortkomma; ty det är helgadt Herranom.
১৪তেওঁলোকে ইয়াৰ অলপো সলনি নকৰিব, নাইবা দেশৰ প্ৰথম ফল হস্তান্তৰ নকৰিব; কিয়নো এয়ে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ।
15 Men de femtusend stänger, som öfver äro i breddene, emot de fem och tjugu tusend stänger i längdene, det skall vara allmänningen för stadenom, att bo derpå, och för förstadenom; och staden skall stå der midt uppå.
১৫আৰু পঁচিশ হাজাৰ হাতৰ সন্মুখৰ বহলৰ বাকী পাঁচ হাজাৰ হাত সাধাৰণ হ’ব; সেয়ে নগৰখন বসতিস্থান আৰু চাৰিওফালৰ মুকলি ঠাইৰ কাৰণে হ’ব; নগৰখন তাৰ মাজ ঠাইত হ’ব।
16 Och det skall vara vidden åt honom, fyratusend och femhundrad stänger, norrut och söderut; sammalunda österut och vesterut, ock fyratusend och femhundrad.
১৬তাৰ পৰিমাণ এইবোৰ; উত্তৰফাল চাৰি হাজাৰ পাঁচশ হাত, দক্ষিণ ফাল চাৰি হাজাৰ পাঁচশ হাত, পূৱ ফাল চাৰি হাজাৰ পাঁচ শ হাত আৰু পশ্চিম ফাল চাৰি হাজাৰ পাঁচ শ হাত।
17 Men förstaden skall hålla tuhundrade och femtio stänger, norrut och söderut; desslikes ock österut och vesterut, tuhundrade och femtio stänger.
১৭আৰু নগৰখনৰ চাৰিওফালে মুকলি ঠাই থাকিব; উত্তৰ দিশে দুশ পঞ্চাশ হাত, দক্ষিণ দিশে দুশ পঞ্চাশ হাত পূৱ দিশে দুশ পঞ্চাশ হাত আৰু পশ্চিম দিশে দুশ পঞ্চাশ হাত।
18 Men det öfver är af dess längd vid den afsöndrade och helgade marken, nämliga tiotusend stänger, österut och vesterut, det hörer till deras uppehälle som stadenom tjena.
১৮আৰু পবিত্ৰ উপহাৰ ভূমিৰ সন্মুখৰ দীঘলৰ বাকী ভাগ পূৱ দিশে দহ হাজাৰ হাত আৰু পশ্চিম দিশে দহ হাজাৰ হাত হ’ব আৰু এয়ে পবিত্ৰ উপহাৰ ভূমিৰ আগত হ’ব; আৰু তাৰ উৎপন্ন শস্য নগৰখনত কাম কৰোঁতা লোকসকলৰ আহাৰৰ কাৰণে হ’ব।
19 Och de som stadenom tjena, de skola, bruka det, ehvad slägt de af äro uti Israel.
১৯আৰু ইস্ৰায়েলৰ আটাই ফৈদৰ মাজৰ যি লোকসকলে নগৰখনত কাম কৰে, তেওঁলোকে তাক চহাব।
20 Och af all denna afskilda delenom, den på båda sidor hafver, i längdene och breddene, fem och tjugu tusend stänger, skolen I afskilja fjerdedelen; det skall vara stadsens eget.
২০গোটেই উপহাৰ ভূমি দীঘলে পঁচিশ হাজাৰ হাত আৰু বহলে পঁচিশ হাজাৰ হাত হ’ব; তোমালোকে নগৰখনৰ অধিকৃত অংশই সৈতে সেই পবিত্ৰ উপহাৰ ভূমি চাৰি-চুকীয়া কৰি উৎসৰ্গ কৰিবা।
21 Men hvad ännu öfver är på båda sidor vid den afskilda helga delen och vid stadsdelen, nämliga fem och tjugu tusend stänger, österut och vesterut, vid slägternas delar, det skall alltsammans höra Förstanom till; men den afsöndrade helgade marken och helgedomens hus skall vara der midt uti.
২১পবিত্ৰ উপহাৰ ভূমিৰ আৰু নগৰখনৰ অধিকৃত অংশৰ ইফালৰ সিফালৰ অৱশিষ্ট ভাগ অধিপতিজনৰ কাৰণে হ’ব; পূৱ সীমাৰ ফালে উপহাৰ ভূমিৰ পঁচিশ হাজাৰ হাতৰ সন্মুখৰ আৰু পশ্চিম দিশে পশ্চিম সীমাৰ ফাললৈ পঁচিশ হাজাৰ হাতৰ সন্মূখৰ অংশবোৰৰ কাষৰ ভাগ অধিপতিজনৰ কাৰণে হ’ব; আৰু পবিত্ৰ উপহাৰ ভূমি ও গৃহটিৰ ধৰ্মধাম তাৰ মাজ ঠাইত হ’ব।
22 Men hvad deremellan ligger, emellan Levitemas del, och emellan stadsdelen; summa, hvad som öfver är, emellan Juda gränso och BenJamins gränso, det skall höra Förstanom till.
২২অধিপতিজনৰ অংশৰ মাজ ঠাইত থকা যি ভাগ লেবীয়াসকলৰ অধিকৃত অংশৰ আৰু নগৰ খনৰ অধিকৃত অংশৰ বাহিৰে যিহূদা আৰু বিন্যামীনৰ সীমাৰ মাজত হ’ব সেয়ে অধিপতিজনৰ হ’ব।
23 Och dernäst skola de slägterna vara, som öfver äro: BenJamin skall hafva sin del, öster och vester.
২৩আৰু অৱশিষ্ট ফৈদবোৰৰ এই এই অংশ হ’ব; পূৱ ফালৰ পৰা পশ্চিম ফাললৈ বিন্যামীনে এক অংশ পাব।
24 Men vid BenJamins gränso skall Simeon hafva sin del, öster och vester.
২৪আৰু বিন্যামীনৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ চিমিয়োনে এক অংশ পাব।
25 Vid Simeons gränso skall Isaschar hafva sin del, öster och vester.
২৫আৰু চিমিয়োনৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ ইচাখৰে এক অংশ পাব।
26 Vid Isaschars gränso skall Sebulon hafva sin del, öster och vester.
২৬আৰু ইচাখৰৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ জবূলূনে এক অংশ পাব।
27 Vid Sebulons gränso skall Gad hafva sin del, öster och vester.
২৭আৰু জবূলূনৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ গাদে এক অংশ পাব।
28 Men näst Gad är den gränsan söderut, bortemot Theman, ifrå Thamar intill det vattnet Meriba i Kades, och in mot älfvena, allt intill stora hafvet.
২৮গাদৰ সীমাৰ কাষেদি দক্ষিণ ফালে দক্ষিণ দিশে তামৰৰ পৰা মৰীবোৎ কাদেচৰ জল সমূহৰ মাজেদি, মিচৰ জুৰিয়েদি মহাসমূদ্ৰলৈ সীমা হ’ব।
29 Alltså skall landet utdelt varda till arfs ibland Israels slägter, och det skall vara deras arf, säger Herren Herren.
২৯প্ৰভু যিহোৱাই কৈছে, আধিপত্যৰ অৰ্থে ইস্ৰায়েলৰ ফৈদবোৰ কাৰণে তোমালোকে চিঠি-খেলৰে ভাগ বাঁটিব লগা দেশ এয়ে, আৰু এইবোৰেই তেওঁলোকৰ অংশ।
30 Och så vid skall staden vara, fyratusend och femhundrad stänger nordantill.
৩০আৰু নগৰখন, চাৰিওফালৰ সীমা এইবোৰ। উত্তৰ ফালে চাৰিহাজাৰ পাঁচশ হাত। আৰু
31 Och stadsportarna skola nämnde varda efter Israels slägters namn, tre portar norrut; den förste porten Rubens, den andre Juda, den tredje Levi.
৩১নগৰখনৰ দুৱাৰবোৰ ইস্ৰায়েলৰ ফৈদৰ নাম অনুসাৰে হ’ব; উত্তৰ ফালে তিনিখন দুৱাৰ, ৰূবেণৰ এখন, যিহূদাৰ এখন আৰু লেবীৰ এখন।
32 Alltså ock östantill, fyratusend och femhundrad stänger, och sammalunda tre portar; nämliga den förste porten Joseph, den andre BenJamin, den tredje Dan.
৩২আৰু পূৱ ফালে চাৰি হাজাৰ পাঁচ শ হাত, আৰু তিনিখন দুৱাৰ, যোচেফৰ এখন, বিন্যামীনৰ এখন আৰু দানৰ এখন।
33 Sunnantill ock sammalunda, fyratusend och femhundrad stänger, och desslikes tre portar; den förste porten Simeon, den andre Isaschar, den tredje Sebulon.
৩৩আৰু দক্ষিণ ফালে চাৰি হাজাৰ পাঁচ শ হাত, আৰু তিনিখন দুৱাৰ, চিমিয়োনৰ এখন, ইচাখৰৰ এখন, আৰু জবূলূনৰ এখন।
34 Alltså ock vestantill, fyratusend och femhundrad stänger, och tre portar; den förste porten Gad, den andre Asser, den tredje Naphthali.
৩৪আৰু পশ্চিম ফালে চাৰি হাজাৰ পাঁচ শ হাত আৰু তাৰ তিনিখন দুৱাৰ, গাদৰ এখন, আচেৰৰ এখন, আৰু নপ্তালীৰ এখন।
35 Alltså skall det hafva allt omkring adertontusend stänger: och sedan skall då staden kallad varda: Här är Herren.
৩৫চাৰিওফালে ওঠৰ হাজাৰ হাত হ’ব; আৰু সেই দিনৰ পৰা নগৰখন “যিহোৱা চাম্মা”, এই নামেৰে প্ৰখ্যাত হ’ব।