< Hesekiel 22 >
1 Och Herrans ord skedde till mig, och sade:
১তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
2 Du menniskobarn, vill du icke straffa den mordiska staden, och hålla honom före all hans styggelse?
২“এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি গোচৰ নচলোৱা নে? ৰক্তপাতকাৰিণী নগৰীৰ ওপৰত গোচৰ নচলোৱা নে? তেন্তে তাইৰ আটাই ঘিণলগীয়া কাৰ্য তাইক জনোৱা।
3 Säg: Så säger Herren Herren: O du stad, som utgjuter dinas blod, på det din tid skall komma, och du, som afgudar gör när dig, på det du skall orena dig.
৩আৰু তুমি ক’ব লাগিব, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: ই কেনেকুৱা নগৰী যে, নিজৰ সময় আহিবৰ কাৰণে নিজৰ মাজত ৰক্তপাত কৰে আৰু নিজকে অশুচি কৰিবলৈ নিজৰ কাৰণে প্রতিমাবোৰ নিৰ্ম্মাণ কৰে।
4 Du förbryter dig på det blod, som du utgjuter, och orenar dig uppå de afgudar, som du gör, dermed du låter dina dagar nalkas, och beställer att din år komma måste; derföre skull jag göra dig till spott ibland Hedningarna, och till hån i all land.
৪হে নগৰী তুমি কৰা ৰক্তপাতত তুমি দোষী থ’লো আৰু তুমি নিৰ্ম্মাণ কৰা তোমাৰ প্রতিমা-বোৰৰ দ্বাৰাই তুমি অশুচি থ’লো! আৰু তুমি কাল ওচৰ চপাইছা আৰু তোমাৰ আয়ুসৰ শেষলৈ আহিছা। এই হেতুকে মই জাতিবোৰৰ আগত তোমাক ধিক্কাৰৰ আৰু আটাই দেশৰ আগত বিদ্রূপৰ বিষয় কৰিম।
5 Både när och fjerran skola de bespotta dig, så att du måste hafva ett skändeligit rykte, och stor jämmer lida.
৫হে বদনামী কলহপূৰ্ণা নগৰী, তোমাৰ ওচৰত আৰু নিলগত থকা সকলোৱে তোমাক বিদ্ৰূপ কৰিব।
6 Si, Förstarna i Israel hvar och en är mägtig när dig, till att utgjuta blod.
৬চোৱা, ইস্ৰায়েলৰ অধ্যক্ষসকলে নিজ নিজ বাহুবল অনুসাৰে ৰক্তপাত কৰিবলৈ তোমাৰ মাজত আছে।
7 Fader och moder förakta de; främlinganom göra de våld och orätt; enkor och faderlös barn förtrycka de.
৭তোমাৰ মাজত পিতৃ-মাতৃক হেয়জ্ঞান কৰা হৈছে, তোমাৰ মাজত বিদেশীক অত্যাচাৰ কৰা হৈছে; তোমাৰ মাজত পিতৃহীন আৰু বিধৱাক অন্যায় কৰা হৈছে।
8 Du föraktar min helgedom, och ohelgar mina Sabbather.
৮তুমি মোৰ পবিত্ৰ বস্তুবোৰ ঘিণ কৰিছা আৰু মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিছা!
9 Förrädare äro uti dig, på det de skola utgjuta blod; de äta på bergomen, och handla vrångvisliga i dig.
৯ৰক্তপাত কৰিবলৈ তোমাৰ মাজত চৰ্চ্চিফুৰা লোক আছে। তোমাৰ মাজত লোকে পৰ্ব্বতবোৰৰ ওপৰত ভোজন কৰে। তোমাৰ মাজত ব্যভিচাৰ কৰে!
10 De blotta fädernas blygd, och nödga qvinnorna i deras krankhet;
১০তোমাৰ মাজত পিতৃৰ উলঙ্গতা প্ৰকাশ কৰে। তোমাৰ মাজত ঋতু-স্নান হোৱা স্ত্রীক বলাৎকাৰ কৰে।
11 Och bedrifva styggelig ting, hvar och en med sin skyldmans hustru; de skämma sina egna söners hustrur öfverdådeliga; de göra sina egna systrar, sina fäders döttrar, skam.
১১কোনোৱে নিজৰ ওচৰ-চুবুৰীয়াৰ স্ত্রীৰে সৈতে ঘিণলগীয়া কাৰ্য কৰে, কোনোজনে নিজৰ বোৱাৰীয়েকক কুকৰ্মৰে অশুচি কৰে আৰু তোমাৰ মাজত আন কোনোৱে নিজৰ ভনীয়েকক, বাপেকৰ জীয়েকক বলাৎকাৰ কৰে।
12 De taga gåfvor, till att utgjuta blod; de ockra och vinna på hvarannan, och bruka girighet emot sin nästa, och öfverfalla hvarannan, och förgäta mig, säger Herren Herren.
১২ৰক্তপাত কৰিবলৈ তোমাৰ মাজত লোকে ভেঁটি লয়। তুমি সুত আৰু বাঢ়ি লওঁতা আৰু তুমি লোভ কৰি অত্যাচাৰৰ দ্বাৰাই তোমাৰ ওচৰ-চুবুৰীয়াৰ পৰা লাভ কৰিছা, কিন্তু মোক হ’লে পাহৰিছা।” ইয়াক প্ৰভু যিহোৱাই কৈছে।
13 Si, jag slår mina händer tillsamman öfver den girighet, som du bedrifver, och öfver det blod, som i dig utgjutet är.
১৩এই হেতুকে চোৱা! তুমি কৰা অন্যায় লাভত আৰু তোমাৰ মাজত ৰক্তপাতত তুমি এইবোৰ কৰাত মই হাত তালি দিছোঁ।
14 Men menar du, att ditt hjerta kan det lida, eller dina händer det fördraga, på den tid, när jag det med dig görandes varder? Jag, Herren, hafver det sagt, och vill också görat;
১৪মই যি দিনা তোমাৰ প্ৰতিশোধ ল’ম, সেইদিনা তোমাৰ হৃদয়ে সহি থাকিব পাৰিব নে? বা তোমাৰ হাত সবল হ’ব নে? মই, যিহোৱাই ইয়াক ক’লোঁ আৰু মই ইয়াক সিদ্ধও কৰিম।
15 Och skall förströ dig ibland Hedningarna, och bortdrifva dig i landena; och skall göra en ända på dina slemhet;
১৫মই জাতিবোৰৰ মাজত তোমাক ছিন্ন-ভিন্ন কৰিম, দেশবোৰৰ মাজত তোমাক গোট গোট কৰিম আৰু তোমাৰ মাজৰ পৰা তোমাৰ লেতেৰাবোৰ নিকা কৰিম।
16 Så, att du skall ibland Hedningarna aktad varda, såsom en förbannad, och förnimma att jag är Herren.
১৬আৰু তোমাক জাতিবোৰৰ সাক্ষাতে অপবিত্ৰ কৰা হ’ব। আৰু মই যে যিহোৱা, তাক তুমি জানিবা!”
17 Och Herrans ord skedde till mig, och sade:
১৭তাৰ পাছত যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
18 Du menniskobarn, Israels hus är vordet mig till slagg; all deras koppar, tenn, jern och bly, är i ugnenom vordet till slagg.
১৮“হে মনুষ্য সন্তান, ইস্ৰায়েল বংশ মোৰ দৃষ্টিত আৱৰ্জনাস্বৰূপ হ’ল। তেওঁলোক সকলোৱেই মূহিত দিব লগা পিতল, বগীতাম, লোহা আৰু সীহস্বৰূপ তেওঁলোক ৰূপৰ আৱৰ্জনাস্বৰূপ।
19 Derföre säger Herren Herren alltså: Efter I nu alle ären slagg vordne, si, så skall jag samka eder tillhopa i Jerusalem.
১৯এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: ‘তোমালোক সকলোৱেই আৱৰ্জনাস্বৰূপ হোৱাৰ বাবে চোৱা! মই তোমালোকক যিৰূচালেমৰ মাজত গোটাম।
20 Lika som man tillhopasamkar silfver, koppar, jern, bly och tenn, in uti en ugn, att man må, uppblåsa der en eld under, och smälta det; alltså vill jag ock, i mine vrede och grymhet, sammansamka, inlägga och smälta eder.
২০মানুহে ৰূপ, পিতল, লোহা, সীহ আৰু বগীতাম গলাবৰ বাবে, তাৰ ওপৰত জুই ফুঁৱাবলৈ মূহীৰ মাজত তাক গোটাই দিয়াৰ দৰে মই তোমালোকক মোৰ ক্ৰোধত আৰু কোপত গোটাম আৰু তোমালোকক তাত পেলাই গলাম।
21 Ja, jag skall sammansamka eder, och uppblåsa mine vredes eld under eder, att I deruti försmälta skolen.
২১এনে কি, মই তোমালোকক গোটাই, মোৰ ক্ৰোধাগ্নি তোমালোকৰ ওপৰত ফুঁৱাম; তাতে তোমালোক তাৰ মাজত গলি যাবা।
22 Lika som silfret smälter i ugnenom, så skolen I ock derinne smälta, och förnimma att jag, Herren, hafver utgjutit mina grymhet öfver eder.
২২মূহীৰ মাজত ৰূপ গলাৰ দৰে তাৰ মাজত তোমালোক গলিবা; গতিকে মই যিহোৱায়েই যে তোমালোকৰ ওপৰত মোৰ ক্ৰোধ বৰষালোঁ, তাক তোমালোকে জানিবা’!”
23 Och Herrans ord skedde till mig, och sade:
২৩যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
24 Du menniskobarn, säg till dem: Du äst ett land, som intet står till rensande, såsom ett, der intet regn uppå kommer på vredenes tid.
২৪“হে মনুষ্য সন্তান, তুমি যিহূদাক কোৱা, ‘তুমি হাবি নকটা, বা ক্ৰোধৰ দিনা বৰষুণ নিদিয়া দেশ!
25 De Propheter, som derinne äro, hafva sig tillhopagaddat, att de skola uppfräta själar, lika som ett rytande lejon, då det röfvar; de rifva till sig gods och penningar, och göra der många enkor inne.
২৫তাৰ মাজত তাৰ ভাববাদীসকলে চক্ৰান্ত কৰিছে, তেওঁলোকে চিকাৰ ধৰোঁতে গৰ্জ্জন কৰোঁতা সিংহৰ নিচিনা; তেওঁলোকে মনুষ্যক গ্ৰাস কৰে! তেওঁলোকে ধন-সম্পত্তি আৰু বহুমূল্য বস্তু নিয়ে; তেওঁলোকে তাৰ মাজত তাৰ বিধৱাৰ সংখ্যা বঢ়ালে।
26 Dess Prester drifva orätt under lagsens namn, och ohelga min helgedom; de hålla ingen åtskilnad, emellan heligt och oheligt, och akta intet hvad rent eller orent är, och sköta intet om mina Sabbather, och jag varder ohelgad ibland dem.
২৬তাৰ পুৰোহিতবোৰে মোৰ ব্যৱস্থাৰ বিপৰীতে অত্যাচাৰ কৰে; তেওঁলোকে পবিত্ৰ আৰু সাধাৰণৰ মাজত প্ৰভেদ নাৰাখে, বা শুচি আৰু অশুচিৰ মাজত বিভিন্ন কৰিবলৈ মানুহক নিশিকাই; তেওঁলোকে মোৰ বিশ্ৰাম-দিনবোৰৰ পৰা তেওঁলোকৰ চকু ঢাকে আৰু মই তেওঁলোকৰ মাজত অপবিত্ৰীকৃত হ’লো।
27 Dess Förstar derinne äro lika som glupande ulfvar, till att utgjuta blod, och förgöra själar för sina girighets skull.
২৭অন্যায় লাভ কৰিবৰ কাৰণে ৰক্তপাত কৰিবলৈ আৰু মনুষ্যক বিনষ্ট কৰিবলৈ তাৰ মাজত থকা তাৰ মুখ্যসকল চিকাৰ ধৰোঁতা ৰাংকুকুৰস্বৰূপ।
28 Och dess Propheter bestryka dem med obrukad kalk, predika fåfängelighet, och prophetera dem lögn, och säga: Detta säger Herren Herren; ändock att Herren hafver det intet sagt.
২৮যিহোৱাই নোকোৱাকৈয়ে প্ৰভু যিহোৱাই এইদৰে কৈছে বুলি তাৰ ভাববাদীসকলে কৈ, অনৰ্থক দৰ্শন দেখি আৰু তেওঁলোকৰ পক্ষে মিছা মঙ্গল চাই, তেওঁলোকৰ বাবে চূণেৰে লিপে।
29 Folket i landena brukar våld, och röfva fritt, och öfverfalla de fattiga och elända, och göra främlingomen öfvervåld och orätt.
২৯দেশৰ প্ৰজাসকলে উপদ্ৰৱ কৰে, বলেৰে লয়, এনে কি, দুখী-দৰিদ্ৰক দুখ দিয়ে আৰু বিদেশীক অন্যায়কৈ অত্যাচাৰ কৰে।
30 Jag sökte ibland dem, om någor ville förtaga och stilla vredena för mig, att jag icke skulle förderfva landet; men jag fann ingen.
৩০আৰু মই দেশ নষ্ট নকৰিবৰ কাৰণে, চাৰিওফালে গড় নিৰ্ম্মাণ কৰিব পৰা আৰু দেশৰ অৰ্থে মোৰ আগত গড় ভঙা বাটত থিয় হ’ব পৰা এনে এজন মানুহ তেওঁলোকৰ মাজত বিচাৰিলোঁ, কিন্তু মই কাকো নাপালোঁ।
31 Derföre utgöt jag mina vrede öfver dem, och med mine grymhets eld gjorde jag en ända med dem, och gaf dem deras förtjenst uppå deras hufvud, säger Herren Herren.
৩১এই হেতুকে মই তেওঁলোকৰ ওপৰত মোৰ ক্ৰোধ বৰষাম, মোৰ ক্ৰোধাগ্নিয়ে তেওঁলোকক সংহাৰ কৰিম! মই তেওঁলোকৰ নিজৰ নিজৰ আচাৰ-ব্যৱহাৰৰ ফল তেওঁলোকৰ মূৰত ফলিওৱাম।’ এইদৰে প্ৰভু যিহোৱাই কৈছে।”