< 5 Mosebok 18 >
1 Presterna Leviterna, och hela Levi slägt, skola ingen lott eller arf hafva med Israel; Herrans offer och hans arfvedel skola de äta.
১লেবীয়া পুৰোহিতসকল আৰু লেবী গোষ্ঠীৰ সকলো লোকে আন ইস্ৰায়েলীয়াসকলৰ দৰে কোনো ভূমি বা সম্পত্তিৰ আধিপত্য নাপাব। তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে হোমবলিৰ কাৰণে যি সকলো অনা হ’ব আৰু যিহোৱাক আন যি সকলো আগবঢ়োৱা হ’ব, তেওঁলোকে সেইবোৰ বস্তুহে খাব।
2 Derföre skola de intet arf hafva ibland deras bröder; ty Herren är deras arf, såsom han dem sagt hafver.
২ইস্রায়েলীয়া ভাইসকলৰ মাজত তেওঁলোকৰ উত্তৰাধিকাৰপ্রাপ্তি বুলি একো নাথাকিব। যিহোৱাই কৰা প্রতিজ্ঞা অনুসাৰে যিহোৱাই হ’ব তেওঁলোকৰ উত্তৰাধিকাৰ।
3 Och detta skall vara Presternas rättighet af folkena, och af dem som offra, ehvad det är fä eller får, att man skall gifva Prestenom bogen, och båda kindbenen, och våmbena;
৩লোকসকলে যিবোৰ গৰু-ছাগলী বা মেৰ-ছাগ বলি দিব, সেইবোৰৰ কান্ধ, গাল দুখনৰ মাংস আৰু পাকস্থলী তেওঁলোকে পুৰোহিত সকলক দিব; এইবোৰেই হ’ব পুৰোহিতসকলে পাবলগীয়া ভাগ।
4 Och förstlingen af ditt korn, och dinom must, och dine oljo; och förstlingen af din fårs klippning.
৪আপোনালোকৰ প্রথমে চপোৱা শস্যৰ ফলবোৰ, নতুন দ্ৰাক্ষাৰস আৰু তেল, আৰু মেৰ-ছাগৰ পৰা প্রথমবাৰ কাটি উলিওৱা নোম আপোনালোকে পুৰোহিতক দিব।
5 Förty Herren din Gud hafver utvalt honom utur alla dina slägter, att han stå skall i tjenstene i Herrans Namn, och hans söner evärdeliga.
৫কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সকলো গোষ্ঠীৰ মাজৰ পৰা লেবী গোষ্ঠীক আৰু তেওঁলোকৰ বংশধৰসকলক বাছি ল’লে যাতে তেওঁলোকে সকলো সময়তে যিহোৱাৰ নামেৰে পৰিচর্যা কার্য কৰিব পাৰে।
6 Om en Levit kommer utaf någon dina städer, eller eljest af hela Israel, der han en gäst är, och kommer af allo hans själs begärelse, till det rum som Herren utvalt hafver;
৬সমগ্র ইস্ৰায়েল দেশৰ কোনো নগৰৰ পৰা এজন লেবীয়াই যদি নিজৰ বাসস্থান এৰি সম্পূর্ণ নিজ ইচ্ছাৰে যিহোৱাই মনোনীত কৰা ঠাইত বাস কৰিবলৈ যায়,
7 Att han vill tjena i Herrans sins Guds Namn, såsom alle hans bröder Leviterna, som der stå för Herranom;
৭তেতিয়া আন সকলো লেবীয়া ভাইসকলৰ দৰে তেৱোঁ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে পৰিচর্যা কার্য কৰিব লাগিব।
8 De skola få lika del till att äta, förutan det han hafver af sina fäders sålda godse.
৮সেই লেবীয়া লোকে পৈত্রিক সম্পত্তি বিক্রী কৰি পোৱা মূল্যৰ উপৰিও সেই ঠাইৰ আন লেবীয়াসকলৰ লগত আহাৰৰ সমান ভাগ পাব।
9 När du kommer uti landet, som Herren din Gud dig gifvandes varder, så skall du icke lära göra dens folksens styggelse;
৯আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিবলৈ গৈছে, সেই দেশত সোমাই আন জাতিবোৰে যি সকলো ঘিণলগীয়া কার্য কৰে, আপোনালোকে সেই কাৰ্যবোৰ কৰিবলৈ নিশিকিব।
10 Att ingen ibland dig varder funnen, som sin son eller dotter låter gå igenom eld, eller den som är en spåman, eller en dagväljare, eller den som på foglalåt aktar, eller trollkarl;
১০আপোনালোকৰ মাজত যেন এনে কোনো লোক নাথাকে, যি জনে নিজৰ সন্তানক হোমবলি উৎসর্গ কৰে, যি জনে মঙ্গল চায়, যি জনে লক্ষণ চাই ভৱিষ্যতৰ কথা কয় বা মায়াবিদ্যা, যাদুবিদ্যাৰ অভ্যাস কৰে,
11 Eller besvärjare, eller en svartkonstig, eller en tecknatydare, eller den der någon dödan frågar.
১১যি জনে তন্ত্র-মন্ত্রৰে সন্মোহিত কৰে, যিজনে ভূতৰ পৰামর্শ লয় আৰু মৃত লোকৰ আত্মাৰ লগত সম্পর্ক ৰাখে।
12 Ty den som sådant gör, han är Herranom en styggelse; och för sådana styggelses skull fördrifver dem Herren din Gud för dig.
১২এনেবোৰ কার্য কৰা সকলো লোক যিহোৱাৰ আগত ঘিণলগীয়া আৰু এনে ঘৃণণীয় কার্যৰ কাৰণেই আপোনালোকৰ ঈশ্বৰ যিহোৱাই সেই সকলো জাতিক আপোনালোকৰ সন্মুখৰ পৰা দূৰ কৰিব।
13 Var utan vank inför Herranom dinom Gud.
১৩আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত নির্দোষী হ’ব লাগিব।
14 Ty detta folket, som du intaga skall, lyda de dagväljare och spåmän; men du skall icke så göra Herranom dinom Gud.
১৪আপোনালোকে যি জাতিবোৰক উদ্ধাস্তু কৰি ভূমি অধিকাৰ কৰিব, তেওঁলোকে মায়াবিদ্যা আৰু মঙ্গল চোৱা ভৱিষ্যত বক্তাসকলৰ কথা শুনে। কিন্তু আপোনালোকক হ’লে আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেনে কৰিবলৈ নিষেধ কৰিছে।
15 En Prophet, såsom mig, skall Herren din Gud uppväcka dig, utaf dig, och utaf dina bröder; honom skolen I lyda.
১৫আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ মাজৰ ভাইসকলৰ এজনক আপোনালোকৰ কাৰণে মোৰ নিচিনা এজন ভাববাদীক উৎপন্ন কৰিব। আপোনালোকে তেওঁৰ কথামতে চলিব লাগিব।
16 Såsom du beddes af Herranom dinom Gud i Horeb, på församlingenes dag, och sade: Jag vill icke mer höra Herrans mins Guds röst, och icke mer se den stora elden, att jag icke skall dö.
১৬হোৰেব পাহাৰৰ ওচৰত আপোনালোক সকলোৱেই যিহোৱাৰ সন্মুখত সমবেত হোৱাৰ দিনা আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ওচৰত ইয়াকে প্রার্থনা কৰিছিল। আপোনালোকে এইবুলি প্রার্থনা কৰিছিল, “ঈশ্বৰ যিহোৱাৰ মাত আমাক পুনৰ শুনিবলৈ নিদিব বা এই মহা-অগ্নি আমাক পুনৰ চাবলৈ নিদিব; সেয়ে হ’লে আমি মৰি যাম।”
17 Och Herren sade till mig: De hafva väl sagt.
১৭যিহোৱাই মোক কৈছিল, “তেওঁলোকে ঠিকেই কৈছে।
18 Jag skall uppväcka dem en Prophet, såsom du äst, utaf deras bröder, och gifva min ord i hans mun; han skall tala till dem allt det jag honom bjuda vill.
১৮মই তেওঁলোকৰ ভাইসকলৰ মাজৰ পৰা তেওঁলোকৰ কাৰণে তোমাৰ দৰে এজন ভাববাদী উৎপন্ন কৰিম। তেওঁৰ মুখেৰেই মই মোৰ কথা ক’ম আৰু মই যি সকলো কবলৈ তেওঁক আজ্ঞা দিম, তেওঁ তাকে ক’ব।
19 Och den som min ord icke hörer, som han i mitt Namn talandes varder, af honom vill jag utkräfva det.
১৯সেই ভাৱবাদীয়ে মোৰ নামেৰে এই যি কথা ক’ব, কোনোৱে যদি মোৰ সেই কথা নুশুনে, তেন্তে মই নিজে তেওঁৰ পৰা তাৰ হিচাপ ল’ম।
20 Dock om någor Prophete djerfves tala i mitt Namn, det jag honom icke befallt hafver att tala, och den som talar i andra gudars namn, den Propheten skall dö.
২০কিন্তু মই আজ্ঞা নিদিয়া কথা যদি কোনো ভাববাদীয়ে মোৰ নাম লৈ অহংকাৰ কৰি ক’য়, অথবা যদি আন কোনো দেৱতাৰ নামেৰে ক’য়, সেই ভাববাদী জনৰ অৱশ্যেই প্ৰাণদণ্ড হ’ব।”
21 Om du nu säga ville i ditt hjerta: Huru kan jag märka, hvilket ord Herren icke talat hafver?
২১“কোনো কথাত আপোনালোকে হয়তো মনতে ভাৱিব পাৰে, ‘এই বার্তা যিহোৱাই কৈছে নে নাই, তাক আমি কেনেকৈ জানিম?’
22 När den Propheten talar i Herrans Namn, och der varder intet af, och sker intet, så är det det ord, som Herren icke talat hafver. Den Propheten hafver det talat af öfverdådighet: derföre skall du icke frukta dig för honom.
২২কোনো ভাববাদীয়ে যদি যিহোৱাৰ নামেৰে কথা ক’য় আৰু সেয়ে যদি পাছত সিদ্ধ নহয় বা নঘটে, তেন্তে জানিব লাগিব যে, সেই কথা যিহোৱাই কোৱা নাই; সেই ভাৱবাদীয়ে অহংকাৰ কৰি সেই কথা কৈছে। আপোনালোকে তেওঁক ভয় নকৰিব।”