< 2 Krönikeboken 17 >
1 Och hans son Josaphat vardt Konung i hans stad, och vardt mägtig emot Israel;
১তাৰ পাছত তেওঁৰ পুত্ৰ যিহোচাফটে তেওঁৰ পদত ৰজা হৈ, ইস্ৰায়েলৰ বিৰুদ্ধে সবল হ’বলৈ নিজকে বলৱান কৰিলে।
2 Och lade krigsfolk uti alla Juda fasta städer, och satte befallningsmän i Juda land, och i Ephraims städer, som hans fader Asa vunnit hade.
২তেওঁ গড়েৰে আবৃত যিহূদাৰ আটাইবোৰ সুসজ্জিত নগৰত সেনা-বাহিনী ৰাখিলে আৰু যিহূদা দেশত আৰু তেওঁৰ পিতৃ আচাই অধিকাৰ কৰি লোৱা ইফ্ৰয়িমৰ নগৰবোৰত সৈন্যদল বহুৱাই সুৰক্ষিত কৰি ৰাখিলে।
3 Och Herren var med Josaphat; ty han vandrade i de förra Davids sins faders vägar, och sökte icke Baalim;
৩যিহোৱা যিহোচাফটৰ লগত আছিল, কিয়নো তেওঁ নিজ ওপৰ পিতৃ দায়ূদৰ প্ৰথম কালৰ পথত চলি বাল দেৱতাবোৰলৈ ঘূৰা নাছিল৷
4 Utan sins faders Gud, och vandrade i hans bud, och icke efter Israels gerningar.
৪কিন্তু তাৰ পৰিৱর্তে তেওঁৰ পৈতৃক ঈশ্বৰক বিচাৰিলে আৰু ইস্ৰায়েলৰ দৰে আচৰণ নকৰি তেওঁৰ সকলো আজ্ঞা অনুসাৰে চলিলে।
5 Derföre stadfäste Herren honom riket; och hele Juda gaf Josaphat skänker; och han hade rikedomar och härlighet ganska mycket.
৫এই হেতুকে যিহোৱাই তেওঁৰ হাতত ৰাজ্য স্থাপিত কৰিলে; আৰু গোটেই যিহূদাই যিহোচাফটলৈ উপহাৰ আনিলে; আৰু তেওঁৰ ধন ও সন্মান অতি অধিক হ’ল।
6 Och då hans hjerta dristigt vardt i Herrans vägar, hof han också bort höjderna och lundarna utu Juda.
৬তেওঁ যিহোৱাৰ পথত মন দৃঢ় কৰিলে৷ তাত বাজে তেওঁ যিহূদাৰ মাজৰ পৰা পবিত্ৰ ঠাইবোৰ আৰু আচেৰা মূৰ্ত্তিবোৰ গুচালে।
7 Uti tredje årena sins rikes sände han sina Förstar, Benhail, Obadia, Zacharia, Nethaneel och Michaja, att de skulle lära i Juda städer;
৭তেওঁ নিজৰ ৰাজত্বৰ তৃতীয় বছৰত বিনহয়িল, ওবদিয়া, জখৰিয়া, নথনেল আৰু মীখায়াক, যিকেইজন তেওঁৰ প্ৰধান লোক আছিল, তেওঁলোকক যিহূদাৰ নগৰবোৰত শিক্ষা দিবৰ বাবে পঠিয়াই দিলে৷
8 Och med dem de Leviter, Semaja, Nethania, Sebadja, Asahel, Semiramoth, Jonathan, Adonia, Tobia och TobAdonia; och med dem Presterna, Elisama och Joram.
৮আৰু তেওঁলোকে সৈতে চময়িয়া, নথনিয়া, জবদিয়া, অচাহেল, চমীৰামোৎ, যিহোনাথন, অদোনীয়া, টোবিয়া আৰু টোব অদোনীয়া, এই লেবীয়াসকলক আৰু তেওঁলোকৰ লগত ইলীচামা আৰু যিহোৰাম পুৰোহিতক পঠিয়ালে।
9 Och de lärde i Juda, och hade Herrans lagbok med sig, och foro omkring i alla Juda städer, och lärde folket.
৯তাতে তেওঁলোকে যিহোৱাৰ ব্যৱস্থা-পুস্তকখন লগত লৈ যিহূদাত শিক্ষা দিবলৈ ধৰিলে৷ আৰু তেওঁলোকে যিহূদাৰ সকলো নগৰতে ফুৰি লোকসকলৰ মাজত শিক্ষা দিলে।
10 Och Herrans fruktan kom öfver all rike i de land, som lågo omkring Juda, så att de intet stridde emot Josaphat.
১০তেতিয়া যিহূদাৰ চাৰিওফালে থকা দেশৰ সকলো ৰাজ্যৰ ৰাজতন্ত্ৰত যিহোৱাৰ পৰা এনে প্ৰচণ্ড ভয় হ’ল যে তেওঁলোকে যিহোচাফটৰ বিৰুদ্ধে যুদ্ধ নকৰিলে।
11 Och de Philisteer förde Josaphat skänker, en hop silfver; och de Araber förde honom sjutusend och sjuhundrad vädrar, och sjutusend och sjuhundrad bockar.
১১আৰু পলেষ্টীয়াসকলৰ কিছুমান লোকে যিহোচাফটলৈ উপহাৰ আৰু কৰ হিচাপে ৰূপ আনিলে৷ আৰবীয়া লোকেও তেওঁলৈ পশুৰ জাক অৰ্থাৎ সাতশ মতা ভেড়া আৰু সাত হাজাৰ সাতশ ছাগলী আনিলে।
12 Alltså växte Josaphat till, och vardt ju större och större; och han byggde i Juda slott och kornstäder.
১২এইদৰে যিহোচাফটে অতি শক্তিশালী হৈ উঠিছিল৷ তেওঁ যিহূদাত অনেক দুৰ্গ আৰু ভঁৰাল-নগৰ সাজিছিল।
13 Och hade mycket till skaffa i Juda städer; och voro stridsamme och väldige män i Jerusalem.
১৩যিহূদাৰ নগৰবোৰৰ মাজত তেওঁৰ অনেক যোগান আছিল আৰু যিৰূচালেমত তেওঁৰ পৰাক্ৰমী যুদ্ধাৰু বীৰ পুৰুষসকল আছিল।
14 Och detta var ordningen ibland deras fäders hus, som i Juda Öfverstar voro öfver tusende: Adna den öfversten, och med honom voro trehundradetusend väldige män.
১৪তেওঁলোকৰ পিতৃ-বংশ অনুসাৰে তেওঁলোকৰ তালিকা এনে ধৰণে: যিহূদাৰ সহস্ৰপতিসকলৰ মাজত আদান প্ৰদান আছিল; আৰু তেওঁৰ লগত তিনি লাখ পৰাক্ৰমী বীৰপুৰুষ আছিল;
15 Näst honom var Johanan den öfversten, och med honom voro tuhundrade och åttatio tusend.
১৫তেওঁৰ পাছত যিহোহানন সেনাপতি আৰু তেওঁৰ লগত দুই লাখ আশী হাজাৰ লোক আছিল;
16 Dernäst Amasia, Sichri son, den Herrans friviljoge, och med honom voro tuhundradetusend väldige män.
১৬তেওঁৰ পাছত নিজকে ইচ্ছামনেৰে উৎসৰ্গ কৰা জিখ্ৰীৰ পুত্ৰ অমচিয়া; তেওঁৰ লগত দুই লাখ পৰাক্ৰমী বীৰ পুৰুষ আছিল৷
17 Af BenJamins barn var Eljada en väldig man, och med honom voro tuhundradetusend, som med bågar och sköld färdige voro.
১৭বিন্যামীনৰ মাজত পৰাক্ৰমী বীৰ পুৰুষ ইলিয়াদা, তেওঁৰ লগত দুই লাখ ধনু আৰু ঢাল ধৰা লোক আছিল;
18 Efter honom var Josabad, och med honom voro hundrade och åttatio tusend färdige män till strid.
১৮আৰু তেওঁৰ পাছত যিহোজাবদ, তেওঁৰ লগত যুদ্ধলৈ সাজু হোৱা এক লাখ আশী হাজাৰ লোক আছিল৷
19 Desse vaktade alle på Konungen, förutan de som Konungen lagt hade uti de fasta städer i hela Juda.
১৯এওঁলোকে ৰজাৰ পৰিচৰ্যা কৰিছিল আৰু এওঁলোকৰ বাহিৰেও ৰজাই যিহূদাৰ সকলো ফালে গড়েৰে আবৃত নগৰবোৰত সেনাপতিসকলক ৰাখিছিল।