< 1 Samuelsboken 12 >

1 Då sade Samuel till hela Israel: Si, jag hafver hört edra röst uti allt det I mig sagt hafven, och hafver gjort en Konung öfver eder.
চমূৱেলে ইস্ৰায়েলৰ লোকসকলক ক’লে, “চোৱা, তোমালোকে মোক যি যি কৈছিলা, সেই সকলো কথা মই শুনিলো, সেয়ে তোমালোকৰ কাৰণে এজন ৰজা পাতি দিলোঁ।
2 Och si, der går nu edar Konung för eder; men jag är gammal och grå vorden, och mine söner äro när eder, och jag hafver gångit för eder, ifrå min ungdom allt intill denna dag.
এতিয়া ৰজাই তোমালোকৰ আগত অহা-যোৱা কৰি আছে; কাৰণ মই পকা চুলিয়া বৃদ্ধ হ’লো; আৰু মোৰ সন্তান সকল তোমালোকৰ লগত আছে। যুৱক অৱস্থাৰ পৰা এতিয়ালৈকে মই তোমালোকৰ আগত অহা-যোৱা কৰি আছিলোঁ।
3 Si, här är jag: Svarer mig inför Herranom och hans smorda, om jag någons mans oxa eller åsna tagit hafver? Om jag hafver någrom gjort öfvervåld och orätt? Om jag någon undertryckt hafver? Om jag af någons mans hand hafver tagit gåfvor, och hållit det hemliga? Så vill jag gifva eder det igen.
মই ইয়াতে আছোঁ; যিহোৱা আৰু অভিষিক্ত জনাৰ সন্মুখত মোৰ বিৰুদ্ধে সাক্ষ্য দিছা। কাৰ ষাঁড়-গৰু মই ল’লো? কাৰ গাধ মই ল’লো? কাক মই প্ৰবঞ্চনা কৰিলোঁ? কাক মই উপদ্ৰৱ কৰিলোঁ? মোৰ নিজৰ চকু অন্ধ কৰিবলৈ কাৰ হাতৰ পৰা ভেটী ল’লো? তোমালোকে যিহোৱাৰ সাক্ষাতে আৰু তেওঁৰ অভিষিক্ত জনৰ আগত মোৰ বিৰুদ্ধে সাক্ষ্য দি কোৱা, মই তোমালোকক তাক ওভোটাই দিম।”
4 De sade: Du hafver intet öfvervåld eller orätt gjort oss, ej heller någon undertryckt; ej heller af någons mans hand något tagit.
তেওঁলোকে ক’লে, আপুনি আমাক প্ৰবঞ্চনা, উপদ্ৰৱ বা আমাৰ হাতৰ পৰা একো বস্তু লোৱা নাই।’
5 Han sade till dem: Herren och hans smorde vare vittne emot eder i dag, att i intet hafven funnit i mine hand. De sade: Ja, vare vittne.
তেওঁ তেওঁলোকক ক’লে, “যিহোৱা তোমালোকৰ বিৰুদ্ধে সাক্ষী আছে, আৰু তেওঁৰ অভিষিক্ত জনো সাক্ষী হৈ আছে, যে, তোমালোকে মোৰ হাতত একো বস্তু পোৱা নাই।” তেওঁলোকে উত্তৰ দি ক’লে, “যিহোৱা সাক্ষী হৈ আছে।”
6 Och Samuel sade till folket: Ja, Herren, som Mose och Aaron gjort hafver, och förde edra fäder utur Egypti land.
চমূৱেলে লোকসকলক ক’লে, যিহোৱাই মোচি আৰু হাৰোণক নিযুক্ত কৰিছিল, আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিলে।
7 Så går nu fram, att jag må döma eder för Herranom, öfver all Herrans rättfärdighet, som han med eder och edra fäder gjort hafver.
তোমালোকে এতিয়া প্ৰস্তুত হোৱা; তোমালোকলৈ আৰু তোমালোকৰ পূৰ্বপুৰুষসকললৈ যিহোৱাই যি উপযুক্ত কাৰ্য কৰিলে, তাৰ বিষয়ে যিহোৱাৰ সন্মুখত মই তোমালোকৰ লগত কথা পাতিম।
8 Då Jacob var kommen in uti Egypten, ropade edra fäder till Herran. Och Herren sände Mose och Aaron, att de skulle föra edra fäder utur Egypten, och lät bo dem på detta rum.
যাকোব মিচৰলৈ অহাৰ পাছত, যেতিয়া তোমালোকৰ পূৰ্ব-পুৰুষসকলে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, তেতিয়া যিহোৱাই মোচি আৰু হাৰোণক পঠালে; তেওঁলোকে মিচৰৰ পৰা তোমালোকৰ পূৰ্বপুৰুষসকলক উলিয়াই আনিলে আৰু এই ঠাইতে তেওঁলোকক নিবাস কৰিবলৈ দিলে।
9 Men när de förgåto Herran sin Gud, sålde han dem under Sisera våld, höfvitsmansens i Hazor, och uti de Philisteers våld, och uti de Moabiters Konungs våld; de stridde emot dem.
কিন্তু তেওঁলোকে তেওঁলোকৰ ঈশ্বৰ যিহোৱাক পাহৰিলে; তাতে তেওঁ হাচোৰৰ সেনাপতি চীচৰাৰ, পলেষ্টীয়াসকলৰ আৰু মোৱাবৰ ৰজাৰ হাতত তেওঁলোকক বেচিলে; আৰু সিহঁতে তেওঁলোকৰ লগত যুদ্ধ কৰিলে।
10 Och de ropade till Herran, och sade: Vi hafve syndat, att vi hafve öfvergifvit Herran, och tjent Baalim och Astaroth; men frälsa oss nu ifrå våra fiendars hand, så vilje vi tjena dig.
১০তাৰ পাছত তেওঁলোকে যিহোৱাৰ ওচৰত কাতৰোক্তি কৰি ক’লে, ‘আমি পাপ কৰিলোঁ; কাৰণ আমি যিহোৱাক ত্যাগ কৰি বাল দেৱতাবোৰক আৰু অষ্টাৰেৎ দেৱীবোৰক পূজা কৰিলোঁ। কিন্তু এতিয়া আপুনি আমাক শত্ৰুৰ হাতৰ পৰা উদ্ধাৰ কৰক; আৰু আমি আপোনাৰ আৰাধনা কৰিম।’
11 Då sände Herren JerubBaal, Bedan, Jephthah och Samuel, och frälste eder utur edra fiendars händer, allt omkring, och lät eder bo tryggeliga.
১১তাৰ পাছত যিহোৱাই যিৰুব্বাল, বাৰাক, যিপ্তহ আৰু চমূৱেলক পঠাই তোমালোকৰ চাৰিওফালে থকা শত্ৰুবোৰৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিলে; তাতে তোমালোকে নিৰাপদে বসতি কৰিলা।
12 När I då sågen att Nahas, Ammons barnas Konung, Kom emot eder, saden I till mig: Icke du, utan en Konung skall råda öfver oss; ändock Herren edar Gud var edar Konung.
১২অম্মোনৰ সন্তান সকলৰ ৰজা নাহচ যেতিয়া তোমালোকৰ অহিতে ওলাই অহা দেখিলা, তেতিয়া তোমালোকে মোক ক’লা, ‘নহয় যদিও তোমালোকৰ ঈশ্ৱৰ যিহোৱা তোমালোকৰ ৰজা আছিল, তথাপিও তোমালোকে ৰাজত্ৱ কৰিবলৈ এজন ৰজা বিচাৰিলা’।
13 Nu, här hafven I edar Konung, den I utvalt och begärat hafven; ty, si, Herren hafver satt en Konung öfver eder.
১৩তোমালোকে মনোনীত কৰা আৰু তোমালোকে বিচাৰা ৰজা এইজন; যিহোৱাই তোমালোকৰ কাৰণে ৰজা নিযুক্ত কৰি দিলে।
14 Om I nu frukten Herran, och tjenen honom, och hören hans röst, och icke ären Herrans mun ohörige, så skolen både I och edar Konung, som öfver eder råder, efterfölja Herran edar Gud.
১৪তোমালোকে যদি যিহোৱালৈ ভয় ৰাখি তেওঁৰ আৰাধনা কৰা, তেওঁৰ বাক্য পালন কৰা, যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ নকৰা, তেনেহলে তোমালোক তথা তোমালোকৰ ওপৰত ৰাজত্ব কৰা ৰজা উভয়ে ঈশ্বৰ যিহোৱাৰ অনুগামী হ’বা।
15 Om I icke hören Herrans röst, utan ären Herrans mun ohörige, så skall Herrans hand vara emot eder och edra fäder.
১৫কিন্তু যদি তোমালোকে যিহোৱাৰ বাক্য পালন নকৰা, যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ কৰা, তেন্তে, যিহোৱাৰ হাত যেনেকৈ তোমালোকৰ ওপৰ পিতৃসকলৰ বিৰুদ্ধে আছিল তেনেকৈ তোমালোকৰো বিৰুদ্ধে হ’ব।
16 Går också nu fram, och ser det stora ärende, som Herren göra skall för edor ögon.
১৬সেয়ে তোমালোকে যিহোৱাৰ ওচৰত নিজকে সমর্পণ কৰা আৰু তোমালোকৰ চকুৰ সন্মুখত কৰা যিহোৱাৰ মহৎ কৰ্মবোৰ চোৱা।
17 Är icke nu hveteanden? Dock vill jag åkalla Herran, att han skall låta dundra och regna, att I skolen förnimma och se det stora onda, som I för Herrans ögon gjort hafven, att I hafven bedts eder Konung.
১৭আজি জানো ঘেঁহু ধান দোৱা সময় নহয়? যিহোৱাই যেন মেঘ-গৰ্জ্জনেৰে বৃষ্টি বৰষাই, ইয়াৰ বাবে মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিম। ‘তোমালোকে তোমালোকৰ বাবে এজন ৰজা খোজা, যিহোৱাৰ দৃষ্টিত কিমান ডাঙৰ অপৰাধ আছিল, সেই বিষয়ে তোমালোকে বুজিবা আৰু দেখিবলৈ পাবা’।
18 Och då Samuel åkallade Herran, lät Herren den samma dagen dundra och regna; då fruktade allt folket Herran och Samuel ganska storliga;
১৮তাৰ পাছত চমূৱেলে যিহোৱাৰ ওচৰত নিবেদন কৰিলে, আৰু সেই দিনাই যিহোৱাই মেঘ-গৰ্জ্জনেৰে বৃষ্টি বৰষালে। এই সকলো দেখি, লোক সকলে যিহোৱালৈ আৰু চমূৱেললৈ অতিশয় ভয় কৰিলে।
19 Och sade alle till Samuel: Bed för dina tjenare Herran din Gud, att vi icke dö; ty öfver alla våra synder hafve vi ock gjort detta onda, att vi beddes oss Konung.
১৯তাৰ পাছত সকলো লোকে চমূৱেলক ক’লে, “আপোনাৰ ঈশ্ৱৰ যিহোৱাৰ আগত আপোনাৰ দাস সকলৰ কাৰণে প্ৰার্থনা কৰক; যাতে আমাৰ মৃত্যু নহয়। কাৰণ আমি আমাৰ বাবে এজন ৰজা বিচাৰি অধিক পাপ কৰিলোঁ।”
20 Och Samuel sade till folket: Frukter eder intet, I hafven sannerliga gjort allt det onda; dock träder icke af ifrå Herranom, utan tjener Herranom af allo hjerta.
২০চমূৱেলে উত্তৰ দি ক’লে, ভয় নকৰিবা; তোমালোকে এই সকলো দুষ্কৰ্ম কৰিছা হয়, কিন্তু তোমালোকে যিহোৱাৰ পথ ত্যাগ নকৰিবা আৰু তোমালোকে সকলো হৃদয়েৰে যিহোৱাৰ আৰাধনা কৰিবা।
21 Och viker icke efter fåfängelig ting; ty det gagnar eder intet, och kan intet hjelpa eder, efter det en fåfängelig ting är.
২১কোনো অসাৰ বস্তুৰ পাছত তোমালোক নাযাবা; সেয়া তোমালোকৰ কাৰণে লাভ জনক নহয় বা তোমালোকক ৰক্ষা নকৰে, কাৰণ এই সকলো অসাৰ।
22 Förty Herren öfvergifver icke sitt folk, för sitt stora Namns skull; ty Herren hafver begynt till att göra eder sig sjelfvom till ett folk.
২২যিহোৱাই নিজৰ মহান নামৰ উদ্দেশ্যে নিজৰ প্ৰজাসকলক ত্যাগ নকৰে; কাৰণ তেওঁলোকক নিজৰ প্ৰজা কৰিবলৈ যিহোৱা সন্তোষ হয়।
23 Vare ock fjerran ifrå mig, att jag så skulle synda emot Herran, att jag skulle aflåta bedja för eder, och lära eder den goda och rätta vägen.
২৩মই তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ এৰি দিয়াৰ দ্বাৰাই যিহোৱাৰ বিৰুদ্ধে পাপ কৰিম, এনে নহওঁক, ইয়াৰ পৰিবৰ্তে, মই তোমালোকক উত্তম আৰু সৰল পথ শিকাম।
24 Allenast frukter Herran, och tjener honom troliga af allo hjerta; förty I hafven sett huru stor ting han gör med eder.
২৪তোমালোকে কেৱল যিহোৱালৈ ভয় ৰাখা আৰু সত্যতাৰে সকলো হৃদয়েৰে তেওঁৰ আৰাধনা কৰা; আৰু তেওঁ তোমালোকৰ অৰ্থে কৰা মহৎ কর্মৰ কথা বিবেচনা কৰা।
25 Men om I gören det ondt är, så skolen både I och edar Konung förgås.
২৫কিন্তু তোমালোকে যদি বেয়া আচৰণ কৰা, তেন্তে তোমালোক আৰু তোমালোকৰ ৰজা উভয়ে বিনষ্ট হ’বা।

< 1 Samuelsboken 12 >