< Mathayo 16 >

1 Mafarisayo na Masadukayo walimwendea Yesu, na kwa kumjaribu, wakamwomba afanye ishara itokayo mbinguni.
ফৰীচী আৰু চদ্দূকী সকলে যীচুক পৰীক্ষা কৰিবৰ কাৰণে তেওঁৰ ওচৰলৈ আহিল আৰু আকাশৰ পৰা কোনো এটা পৰাক্ৰম কাৰ্যৰ চিন তেওঁলোকক দেখুৱাবলৈ ক’লে।
2 Lakini Yesu akawajibu, “Wakati wa jioni ukifika ninyi husema: Hali ya hewa itakuwa nzuri kwa maana anga ni jekundu!
যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “সন্ধিয়া হলে আপোনালোকে কয়, ‘বতৰ ফৰকাল হব, কিয়নো আকাশ খন ৰঙা হৈছে।’
3 Na alfajiri mwasema: Leo hali ya hewa itakuwa ya dhoruba, maana anga ni jekundu na tena mawingu yametanda! Basi, ninyi mnajua sana kusoma majira kwa kuangalia anga, lakini kutambua dalili za nyakati hizi hamjui.
ৰাতিপুৱা কয়, ‘আজি ডাৱঁৰীয়া হব; কিয়নো আকাশ ৰঙা ও অন্ধকাৰ হৈছে।’ আপোনালোকে আকাশৰ অৱস্থাৰ প্ৰভেদ বিচাৰ কৰিব জানে, অথচ সময়ৰ চিন বুজিব নোৱাৰে।
4 Kizazi kiovu kisicho na uaminifu! Mnataka ishara, lakini hamtapewa ishara yoyote isipokuwa tu ile ya Yona.” Basi, akawaacha, akaenda zake.
এই যুগৰ পাপী আৰু ব্যভিচাৰীলোক সকলে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে৷ কিন্তু যোনাৰ চিনৰ বাহিৰে তেওঁলোকক আন একো চিন দেখুওৱা নহ’ব।” তাৰ পাছত যীচুৱে তেওঁলোকক এৰি গুচি গ’ল।
5 Wanafunzi wake walipokwisha vukia upande wa pili wa ziwa, walijikuta wamesahau kuchukua mikate.
পাছত তেওঁৰ শিষ্য সকল সিপাৰলৈ আহিল, কিন্তু লগত পিঠা আনিবলৈ পাহৰি গ’ল।
6 Yesu akawaambia, “Muwe macho na mjihadhari na chachu ya Mafarisayo na Masadukayo!”
যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে শুনা! ফৰীচী আৰু চদ্দূকী সকলৰ খমিৰৰ পৰা সাৱধানে থাকিবা।”
7 Lakini wao wakawa wanajadiliana: “Anasema hivyo kwa kuwa hatukuchukua mikate.”
শিষ্য সকলে নিজৰ মাজত কোৱা-কুই কৰিলে, “আমি পিঠা অনা নাই কাৰণে তেওঁ এইদৰে ক’লে নেকি৷”
8 Yesu alijua mawazo yao, akawaambia, “Enyi watu wenye imani haba! Mbona mnajadiliana juu ya kutokuwa na mikate?
এই কথা বুজিব পাৰি যীচুৱে ক’লে, “অল্পবিশ্বাসী সকল, তোমালোকে নিজৰ মাজত পিঠা লৈ নহাৰ কাৰণে এই কথা কৈছোঁ বুলি কিয় আলোচনা কৰিছা?
9 Je, hamjaelewa bado? Je, hamkumbuki nilipoimega ile mikate mitano kwa ajili ya wale watu elfu tano? Je, mlijaza vikapu vingapi vya makombo?
তোমালোকে এতিয়াও বুজা নাই নে বা তোমালোকৰ মনতো পৰা নাই নে সেই পাঁচ হাজাৰ মানুহৰ কাৰণে পাঁচটা পিঠাৰ কথা আৰু তাৰ পাছত কেইটা পাচি তোমালোকে তুলি লৈছিলা?
10 Au, ile mikate saba waliyogawiwa wale watu elfu nne, je, mlikusanya vikapu vingapi vya mabaki?
১০নাইবা সেই চাৰি হাজাৰ মানুহৰ কাৰণে সাতটা পিঠাৰ কথা আৰু কেইটা পাচি তোমালোকে তুলি লৈছিলা?
11 Inawezekanaje hamwelewi ya kwamba sikuwa nikisema juu ya mikate? Jihadharini na chachu ya Mafarisayo na Masadukayo!”
১১মই যে তোমালোকক পিঠাৰ কথা কোৱা নাই, সেই বিষয়ে তোমালোকে কিয় বুজি পোৱা নাই? কিন্তু ফৰীচী আৰু চদ্দূকী সকলৰ খমিৰৰ পৰা সাৱধান হবলৈহে কৈছোঁ।”
12 Hapo wanafunzi wakafahamu kwamba aliwaambia wajihadhari siyo na chachu ya mikate, bali na mafundisho ya Mafarisayo na Masadukayo.
১২তেতিয়া শিষ্য সকলে বুজি পালে যে, তেওঁ পিঠাৰ খমিৰৰ পৰা তেওঁলোকক সাৱধান হবলৈ কোৱা নাই, কিন্তু ফৰীচী আৰু চদ্দূকী সকলৰ শিক্ষাৰ পৰাহে সাৱধান হ’বৰ বাবে কৈছে।
13 Yesu alipofika pande za Kaisarea Filipi, aliwauliza wanafunzi wake, “Watu wanasema Mwana wa Mtu kuwa ni nani?”
১৩তাৰ পাছত যীচু যেতিয়া চীজাৰিয়া-ফিলিপীৰ অঞ্চললৈ গ’ল, তেতিয়া শিষ্য সকলক তেওঁ সুধিলে “মানুহৰ পুত্ৰ কোন”এই বিষয়ে লোক সকলে কি বুলি কয়?
14 Wakamjibu, “Wengine wanasema kuwa ni Yohane mbatizaji, wengine Eliya, wengine Yeremia au mmojawapo wa manabii.”
১৪তেওঁলোকে ক’লে, “কোনো কোনোৱে কয় বাপ্তিস্ম দিওঁতা যোহন; কোনোৱে এলিয়া, আন কোনোৱে যিৰিমিয়া বা ভাৱবাদী সকলৰ এজন বুলি কয়৷”
15 Yesu akawauliza, “Na ninyi je, mwasema mimi ni nani?”
১৫তেতিয়া তেওঁ তেওঁলোকক সুধিলে, “কিন্তু তোমালোকে নো মোক কোন বুলি ভাবা?”
16 Simoni Petro akajibu, “Wewe ndiwe Kristo, Mwana wa Mungu aliye hai.”
১৬তেতিয়া চিমোন পিতৰে উত্তৰ দি কলে, “আপুনি সেই অভিষিক্ত জন অৰ্থাৎ খ্ৰীষ্ট, জীৱন্ত ঈশ্বৰৰ পুত্ৰ।”
17 Yesu akasema, “Heri wewe Simoni mwana wa Yona, kwa maana si binadamu aliyekufunulia ukweli huu, ila Baba yangu aliye mbinguni.
১৭তেতিয়া যীচুৱে উত্তৰ দি তেওঁক ক’লে, “বাৰ যোনাৰ পুত্ৰ চিমোন, তুমি ধন্য; কিয়নো তেজ আৰু মাংসই তোমাৰ আগত এই কথা প্ৰকাশ কৰা নাই, কিন্তু স্বৰ্গত থকা মোৰ পিতৃয়েহে প্ৰকাশ কৰিলে।
18 Nami nakwambia: wewe ni Petro, na juu ya mwamba huu nitalijenga kanisa langu; wala kifo chenyewe hakitaweza kulishinda. (Hadēs g86)
১৮ময়ো তোমাক কওঁ যে ‘তুমি পিতৰ অৰ্থাৎ শিল’, আৰু এই শিলৰ ওপৰত মই মোৰ মণ্ডলী স্থাপন কৰিম, মৃত্যুৰ কোনো শক্তিয়েইয়াক পৰাজয় কৰিব নোৱাৰিব। (Hadēs g86)
19 Nitakupa funguo za Ufalme wa mbinguni; kila utakachofunga duniani, kitafungwa pia mbinguni; kila utakachofungua duniani, kitafunguliwa pia mbinguni.”
১৯মই তোমাক স্বৰ্গৰাজ্যৰ চাবিবোৰ দিম, তাতে তুমি এই পৃথিৱীত যিহকে বান্ধিবা, সেয়ে স্বৰ্গতো বান্ধি ৰখা হ’ব; আৰু তুমি পৃথিৱীত যিহকে মুকলি কৰিবা, সেয়ে স্বৰ্গতো মুকলি হবলৈ দিয়া হ’ব।”
20 Kisha akawaonya wanafunzi wasimwambie mtu yeyote kwamba yeye ndiye Kristo.
২০তেতিয়া যীচুৱে শিষ্য সকলক এই আজ্ঞা দিলে, তেওঁলোকে যাতে কাকো নকয় যে তেৱেঁই “খ্রীষ্ট, অৰ্থাৎ অভিষিক্ত জন”।
21 Tangu wakati huo Yesu alianza kuwajulisha waziwazi wanafunzi wake: “Ni lazima mimi niende Yerusalemu, na huko nikapate mateso mengi yatakayosababishwa na wazee, makuhani wakuu na walimu wa Sheria. Nitauawa, na siku ya tatu nitafufuliwa.”
২১সেই সময়ৰ পৰা যীচুৱে তেওঁৰ শিষ্য সকলক জনাবলৈ ধৰিলে যে, তেওঁ অৱশ্যেই যিৰূচালেমলৈ যাব লাগিব, আৰু তাত পৰিচাৰক, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ পৰা অনেক দুখভোগ পাই মৃত্যুভোগ কৰি তিন দিনৰ দিনা পুনৰায় উঠিব লাগিব।
22 Hapo Petro akamchukua kando, akaanza kumkemea: “Isiwe hivyo Bwana! Jambo hili halitakupata!”
২২তেতিয়া পিতৰে তেওঁক একাষলৈ নি অনুযোগ কৰি ক’লে “হে প্ৰভু, ই আপোনাৰ পৰা দূৰ হওক! আপোনাৰ প্ৰতি কেতিয়াও এনে নঘটক।”
23 Lakini Yesu akageuka, akamwambia Petro, “Ondoka mbele yangu Shetani! Wewe ni kikwazo kwangu. Mawazo yako si ya mungu bali ni ya kibinadamu!”
২৩কিন্তু যীচুৱে পিতৰৰ ফালে ঘূৰি চাই তেওঁ ক’লে, “মোৰ আগৰ পৰা দূৰ হ চয়তান; তই মোৰ পথৰ বিঘিনি স্বৰূপ, তই ঈশ্বৰৰ কথা নাভাবি, মানুহৰ কথাহে ভাবিছ।”
24 Kisha Yesu akawaambia wanafunzi wake, “Kama mtu yeyote anataka kuwa mfuasi wangu, ni lazima ajikane mwenyewe, auchukue msalaba wake, anifuate.
২৪তাৰ পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেনেহলে তেওঁ নিজকে অস্বীকাৰ কৰক আৰু নিজৰ ক্ৰুচ তুলি লৈ, মোক অনুসৰণ কৰক।
25 Maana, mtu anayetaka kuyaokoa maisha yake mwenyewe, atayapoteza;
২৫কিয়নো যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব; কিন্তু যি কোনোৱে মোৰ কাৰণে নিজৰ জীৱন হেৰুৱায়, তেওঁ সেই জীৱন পাব।
26 lakini mtu anayeyapoteza maisha yake kwa ajili yangu, atayapata. Je, mtu atafaidi nini akiupata utajiri wote wa ulimwengu na hali amepoteza maisha yake? Au, mtu atatoa kitu gani kiwe badala ya maisha yake?
২৬কাৰণ কোনো মানুহে গোটেই খন জগত পায়ো যদি নিজৰ জীৱনকে হানি কৰে, তেনেহলে তেওঁৰ কি লাভ? মানুহে নিজৰ প্ৰাণৰ সলনি কি দিব পাৰে?
27 Maana, Mwana wa Mtu atakuja katika utukufu wa Baba yake pamoja na malaika wake, na hapo ndipo atakapomlipa kila mtu kadiri ya matendo yake.
২৭কিয়নো মানুহৰ পুত্ৰই নিজৰ পিতৃৰ প্ৰতাপেৰে স্বর্গৰ দূত সকলক লগত লৈ আহিব৷ তেতিয়া তেওঁ প্ৰতিজনক নিজৰ কৰ্ম অনুসাৰে ফল দিব।”
28 Kweli nawaambieni, wako wengine papahapa ambao hawatakufa kabla ya kumwona Mwana wa Mtu akija katika Ufalme wake.”
২৮মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকৰ মাজত এনে কিছুমান লোক ইয়াত থিয় হৈ আছে, যি সকলে মানুহৰ পুত্ৰক নিজৰ ৰাজ্যলৈ অহা নেদেখা পর্যন্ত মৃত্যুভোগ নকৰে।”

< Mathayo 16 >