< Marko 4 >
1 Yesu alianza kufundisha tena akiwa kando ya ziwa. Umati mkubwa wa watu ulimzunguka hata ikambidi aingie katika mashua na kuketi. Watu wakawa wamekaa katika nchi kavu, kando ya ziwa.
১তাৰ পাছত যীচুৱে সাগৰৰ তীৰত গৈ পুনৰ উপদেশ দিবলৈ ধৰিলে। তেতিয়া অধিক লোক তেওঁৰ ওচৰত গোট খোৱাত তেওঁ সাগৰলৈ গৈ এখন নাৱত উঠি বহিল; আৰু লোক সকল সাগৰৰ পাৰতে ৰৈ থাকিল।
2 Aliwafundisha mambo mengi kwa mifano, na katika mafundisho yake aliwaambia,
২তেতিয়া তেওঁ দৃষ্টান্তেৰে তেওঁলোকক অনেক উপদেশ দিলে আৰু উপদেশ দিওঁতে তেওঁলোকক কলে:
3 “Sikilizeni! Mpanzi alikwenda kupanda mbegu.
৩“শুনক, এজন খেতিয়কে কঠীয়া সিচিঁবলৈ গ’ল।
4 Alipokuwa akipanda, nyingine zilianguka njiani, ndege wakaja wakazila.
৪তেওঁ সিচোঁতে সিচোঁতে, কিছুমান কঠীয়া আলিবাটৰ কাষত পৰিল; তাতে চৰাইবোৰে আহি সেইবোৰ খুঁটি খালে।
5 Nyingine zilianguka penye mawe pasipokuwa na udongo mwingi. Mbegu hizo ziliota mara kwa kuwa udongo haukuwa na kina.
৫কিছুমান কঠিয়া অলপ মাটি থকা শিলনিত পৰিল, তাতে মাটি ডাঠ নোহোৱাৰ বাবে সোনকালে গজিল৷
6 Jua lilipochomoza, zikachomeka; na kwa kuwa mizizi yake haikuwa na nguvu, zikanyauka.
৬কিন্তু যেতিয়া সূৰ্য উদয় হ’ল আৰু তাপ লাগিল তেতিয়া শিপা নোহোৱা বাবে, সেইবোৰ শুকাই গ’ল।
7 Nyingine zilianguka kwenye miti ya miiba, nayo ikakua na kuzisonga, nazo hazikuzaa nafaka.
৭কিছুমান কঠিয়া কাঁইটনিত পৰিল; তাতে কাঁইটীয়া বনবোৰ বাঢ়ি উঠি সেইবোৰক হেচি ধৰিলে আৰু সেইবোৰত একো ফল নধৰিল৷
8 Nyingine zilianguka katika udongo mzuri, zikakua na kuzaa: moja punje thelathini, moja sitini na nyingine mia.”
৮আন কিছুমান কঠিয়া ভাল মাটিত পৰিল আৰু গজালি মেলি বাঢ়ি উঠিল, তাতে ফলউৎপন্ন হ’ল৷ সেই কঠিয়াবোৰৰ কিছুমানে ডেৰকুৰি, তিনি কুৰি আৰু এশ গুণলৈকে ফল উৎপন্ন কৰিলে।”
9 Kisha akawaambia, “Mwenye masikio na asikie!”
৯তেওঁ ক’লে, “যাৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক”।
10 Yesu alipokuwa peke yake, baadhi ya wale waliomsikia walimwendea pamoja na wale kumi na wawili, wakamwuliza juu ya hiyo mifano.
১০তাৰ পাছত যীচু নিৰ্জন ঠাইত থকা সময়ত তেওঁৰ সঙ্গী সকলে সেই বাৰ জন শিষ্যৰ সৈতে গৈ সেই দৃষ্টান্ত কেইটাৰ বিষয়ে তেওঁক সুধিলে।
11 Naye akawaambia, “Ninyi mmejaliwa kujua siri ya Utawala wa Mungu, lakini wale walio nje wataambiwa kila kitu kwa mifano,
১১তেতিয়া তেওঁ তেওঁলোকক কলে, “ঈশ্বৰৰ ৰাজ্যৰ নিগূঢ়-তত্ত্ব তোমালোকক দিয়া হৈছে৷ কিন্তু যি সকল লোক বাহিৰত আছে, তেওঁলোকৰ আগত সকলো কথা দৃষ্টান্তেৰে কোৱা হৈছে,
12 ili, Watazame kweli, lakini wasione. Wasikie kweli, lakini wasielewe. La sivyo, wangemgeukia Mungu, naye angewasamehe.”
১২যাতে তেওঁলোকে যেতিয়া চাই, হয়, তেওঁলোকে চাই; কিন্তু দেখা নাপায়, আৰু যাতে তেওঁলোকে যেতিয়া শুনে; হয়, শুনে, কিন্তু বুজি নাপায়, অন্যথা তেওঁলোকে ঘূৰি আহিলেহেঁতেন, আৰু ঈশ্বৰেও ক্ষমা দিলেহেঁতেন৷”
13 Basi, Yesu akawauliza, “Je, ninyi hamwelewi mfano huu? Mtawezaje basi, kuelewa mfano wowote?
১৩পাছত তেওঁ কলে, “তোমালোকে এই দৃষ্টান্ত বুজা নাই নে? তেনেহলে সকলো দৃষ্টান্ত কেনেকৈ বুজিবা?
14 Mpanzi hupanda neno la Mungu.
১৪সেই খেতিয়কে বাক্য সিচেঁ।
15 Watu wengine ni kama wale walio njiani ambapo mbegu zilianguka. Hawa hulisikia hilo neno lakini mara Shetani huja na kuliondoa neno hilo lililopandwa ndani yao.
১৫য’ত বাক্য সিচাঁ হয়, সেই আলিবাটৰ কাষত থকা এওঁলোক এনেকুৱা লোক, এওঁলোকে বাক্য শুনি উঠাৰ লগে লগে চয়তানেআহি তেওঁলোকৰ পৰা সিচাঁ বাক্য কাঢ়ি নিয়ে;
16 Watu wengine ni kama zile mbegu zilizopandwa penye mawe. Mara tu wanapolisikia hilo neno hulipokea kwa furaha.
১৬সেইদৰে শিলনিত সিচাঁ এওঁলোক এনেকুৱা লোক, তেওঁলোকে বাক্য শুনাৰ লগে লগে আনন্দেৰে গ্ৰহণ কৰে,
17 Lakini haliwaingii na kuwa na mizizi ndani yao; huendelea kulizingatia kwa kitambo tu, na wakati taabu au udhalimu vinapotokea kwa sababu ya hilo neno mara wanakata tamaa.
১৭কিন্তু তেওঁলোকৰ শিপা নথকাত, অলপ দিন মাথোন থাকে; পাছত বাক্যৰ কাৰণে ক্লেশ বা তাড়না হোৱা মাত্ৰকে তেওঁলোকে বিঘিনি পায়।
18 Watu wengine ni kama zile mbegu zilizoanguka penye miti ya miiba. Huo ni mfano wa wale wanaolisikia hilo neno,
১৮আৰু আনবোৰ কাঁইটনিত সিচাঁ, এওঁলোকে বাক্য শুনাৰ পাছত,
19 lakini wasiwasi wa ulimwengu huu, anasa za mali na tamaa za kila namna huwaingia na kulisonga hilo neno, nao hawazai matunda. (aiōn )
১৯সংসাৰৰ চিন্তা, ধনৰ মায়া আৰু আন আন বিষয়ৰ লোভসোমাই, বাক্য হেঁচি ধৰে; তাতে সেই বাক্য বিফল হয়। (aiōn )
20 Lakini wengine ni kama zile mbegu zilizopandwa katika udongo mzuri. Hawa hulisikia hilo neno, wakalipokea, wakazaa matunda: wengine thelathini, wengine sitini na wengine mia moja.”
২০আৰু ভাল মাটিত সিচাঁ এওঁলোক এনেকুৱা লোক, তেওঁলোকে বাক্য শুনি গ্ৰহণ কৰে আৰু ত্ৰিশ, ষাঠি আৰু এশ গুণকৈ ফল উৎপন্ন কৰে।”
21 Yesu akaendelea kuwaambia, “Je, watu huwasha taa wakaileta ndani na kuifunika kwa pishi au kuiweka mvunguni? La! Huiweka juu ya kinara.
২১যীচুৱে তেওঁলোকক আৰু কলে, “তোমালোকে ঘৰৰ ভিতৰত চাকি জ্বলাই গছাৰ ওপৰত নথৈ দোণৰ বা খাটৰ তলত থবলৈ আনা নে? কিন্তু তাক ভিতৰলৈ আনি গছাৰ ওপৰতহে ৰখা হয়৷
22 Basi, kila kilichofichwa kitafichuliwa, na kila kilichofunikwa kitafunuliwa.
২২কিয়নো যি প্ৰকাশিত নহব এনে কোনো ঢাকি থোৱা বস্তু নাইআৰু যি বিষয় পোহৰলৈ নাহিব, এনে গোপন কৰি ৰাখিবলৈও কোনো বিষয় নাই ৷
23 Mwenye masikio na asikie!”
২৩কাৰোবাৰ যদি শুনিবলৈ কাণ আছে, তেওঁ শুনক।”
24 Akawaambia pia, “Sikilizeni kwa makini mnachosikia! Kipimo kilekile mnachowapimia watu wengine, ndicho mtakachopimiwa; tena mtazidishiwa.
২৪যীচুৱে তেওঁলোকক পুনৰ কলে, “তোমালোকে কি শুনা, তালৈ মন কৰা; যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোকলৈকো জোখা হব; আৰু তোমালোকক অধিক দিয়া হব।
25 Aliye na kitu atapewa zaidi; asiye na kitu, hata kile alicho nacho kitachukuliwa.”
২৫কিয়নো যাৰ আছে, তেওঁকেই দিয়া হব; কিন্তু যাৰ নাই, তেওঁৰ যি আছে, সেইখিনিও তেওঁৰ পৰা নিয়া হব।”
26 Yesu akaendelea kusema, “Ufalme wa Mungu ni kama ifuatavyo. Mtu hupanda mbegu shambani.
২৬যীচুৱে কলে, “ঈশ্ৱৰৰ ৰাজ্য এজন মানুহে তেওঁৰ কঠীয়া মাটিত সিচাঁৰ দৰে হয়৷
27 Usiku hulala, mchana yu macho na wakati huo mbegu zinaota na kukua; yeye hajui inavyofanyika.
২৭তেওঁ ৰাতিয়ে-দিনে, শোওঁতে উঠোতে, সেই কঠীয়া কেনেকৈ গজে আৰু বাঢ়ে, সেই বিষয়ে নাজানে।
28 Udongo wenyewe huiwezesha mimea kukua na kuzaa matunda: kwanza huchipua jani changa, kisha suke, na mwishowe nafaka ndani ya suke.
২৮পৃথিৱীয়ে নিজে নিজে, প্ৰথমে পাত, পাছত থোৰ, তাৰ পাছত থোকত পুৰ হোৱা গুটি উৎপন্ন কৰে।
29 Nafaka inapoiva, huyo mtu huanza kutumia mundu wake, maana wakati wa mavuno umefika.”
২৯তাতে গুটি পকাৰ পাছত, শস্য দাবৰ সময় উপস্থিত হল বুলি জানি, তেওঁ তেতিয়া কাচি লগায়৷”
30 Tena, Yesu akasema, “Tuufananishe Utawala wa Mungu na nini? Tuueleze kwa mifano gani?
৩০যীচুৱে পুনৰ ক’লে, “আমি কেনেকৈ ঈশ্বৰৰ ৰাজ্যৰ তুলনা দিম, বা কি দৃষ্টান্তেৰে এই বিষয়টো প্ৰকাশ কৰিম?
31 Ni kama mbegu ya haradali ambayo ni ndogo kuliko mbegu zote.
৩১সি এটি সৰিয়হ গুটিৰ নিচিনা; যি গুটি মাটিত সিচোঁতে, পৃথিৱীৰ আটাই কঠিয়াতকৈ সৰু;
32 Lakini ikisha pandwa, huota na kuwa mmea mkubwa kuliko mimea yote ya shambani. Matawi yake huwa makubwa hata ndege wa angani huweza kujenga viota vyao katika kivuli chake.”
৩২কিন্তু সেই বীজ সিচাঁৰ পাছত, সি গজি বাঢ়ি আটাই উদ্ভিদতকৈ ডাঙৰ হয় আৰু ইমান ডাঙৰ ডাঙৰ ডাল ধৰে যে আকাশৰ চৰাইবোৰেও আহি তাৰ ছাঁত বাস কৰিব পাৰে।”
33 Yesu aliwahubiria ujumbe wake kwa mifano mingine mingi ya namna hiyo; aliongea nao kadiri walivyoweza kusikia.
৩৩এইদৰে অনেক দৃষ্টান্তেৰে, যীচুৱে তেওঁলোকৰ শুনা শক্তি অনুসাৰে তেওঁলোকক বাক্য ক’লে৷
34 Hakuongea nao chochote bila kutumia mifano; lakini alipokuwa pamoja na wanafunzi wake peke yao alikuwa akiwafafanulia kila kitu.
৩৪কিন্তু বিনা দৃষ্টান্তেৰে তেওঁলোকক একো নকলে; অৱশ্যে নিজৰ শিষ্য সকলক ব্যক্তিগত ভাবে সকলো বিষয় ব্যাখ্যা কৰি বুজাই দিলে।
35 Jioni, siku hiyohiyo, Yesu aliwaambia wanafunzi wake, “Tuvuke ziwa, twende ng'ambo.”
৩৫সেইদিনা গধূলি সময়ত যীচুৱে তেওঁলোকক ক’লে, “আমি সিপাৰলৈ যাওঁহক৷”
36 Basi, wakauacha ule umati wa watu, wakamchukua Yesu katika mashua alimokuwa. Palikuwapo pia mashua nyingine hapo.
৩৬তেতিয়া শিষ্য সকলে লোক সকলক এৰি থৈ, তেওঁ যেনেকৈ নাৱত আছিল, তেনেকৈয়ে যীচুক লগত লৈ গ’ল; আৰু আন আন নাৱো তেওঁলোকৰ লগত আছিল।
37 Basi, dhoruba kali ikaanza kuvuma, mawimbi yakaipiga ile mashua hata ikaanza kujaa maji.
৩৭পাছত বৰ ধুমুহা বতাহ ব’লাত, ঢৌৰ কোবত নাও খন পানীৰে পূৰ হবলৈ ধৰিলে।
38 Yesu alikuwa sehemu ya nyuma ya mashua, amelala juu ya mto. Basi, wanafunzi wakamwamsha na kumwambia, “Mwalimu, je, hujali kwamba sisi tunaangamia?”
৩৮সেই সময়ত তেওঁ নাৱৰ গুৰিৰফালে গাঁৰুত মূৰ দি টোপনি গৈ আছিল। তেতিয়া তেওঁলোকে তেওঁক জগাই ক’লে, “হে গুৰু, আমি যে এতিয়া মৰোঁ, ইয়ালৈ আপুনি চিন্তা নকৰে নে”?
39 Basi, akaamka, akaukemea ule upepo na kuyaamrisha mawimbi ya ziwa, “Kimya! Tulia!” Hapo upepo ukakoma, kukawa shwari kabisa.
৩৯তেতিয়া তেওঁ উঠি, বতাহক ডবিয়ালে আৰু সাগৰকো ক’লে, “শান্তিৰে থিৰে থাক৷” তেতিয়া বতাহ আতৰি গ’ল, আৰু অতি শান্ত হৈ পৰিল।
40 Kisha Yesu akawaambia wanafunzi wake, “Mbona mnaogopa? Je, bado hamna imani?”
৪০যীচুৱে তেওঁলোকক ক’লে, “তোমালোক কিয় ভয়াতুৰ হৈছা? এতিয়ালৈকে বিশ্বাস হোৱা নাই নে?”
41 Nao wakaogopa sana, wakawa wanaulizana, “Huyu ni nani basi, hata upepo na mawimbi vinamtii?”
৪১তাতে তেওঁলোকে ভয়ত অতিশয় আতুৰ হৈ ইজনে সিজনে কোৱা-মেলা কৰি কলে, “বতাহ আৰু সাগৰেও যে এওঁৰ কথা মানে, এওঁ নো কোন?”