< Yuda 1 >
1 Mimi Yuda, mtumishi wa Yesu Kristo, ndugu yake Yakobo, nawaandikia ninyi mlioitwa na Mungu na ambao mnaishi katika upendo wa Mungu Baba, na katika ulinzi wa Yesu Kristo.
১যিহূদা, যীচু খ্ৰীষ্টৰ এজন দাস আৰু যাকোবৰ ভাই; পিতৃ ঈশ্বৰত যি সকল প্ৰিয়পাত্ৰ আৰু যি সকল যীচু খ্ৰীষ্টৰ কাৰণে ৰক্ষিত আছে, সেই আমন্ত্ৰিত লোক সকলৰ সমীপলৈ:
2 Nawatakieni huruma, amani na upendo kwa wingi.
২আপোনালোকলৈ দয়া, শান্তি আৰু প্ৰেম বাহুল্যৰূপে হওক।
3 Ndugu wapenzi, wakati nimo katika jitihada ya kuwaandikieni juu ya ule wokovu tunaoshiriki sote, nimeona lazima ya kuwaandikieni na kuwahimizeni mwendelee kupigana kwa ajili ya imani ambayo Mungu amewajalia watu wake mara moja tu kwa wakati wote.
৩হে প্ৰিয় সকল, আমাৰ সকলোৰে পৰিত্রাণৰ বিষয়ে লিখিবলৈ মই প্রয়োজন বোধ কৰোঁতে, ঈশ্বৰৰ পবিত্ৰ লোক সকলৰ ওপৰত এবাৰ সমৰ্পিত হোৱা বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিবলৈ দৃঢ় আহ্বান কৰি আপোনালোকলৈ লিখিলোঁ।
4 Maana watu wasiomcha Mungu wamepata kujiingiza kwa siri miongoni mwetu, watu ambao, kwa faida ya maisha yao mabaya, wanaupotosha ujumbe wa neema ya Mungu wetu na kumkana Yesu Kristo aliye peke yake kiongozi na Bwana wetu. Maandiko Matakatifu yalikwisha bashiri tangu awali hukumu inayowangojea watu hao.
৪কিয়নো কোনো কোনো মানুহ গোপনে আপোনালোকৰ মাজত সোমাল; তেওঁলোক যে দণ্ডৰ পাত্ৰ হ’ব, এই বিষয়ে পূৰ্বৰে পৰা লিখা আছে। তেওঁলোক ভক্তিহীন লোক। তেওঁলোকে আমাৰ ঈশ্বৰৰ অনুগ্ৰহক লম্পট আচৰণত সলনি কৰে আৰু আমাৰ একমাত্ৰ অধিপতি আৰু প্ৰভুক, অৰ্থাৎ যীচু খ্ৰীষ্টক অস্বীকাৰ কৰে।
5 Nataka kuwakumbusheni mambo fulani ambayo mmekwisha yajua: kumbukeni jinsi Bwana alivyowaokoa watu wa Israeli na kuwatoa katika nchi ya Misri, lakini baadaye aliwaangamiza wale ambao hawakuamini.
৫কিন্তু এই বিষয়ে আপোনালোকে সকলো কথা জানিলেও, আপোনালোকক সোঁৱৰাব খোজো যে, প্ৰভুৱে মিচৰ দেশৰ পৰা তেওঁৰ লোক সকলক উদ্ধাৰ কৰি উলিয়াই অনাৰ সময়ত যি সকলে বিশ্বাস নকৰিলে, তেওঁ সেই লোক সকলক বিনষ্ট কৰিলে।
6 Na, malaika ambao hawakuridhika na cheo chao, wakayaacha makao yao ya asili, Mungu amewafunga gizani kwa minyororo ya milele wahukumiwe Siku ile kuu. (aïdios )
৬আৰু যি স্বৰ্গৰ দূত সকলে নিজৰ আধিপত্য নাৰাখি, নিজ বাসস্থান ত্যাগ কৰিলে, তেওঁলোকক তেওঁ মহা-দিনৰ সোধ-বিচাৰৰ অৰ্থে, অনন্ত দণ্ডৰ বন্ধনেৰে বান্ধি অন্ধকূপৰ অধীনত ৰাখিলে। (aïdios )
7 Kumbukeni pia Sodoma na Gomora, na miji ya kandokando yake; wenyeji wake walifanya kama wale malaika; walifanya uzinzi na mambo yaliyo kinyume cha maumbile, wakapewa hukumu ya moto wa milele, iwe onyo kwa watu wote. (aiōnios )
৭এইটো ঠিক চদোম আৰু ঘমোৰা নগৰৰ নিচিনা, আৰু ইয়াৰ চাৰিওফালৰ নগৰবোৰ তেওঁলোকৰ দৰে বেশ্যাগমন আৰু পুংমৈথুনৰ অভিলাষত লিপ্ত হ’ল। তেওঁলোকে অনন্ত জুইৰ শাস্তি ভোগ কৰি আমাৰ আগত আর্হি হৈ আছে। (aiōnios )
8 Hivyo ndivyo pia walivyo watu hawa. ndoto zao huwaongoza katika kuichafua miili yao wenyewe, kuyadharau mamlaka ya Mungu na kuvitukana viumbe vitukufu vya huko juu.
৮তথাপি এইদৰে এই লোক সকলে সপোন দেখি তেওঁলোকৰ শৰীৰক অশুচি কৰে, প্ৰভুত্বক অৱহেলা কৰে আৰু মহিমাৰ অধিকাৰী সকলৰ বিৰুদ্ধে নিন্দা কৰে।
9 Hata Mikaeli, malaika mkuu, hakufanya hivyo. Katika ule ubishi kati yake na Ibilisi waliobishana juu ya mwili wa Mose, Mikaeli hakuthubutu kumhukumu Ibilisi kwa matusi; ila alisema: “Bwana mwenyewe na akukaripie.”
৯কিন্তু প্ৰধান স্বৰ্গৰ দূত মীখায়েলে যেতিয়া মোচিৰ শৰীৰৰ বিষয়ে চয়তানৰ লগত বাদানুবাদ কৰি বাগযুদ্ধ কৰিলে, তেতিয়া তাৰ বিৰুদ্ধে তেওঁ দোষাৰোপ বা অপমান নকৰিলে; কিন্তু তাৰ পৰিৱর্তে তেওঁ ক’লে, “প্রভুৱে তোমাক ডবিয়াওক৷”
10 Lakini watu hawa hutukana chochote wasichokielewa; mambo yaleyale wanayoyajua kwa silika kama vile wanyama wanayoyajua ndiyo yanayowaangamiza.
১০কিন্তু তেওঁলোকে যিহক নাজানে, তাক নিন্দা কৰে; জ্ঞানহীন পশুবোৰৰ দৰে তেওঁলোকে যিহক স্বাভাৱিকৰূপে জানে, তাতেই নষ্ট হয়।
11 Ole wao! Watu hao wamefuata mwenendo uleule wa Kaini. Kwa ajili ya fedha, wamejiingiza katika mkosi uleule wa Baalamu. Wameasi kama Kora alivyoasi na wameangamizwa kama yeye alivyoangamizwa.
১১তেওঁলোক সন্তাপৰ পাত্ৰ; কিয়নো তেওঁলোকে কয়িনৰ পথত গমন কৰিলে আৰু বেছৰ অৰ্থে বিলিয়মৰ ভ্ৰান্তিৰূপ পথত লৰ ধৰিলে আৰু কোৰহৰ প্ৰতিবাদত তেওঁলোক বিনষ্ট হ’ল।
12 Kwa makelele yao yasiyo na adabu, watu hao ni kama madoa machafu katika mikutano yenu ya karamu ya Bwana. Hujipendelea wao wenyewe tu, na wako kama mawingu yanayopeperushwa huko na huko na upepo bila ya kuleta mvua. Wao ni kama miti isiyozaa matunda hata wakati wa majira yake, wamekufa kabisa.
১২তেওঁলোক হ’ল, আপোনালোকৰ প্ৰেম-ভোজত একেলগে ভোজন কৰোঁতে, পানীৰ তলত লুকাই থকা বিঘ্নজনক শিলস্বৰূপ। তেওঁলোকে নিজকে নিজে নিৰ্ভয়েৰে প্ৰতিপালন কৰে; তেওঁলোক বতাহৰ দ্বাৰাই চলাই নিয়া পানী নথকা মেঘ; তেওঁলোক হেমন্ত-কালৰ ফলহীন গছ, দুবাৰ মৰা আৰু উঘালি পৰা গছ;
13 Watu hao ni kama mawimbi makali ya bahari, na matendo yao ya aibu yanaonekana dhahiri kama vile mapovu ya mawimbi. Wao ni kama nyota zinazotangatanga, ambao Mungu amewawekea mahali pao milele katika giza kuu. (aiōn )
১৩তেওঁলোক নিজৰ লাজ স্বৰূপে ফেন উলিওৱা সাগৰৰ প্ৰচণ্ড ঢৌ; তেওঁলোক ভ্ৰমণকাৰী তৰাৰ নিচিনা; সেইবোৰৰ কাৰণে তেওঁলোকলৈ চিৰকালৰ বাবে ঘোৰ আন্ধাৰ সাঁচি থোৱা হৈছে। (aiōn )
14 Henoki, ambaye ni babu wa saba tangu Adamu, alibashiri hivi juu ya watu hawa: “Sikilizeni! Bwana atakuja pamoja na maelfu ya malaika wake watakatifu
১৪আদমৰ পৰা সপ্তম পুৰুষ যি হনোক, তেৱোঁ তেওঁলোকৰ উদ্দেশ্যে ভাবোক্তি প্ৰচাৰ কৰি কৈছিল, “চোৱা, প্ৰভু নিজৰ অযুত অযুত পবিত্ৰ লোকৰ সৈতে,
15 kutoa hukumu juu ya binadamu wote, kuwahukumu wote kwa ajili ya matendo yao yote maovu waliyotenda na kwa ajili ya maneno yote mabaya ambayo watu waovu walimkashifu nayo.”
১৫সকলো লোকৰ সোধ-বিচাৰ কৰিবলৈ আৰু ভক্তিহীন সকলে নিজৰ সকলো ভক্তিহীন কাৰ্যৰ দ্বাৰাই যি ভক্তি লঙ্ঘন কৰিলে আৰু ভক্তিহীন পাপী লোকে তেওঁৰ বিৰুদ্ধে যি কঠিন কথা ক’লে, সেই সকলোবোৰ বিষয়ত থকা দোষৰ প্ৰমাণ দিবলৈ আহিল৷”
16 Watu hawa wananung'unika daima na kuwalaumu watu wengine. Hufuata tamaa zao mbaya, hujigamba na kuwasifu watu wengine mno kusudi wafaulu katika mipango yao.
১৬তেওঁলোক বিবাদকাৰী, স্ব-ভাগ্য নিন্দক আৰু নিজ নিজ অভিলাষৰ অনুগামী; তেওঁলোকৰ মুখে গৰ্ব-কথা কয়; তেওঁলোকে লাভৰ অৰ্থে মানুহৰ মুখৰ প্ৰশংসা কৰে।
17 Lakini ninyi wapenzi wangu, kumbukeni yale mliyoambiwa hapo awali ni mitume wa Bwana wetu Yesu Kristo.
১৭কিন্তু, হে প্ৰিয় সকল, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পাঁচনি সকলে পূৰ্বতে কোৱা কথা আপোনালোকে সোঁৱৰণ কৰক;
18 Waliwaambieni: “Siku za mwisho zitakapofika, watatokea watu watakaowadhihaki ninyi, watu wafuatao tamaa zao mbaya.”
১৮তেওঁলোকে আপোনালোকক ক’লে, “শেষ-কালত নিজ নিজ ভক্তিহীন অভিলাষৰদৰে চলা বিদ্ৰূপকাৰী সকল উপস্থিত হ’ব”।
19 Hao ndio watu wanaosababisha mafarakano, watu wanaotawaliwa na tamaa zao za kidunia, watu wasio na Roho wa Mungu.
১৯তেওঁলোক দলভেদ কৰোঁতা আৰু ইন্দ্ৰিয়াসক্ত। তেওঁলোক আত্মা-বিহীন।
20 Lakini ninyi, wapenzi wangu, endeleeni kujijenga kikamilifu katika imani yenu takatifu. Salini kwa nguvu ya Roho Mtakatifu,
২০কিন্তু, হে প্ৰিয় সকল, আপোনালোকে নিজৰ পৰম পবিত্ৰ বিশ্বাসৰূপ ভিত্তিমূলত নিজক গাঁথি লওঁক আৰু পবিত্ৰ আত্মাত প্ৰাৰ্থনা কৰক;
21 na kubaki katika upendo wa Mungu, mkiwa mnamngojea Bwana wetu Yesu Kristo awapeni uzima wa milele kwa huruma yake. (aiōnios )
২১ঈশ্বৰৰ প্ৰেমক ধৰি ৰাখক আৰু অনন্ত জীৱনৰ অৰ্থে, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দয়ালৈ অপেক্ষা কৰি থাকক। (aiōnios )
22 Muwe na huruma kwa watu walio na mashaka;
২২আৰু কোনো লোকক, অৰ্থাৎ সংশয় কৰা সকলক দয়া কৰক;
23 waokoeni kwa kuwanyakua kutoka motoni; na kwa wengine muwe na huruma pamoja na hofu, lakini chukieni hata mavazi yao ambayo yamechafuliwa na tamaa zao mbaya.
২৩কিছুলোকক জুইৰ পৰা থাপ মাৰি আনি ৰক্ষা কৰক আৰু কিছুমান লোকক ভয়েৰে দয়া কৰক, মাংসৰ দ্বাৰা কলঙ্কিত বস্ত্ৰ ঘিণ কৰক।
24 Kwake yeye awezaye kuwalinda msije mkaanguka, na kuwaleta ninyi bila hatia mpaka mbele ya utukufu wake,
২৪এতিয়া যি জনে আপোনালোকক বাধাৰ পৰা ধৰি ৰাখিবলৈ সমর্থ আৰু তেওঁৰ প্ৰতাপৰ আগত নিৰ্দোষীৰূপে অসীম আনন্দৰ সৈতে উপস্থিত কৰিবলৈও সমৰ্থ,
25 kwake yeye aliye peke yake Mungu, Mkombozi wetu, uwe utukufu, ukuu, nguvu na mamlaka kwa njia ya Kristo Bwana wetu, tangu zama zote, sasa na hata milele! Amina. (aiōn )
২৫তেৱেঁই একমাত্র ঈশ্বৰ, আমাৰ ত্ৰাণকর্তা; প্রভু যীচু খ্ৰীষ্টৰ দ্বাৰা তেওঁৰেই মহিমা, মহত্ব, অধিকাৰ আৰু ক্ষমতা, যুগৰ পূৰ্বতে আৰু এতিয়া আৰু চিৰকাললৈ হওক। আমেন। (aiōn )