< Zekaria 14 >
1 Tazama! Siku ya Yahwe inakuja wakati mateka wenu watakapogawanywa katikati yenu.
১চোৱা! যি দিনা তুমি লুট কৰি লোৱা দ্ৰব্য শত্ৰুৱে তোমাৰ মাজত ভাগ কৰি ল’ব, যিহোৱাৰ এনে এটা সোধ-বিচাৰৰ দিন আহি আছে।
2 Kwa maana nitayakusanya mataifa yote kinyume cha Yerusalemu kwa vita na mji utatekwa. Nyumba zitatekwa na wanawake watabakwa. Nusu ya mji itapelekwa matekani, lakini kumbukumbu ya watu haitaondolewa mjini.
২কিয়নো মই যুঁজৰ অৰ্থে যিৰূচালেমৰ অহিতে আটাই জাতিক গোটাম; তাতে নগৰখন আটক কৰা হ’ব! ঘৰবোৰ লুট কৰা হ’ব আৰু মহিলাসকলক বলাৎকাৰ কৰা হ’ব! নগৰখনৰ এভাগ লোক বন্দী অৱস্থালৈ ওলাই যাব, কিন্তু অৱশিষ্ট লোকসকলক নগৰখনৰ পৰা উচ্ছন্ন কৰা নহ’ব।
3 Lakini Yahwe ataondoka na kufanya vita dhidi ya mataifa kama apigavyo vita katika siku ya vita.
৩কিন্তু যিহোৱাই যুদ্ধ কৰিবলৈ ওলাই যাব আৰু সেই নগৰবোৰৰ বিৰুদ্ধে তেওঁ যুঁজ কৰাৰ দৰেই যুঁজ কৰিব।
4 Siku hiyo miguu yake itasimama juu ya Mlima wa Mizeituni, uliopo kando ya Yerusalemu upande wa mashariki. Mlima wa Mizeituni utagawanyika katikati kati ya mashariki na magharibi kwa bonde kubwa sana na nusu ya mlima itarudi nyuma kuelekea kaskazini na nusu kuelekea kusini.
৪সেই দিনা পূৱফালে যিৰূচালেমৰ সন্মুখত থকা জৈতুন পৰ্ব্বতৰ ওপৰত তেওঁৰ চৰণ স্থিতি হ’ব; আৰু জৈতুন পৰ্বত মাজেৰে ফাটি পূব আৰু পশ্চিম ফালে ভাগ হৈ বৰ ডাঙৰ উপত্যকা হ’ব আৰু পৰ্বতৰ এফাল উত্তৰ দিশে আৰু আন ফাল দক্ষিণ দিশে হুঁহকি যাব।
5 Ndipo mtakapokimbia katika bonde kati ya milima ya Yahwe, kwa kuwa bonde kati ya hiyo milima litafika hata Azali. Mtakimbia kama siku mliyokimbia tetemeko la nchi siku za Uzia, mfalme wa Yuda. Ndipo Yahwe Mungu wangu atakapokuja na watakatifu wake wote.
৫তেতিয়া তোমালোকে মোৰ পৰ্ব্বত দুখনৰ উপত্যকাইদি পলাবা; কিয়নো পৰ্ব্বত দুখনৰ সেই উপত্যকা আঁচললৈকে বিস্তৃত হ’ব। এনে কি, যিহূদাৰ ৰজা উজ্জিয়াৰ ৰাজত্বৰ সময়ত ভূমিকম্প হওঁতে যেনেকৈ তোমালোক পলাইছিলা, তেনেকৈ পলাবা; তেতিয়া মোৰ ঈশ্বৰ যিহোৱা আহিব আৰু তোমালোকৰ সৈতে সকলো পবিত্ৰ লোক থাকিব।
6 Hakutakuwa na nuru katika siku hiyo, lakini hakuna baridi wala barafu.
৬আৰু সেই দিনা পোহৰ নাইকিয়া হব, তৰাবোৰ ম্লান হৈ যাব।
7 Siku hiyo, siku aijuaye Yahwe peke yake, hakutakuwa tena na mchana wala usiku, kwani jioni itakuwa wakati wa nuru.
৭কিন্তু সেয়ে যিহোৱাই জনা অনুপম দিন হ’ব, সেয়ে দিনো নহয় ৰাতিও নহয়, কিন্তু সন্ধিয়া সময়ত পোহৰ হ’ব।
8 Siku hiyo maji yaliyo hai yatatiririka kutoka Yerusalemu. Nusu yake yatatiririka kuelekea bahari ya mashariki na nusu bahari ya magharibi, wakati wa masika na wakati wa kiangazi.
৮আৰু সেইদিনা যিৰূচালেমৰ পৰা জীৱন্ত জল সমূহ ওলাব, তাৰ আধা পূৱ সমুদ্ৰৰ ফালে, আধা পশ্চিম সমুদ্ৰৰ ফালে যাব; সেয়ে গৰম বা জাৰকালতো থাকিব।
9 Yahwe atakuwa mfalme juu ya dunia yote. Katika siku hiyo kutakuwa na Yahwe, Mungu mmoja, na jina lake pekee.
৯যিহোৱা গোটেই পৃথিৱীৰ ওপৰত ৰজা হ’ব! সেইদিনা যিহোৱা অদ্বিতীয় হ’ব আৰু তেওঁৰ নামো অদ্বিতীয় হ’ব।
10 Nchi yote itakuwa kama Araba, kuanzia Geba hadi Rimoni kusini mwa Yerusalemu. Na Yerusalemu itaendelea kuwa juu. Ataishi mahali pake mwenyewe, kutoka lango la Benjamini hata mahali lilipokuwa lango la kwanza, hata Lango la Pembeni, na kutoka Mnara wa Hananeli hata shinikizo la mfalme.
১০গেবাৰে পৰা তাৰ মাজত দক্ষিণফালে থকা ৰিম্মোনলৈকে গোটেই দেশ পৰিবৰ্ত্তন হৈ অৰাবা যেন হ’ব আৰু নগৰখন বিন্যামীনৰ দুৱাৰৰ পৰা প্ৰথম দুৱাৰৰ ঠাইলৈকে, চুকৰ দুৱাৰলৈকে আৰু হননেলৰ ওখ কোঁঠৰ পৰা ৰজাৰ দ্ৰাক্ষাকুণ্ডলৈকে ওখ হৈ নিজ ঠাইত স্থাপিত হ’ব।
11 Watu watakaa Yerusalemu na hakutakuwa na maangamizi kamili tena kutoka kwa Mungu dhidi yao. Yerusalemu itakuwa salama.
১১লোকসকলে যিৰূচালেমত বাস কৰিব; কোনো শত্রুৱে তেওঁলোকক ধ্বংস কৰিবলৈ তালৈ নাহিব। যিৰূচালেম নিৰাপদে বাস কৰিব।
12 Hii itakuwa tauni ambayo kwayo Yahwe atawapiga jamaa zote za watu wapigao vita juu ya Yerusalemu: miili yao itaoza hata wakiwa wamesimama kwa miguu yao. Macho yao yataoza katika matundu yake na ndimi zao zitaoza katika vinywa vyao.
১২যিৰূচালেমৰ বিৰুদ্ধে যুঁজ কৰা আটাই জাতিক যিহোৱাই এই মহামাৰীৰে আঘাত কৰিব: ভৰিৰ ওপৰত ভৰ দি থিয় হৈ থাকোঁতে তেওঁলোকৰ মাংস ক্ষয় পাব, চকুৰ গাতত তেওঁলোকৰ চকু ক্ষয় পাব আৰু তেওঁলোকৰ মুখত তেওঁলোকৰ জিভা ক্ষয় পাব।
13 Siku hiyo ile hofu kuu kutoka kwa Yahwe itakuwa miongoni mwao. Kila mmoja ataushika mkono wa mwingine, na mkono wa mwingine utainuliwa kinyume cha mkono wa mwenzake.
১৩আৰু সেই দিনা তেওঁলোকৰ মাজত যিহোৱাৰ পৰা মহাকোলাহল উপস্থিত হ’ব; তেতিয়া প্ৰতিজনে নিজ ওচৰ-চুবুৰীয়াৰ হাতত ধৰিব আৰু প্ৰতিজনে নিজ ওচৰ-চুবুৰীয়াৰ অহিতে হাত তুলিব।
14 Yuda pia atapigana na Yerusalemu. Watakusanya utajiri wa mataifa yote yanayowazunguka - dhahabu, fedha, na wingi wa nguo safi.
১৪যিহূদায়ো যিৰূচালেমত যুঁজ কৰিব! তেওঁলোকে চাৰিওফালে থকা সকলো জাতিৰ সোণ ৰূপ, কাপোৰ আদি ধন-সম্পত্তি অধিকৰূপে গোটাব।
15 Tauni itakuwa pia juu ya farasi na nyumbu, ngamia na punda, na kila mnyama katika kambi hizo atapigwa kwa hilo pigo.
১৫আৰু সেই ছাউনিবোৰত থকা ঘোঁৰা, খছৰ, গাধ আদি সকলো পশুৰ আঘাতবোৰ, সেই আঘাতৰ নিচিনাই হ’ব।
16 Kisha itakuwa wote watakaosalia katika mataifa yaliyo kinyume na Yerusalemu watakwenda mwaka kwa mwaka kumwabudu mfalme, Yahwe wa majeshi, na kutunza Sikukuu ya Vibanda.
১৬আৰু যিৰূচালেমৰ বিৰুদ্ধে অহা আটাই জাতিৰ অৱশিষ্ট থকা প্ৰতিজনে বছৰে বছৰে বাহিনীসকলৰ যিহোৱা ৰজাৰ আগত প্ৰণিপাত কৰিবলৈ আৰু পঁজা-পৰ্ব্ব পালন কৰিবলৈ উঠি আহিব।
17 Na itakuwa kwamba ikiwa mtu yeyote kutoka katika mataifa yote ya dunia haendi Yerusalemu kumwabudu mfalme, Yahwe wa majeshi, ndipo Yahwe hataleta mvua juu yao.
১৭পৃথিবীৰ আটাই গোষ্ঠীবোৰৰ মাজত যিসকলে বাহিনীসকলৰ যিহোৱা ৰজাৰ আগত প্ৰণিপাত কৰিবলৈ যিৰূচালেমলৈ উঠি নাহিব, তেওঁলোকৰ ওপৰত বৃষ্টি নহ’ব।
18 Na ikiwa nchi ya Misri hawatakwenda, ndipo hawatapata mvua. Tauni kutoka kwa Yahwe itayashambulia mataifa yote yasiyokwea kutunza Sikukuu ya Vibanda.
১৮আৰু মিচৰীয়া গোষ্ঠী যদি উঠি আহি উপস্থিত নহয়, তেন্তে তেওঁলোকৰ ওপৰতো বৰষুণ নহ’ব; পঁজা-পৰ্ব্ব পালন কৰিবলৈ উঠি নহা জাতিক যিহোৱাই মহামাৰীৰে আঘাত কৰিব।
19 Hii itakuwa ni adhabu kwa Misri na adhabu kwa kila taifa lisilopanda kutunza Sikukuu ya Vibanda.
১৯এয়ে মিচৰৰ আৰু পঁজা-পৰ্ব্ব পালন কৰিবলৈ উঠি নহা আটাই জাতিৰ দণ্ড হ’ব।
20 Lakini katika siku hiyo, kengele za farasi zitasema, “Jitengeni kwa ajili ya Yahwe,” na makalai katika nyumba ya Yahwe yatakuwa kama mabakuri mbele ya madhabahu.
২০কিন্তু সেই দিনা, “যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ!” এই কথা ঘোঁৰাবোৰৰ টিলিঙাত থাকিব আৰু যিহোৱাৰ গৃহত থকা সকলো ৰন্ধন-পাত্ৰ যজ্ঞবেদীৰ আগত থকা তেজ ৰখা পাত্ৰবোৰৰ নিচিনা হ’ব;
21 Kwa kuwa kila chungu katika Yerusalemu na Yuda kitatengwa kwa ajili ya Yahwe wa majeshi na kila mmoja aletaye sadaka atakula ndani yake na kuyachemshia. Hakutakuwa na wafanyabiashara tena katika nyumba ya Yahwe wa majeshi siku hiyo.
২১এনে কি, যিৰূচালেম আৰু যিহূদাৰ প্ৰত্যেক ৰন্ধন-পাত্ৰ বাহিনীসকলৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব; আৰু বলিদান কৰোঁতা আটাইলোকে আহি তাৰ মাজত কোনো কোনো পাত্ৰ লৈ তাতে সিজাব। সেই দিনা বাহিনীসকলৰ যিহোৱাৰ গৃহত কনানীয়া লোক পুনৰ নাথাকিব।