< Warumi 10 >
1 Ndugu, nia ya moyo wangu na ombi langu kwa Mungu ni kwa ajili yao, kwa ajili ya wokovu wao.
১হে ভাই সকল, তেওঁলোকৰ বাবে মোৰ হৃদয়ৰ বাঞ্ছা আৰু ঈশ্বৰৰ আগত জনোৱা প্ৰাৰ্থনা এই যে, তেওঁলোকে যেন পৰিত্রাণ পায়।
2 Kwa kuwa nawashuhudia kwamba wanajuhudi kwa ajili ya Mungu, lakini si kwa ajili ya ufahamu.
২ঈশ্বৰলৈ তেওঁলোকৰ আগ্ৰহ আছে বুলি মই তেওঁলোকৰ পক্ষে সাক্ষ্য দিছোঁ; কিন্তু সেই আগ্ৰহ জ্ঞান অনুসাৰে নহয়।
3 Kwa kuwa hawajui haki ya Mungu, na wanatafuta kujenga haki yao wenyewe. Hawakuwa watiifu kwa haki ya Mungu.
৩কাৰণ তেওঁলোকে ঈশ্বৰৰ ধাৰ্মিকতা নাজানি, নিজৰ ধাৰ্মিকতা স্থাপন কৰিবলৈ বিচাৰি, ঈশ্বৰৰ ধাৰ্মিকতাৰ বশীভূত নহ’ল।
4 Kwa kuwa Kristo ndiye utimilifu wa sheria kwa ajili ya haki ya kila mtu aaminiye.
৪কিয়নো ধাৰ্মিকতাৰ কাৰণে বিশ্বাস কৰা প্ৰত্যেক জনৰ বাবে খ্ৰীষ্ট হ’ল বিধানৰ সম্পূৰ্ণতা৷
5 Kwa kuwa Musa anaandika kuhusu haki ambayo huja kutokana na sheria: “Mtu ambaye hutenda haki ya sheria ataishi kwa haki hii.”
৫কাৰণ মোচিয়ে লিখিছে যে, যি মানুহে ব্যৱস্থামূলক ধাৰ্মিকতা পালন কৰে, তেওঁহে এই ধাৰ্মিকতাৰ দ্বাৰা জীয়াই থাকিব।
6 Lakini haki ambayo inatokana na imani husema hivi, “Usiseme moyoni mwako, 'Nani atapaa kwenda mbinguni?' (Hii ni kumleta Kristo chini).
৬কিন্তু বিশ্বাসমূলক ধাৰ্মিকতাই এইদৰে কয়, “তুমি নিজ হৃদয়ত নক’বা যে, স্বৰ্গলৈ কোন উঠিব? অৰ্থাৎ খ্ৰীষ্টক নমাই আনিবলৈ
7 Na usiseme, 'Nani atashuka katika shimo?”' (Hii ni, kumleta Kristo juu kutoka kwa wafu). (Abyssos )
৭বা, অগাধ ঠাইলৈ কোন নামিব? অৰ্থাৎ মৃত লোকৰ মাজৰ পৰা খ্ৰীষ্টক তুলি আনিবলৈ৷” (Abyssos )
8 Lakini inasema nini? “Neno liko karibu na wewe, katika kinywa chako na katika moyo wako.” Hilo ni neno la imani, ambalo tunatangaza.
৮কিন্তু ই কি কয়? “সেই বাক্য তোমাৰ ওচৰত, তোমাৰ মুখত আৰু তোমাৰ হৃদয়তে আছে৷” সেয়ে আমি ঘোষণা কৰা বিশ্বাসৰ বাক্য৷
9 Kwa kuwa kama kwa kinywa chako unamkiri Yesu ya kuwa ni Bwana, na kuamini moyoni mwako kwamba Mungu alimfufua kutoka kwa wafu, utaokoka.
৯কিয়নো আপুনি যদি নিজ মুখেৰে যীচুক প্ৰভু বুলি স্বীকাৰ কৰে আৰু ঈশ্বৰে যে তেওঁক মৃত লোকৰ মাজৰ পৰা তুলিলে, ইয়াক যদি হৃদয়েৰে বিশ্বাস কৰে, তেনেহলে পৰিত্ৰাণ পাব।
10 Kwa kuwa kwa moyo mtu huamini na kupata haki, na kwa kinywa hukiri na kupata wokovu.
১০কাৰণ ধাৰ্মিকতাৰ কাৰণে হৃদয়েৰে বিশ্বাস কৰা হয়; আৰু পৰিত্রাণৰ কাৰণে মুখেৰে স্বীকাৰ কৰা হয়।
11 Kwa kuwa andiko lasema, “Kila amwaminiye hata aibika.”
১১কিয়নো ধৰ্মশাস্ত্ৰৰ বচনে কৈছে, “যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ লাজত নপৰিব।”
12 kwa kuwa hakuna tofauti kati ya Myahudi na Myunani. Kwa kuwa Bwana yule yule ni Bwana wa wote, na ni tajiri kwa wote wamwitao.
১২কাৰণ ইহুদী বা গ্ৰীক ইয়াৰ মাজত একো প্ৰভেদ নাই; কিয়নো সকলোৰে একমাত্ৰ প্ৰভু আছে; যিমান মানুহে তেওঁক বিশ্বাস কৰে, তেওঁলোকৰ বাবে তেওঁ ধনৱান৷
13 Kwa kuwa kila mtu ambaye huliitia jina la Bwana ataokoka.
১৩কাৰণ যি কোনোৱে প্ৰভুৰ নামেৰে প্ৰাৰ্থনা কৰে, তেওঁ পৰিত্ৰাণ পাব।
14 Kwa jinsi gani wanaweza kumwita yeye ambaye hawajamwamini? Na jinsi gani wanaweza kuamini katika yeye ambaye hawajamsikia? Na watasikiaje pasipo muhubiri?
১৪এতেকে যি জনক তেওঁলোকে বিশ্বাস কৰা নাই, সেই জনৰ আগত কেনেকৈ প্ৰাৰ্থনা কৰিব? আৰু যি জনৰ বিষয়ে শুনা নাই, তেওঁত নো কেনেকৈ বিশ্বাস কৰিব? আৰু ঘোষণাকাৰী নহ’লে, কেনেকৈ শুনিব?
15 Na jinsi gani wanaweza kuhubiri, isipokuwa wametumwa? - Kama ilivyoandikwa, “Jinsi gani ni mizuri miguu ya wale ambao wanatangaza habari za furaha za mambo mema!”
১৫আৰু পঠোৱা নহ’লে, কোনে ঘোষণা কৰিব? এই বিষয়ে লিখাও আছে, “মঙ্গলৰ শুভবাৰ্তা প্ৰচাৰ কৰা সকলৰ ভৰি কেনে সুন্দৰ!”
16 Lakini wote hawakusikiliza injili. Kwa kuwa Isaya hunena, “Bwana, ni nani aliyesikia ujumbe wetu?”
১৬কিন্তু সকলোৱে যে শুভবাৰ্তা মানি ললে, এনে নহয়; কাৰণ যিচয়ায়ো কৈছে, “হে প্ৰভু, আমি কোৱা বাৰ্তা কোনে বিশ্বাস কৰিলে?”
17 Hivyo imani huja kutokana na kusikia, na kusikia kwa neno la Kristo.
১৭এতেকে শ্ৰৱণৰ দ্বাৰাই বিশ্বাস আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাইহে শ্ৰৱণ হয়।
18 Lakini nasema, “Je hawakusikia?” Ndiyo, kwa hakika sana. “Sauti yao imekwisha toka nje katika nchi yote, na maneno yao kwenda miisho ya dunia.”
১৮কিন্তু মই কওঁ, “তেওঁলোকে জানো শুনিবলৈ পোৱা নাই? অৱশ্যে পালে৷ তেওঁলোকৰ স্বৰ গোটেই পৃথিৱীলৈ, আৰু তেওঁলোকৰ কথা জগতৰ সীমালৈকে বিয়পি গ’ল৷”
19 Zaidi ya yote, Ninasema, “Je Israel hakujua?” Kwanza Musa hunena, “Nitawachokoza kuwatia wivu kwa watu ambao si taifa. Kwa njia ya taifa lisilo na uelewa, nitawachochea hadi mkasirike.”
১৯তদুপৰি মই কওঁ, “ইস্ৰায়েলৰ লোকে জানো জানিবলৈ পোৱা নাই?” প্ৰথমতে মোচিয়ে কৈছে, “নগণ্য জাতিৰ দ্বাৰাই তোমালোকৰ ঈৰ্ষা জন্মাম৷ নিৰ্ব্বোধ জাতিৰ দ্বাৰাই তোমালোকৰ খং তোলাম৷”
20 Na Isaya ni jasiri sana na husema, “Nilipatikana na wale ambao hawakunitafuta. Nilionekana kwa wale ambao hawakunihitaji.”
২০আৰু যিচয়ায়ো অতি সাহস কৰি কৈছে, “যি সকলে মোক নিবিচাৰিলে, তেওঁলোকে মোক পালে৷ যি বিলাকে মোৰ বিষয়ে নুসুধিলে, তেওঁলোকৰ আগত মই প্ৰকাশিত হ’লোঁ৷”
21 Lakini kwa Israel husema, “Siku zote nilinyoosha mikono yangu kwa wasiotii na kwa watu wagumu.”
২১কিন্তু ইস্ৰায়েলৰ লোকৰ বিষয়ে তেওঁ কৈছে, “আজ্ঞা নমনা আৰু আপত্তি কৰা লোকলৈ মই ওৰে দিনটো হাত মেলিলোঁ৷”