< Zaburi 75 >

1 Tunatoa shukrani kwako, Mungu; tunatoa shukrani, maana wewe unaufunua uwepo wako; watu huzungumza kuhusu kazi zako za ajabu.
হে ঈশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰিম; আমি তোমাৰ ধন্যবাদ কৰিম, কিয়নো তুমি তোমাৰ উপস্থিতি প্রকাশ কৰিলা; লোকসকলে তোমাৰ আচৰিত কাৰ্যবোৰ বৰ্ণনা কৰি আছে।
2 Kwa wakati maalum nitahukumu kwa haki.
যেতিয়া নিৰুপিত সময় উপস্থিত হব; তেতিয়া মই ন্যায়েৰে বিচাৰ কৰিম।
3 Ingawa nchi na wenyeji wote watatikisika katika hofu, ninaifanyia nchi nguzo za kutosha. (Selah)
যদিও পৃথিৱী আৰু তাৰ বাসিন্দাসকল ভয়াতুৰ আৰু দুর্বল; তথাপি ময়েই তাৰ স্তম্ভবোৰ দৃঢ়কৈ স্থাপন কৰিলোঁ। (চেলা)
4 Nilisema kwa wenye kiburi, “Msiwe wenye kiburi,” na kwa waovu, “Msiinue mapembe.
মই অহঙ্কাৰীবোৰক কলোঁ, “তোমালোকে অহঙ্কাৰেৰে কাৰ্য নকৰিবা;” দুষ্টবোৰক ক’লো, “পৰিত্রাণ পাবলৈ নি: সংশয় নহবা; দুষ্টবোৰ জয়ী হ’বলৈ অত্যন্ত নিশ্চিন্ত নহওক।
5 Msiinue mapembe yenu kwenye marefu; wala msizungumze kwa shingo ya kiburi.”
তোমালোক জয়ী হ’বলৈ অত্যন্ত নিশ্চিন্ত নহবা; তোমালোকে গর্ব কৰি কথা নকবা।”
6 Sio kutoka mashariki au magharibi, na wala sio kutoka jangwani ambako kuinuliwa kunakuja.
কিয়নো পূব বা পশ্চিম দিশৰ পৰা জয় লাভ নহয়।
7 Bali Mungu ni muhumkumu; humshusha huyu na kumuinua huyu.
কিন্তু ঈশ্বৰ ন্যায় বিচাৰক; কোনোক তললৈ নমায়, কোনোক ওপৰলৈ তোলে।
8 Kwa kuwa Yahwe kashikilia mkononi mwake kikombe cha mvinyo wenye povu, ambao umechanganywa na vilolezo, naye huimimina. Hakika waovu wote wa duniani watakunywa mvinyo hadi tone la mwisho.
কিয়নো যিহোৱাৰ হাতত এক পান-পাত্ৰ আছে, তাত মিশ্ৰিত দ্ৰব্যেৰে সৈতে পৰিপূৰ্ণ ফেনাই উঠা দ্রাক্ষাৰস আছে; আৰু তেওঁ সেই পাত্রৰ কিছু ঢালি দিয়ে; পৃথিৱীৰ দুষ্ট লোকবোৰে অৱশ্যেই তাৰ তলিলৈকে থকা গেদবোৰ খাব লাগিব।
9 Bali mimi nitaendelea kusema yale ambayo umeyatenda; nami nitamwimbia sifa Mungu wa Yakobo.
কিন্তু মই হ’লে, চিৰকাললৈ তেওঁ কৰা কার্যৰ প্ৰচাৰ কৰিম; মই যাকোবৰ ঈশ্বৰৰ উদ্দেশ্যে স্তুতি গান কৰিম।
10 Yeye husema, “Nitayakata mapembe yote ya waovu, lakini mapembe ya wenye haki yatainuliwa.”
১০তেওঁ ক’লে, “মই দুষ্ট লোকবোৰৰ আটাই শিং কাটি পেলাম; কিন্তু ধাৰ্মিক লোকসকলৰ শিং উচ্চ কৰিম।”

< Zaburi 75 >