< Zaburi 7 >

1 Yahweh Mungu wangu, kwako napata kimbilio! Uninusuru na hao wote wanikimbizao, na uniokoe.
হে মোৰ ঈশ্বৰ যিহোৱা, মই তোমাতেই আশ্ৰয় লৈছোঁ! মোৰ পাছে পাছে খেদি অহাবোৰৰ পৰা মোক ৰক্ষা কৰা, মোক উদ্ধাৰ কৰা।
2 Vinginevyo, watanipura kama simba, na kunitawanya viapande vipande na asiwepo mtu wa kuweza kunirudisha katika usalama.
নহ’লে, সিংহৰ দৰে তেওঁলোকে মোক ছিন্ন-ভিন্ন কৰিব, সিহঁতে মোক ডোখৰ ডোখৰ কৰিব, কিন্তু মোক ৰক্ষা কৰিবলৈ কোনো নাথাকিব।
3 Yawheh Mungu wangu, Sijawahi kufanya kile maadui zangu wanacho sema nilifanya; sina hatia katika mikono yangu.
হে মোৰ ঈশ্বৰ যিহোৱা, যদি মই এনে কোনো কৰ্ম কৰি আছোঁ, যদি অন্যায়ৰ কোনো কার্য মোৰ হাতত লাগি আছে,
4 Sijawahi kumkosea mtu yeyote aliye na amani na mimi, au kumdhuru kipumbavu yeyote aliye kinyume na mimi.
যদি মোৰ বন্ধুৰ প্রতি মই অপকাৰ কৰি আছোঁ, বা বিনা কাৰণতে মই মোৰ শত্রুৰ পৰা কিবা বস্তু লৈছোঁ,
5 Ikiwa sisemi ukweli basi umruhusu adui yangu kuyaingilia maisha yangu na kuyaharibu; na umuache aukanyage mwili wangu ulio hai kwenye aridhi na kuuacha umelala kwa aibu mavumbini. (Selah)
তেনেহলে শত্রুৱে মোৰ পাছে পাছে খেদি গৈ মোক ধৰক, সিহঁতে মোক মাটিত পেলাই ভৰিৰে গচকক, মোৰ মান-সন্মান ধূলিত মিলাই দিয়ক। (চেলা)
6 Inuka, Yahweh, katika hasira yako; simama kinyume na hasira kali ya adui zangu; amka kwa ajili yangu na ubebe amri zako ambazo wewe umeamuru kwa ajili yao.
হে যিহোৱা, তুমি ক্ৰোধেৰে উঠা, মোৰ শত্রুবোৰৰ ক্রোধৰ বিৰুদ্ধে নিজকে তুলি ধৰা, মোৰ অৰ্থে তুমি সাৰ পোৱা; হে মোৰ ঈশ্বৰ, তুমি এক সোধ-বিচাৰ ধার্য কৰিছা।
7 Mataifa yote yamekuzunguka; uwatawale kutoka mbinguni.
সকলো জাতিৰ সমূহ লোক তোমাৰ চাৰিওফালে গোট খাওঁক; তুমি উর্দ্ধলৈ উলটি গৈ পুনৰ লোক সকলৰ ওপৰত ৰাজত্ব কৰা।
8 Yahweh, uwahukumu mataifa; uwaonyeshe kuwa sina hatia, Yahweh, kwa sababu mimi ni mwenye haki na sina hatia, Ewe uliye juu.
যিহোৱাই লোকসকলৰ বিচাৰ কৰে; হে যিহোৱা, মোৰ ধাৰ্মিকতাৰ কার্য আৰু মোত থকা সততা অনুসাৰে তুমি মোৰ বিচাৰ কৰা, হে মোৰ সৰ্ব্বোপৰি জনা।
9 Matendo ya waovu na yafike mwisho, bali uanzishe watu wenye haki, Mungu mwenye haki, wewe ambaye unapima mioyo na fahamu.
হে মোৰ ধার্মিক ঈশ্বৰ, তুমি মন আৰু হৃদয় পৰীক্ষা কৰি থাকা; তুমি দুষ্টৰ দুষ্টতা শেষ কৰা, কিন্তু ধাৰ্মিক লোকক সুস্থিৰ অৱস্থাত ৰাখা।
10 Ngao yangu inatoka kwa Mungu, yule anaye okoa moyo wa mwenye haki.
১০ঈশ্বৰ মোৰ ঢাল; যিসকলৰ অন্তৰত সততা আছে, তেওঁলোকক তেওঁ ৰক্ষা কৰে।
11 Mungu ni mwamuzi mwenye haki, Mungu anaye chukizwa na waovu kila siku.
১১ঈশ্বৰ এজন ন্যায়বিচাৰক, তেওঁ প্ৰতিদিনে অন্যায়ৰ প্রতিবাদ কৰোঁতা ঈশ্বৰ।
12 Ikiwa kuna mtu hatubu, Mungu atanoa upanga wake na ata andaa upinde wake kwa ajili ya vita.
১২কোনোৱে যদি মন পালটন নকৰে, তেন্তে তেওঁ নিজৰ তৰোৱাল ধৰাব; তেওঁ নিজৰ ধনু ভিৰাই কাঁড় দি লক্ষ্য স্থিৰ কৰিছে।
13 Ana jiandaa kutumia siraha kupambana naye; anatengeneza mishale yake kuwa ya moto.
১৩তেওঁ অস্ত্র-শস্ত্র যুগুত কৰি ৰাখিছে; নিজৰ জ্বলন্ত মৰণাস্ত্ৰবোৰ তৈয়াৰ কৰিছে।
14 Fikiria kuhusu huyo ambaye ana ujauzito wa maovu, mwenye mimba ya mipango ya uharibifu, anaye zaa sumu ya uharibifu.
১৪ভাৱি চোৱা, কেনেকৈ এজনে দুষ্টতাক গর্ভধাৰণ কৰে; সর্বনাশক গর্ভত লৈ প্রসৱ বেদনা ভোগে আৰু ক্ষতিকাৰক মিছাক প্রসৱ কৰে।
15 Yeye huchimba shimo na kuliacha wazi kisha baadaye hudumbukia katika shimo alilochimba mwenyewe.
১৫তেওঁলোকে মাটি খান্দি দ গাত কৰে, আৰু নিজেই খন্দা গাতত নিজে পৰে।
16 Mipango yake mwenyewe ya uharibifu hugeukia kichwa chake mwenyewe, kwa kuwa vurugu zake mwenyewe humshukia kichwani pake.
১৬তেওঁলোকে কৰা ষড়যন্ত্রবোৰৰ ধ্বংস নিজৰ মূৰৰ ওপৰলৈকে ঘূৰি আহে, তেওঁলোকে যি অনিষ্ট কৰে, সেয়া নিজৰ মূৰৰ ওপৰলৈকে নামি আহে।
17 Kwa haki yako Mungu nitakushukuru; nitaimba sifa kwa Mungu aliye juu.
১৭সেয়ে মই যিহোৱাৰ ধার্মিকতাৰ ধন্যবাদ কৰিম, তেওঁ ন্যায় বিচাৰ কৰে; মই সৰ্ব্বোপৰি যিহোৱাৰ প্ৰশংসাৰ গান কৰিম।

< Zaburi 7 >