< Zaburi 57 >

1 Unihurumie, Mungu, unihurumie mimi, kwa maana ninakukimbilia wewe mpaka matatizo haya yaishe. Ninakaa chini ya mbawa za zako kwa ajili ya ulinzi mpaka huu uharibifu utakapoisha.
হে ঈশ্বৰ, মোক কৃপা কৰা, মোক কৃপা কৰা; কিয়নো মোৰ প্ৰাণে তোমাতেই আশ্রয় লৈছে; এনে কি, এই আপদবোৰ শেষ নহয়মানে, মই তোমাৰ ডেউকাৰ ছাঁত আশ্ৰয় লম।
2 Nitakulilia Mungu uliye hai, kwa Mungu, afanyaye mambo yote kwa ajili yangu.
মই সৰ্ব্বোপৰি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিম, মোৰ কাৰ্যসাধক ঈশ্বৰক নিবেদন কৰিম।
3 Yeye atatuma msaada kutoka mbinguni na kuniokoa, ana hasira na wale wanaonishambulia. (Selah) Mungu atanitumia upendo wake mwema na uaminifu wake.
মোক গ্ৰাস কৰিব খোজা জনে নিন্দা কৰা সময়ত, তেওঁ স্বৰ্গৰ পৰা পঠাই মোক পৰিত্ৰাণ কৰিব; (চেলা) ঈশ্বৰে নিজ দয়া আৰু সত্যতা পঠাই দিব।
4 Uhai wangu uko katikati ya simba; niko katikati ya wale walio tayari kunila. Niko katikati ya watu ambao meno yao ni mikuki na mishale, na ambao ndimi zao ni kali kama upanga.
মোৰ জীৱন শত্রুবোৰৰ মাজত আছে, সেই লোকসকলৰ দাঁত বৰছা আৰু কাঁড় স্বৰূপ, আৰু যিবোৰৰ জিভা চোকা তৰোৱাল স্বৰূপ, এনে অগ্নি-শিখা স্বৰূপ মনুষ্য সন্তানবোৰৰ মাজত মই শুইছোঁ।
5 Uinuliwe, Mungu, juu ya mbingu, utukufu wako uwe juu ya nchi yote.
হে ঈশ্বৰ, স্বৰ্গৰ ওপৰলৈকে তুমি উন্নত হোৱা; গোটেই পৃথিবীৰ ওপৰত তোমাৰ গৌৰৱ হওক।
6 Wao walisambaza nje wavu kwa ajili ya miguu yangu; nilikuwa na shida sana. Walichimba shimo mbele yangu. Wao wenyewe wameangukia katikati ya shimo! (Selah)
সিহঁতে মোৰ ভৰিলৈ জাল পাতিলে; মোৰ প্ৰাণ নত হৈছে। সিহঁতে মোৰ সন্মুখত গাত খানিলে; সিহঁত নিজেই তাৰ ভিতৰত পৰিল। (চেলা)
7 Moyo wangu umeponywa, Mungu, moyo wangu umeponywa, nitaimba, ndiyo, nitaimba sifa.
হে ঈশ্বৰ, মোৰ মন সুস্থিৰ হ’ল, মোৰ মন সুস্থিৰ হ’ল, মই গীত গাম, এনে কি, প্ৰশংসাৰ গান কৰিম।
8 Inuka, moyo wa thamani; inuka, kinanda na kinubi; nitaamka alfajiri.
হে মোৰ হৃদয়, সাৰ পোৱা; হে নেবল আৰু বীণা, সাৰ পোৱা; মই প্ৰভাতক জগাম।
9 Nitakushukuru wewe, Bwana, kati ya watu; Kati ya mataifa nitakuimbia sifa.
হে প্ৰভু, জাতিবিলাকৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম; লোক সকলৰ মাজত মই তোমাৰ প্ৰশংসাৰ গান কৰিম।
10 Maana upendo wako usiokwisha, huzifikia mbingu; na uaminifu wako mawinguni.
১০কিয়নো তোমাৰ দয়াৰ মহত্ব স্বৰ্গলৈকে, আৰু তোমাৰ সত্যতা আকাশলৈকে।
11 Uinuliwe, Mungu, juu ya mbingu; na utukufu wako uinuliwe juu ya nchi yote.
১১হে ঈশ্বৰ, স্বৰ্গৰ ওপৰলৈকে তুমি উন্নত হোৱা; গোটেই পৃথিবীৰ ওপৰত তোমাৰ গৌৰৱ হওক।

< Zaburi 57 >