< Zaburi 5 >
1 Sikiliza nikuitapo, Yahweh; tazama kuugua kwangu.
১হে যিহোৱা, মোৰ কথালৈ কাণ পাতা; মোৰ হুমুনিয়াহ শুনা।
2 Sikiliza sauti yangu nikuitapo, Ee Mfalme wangu na Mungu wangu, kwa kuwa ni kwako Bwana naomba.
২হে মোৰ ৰজা, মোৰ ঈশ্বৰ, তুমি মোৰ কাতৰোক্তিৰ স্বৰ শুনা; কিয়নো মই তোমাৰ ওচৰতে প্ৰাৰ্থনা কৰিছোঁ।
3 Yahweh; sikia kilio changu asubuhi; na asubuhi nitaleta dua yangu kwako na kungoja kwa matarajio.
৩হে যিহোৱা, প্রতি ৰাতিপুৱাতে তুমি মোৰ মাত শুনিবলৈ পোৱা; ৰাতিপুৱাই মই তোমাৰ সন্মুখত মোৰ নিবেদন উৎসৰ্গ কৰি বাট চাই থাকো।
4 Hakika wewe ni Mungu usiye kubaliana na uovu; watu waovu hawawezi kuwa wageni wako.
৪তুমি দুষ্টতাত সন্তোষ পাওঁতা ঈশ্বৰ নোহোৱা; দুষ্ট লোকে তোমাৰ লগত থাকিব নোৱাৰে।
5 Wenye kiburi hawata simama katika uwepo wako; wewe unawachukia wote wanaofanya maovu.
৫যিসকল অহংকাৰী লোক, তেওঁলোক তোমাৰ চকুৰ সন্মুখত থিয় হ’ব নোৱাৰিব; সকলো দুষ্কর্ম কৰা লোকক তুমি ঘৃণা কৰা।
6 Nawe utawaharibu waongo; Yahweh huwadharau vurugu na watu wadanganyifu.
৬যিসকলে মিছা কথা কয় তেওঁলোকক তুমি বিনষ্ট কৰিবা; যিহোৱাই ৰক্তপাতকাৰী আৰু ছলনাকাৰীক ঘৃণা কৰে।
7 Lakini kwangu mimi, kwa sababu ya ukuu na uaminifu wa agano lako, nitakuja nyumbani mwako; na kwa heshima nitakuinamia mbele ya hekalu lako takatifu.
৭কিন্তু মই তোমাৰ অসীম প্রেমৰ যোগেদি তোমাৰ গৃহত সোমাম, মই ভয়েৰে সৈতে তোমাৰ পবিত্ৰ মন্দিৰৰ ফাললৈ চাই মোৰ মূৰ নত কৰিম।
8 Oh Bwana, uniongoze katika haki yako kwa sababu ya adui zangu; usawazishe njia yako mbele yangu.
৮হে যিহোৱা, মোৰ অনেক শত্রু থকাৰ কাৰণে তুমি মোক তোমাৰ নিজ ধাৰ্মিকতাৰ পথত চলাই নিয়া; তোমাৰ পথ মোৰ সন্মুখত সৰল কৰি দিয়া।
9 Kwa kuwa midomoni mwao hamna ukweli; utu wao wa ndani ni mwovu; makoo yao ni kaburi lililo wazi; husifu kinafiki kwa ulimi wao.
৯মোৰ শত্রুবোৰৰ মুখত সত্যতা নাই। সিহঁতৰ হৃদয়ত ধ্বংসৰ মনোভাৱ থাকে। সিহঁতৰ ডিঙিৰ নলীবোৰ যেন মুকলি মৈদাম, সিহঁতে কপটভাৱে জিভাৰে প্রশংসাৰ কথা কয়।
10 Mungu, wafanye kuwa na hatia; mipango yao iwe kuanguka kwao! Kwa ajili ya makosa yao mengi uwatoe nje, kwa kuwa wamekuasi wewe.
১০হে ঈশ্বৰ, তুমি সিহঁতক নিজৰ দোষৰ ভাৰ বহন কৰিবলৈ দিয়া; সিহঁত নিজ নিজ পৰামর্শতে পতিত হওঁক। সিহঁতৰ অধিক অপৰাধৰ কাৰণে তুমি সিহঁতক খেদাই দিয়া; কিয়নো সিহঁতে তোমাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে।
11 Bali wale wanao kukimbilia wafurahi; uwafanye wapige kelele kwa shangwe siku zote kwa sababu unawapigania; uwafanye wenye furaha ndani yako, wale walipendao jina lako.
১১কিন্তু যিসকলে তোমাত আশ্ৰয় লয়, তেওঁলোক আনন্দিত হওঁক; তেওঁলোকে আনন্দেৰে চিৰকাল গীত-গান কৰক, তেওঁলোকৰ ওপৰত তোমাৰ নিৰাপত্তা প্রসাৰিত কৰা যাতে তোমাৰ নামক যিসকলে প্ৰেম কৰে, তেওঁলোকে তোমাত আনন্দ পায়।
12 Kwa maana utawabariki wenye haki, Yahweh; utawazunguka kwa neema kama ngao.
১২কিয়নো হে যিহোৱা, যিসকল ধাৰ্মিক, তুমি তেওঁলোকক আশীৰ্বাদ কৰা; তোমাৰ দয়াৰে তুমি তেওঁলোকক ঢালৰ নিচিনাকৈ আৱৰি ৰাখিছা।