< Zaburi 45 >

1 Moyo wangu unafurika kwa neno zuri; nitasoma kwa sauti maneno niliyo yaandika kuhusu mfalme; ulimi wangu ni kalamu ya mwandishi mwenye ustadi.
মোৰ হৃদয় ভাল সুন্দৰ ভাৱধাৰাৰে ভৰি পৰিছে; ৰজাৰ উদ্দেশ্যে মই কবিতা ৰচিছো; মোৰ জিভা লেখকৰ কলমৰ দৰে হৈ উঠিছে।
2 Wewe u mzuri sana kuliko mwanadamu yeyote; neema imemiminwa midomoni mwako; Kwa hiyo tunajua ya kuwa Mungu amekubariki milele.
মানুহৰ সন্তান সকলতকৈ তুমি পৰম সুন্দৰ; তোমাৰ ওঁঠযোৰি অনুগ্ৰহেৰে পৰিপূৰ্ণ; ঈশ্বৰে চিৰকাললৈকে তোমাক আশীৰ্ব্বাদ কৰিলে।
3 Weka upanga wako upande wako, wewe uliye mwenye nguvu, katika utukufu wako na enzi yako.
হে বীৰ, তোমাৰ তৰোৱাল কঁকালত বান্ধি লোৱা; গৌৰৱ আৰু মহিমাৰ সাজত তুমি বিভূষিত হোৱা।
4 Katika enzi yako enenda katika ushindi kwa sababu ya uaminifu, upole, na haki; mkono wako wa kuume utakufundisha mambo ya kutisha.
ধার্মিকতাযুক্ত সত্য আৰু নম্রতাৰ পক্ষে তুমি নিজৰ গৌৰৱত বিজয়ীৰ দৰে যাত্রা কৰা; তোমাৰ সোঁ হাতে তোমাক ভয় জন্মোৱা কাৰ্য শিকাওঁক।
5 Mishale yako ni mkali; watu huanguka chini yako; mishale yako imo ndani ya mioyo ya adui za mfalme.
তোমাৰ ধনুৰ কাঁড়বোৰ চোকা; ৰজাৰ শত্ৰুবোৰৰ বুকুত সেই কাঁড়বোৰে বিন্ধি যায়; জাতিবোৰ তোমাৰ ভৰিৰ তলত পৰি যায়;
6 Kiti chako cha enzi, Mungu ni cha milele na milele; na fimbo ya haki ni fimbo ya utawala wako.
ঈশ্বৰে তোমাক দিয়া সিংহাসন চিৰস্থায়ী, অনন্ত কাললৈকে থাকে; তোমাৰ ৰাজকীয় ৰাজদণ্ড ন্যায়শাসনৰ দণ্ড।
7 Umeipenda haki na kuchukia uovu; kwa hiyo Mungu, Mungu wako, amekupaka mafuta ya furaha kuliko wenzako.
তুমি ধাৰ্মিকতাক ভাল পোৱা আৰু দুষ্টতাক ঘৃণা কৰা; সেইবাবে ঈশ্বৰে, তোমাৰ ঈশ্বৰে, তোমাৰ সংগীসকলতকৈ অধিক বেচি আনন্দৰ তেলেৰে তোমাক অভিষেক কৰিলে।
8 Mavazi yako yote hunukia manemane, udi, na mdalasini; kukoka katika majumba ya pembe vyombo vya muziki wa nyuzi vimekufurahisha.
গন্ধৰস, অগৰু আৰু দালচিনিৰ সকলো গন্ধত তোমাৰ বস্ত্ৰ সুগন্ধ হৈছে। হাতী-দাঁতেৰে নির্মাণ কৰা অট্টালিকাৰ পৰা তাঁৰযুক্ত বাদ্যযন্ত্ৰৰ বাদ্যই তোমাক আনন্দ দিয়ে।
9 Binti za wafalme ni kati ya wake zako waheshimiwa; na mkono wako wa kuume amesimama malikia aliye vaa mavazi ya dhahabu ya Ofiri.
তোমাৰ সন্মানীত মহিলাসকলৰ মাজত ৰাজকন্যাও আছে; তোমাৰ সোঁহাতে সোণ আৰু ওফীৰৰে বিভূষিতা ৰাণী থিয় হৈ আছে।
10 Sikiliza, mwanangu, tafakari na utege sikio lako; uwasahahu watu wako na watu wa nyumba ya baba yako.
১০হে কন্যা, মন দি কাণ পাতি শুনা; তোমাৰ লোকসকলক তুমি পাহৰি যোৱা; তোমাৰ পিতৃ গৃহৰ কথা পাহৰি যোৱা।
11 Hivyo mfalme atautamani uzuri wako; yeye ni Bwana wako; umstahi.
১১তেতিয়াহে ৰজাই তোমাৰ সৌন্দৰ্য্যত ইচ্ছা প্রকাশ কৰিব; কিয়নো তেৱেঁই তোমাৰ প্ৰভু; তেওঁৰ আগত প্রণাম কৰা।
12 Binti wa Tiro atakuwepo akiwa na zawadi; matajiri kati wa watu watajipendekeza kwako.
১২তূৰ নগৰৰ লোকসকলে তোমাৰ অনুগ্রহ বিচাৰি উপহাৰেৰে সৈতে উপস্থিত হব; ধনীসকলেও সকলো সম্পদেৰে সৈতে তোমাৰ অনুগ্ৰহ বিচাৰিব।
13 Binti mfalme katika jumba la kifahari ana utukufu wote; mavazi yake yametengenezwa kwa dhahabu.
১৩ৰাজপ্রাসাদত ৰাজকন্যাক সজ্জিত কৰা হ’ব; তেওঁৰ বস্ত্ৰ সোণৰ সূতাৰে বোৱা হৈছে।
14 Naye ataongozwa kwa mfalme akiwa katika mavazi ya dhahabu; mabikra, wenzake wanoumfuata, wataletwa kwako mafalme.
১৪নানা বৰঙীয়া ফুলাম বস্ত্ৰেৰে বিভূষিত কৰি তেওঁক ৰজাৰ আগলৈ নিয়া হব; তাইৰ পাছত তাইৰ অবিবাহিতা সংগীসকলেও অনুসৰণ কৰিব।
15 Wao wataongozwa kwa furaha na shangwe; wataingia mahali pa mfalme.
১৫আনন্দ আৰু উল্লাসেৰে তেওঁলোকক লৈ অনা হব; তেওঁলোক ৰজাৰ ৰাজপ্রসাদত আহি সোমাব।
16 Katika mahali pa baba zako watoto wako watakuwepo, ambao wewe utawafanya kuwa wakuu katika nchi yote.
১৬তোমাৰ পূর্বপুৰুষসকলৰ ঠাই তোমাৰ পুত্রসকলে ল’ব; লোকসকলৰ মাজত তুমি তেওঁলোকক গোটেই পৃথিবীত ৰাজকুমাৰ কৰিবা।
17 Nami nitalifanya jina lako kukumbukwa katika uzao wote; kwa hiyo watu watakushukuru milele na milele.
১৭মই তোমাৰ নাম পুৰুষানুক্ৰমে সোঁৱৰণ কৰিম; সেইকাৰণে লোকসকলে চিৰকাললৈকে তোমাৰ ধন্যবাদ কৰিব।

< Zaburi 45 >