< Zaburi 37 >

1 Usikereshwe na wafanyao maovu; usiwaonee wivu wale watendao yasiyo haki.
তুমি দুষ্টবোৰৰ কাৰণে অস্থিৰ নহবা; কুকার্য কৰাবোৰক দেখি হিংসা নকৰিবা।
2 Kwa kuwa muda mfupi watakauka kama nyasi na kukauka kama vile mimea ya kijani ikaukavyo wakati wa kiangazi.
কিয়নো তেওঁলোক ঘাঁহৰ দৰে শীঘ্রেই শুকাই যাব, সেউজীয়া তৃণৰ নিচিনাকৈ জঁয় পৰিব।
3 Uwamini Mungu na kufanya yaliyo mema; uishi katika nchi na uongezeke katika imani.
যিহোৱাত ভাৰসা ৰাখা আৰু সুকৰ্ম কৰা; দেশত বাস কৰা আৰু নিৰাপদে থাকা।
4 Kisha ufurahi mwenyewe katika Yahwe, naye atakupa matamanio ya moyo wako.
যিহোৱাত আনন্দ কৰা; তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূর্ণ কৰিব।
5 Umkabidhi njia zako Yahwe; uamini katika yeye, naye atatenda kwa niaba yako.
তোমাৰ পথ যিহোৱাত সমৰ্পণ কৰা; তেওঁত ভাৰসা ৰাখা; তাতে তেৱেঁই সকলো কৰিব।
6 Yeye ataidhihilisha haki yako kama mchana na usafi wako kama mwangaza wa mchana.
তেৱেঁই তোমাৰ সততা দীপ্তিৰ দৰে উজ্জ্বল কৰি তুলিব; তোমাৰ ন্যায় কাৰ্য দুপৰীয়াৰ ৰ’দৰ নিচিনাকৈ প্ৰকাশ কৰিব।
7 Uwe kumya mbele za Yahwe na umsubiri yeye kwa uvumilivu. Usikasirike ikiwa kuna mtu anafanikiwa kwa kile afanyacho, au afanyapo njama za uovu.
যিহোৱাৰ আগত শান্ত হোৱা; ধৈৰ্যেৰে তেওঁলৈ অপেক্ষা কৰা। যি মানুহে নিজৰ দুষ্ট পৰিকল্পনাৰে কৃতকাৰ্য্য হবলৈ কর্ম কৰে, তাত তুমি অসন্তোষ্ট নহ’বা;
8 Usikasilile na kugadhabika. Usiogope. Hii huleta matatizo tu.
ক্ৰোধ এৰা, কোপ ত্যাগ কৰা; বেজাৰ নকৰিবা, কেৱল হানিহে হয়।
9 Watendao maovu watafutiliwa mbali, bali wale wamngojao Yahwe watairithi nchi.
কিন্তু দুষ্টবোৰ উচ্ছন্ন হব, কিন্তু যিহোৱালৈ অপেক্ষা কৰা লোকে হলে দেশ অধিকাৰ কৰিব।
10 Katika muda mfupi mtu mwovu atatoweka; wewe utatazama mahali pake, wala hautamuona.
১০কিন্তু অলপতে দুষ্টলোক শেষ হৈ যাব; তুমি যত্নেৰে বিচাৰিলেও তেওঁলোকৰ ঠাইত তেওঁলোকক পোৱা নাযাব।
11 Lakini wapole watairithi nchi nao watafurahia katika mafanikio makubwa.
১১কিন্তু নম্ৰসকলে দেশ অধিকাৰ কৰিব; প্ৰচুৰ আশীর্বাদ পাই তেওঁলোক আনন্দিত হব।
12 Mtu mwovu hupanga njama kinyume na mwenye haki na kumsagia meno.
১২দুষ্টই ধাৰ্মিকলোকৰ বিৰুদ্ধে কুমন্ত্ৰণা কৰে; তেওঁলোকৰ বিৰুদ্ধে দাঁত কৰঁচে।
13 Bwana humcheka, kwa maana anaona siku yake inakuja.
১৩প্ৰভুৱে তেওঁলোকক দেখি হাঁহিছে; কিয়নো তেওঁ দেখিছে যে, তেওঁলোকৰ শেষ দিন চাপি আহিছে।
14 Waovu wametoa nje panga zao na wametayarisha pinde zao ili kuwaangamiza wanyonge na wahitaji, na kuwaua wenye haki.
১৪দুখী-দৰিদ্ৰক বিনাশ কৰিবলৈ আৰু সৎ পথত চলাসকলক বধ কৰিবলৈ, দুষ্টবোৰে নিজৰ তৰোৱাল উলিয়াইছে আৰু নিজৰ নিজৰ ধনু ভিৰাইছে।
15 Panga zao zitawaua wenyewe, na pinde zao zitavunjika.
১৫কিন্তু তেওঁলোকৰ তৰোৱাল তেওঁলোকৰ নিজৰ বুকুতে সোমাব, আৰু তেওঁলোকৰ ধনু ভঙা হব।
16 Ni bora kuwa mwenye haki maskini kuliko tajiri mwenye mali nyingi.
১৬দুষ্টলোকৰ প্রচুৰ ধনৰাশিতকৈয়ো, ধাৰ্মিকৰ অলপ সম্পত্তিয়েই ভাল।
17 Kwa maana mikono ya watu waovu itavunjika, bali Yahwe huwasaidia watu wenye haki.
১৭কিয়নো দুষ্টবোৰৰ বাহু ভঙা হব। কিন্তু যিহোৱাই ধাৰ্মিকসকলক ধৰি ৰাখিব।
18 Yahwe huwalinda watu wasio na lawama siku hadi siku, na urithi wao utakuwa wa milele.
১৮সিদ্ধ লোকৰ সকলো দিন যিহোৱাই জানে, আৰু তেওঁলোকৰ আধিপত্য চিৰকাললৈকে থাকিব।
19 Hawata aibika siku mbaya zijapo. Wakati wa njaa ufikapo wao watakuwa na chakula cha kutosha.
১৯সঙ্কটৰ সময়ত তেওঁলোক লাজত নপৰিব, আৰু আকালৰ সময়ত তেওঁলোক তৃপ্ত হব।
20 Bali waovu wataangamia. Maadui wa Yahwe watakuwa kama vile utukufu wa malisho; watamalizwa na kupotezwa katika moshi.
২০দুষ্টবোৰ বিনষ্ট হব, যিহোৱাৰ শত্রুবোৰ পথাৰৰ তৃণৰ শোভাৰ সদৃশ হব; তেওঁলোক অদৃশ্য হৈ যাব; ধোঁৱাৰ নিচিনাকৈ তেওঁলোক নোহোৱা হ’ব।
21 Mtu mwovu hukopa lakini halipi, bali mtu mwenye haki ni mkarimu na hutoa.
২১দুষ্টই ধাৰে লয়, কিন্তু তাক পৰিশোধ নকৰে; কিন্তু ধাৰ্মিক লোক দয়াৱান আৰু দানশীল।
22 Wale walio barikiwa na Mungu watairithi nchi; wale aliowalaani watafutiliwa mbali.
২২যিহোৱাৰ আশীৰ্ব্বাদ পোৱাসকল পৃথিবীৰ অধিকাৰী হব, কিন্তু যি সকলক তেওঁ অভিশাপ দিয়ে, তেওঁলোক উচ্ছন্ন হব।
23 Hatua za mwanadamu zinaimarishwa na Yahwe, mtu ambaye njia zake zinakubalika machoni pa Mungu.
২৩যিহোৱাই আমাৰ খোজৰ গতি স্থিৰ কৰে; তেওঁ তেওঁৰ পথত সন্তোষ পায়।
24 Ajapojikwaa, hataanguka chini, kwa kuwa Yahwe anamshikilia kwa mkono wake.
২৪তেওঁ উজুতি খাই পৰিলেও নিচেইকৈ পতিত নহব; কিয়নো যিহোৱাৰ হাতেই তেওঁক ধৰি ৰাখিছে।
25 Nilikuwa kijana na sasa ni mzee; sijawahi kumuona mtu mwenye haki ametelekezwa wala watoto wake kuombaomba mkate.
২৫মই যুৱক আছিলোঁ, এতিয়া বুঢ়া হ’লো; কিন্তু মই ধাৰ্মিকক ত্যাগ কৰা, নাইবা তেওঁলোকৰ বংশধৰসকলে ভিক্ষা কৰা, এনে কেতিয়াও দেখা নাই।
26 Wakati wote yeye ni mkarimu na hukopesha, nao watoto wake hufanyika baraka.
২৬ধার্মিকসকল সদায় দয়ালু, আৰু তেওঁলোকে ধাৰে দিয়ে; তেওঁলোকৰ বংশই আশীৰ্ব্বাদ পায়।
27 Acha uovu na ufanye yaliyo mema; ndipo utakapokuwa salama milele.
২৭তুমি দুষ্টতাৰ পৰা আতৰি আহাঁ আৰু ভাল কৰ্ম কৰা; তুমি চিৰকাল জীয়াই থাকিবা।
28 Kwa maana Yahwe hupenda haki naye hawaachi wafuasi waaminifu. Wao hutunzwa milele, lakini uzao wa waovu utafutiliwa mabli.
২৮কিয়নো যিহোৱাই ন্যায় বিচাৰ ভাল পায়, তেওঁৰ ভক্তসকলক তেওঁ পৰিত্যাগ নকৰে; অনন্ত কাললৈকে তেওঁলোকক ৰক্ষা কৰা হ’ব; কিন্তু দুষ্টবোৰৰ বংশক হলে ধ্বংস কৰা হ’ব।
29 Wenye haki watairithi nchi na kuaa huko milele.
২৯ধাৰ্মিকসকল পৃথিবীৰ অধিকাৰী হব; তেওঁলোক তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।
30 Mdomo wa mwenye haki huongea hekima na huongeza haki.
৩০ধাৰ্মিকৰ মুখে জ্ঞানৰ কথা প্ৰচাৰ কৰে, তেওঁলোকৰ জিভাই ন্যায় কথা প্রকাশ কৰে।
31 Sheria ya Mungu wake imo moyoni mwake; miguu yake haitelezi.
৩১তেওঁলোকৰ ঈশ্বৰৰ ব্যৱস্থা তেওঁলোকৰ হৃদয়ত আছে; তেওঁলোকৰ ভৰি পিছলি নাযায়।
32 Mtu mwovu humvizia mwenye haki na kutafuta kumuua.
৩২দুষ্টলোকে ধাৰ্মিক লোকলৈ খাপ পাতি থাকে, তেওঁলোকক বধ কৰিবলৈ বিচাৰে।
33 Yahwe hatamuacha yeye kwenye mkono wa mtu mwovu wala kumlaumu atakapohukumiwa.
৩৩কিন্তু যিহোৱাই দুষ্টলোকৰ হাতত তেওঁলোকক এৰি নিদিব, বিচাৰত তেওঁলোকক দোষী নকৰিব।
34 Umngoje Yahwe na uishike njia yake, naye atakuinua uimiliki nchi. Atakapo waondosha waovu wewe utaona.
৩৪যিহোৱাৰ অপেক্ষাত থাকা, তেওঁৰ পথত চলা; তাতে তেওঁ পৃথিবীৰ অধিকাৰী হবলৈ তোমাক উন্নত কৰিব। দুষ্টবোৰ উচ্ছন্ন হ’লে তুমি তাক দেখিবলৈ পাবা।
35 Nimewaona waovu na mtu wa kutisha akienea kama mti wa kijani katika udongo wa asili.
৩৫মই দুষ্টলোকৰ অত্যাচাৰ বৃদ্ধি পোৱা দেখিলোঁ, সেউজ গছৰ দৰে বাঢ়ি যোৱা দেখিলোঁ।
36 Lakini nilipopita tana mara nyingine, hakuwepo pale. nilimtafuta, lakini sikumpata.
৩৬কিন্তু মই পুনৰ যেতিয়া ওচৰেদি পাৰ হৈ গ’লো, তেওঁলোক নোহোৱা হ’ল; মই বিচাৰিলোঁ, কিন্তু তেওঁলোকক পোৱা নগ’ল।
37 Uwachunguze watu waadilifu, na uwatambue wenye haki; kuna hatima nzuri kwa ajili ya mtu wa amani.
৩৭সিদ্ধ লোকৰ জীৱনলৈ লক্ষ্য কৰা, সৎ লোকসকলক নিৰীক্ষণ কৰা; কিয়নো শান্তিপ্রিয় লোকৰ বংশৰ কল্যাণ হয়।
38 Mwenye dhambi wataharibiwa kabisa; hatima ya mtu mwovu ni kuondoshwa.
৩৮কিন্তু পাপী লোক সম্পূর্ণকৈ ধ্বংস হ’ব; দুষ্টলোকৰ বংশ ধ্বংস হ’ব।
39 Wokovu wa haki unatoka kwa Yahwe; yeye huwalinda wao nyakati za shida.
৩৯ধাৰ্মিকসকলৰ পৰিত্ৰাণ যিহোৱাৰ পৰা আহে; সঙ্কটৰ কালত তেৱেঁই তেওঁলোকৰ আশ্ৰয়।
40 Yahwe huwasaidia na kuwaokoa. Yeye huwaokoa dhidi ya watu waovu na kuwanusuru wao kwa sababu wao wamemkimbilia yeye kwa ajili ya usalama.
৪০যিহোৱাই তেওঁলোকক সহায় আৰু ৰক্ষা কৰে; দুষ্ট লোকসকলৰ হাতৰ পৰা তেৱেঁই তেওঁলোকক উদ্ধাৰ কৰি পৰিত্রাণ দিয়ে, কিয়নো তেওঁলোকে তেওঁতে আশ্ৰয় লৈছে।

< Zaburi 37 >