< Zaburi 34 >
1 Nitamsifu Yahwe wakati wote, siku zote sifa zake zitakuwa mdomoni mwangu.
১মই সকলো সময়তে যিহোৱাৰ ধন্যবাদ কৰিম; তেওঁৰ প্ৰশংসা মোৰ মুখত থাকিব।
2 Nitamsifu Yahwe! walio onewa wasikie na kufurahi.
২মোৰ প্ৰাণে যিহোৱাতেই গৌৰৱ কৰে; তাকে শুনি নম্ৰ লোকে আনন্দ কৰক।
3 Msifuni Yahwe pamoja nami, kwa pamoja tuliinue jina lake.
৩তোমালোকে মোৰে সৈতে যিহোৱাৰ মহিমা কীৰ্ত্তন কৰা; আহাঁ, আমি একেলগে তেওঁৰ নামৰ প্ৰশংসা কৰোঁহক।
4 Nilimuomba Yahwe msaada naye akanijibu, akanipa ushindi juu ya hofu yangu yote.
৪মই যিহোৱাক বিচাৰিলো, তাতে তেওঁ মোক উত্তৰ দিলে; মোৰ সকলো ভয়ৰ পৰা তেওঁ মোক উদ্ধাৰ কৰিলে।
5 Wale wanao mtazama yeye wana furaha, na nyuso zao hazina aibu.
৫তেওঁৰ ফালে যেতিয়া লোকসকলে চায়, তেওঁলোক তেতিয়া জ্যোতিষ্মান হৈ উঠে। তেওঁলোকৰ মুখ লাজত কেতিয়াও বিবৰ্ণ নহব।
6 Huyu mtu aliye onewa alilia na Yahwe akamsikia na kumuokoa kwenye matatizo yake yote.
৬এই দুখীয়ে প্ৰাৰ্থনা কৰাত যিহোৱাই শুনিলে, সকলো সঙ্কটৰ পৰা তেওঁক পৰিত্ৰাণ কৰিলে।
7 Malaika wa Yahwe huweka kambi wakiwazunguka wale wanao muogopa yeye na kuwaokoa.
৭যিহোৱালৈ ভয় ৰাখোঁতাসকলৰ চাৰিওফালে যিহোৱাৰ দূতে ছাউনি পাতে আৰু তেওঁলোকক উদ্ধাৰ কৰে।
8 Onjeni muone Yahwe ni mzuri. Amebarikiwa mtu yule ambaye Yahwe ni kimbilio lake.
৮যিহোৱা যে মঙ্গলময় তাক তোমালোকে আস্বাদন কৰি চোৱা; তেওঁত আশ্ৰয় লোৱা লোক ধন্য।
9 Muogopeni Yahwe, ninyi watu watakatifu wake. Hakuna kupungukikwa kwa wale wanao mhofu yeye.
৯হে যিহোৱাৰ পবিত্ৰ লোকসকল, তোমালোকে তেওঁলৈ ভয় ৰাখা; কিয়নো যিসকলে তেওঁলৈ ভয় ৰাখে, তেওঁলোকৰ একোৰে অভাৱ নহয়।
10 Simba wadogo wakati mwingine hukosa chakula na kuteseka kwa njaa, bali wale wamtafutao Yahwe hawatapungukiwa chochote kilicho kizuri.
১০ডেকা সিংহবোৰৰ আহাৰৰ অভাৱ হয়, সিহঁতে ভোকত কষ্ট পায়: কিন্তু যিসকলে যিহোৱাক বিচাৰে, তেওঁলোকৰ মঙ্গলৰ অভাৱ নহয়।
11 Njoni, wana, mnisikilize mimi. nitawafundisha ninyi hofu ya Yahwe.
১১হে সন্তান সকল আহাঁ, তোমালোকে মোৰ বাক্য শুনা; মই তোমালোকক যিহোৱাৰ ভয় শিকাম।
12 Mtu nani aliyepo ambaye anatamani maisha na anapenda kuwa na siku nyingi, ili kwamba aweze kuona vizuri?
১২তোমালোকৰ মাজত কোনে এই জীৱন ভোগ কৰিব বিচাৰে? সুখ ভোগ কৰিবৰ কাৰণে কোনে দীর্ঘায়ু বিচাৰে?
13 Hivyo uepushe ulimi wako na uovu na uilinde midomo yako kuongea uongo.
১৩তুমি দুষ্টতাৰ পৰা তোমাৰ জিভা আৰু ছলনা বাক্যৰ পৰা তোমাৰ ওঁঠক ৰাখা।
14 Uache uovu na utende mema. Uitafute amani na kuiendea amani.
১৪তুমি দুষ্টতাৰ পৰা আঁতৰি সুকৰ্ম কৰা; তুমি শান্তি বিচাৰা আৰু তাৰ পাছে পাছে খেদি যোৱা।
15 Macho ya Yahwe yako kwenye haki na masikio yake huelekea kulia kwao.
১৫যিহোৱাৰ দৃষ্টি ধাৰ্মিকসকলৰ ওপৰত থাকে; তেওঁৰ কাণ তেওঁলোকৰ কাতৰোক্তি শুনিবলৈ মুকলি থাকে।
16 Uso wa Yahwe uko kinyume na wale watendao uovu, kuikatilia mbali kumbukumbu yao duniani.
১৬যিসকলে দুষ্টতাৰ কার্য কৰে, যিহোৱা তেওঁলোকৰ বিৰুদ্ধে, তেওঁ পৃথিবীৰ পৰা তেওঁলোকৰ স্মৰণ মছি পেলাব।
17 Wenye haki hulia na Yahwe husikia na kuwaokoa kwenye matatizo yao yote.
১৭ধাৰ্মিক লোকে সহায়ৰ কাৰণে কাতৰোক্তি কৰিলে যিহোৱাই শুনে; যিহোৱাই সকলো সঙ্কটৰ পৰা তেওঁলোকক ৰক্ষা কৰে।
18 Yahwe yu karibu nao waliovunjika moyo, naye huwaokoa waliogandamizwa rohoni.
১৮যিহোৱা ভগ্নচিত্তীয়াসকলৰ ওচৰ; খেদিত মন হোৱাসকলক তেওঁ পৰিত্ৰাণ কৰে।
19 Mateso ya wenye haki ni mengi, bali Yahwe huwaokoa nayo yote.
১৯ধাৰ্মিক লোকৰ বিপদ অনেক হলেও, সেই সকলোৰে পৰা যিহোৱায়েই তেওঁক উদ্ধাৰ কৰে।
20 Yeye huitunza mifupa yake yote, hakuna hata mmoja wao utavunjika.
২০যিহোৱাই তেওঁৰ সকলো অস্থি ৰক্ষা কৰে; তাৰ মাজৰ এডালিও ভগ্ন নহয়।
21 Uovu utawauwa waovu. Wale wachukiao haki watahukumiwa.
২১দুষ্ট লোকৰ মৃত্যু দুষ্টতাৰ হাতত; ধাৰ্মিক লোকক ঘিণাওঁতাসকল দণ্ডিত হব।
22 Yahwe huokoa maisha ya watumishi wake. Hakuna atakaye hukumiwa hata mmoja atafutaye usalama katika yeye.
২২যিহোৱাই তেওঁৰ দাসবোৰৰ প্ৰাণ মুক্ত কৰে; তেওঁত আশ্ৰয় লোৱা সকলৰ কোনোৱেই দণ্ডিত নহব।