< Zaburi 27 >

1 Yahwe ni nuru yangu na wokovu wangu; nimuogope nani? Yahwe ni salama ya maisha yangu; ni mhofu nani?
যিহোৱা মোৰ দীপ্তি, মোৰ পৰিত্ৰাণ; মই কাক ভয় কৰিম? যিহোৱা মোৰ জীৱন ৰক্ষক কোঁঠ, মই কাৰ বাবে ত্ৰাসযুক্ত হম?
2 Wakati waovu waliponijia kunila mwili wangu, wapinzani wangu na adui zangu walijikwaa na wakaanguka.
দুষ্টবোৰে যেতিয়া মোৰ মাংস খাবলৈ ওচৰলৈ আহে, তেতিয়া মোৰ সেই শত্রু আৰু বিৰোধীবোৰ উজুতি খাই পৰে।
3 Ingawa jeshi hujipanga kupigana na mimi, moyo wangu hautaogopa; japo vita vijapo inuka kupigana nami hata hapo nitabaki kuwa jasiri.
সৈন্যৰ দলেও যদি মোৰ বিৰুদ্ধে ছাউনি পাতে, মোৰ হৃদয়ে ভয় নকৰিব; মোৰ বিৰুদ্ধে যদি যুদ্ধও আৰম্ভ হয়, তেতিয়াও মই সাহসেৰে থাকিম।
4 Kitu kimoja nimekiomba kwa Yahwe, nami nitakitafuta hicho: kwamba niweze kukaa katika nyumba ya Yahwe siku zote za maisha yangu, kuutazama uzuri wa Yahwe na kutafakari hekaruni mwake.
যিহোৱাৰ ওচৰত মই এটা বিষয় যাচনা কৰিছোঁ, মই তাকেই অন্বেষণ কৰিম: মই যেন যিহোৱাৰ সৌন্দর্য দেখা পাবলৈ, আৰু তেওঁৰ মন্দিৰত ধ্যান কৰিবলৈ মোৰ গোটেই জীৱন কাল যিহোৱাৰ গৃহত বাস কৰিব পাৰোঁ।
5 Kwa kuwa katika siku ya shida atanificha nyumbani mwake; atanificha katika mfuniko wa hema lake. Yeye ataniinua juu ya mwamba!
আপদৰ কালত তেওঁ মোক নিজ আশ্রয়ত গুপুতে ৰাখিব, নিজৰ তম্বুত মোক লুকুৱাই ৰাখিব; তেওঁ মোক শিলৰ ওপৰত তুলি থব।
6 Kisha kichwa changu kitainuliwa juu ya maadui wote wanizungukao, nami nitatoa sadaka ya furaha hemani mwake! Nitaimba na kutunga nyimbo kwa Yahwe!
যি শত্রুবোৰে মোক চাৰিওফালে বেৰি ধৰিছে, তেওঁলোকতকৈ মোৰ মূৰ উন্নত হব; মই তেওঁৰ তম্বুত আনন্দ জয়ধ্বনিৰে বলি উৎসৰ্গ কৰিম। মই যিহোৱাৰ উদ্দেশ্যে গীত-গান কৰিম!
7 Sikia, sauti yangu nikuitapo, Yahwe! Unihurumie, na unijibu!
হে যিহোৱা, মই মাতিলে, তুমি শুনা। মোক কৃপা কৰা, মোক উত্তৰ দিয়া!
8 Moyo wangu huongea kuhusu wewe, “Utafute uso wake!” Nami nautafuta uso wako, Yahwe!
মোৰ হৃদয়ে তোমাৰ এই কথাকে ক’লে, “আহাঁ, তোমালোকে মোৰ সাক্ষাৎ পাবলৈ বিচাৰা।” হে যিহোৱা, মই তোমাৰ সাক্ষাৎ পাবলৈ বিচাৰো।
9 Usiufiche uso wako mbali na mimi; usinikasirikie mimi mtumishi wako! Wewe umekuwa msaada wangu; usiniache wala kunitelekeza, Mungu wa wokovu wangu!
তোমাৰ মুখ মোৰ পৰা লুকুৱাই নাৰাখিবা; ক্ৰোধত তুমি তোমাৰ দাসক দূৰ নকৰিবা। তুমিয়েই মোৰ সহায় হৈ আহিছা; হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ, মোক নেৰিবা, মোক পৰিত্যাগ নকৰিবা!
10 Hata kama baba yangu na mama yangu wakiniacha, Yahwe utanitunza kwako.
১০মোৰ পিতৃ-মাতৃয়ে মোক ত্যাগ কৰিলেও, যিহোৱাই মোক তুলি লব।
11 Unifundishe njia yako, Yahwe! Kwa sababu ya adui zangu uniongoze katika njia salama.
১১হে যিহোৱা, মোৰ শত্রুবোৰৰ কাৰণে, তুমি মোক তোমাৰ পথ শিকোৱা; তুমি মোক সমান পথত চলোৱা।
12 Usiwaache adui zangu wanifanyie watamanivyo, kwa sababu mashahidi wa uongo wameinuka kinyume namimi, nao wanapumua vurugu!
১২মোৰ বিৰোধীবোৰৰ ইচ্ছাত তুমি মোক সমর্পণ নকৰিবা; কিয়নো মিছা সাক্ষীবোৰ মোৰ বিৰুদ্ধে উঠিছে; তেওঁলোকৰ প্রশ্ৱাসত অত্যাচাৰ ওলাই আহে।
13 Kitu gani kingeweza kunitokea kama nisingeamini kuwa nitauona uzuri wa Yahwe katika nchi ya walio hai?
১৩মই বিশ্বাস কৰোঁ যে, জীৱিতসকলৰ দেশত মই যিহোৱাৰ মঙ্গল দেখা পাম!
14 Umngoje Yahwe; uwe imara, na moyo wako uwe jasiri! Umngoje Yahwe!
১৪তুমি যিহোৱালৈ অপেক্ষা কৰা; সবল হোৱা; তোমাৰ অন্তঃকৰণ সাহিয়াল হওঁক; পুনৰায় কওঁ, যিহোৱালৈ অপেক্ষা কৰা।

< Zaburi 27 >