< Zaburi 22 >
1 Mungu wangu, Mungu wangu, mbona umeniacha? Kwa nini uko mbali na wokovu wangu na mbali na maneno yangu yenye uchungu?
১হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, তুমি কিয় মোক ত্যাগ কৰিলা? মোক সহায় কৰাৰ পৰা, মোৰ কেঁকনি শুনাৰ পৰা কিয় তুমি আঁতৰত থাকা?
2 Mungu wangu, ninalia mchana kutwa, lakini haunijibu, na wakati wa usiku sinyamazi!
২হে মোৰ ঈশ্বৰ মই দিনত তোমাৰ আগত প্ৰাৰ্থনা কৰোঁ, কিন্তু তুমি উত্তৰ নিদিয়া, ৰাতিও প্ৰাৰ্থনা কৰোঁ; মই চুপ হৈ নাথাকো!
3 Bado wewe ni mtakatifu; wewe umekaa kama mfalme pamoja na sifa za Israeli.
৩কিন্তু তুমি হলে পবিত্ৰ, ইস্ৰায়েলৰ প্ৰশংসাৰ সিংহাসনত তুমি বহি আছা।
4 Mababu zetu walikuamini wewe, na wewe uliwaokoa wao.
৪তোমাৰ ওপৰতে আমাৰ পূর্বপুৰুষসকলে ভাৰসা কৰিছিল; তেওঁলোকে ভাৰসা কৰিলে আৰু তুমি তেওঁলোকক উদ্ধাৰ কৰিলা।
5 Walikulilia wewe nao waka okolewa. Wao walikuamini wewe na hawakuvunjwa moyo.
৫তেওঁলোকে তোমাৰ আগত কাতৰোক্তি কৰিলে আৰু উদ্ধাৰ পালে; তোমাৰ ওপৰত ভাৰসা কৰি তেওঁলোক লাজত নপৰিল।
6 Bali mimi ni funza na sio mtu, nisiye faa kwa ubinadamu na hudharauliwa na watu.
৬কিন্তু মই কেৱল এটা পোক মাথোন, মানুহ নহওঁ; মানুহে মোক নিন্দা কৰে, লোক সকলে মোক তুচ্ছ জ্ঞান কৰে।
7 Wale wote wanionao hunisuta; hunidhihaki; hunitikisia vichwa vyao.
৭যিসকলে মোক দেখে, তেওঁলোক সকলোৱেই মোক হাঁহে; তেওঁলোকে মোক মুখ ভেঙুচায় আৰু মূৰ জোকাৰি কয়,
8 Wao husema, “Yeye anamwamini Yahwe; mwache Yahwe amuokoe. Mwache amuokoe yeye, kwa kuwa yeye anampendeza sana Yeye.”
৮“তেওঁতো যিহোৱাৰ ওপৰত ভাৰসা কৰে, তেন্তে তেৱেঁ তেওঁক উদ্ধাৰ কৰক; যিহোৱায়েই তেওঁক উদ্ধাৰ কৰক, কাৰণ তেওঁ তেওঁৰ ওপৰত সন্তুষ্ট!”
9 Kwa kuwa wewe ulinileta kutoka tumboni; wewe ulinifanya nikuamini wewe wakati nikiwa nanyonya matiti ya mama yangu.
৯কিন্তু যি জনাই মোক মাতৃ গৰ্ভৰ পৰা উলিয়াই আনিলে, সেই জনা তুমিয়েই; মই যেতিয়া মোৰ মাতৃৰ পিয়াহ খাইছিলো, তুমিয়েই মোক সুৰক্ষিত ৰাখি তোমাৰ ওপৰত নির্ভৰশীল কৰিলা।
10 Nimekwisha tupwa kwako wewe tokea tumboni; wewe ni Mungu wangu tangu nikiwa tumboni mwa mama yangu!
১০জন্মৰ পিছৰে পৰা মোক তোমাৰ হাতত দিয়া হ’ল; মোৰ মাতৃৰ গৰ্ভৰে পৰাই তুমি মোৰ ঈশ্বৰ থ’লো।
11 Usiwe mbali na mimi, kwa kuwa shida ikaribu; hayupo hata mmoja wa kusaidia.
১১তুমি মোৰ ওচৰৰ পৰা দূৰৈত নাথাকিবা; কিয়নো মোৰ আপদ ওচৰ চাপি আহিছে; মোৰ সহায়কাৰী কোনো নাই।
12 Maksai wengi wananizunguka mimi; maksai wenye nguvu ya Bashan wananizunguka mimi.
১২মোৰ চাৰিওফালে যেন অনেক ভতৰাই বেৰি ধৰিছে; বাচানৰ শক্তিশালী ভতৰাবোৰে যেন মোক আগুৰি ৰাখিছে।
13 Wao wanafungua midomo yao kwangu kama simba aungurumaye akirarua windo lake.
১৩ক্ষুধার্ত সিংহই যেনেকৈ গৰ্জ্জন কৰে, তেনেকৈ তেওঁলোকে মোলৈ মুখ মেলিছে।
14 Ninamwagwa nje kama maji, na mifupa yangu yote imeteguka. Moyo wangu ni kama nta; nao unayeyuka ndani ya sehemu zangu za ndani.
১৪মোক পানীৰ দৰে ঢালি পেলোৱা হ’ল, মোৰ গোটেই হাড়ৰ জোৰা লৰিল; মোৰ অন্তৰ মমৰ নিচিনা হৈ মোৰ বুকুতে গলি গলি গৈছে;
15 Nguvu zangu zimekaushwa kama kipande cha ufinyanzi; ulimi wangu unanata juu ya mdomo wangu. Wewe umenilaza mimi katika vumbi la mauti.
১৫মাটিৰ পাত্রৰ শুকান টুকুৰা এটাৰ দৰে মোৰ শক্তি শুকাই আহিছে; মোৰ জিভা তালুত লাগি ধৰিছে; তুমি মোক মৃত্যুৰ ধুলিত শুৱাই ৰাখিছা।
16 Kwa maana mbwa wamenizunguka; kundi la watu waovu limenizunguka; wamenitoboa mikono yangu na miguu yangu.
১৬কিয়নো কুকুৰবোৰ মোৰ চাৰিওফালে আছে, দুষ্ট কার্য কৰা লোক সকলে মোক বেৰি আছে; মোৰ হাত-ভৰিবোৰ কোঁচ খাই গৈছে।
17 Nami ninaweza kuihesabu mifupa yangu. Wao wananitazama na kunishangaa.
১৭মোৰ আটাইবোৰ হাড় মই লেখিব পাৰোঁ; সেই লোকসকলে মোলৈ একেথৰে চাইছে; উল্লাসৰ দৃষ্টিৰে চাইছে।
18 Wao wanagawa mavazi yangu kati yao wenyewe, wanapiga kura kwa ajili ya mavazi yangu.
১৮নিজৰ মাজত তেওঁলোকে মোৰ কাপোৰ-কানি ভাগ বাঁটি লৈছে; মোৰ বস্ত্ৰৰ অৰ্থে চিঠি খেলাইছে।
19 Usiwe mbali, Yahwe; tafadhali harakisha kunisaidia mimi, nguvu yangu!
১৯কিন্তু তুমি হ’লে, হে যিহোৱা, দূৰৈত নাথাকিবা! হে মোৰ শক্তি, মোক সহায় কৰিবলৈ শীঘ্ৰে আহাঁ।
20 Uiokoe roho yangu na upanga, maisha yangu mwenyewe na makucha ya mbwa mwitu.
২০তৰোৱালৰ পৰা মোৰ প্ৰাণ ৰক্ষা কৰা; সেই কুকুৰবোৰৰ হাতৰ পৰা মোৰ একেটি মাথোন বহুমূল্য জীৱনক তুমি উদ্ধাৰ কৰা!
21 Uniokoe na mdomo wa simba; uniokoe na mapembe ya ng'ombe wa porini.
২১সেই সিংহৰ মুখৰ পৰা তুমি মোক পৰিত্ৰাণ কৰা! তুমি মোক সেই সকলো বনৰীয়া ষাঁড়ৰ শিঙৰ পৰা ৰক্ষা কৰিলা।
22 Nami nitalitangaza jina lako kwa ndugu zangu; katikati ya kusanyiko la watu nitakusifu wewe.
২২ভাইসকলৰ আগত মই তোমাৰ নাম প্ৰচাৰ কৰিম; সমাজৰ মাজত তোমাৰ গুণানুকীর্তন কৰিম।
23 Ninyi mnao mwogopa Yahwe, msifuni yeye! Ninyi nyote kizazi cha Yakobo, muheshimuni yeye! Simameni katika hofu yake, ninyi nyote kizazi cha Israeli!
২৩তোমালোক যিসকলে যিহোৱাক ভয় কৰা, তেওঁৰ প্ৰশংসা কৰা, হে যাকোবৰ সমুদায় বংশধৰ, তোমালোকে তেওঁৰ গৌৰৱ-প্রশংসা কৰা; ইস্ৰায়েলৰ সমুদায় বংশধৰ, তোমালোকে ভয়েৰে সৈতে তেওঁৰ আগত থিয় হোৱা।
24 Kwa kuwa haja dharau au kuchukia mateso ya aliye taabishwa; Yahwe hajamficha uso wake yeye; pindi wale walio taabishwa walipo mlilia yeye, yeye alisikia.
২৪তেওঁ দুখীৰ দুখ দেখি হেয়জ্ঞান নকৰিলে, ঘৃণাৰ চকুৰে নাচালে; যিহোৱাই তেওঁৰ ওচৰৰ পৰা নিজৰ মুখ নাঢাকিলে, বৰং কাতৰোক্তিৰ সময়ত তেওঁ তাক শুনিলে।
25 Yahwe, katika kusanyiko la watu wako nitakusifu kwa yale uliyo tenda; nami nitatimiza nadhiri zangu mbele ya wale wanao muhofu yeye.
২৫মহা সমাজৰ মাজত মোৰ যি প্ৰশংসা, সেয়া তোমাৰ পৰাই আহে; তোমালৈ ভয় ৰাখোঁতাসকলৰ সন্মুখতে মই মোৰ সঙ্কল্প পূৰণ কৰিম।
26 Walio onewa watakula na kutosheka; wale ambao humtafuta Yahwe watamsifu yeye. Mioyo yenu iishi milele.
২৬দুখী লোকসকলে খাই তৃপ্ত হব; যি সকলে যিহোৱাক বিচাৰে তেওঁলোকে তেওঁৰ গুণ কীৰ্ত্তন কৰিব। তেওঁলোকৰ হৃদয়বোৰ চিৰকাল জীৱিত হৈ থাকক!
27 Watu wote wa duniani watakumbuka na kumrudia Yahwe; familia zote za mataifa watapiga magoti chini mbele yako.
২৭পৃথিবীৰ শেষ সীমাত থকা লোকসকলেও যিহোৱাক সোঁৱৰণ কৰি উলটি আহিব; আন জাতিবোৰৰ সকলো ফৈদে তেওঁক প্ৰণিপাত কৰিব।
28 Kwa kuwa utawala ni wa Yahwe; yeye ni mtawala wa mataifa.
২৮কিয়নো ৰাজ্য যিহোৱাৰেই, সকলো জাতিৰ ওপৰত তেৱেঁই শাসন কৰে।
29 Watu wote wa duniani waliofanikiwa wata sherekea na wata abudu; wale wote washukao katika mavumbi watapiga magoti mbele zake, wale ambao hawawezi kulinda maisha yao wenyewe.
২৯পৃথিবীৰ অহংকাৰী লোকসকলেও তেতিয়া তেওঁৰ সন্মুখত ভোজন কৰি প্ৰণিপাত কৰিব; নিজৰ প্রাণ ৰক্ষা কৰাৰ ক্ষমতা নথকা, তেনে ধুলিলৈ নামি যাবলগীয়া লোকসকলেও তেওঁক প্রণিপাত কৰিব। মই তেওঁলোকৰ কাৰণে জীয়াই থাকিম।
30 Kizazi kijacho kitamtumikia yeye; wao watakiambia kizazi kinachofuatia kuhusu Bwana.
৩০ভৱিষ্যত বংশধৰসকলে তেওঁৰ সেৱা কৰিব; ভাবীবংশৰ লোকসকলৰ ওচৰত যিহোৱাৰ বিষয়ে কোৱা হ’ব।
31 Wao watakuja na kuzungumza kuhusu haki yake; wao watawaambia watu ambao bado hawaja zaliwa yale ambayo Yahwe ameyafanya!
৩১যিসকলৰ এতিয়াও জন্ম হোৱা নাই, তেওঁলোকৰ ওচৰতো যিহোৱাৰ উদ্ধাৰ কার্যৰ কথা ঘোষণা কৰা হ’ব; ক’ব যে তেৱেঁই এই কার্য কৰিলে।