< Zaburi 2 >
1 Kwa nini mataifa wanafanya dhoruba, kwa nini watu wanafanya njama ambazo zitafeli?
১কিয় অস্থিৰ হৈ জাতি সমূহে যিহোৱাৰ বিৰুদ্ধাচৰণ কৰিছে? কিয় লোক সমূহে অনর্থক ষড়যন্ত্র কৰিছে?
2 Wafalme wa nchi kwa pamoja hushikilia misimamo yao na watawala kwa pamoja hufanya njama kinyume na Yahwe na kinyume na Masihi, wakisema,
২যিহোৱা আৰু তেওঁৰ অভিষিক্তজনাৰ বিৰুদ্ধে পৃথিবীৰ ৰজাসকল একেলগে থিয় হৈছে, শাসনকর্তাসকলে একেলগে গোপন ষড়যন্ত্র কৰিছে;
3 “Ngoja tuzikate pingu walizo tufingia sisi na kuzitupa pingu zao.”
৩তেওঁলোকে কৈছে, “আহাঁ আমি তেওঁলোকৰ বন্ধন ছিঙি পেলাওঁ, আমাৰ ওপৰৰ পৰা তেওঁলোকৰ শিকলিবোৰ পেলাই দিওঁ।”
4 Yeye aketie katika mbingu atacheka kwa dharau mbele yao; Bwana atawadhihaki wao.
৪যিহোৱাই স্বৰ্গৰ সিংহাসনত বহি হাঁহিছে; যিহোৱাই তেওঁলোকক বিদ্রূপ কৰিছে।
5 Kisha ataongea nao katika hasira yake na kuwaogofya kwa gadhabu yake, akisema,
৫তেওঁ ক্রোধ কৰি তেওঁলোকক ধমক দিব, তেওঁৰ প্রচণ্ড ক্রোধে তেওঁলোকৰ মনত ভয় জন্মাব।
6 “Mimi mwenyewe nilimpaka mafuta mfalme wa Sayuni, mlima wangu mtakatifu.”
৬যিহোৱাই কৈছে, “ময়েই মোৰ পবিত্ৰ চিয়োন পৰ্ব্বতত মোৰ ৰজাক অভিষেক কৰিলোঁ।”
7 Nami nitatangaza amri ya Yahwe. Yeye aliniambia, “wewe ni mwanangu! Leo hii nimekuwa baba yako.
৭ৰজাই ক’ব, যিহোৱাই যি নির্দেশ দিছে, মই তাক ঘোষণা কৰিম; যিহোৱাই মোক কৈছে, “তুমি মোৰ পুত্ৰ, আজিয়েই মই তোমাক পিতৃৰূপে জন্ম দিলোঁ।
8 Uniombe, nami nitakupa wewe taifa kwa ajili ya urithi na mikoa ya nchi iliyo bora kwa ajili ya umiliki wako.
৮তুমি মোৰ ওচৰত বিচাৰা, তাতে মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম, পৃথিবীৰ সকলো সীমা তোমাৰ অধিকাৰলৈ আহিব।
9 Wewe utawavunja wao kwa fimbo ya chuma; kama vile mtungi wa mfinyanzi, wewe utawavunja wao vipande vipande.”
৯লোহাৰ দণ্ডৰে তুমি তেওঁলোকক ভাঙি পেলাবা; কুমাৰৰ মাটিৰ পাত্ৰৰ দৰে তুমি তেওঁলোকক চূর্ণ-বিচূর্ণ কৰিবা।”
10 Hivyo sasa, ninyi wafalme; mchukue tahadhari; mjirekebishe.
১০গতিকে, হে ৰজাসকল, এতিয়া তোমালোকে জ্ঞানেৰে বুজি চলিবা; হে পৃথিবীৰ শাসনকর্তাসকল, সাৱধান হোৱা।
11 Mwabuduni Yahwe kwa hofu na mfurahi mkitetemeka.
১১ভয়েৰে সৈতে যিহোৱাৰ সেৱা কৰা; উল্লাসিত হৈ কম্পন কৰা।
12 Mumbusu mwana vinginevyo atawakasirikia, na mtakufa pale pale hasira yake ikiwaka. Ni jinsi gani wamebarikiwa wale wote watafutao usalama ndani yake.
১২তোমালোকে তেওঁৰ পুত্ৰক সন্মানেৰে চুমা খোৱা, নহলে তেওঁ তোমালোকৰ ওপৰত ক্রুদ্ধ হ’ব, তোমালোক নিজৰ পথতে বিনষ্ট হবা; কিয়নো তেওঁৰ ক্ৰোধ নিমিষতে জ্বলি উঠিব পাৰে। ধন্য সেইসকল, যিসকলে তেওঁত আশ্ৰয় লয়।