< Zaburi 142 >

1 Kwa sauti yangu namlilia Yahwe anisaidie; kwa sauti yangu naomba kwa ajili ya neema ya Yahwe.
মই চিঞঁৰি যিহোৱাৰ ওচৰত ক্রন্দন কৰিলোঁ, মই নিজ স্বৰেৰে যিহোৱাৰ আগত মিনতি কৰিলোঁ।
2 Namwaga malalamiko yangu mbele zake; ninamwambia shida zangu.
মই মোৰ দুখৰ কথা তেওঁৰ আগত ভাঙি ক’লো, তেওঁৰ আগত মোৰ কষ্টৰ কথা জনালোঁঁ।
3 Roho yangu inapokuwa dhaifu ndani yangu, wewe unajua mapito yangu. Kwenye njia niipitayo wamenifichia mtego.
মোৰ আত্মা যেতিয়া অন্তৰত ব্যাকুল হয়, তেতিয়া তুমি মোৰ পথ জানা; মই অহা-যোৱা কৰা পথত লোকবোৰে মোৰ বাবে গোপনে ফান্দ পাতিলে;
4 Natazama kulia kwangu na sioni yeyote anayenijali. Sina pa kukimbilia; hakuna anayejali kuhusu uhai wangu.
মোৰ সোঁ ফালে দৃষ্টি কৰি চোৱা, মোৰ খবৰ লওঁতা কোনো নাই; মোৰ বাবে আশ্রয় স্থান নাই, মোৰ বাবে কোনেও চিন্তা নকৰে।
5 Nilikuita wewe, Yahwe; nikasema, “Wewe ni kimbilio langu, fungu langu katika nchi ya walio hai.
হে যিহোৱা, মই তোমাৰ ওচৰত ক্রন্দনৰে কৈছো, “তুমিয়েই মোৰ আশ্ৰয়, জীৱিত লোকৰ দেশত তুমিয়েই মোৰ অধিকাৰ।”
6 Sikia kuita kwangu, maana nimeshushwa chini sana; uniokoe dhidi ya watesi wangu, maana wana nguvu kuliko mimi.
তুমি মোৰ কাকুতিলৈ মনোযোগ দিয়া, কিয়নো মই অতি অসহায় অৱস্থাত পৰিছোঁ; মোৰ তাড়নাকাৰীবোৰৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, কাৰণ তেওঁলোক মোতকৈ শক্তিশালী।
7 Uitoe nafsi yangu kifungoni ili niweze kulishukuru jina lako. Wenye haki watakusanyika karibu nami kwa sababu umekuwa mwema kwangu.”
কাৰাগাৰৰ পৰা মোৰ প্রাণ মুক্ত কৰা, যেন মই তোমাৰ নামৰ ধন্যবাদ কৰিব পাৰোঁ; ধাৰ্মিকসকলে মোক চাৰিওফালে ঘেৰি ৰাখিব; কাৰণ তুমি মোলৈ প্রচুৰ মঙ্গল কৰিবা।

< Zaburi 142 >