< Zaburi 137 >
1 Kando ya mito ya Babeli tuliketi na tulilia tulipokumbuka kuhusu Sayuni.
১যেতিয়া আমাৰ চিয়োনলৈ মনত পৰিছিল, তেতিয়া বাবিলৰ নদীবিলাকৰ তীৰত বহি আমি কান্দিছিলোঁ।
2 Tulitundika vinubi vyetu kwenye miti ya Babylon.
২সেই ঠাইৰ মাজত থকা বাইচি গছত, আমি আমাৰ বীণাবোৰ আৰি থৈছিলোঁ।
3 Huko watekaji wetu walitaka tuwaimbie, na wale walio tudhihaki walitutaka sisi tufurahi, wakisema, “Tuimbieni moja ya nyimbo za Sayuni.”
৩কিয়নো তাত আমাক বন্দী কৰি নিয়াসকলে আমাক গান গাবলৈ কৈছিল, সেই উপদ্রৱকাৰীবোৰে আমাৰ পৰা আনন্দৰ গান শুনিবলৈ বিচাৰিছিল; তেওঁলোকে কৈছিল, “আমাৰ আগত চিয়োনৰ এটি গীত গোৱা।”
4 Tungewezaje kuimba wimbo unaomuhusu Yahwe katika nchi ya ugeni?
৪আমি কেনেকৈ বিদেশী ভূমিত যিহোৱাৰ গীত-গান কৰিম?
5 Kama nikikusahau wewe, Yerusalemu, basi mkono wangu wa kuume na usahau ujuzi wake.
৫হে যিৰূচালেম, মই যদি তোমাক পাহৰোঁ, তেন্তে মোৰ সোঁ হাতৰ দক্ষতা যেন নিজে অকামিলা হৈ যায়।
6 Ulimi wangu na ushikamane juu ya kinywa changu kama nisipokufikiria tena, na kama sipendelei zaidi Yerusalemu kuliko furaha yangu kuu.
৬যদি মই তোমাক সোঁৱৰণ নকৰোঁ, যদি যিৰূচালেমক মোৰ সবাতোকৈ বেচি আনন্দৰ বিষয় বুলি নাভাৱো, তেতিয়া মোৰ জিভা তালুত লাগি ধৰক।
7 Kumbuka, Ee Yahwe, kile walichofanya Waedomu siku ya anguko la Yerusalemu. Walisema, “Ibomoeni, ibomoeni mpaka chini kwenye misingi yake.”
৭হে যিহোৱা, যিৰূচালেমৰ ধ্বংসৰ দিনা ইদোমীয়াবোৰে যি কৰিছিল তাক তেওঁলোকৰ বিৰুদ্ধে সোঁৱৰণ কৰা। তেওঁলোকে কৈছিল, “উচ্ছেদ কৰা! যিৰূচালেমক উচ্ছেদ কৰা, একেবাৰে ইয়াৰ ভেঁটি পর্যন্ত উচ্ছেদ কৰা।”
8 Binti za Babeli, hivi karibuni wataharibiwa- mtu na abalikiwe, yeyote atakaye walipizia yale mliotufanyia sisi.
৮হে বাবিল কন্যা, তোমাক বিনাশ কৰা হ’ব; তুমি আমাৰ প্রতি যেনে ৰূপে ব্যৱহাৰ কৰিলা, ধন্য সেইজন, যিজনে তোমাকো তেনে ৰূপে প্ৰতিফল দিব।
9 Mtu na abarikiwe, yeyote achukuaye na kusambaratisha watoto wenu juu ya jiwe.
৯ধন্য সেইজন, যি জনে তোমাৰ শিশুসকলক ধৰি শিলত আছাৰিব।