< Zaburi 135 >
1 Msifuni Yahwe. Lisifuni jina la Yahwe. Msifuni yeye, enyi watumishi wa Yahwe,
১তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। যিহোৱাৰ নামৰ প্ৰশংসা কৰা। হে যিহোৱাৰ দাসবোৰ, তেওঁৰ প্রশংসা কৰা।
2 ninyi msimamao katika nyumba ya Yahwe, katika nyua za nyumba ya Mungu wetu.
২তোমালোক যিসকলে যিহোৱাৰ গৃহত, আমাৰ ঈশ্বৰৰ গৃহৰ চোতাল কেইখনত থিয় হৈ থাকা, তেওঁৰ প্ৰশংসা কৰা!
3 Msifuni Yahwe, kwa kuwa ni mwema; liimbieni sifa jina lake, maana ni vizuri kufanya hivyo.
৩তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা, কিয়নো যিহোৱা মঙ্গলময়; তেওঁৰ নামৰ উদ্দেশ্যে গীত-গান কৰা, কিয়নো তেওঁ দয়াময়।
4 Kwa kuwa Yahwe amemchagua Yakobo kwa ajili yake mwenyewe, Israeli kama urithi wake.
৪কাৰণ যিহোৱাই নিজৰ বাবে যাকোবক, নিজৰ অধিকাৰ স্বৰূপে ইস্রায়েলক মনোনীত কৰিলে।
5 Najua ya kuwa Yahwe ni mkuu, na kwamba Bwana wetu yuko juu ya miungu yote.
৫কিয়নো মই জানো যে যিহোৱা মহান, আমাৰ প্ৰভু সকলো দেৱতাতকৈ মহান।
6 Chochote Yahwe apendacho, hufanya mbinguni, duniani, katika bahari na katika vilindi vyote.
৬আকাশ-মণ্ডলত আৰু পৃথিৱীৰ ওপৰত, সমুদ্ৰত আৰু সকলো গভীৰ স্থানত যিহোৱাই যি ইচ্ছা কৰে, তাকে কৰে।
7 Hushusha mawingu kutoka mbali, akifanya mianga ya radi kuongozana na mvua na kuleta upepo toka katika ghala yake.
৭তেওঁ পৃথিৱীৰ শেষ সীমাৰ পৰা মেঘ উঠাই আনে; তেঁৱেই বৰষুণৰ লগত বিজুলী-ঢেৰেকণিৰ সৃষ্টি কৰে আৰু তেওঁৰ নিজ ভঁৰালৰ পৰা বায়ু উলিয়াই আনে।
8 Aliua mzaliwa wa kwanza wa Misri, wote wanadamu na wanyama.
৮তেঁৱেই মিচৰ দেশত প্ৰথমে জন্মা সন্তান সকলক আঘাত কৰিছিল; মানুহ আৰু পশু উভয়ৰে প্রথম সন্তানক মাৰিলে।
9 Alituma ishara na maajabu kati yako Misri, dhidi ya Farao na watumishi wake wote.
৯হে মিচৰ, তেওঁ তোমাৰ মাজত চিন আৰু অদ্ভুত লক্ষণবোৰ পঠালে; ফৰৌণ আৰু তেওঁৰ সকলো পৰিচাৰকৰ বিৰুদ্ধে পঠাই দিলে।
10 Aliwashambulia mataifa mengi na aliua wafalme wenye nguvu,
১০তেওঁ অনেক জাতিক আঘাত কৰিলে, পৰাক্ৰমী ৰজাসকলক বধ কৰিলে।
11 Sihoni mfalme wa Waamori na Ogu mfalme wa Bashani na falme zote za Kanaani.
১১ইমোৰীয়াবোৰৰ ৰজা চীহোন, বাচানৰ ৰজা ওগক বধ কৰিলে; কনানৰ সমুদায় ৰাজ্য তেওঁ বিনষ্ট কৰিলে।
12 Alitupatia sisi nchi yao kama urithi, urithi wa Israeli watu wake.
১২তেওঁলোকৰ দেশবোৰ তেওঁ অধিকাৰৰ কাৰণে দিলে; নিজৰ লোক ইস্ৰায়েলক অধিকাৰৰ কাৰণে দিলে।
13 Jina lako, Yahwe, inadumu milele; Yahwe, kumbukumbu lako vizazi hata vizazi.
১৩হে যিহোৱা, তোমাৰ নাম অনন্তকাল স্থায়ী; হে যিহোৱা তোমাৰ স্মৰণ পুৰুষানুক্ৰমে স্থায়ী।
14 Kwa kuwa Bwana huwatetea watu wake na anahuruma juu ya watumishi wake.
১৪কিয়নো যিহোৱাই নিজ লোকসকলৰ বিচাৰ কৰিব, নিজ দাসবোৰক কৃপা কৰিব।
15 Sanamu za mataifa ni fedha na dhahabu, kazi ya mikono ya wanadamu.
১৫জাতি সমূহৰ প্রতিমাবোৰ ৰূপৰ আৰু সোণৰ; সেইবোৰ মনুষ্যৰ হাতৰ কাৰ্য।
16 Sanamu hizo zina vinywa, lakini haziongei; zina macho, lakini hazioni;
১৬সেইবোৰৰ মুখ আছে, কিন্তু সেইবোৰে কথা ক’ব নোৱাৰে; চকু আছে, কিন্তু নেদেখে;
17 zina masikio, lakini hazisikii, wala vinywani mwao hamna pumzi.
১৭কাণ আছে, কিন্তু নুশুনে, সেইবোৰৰ মুখত শ্বাস-প্ৰশ্বাসো নাই।
18 Wale wazitengenezao wanafanana nazo, vilevile kila anaye zitumainia.
১৮সেইবোৰ নিৰ্ম্মাণ কৰোঁতাসকল সেইবোৰৰেই নিচিনা; সেইবোৰত ভাৰসা কৰোঁতা প্ৰতিজনো সেইবোৰৰেই নিচিনা।
19 Enyi kizazi cha Israeli, mtukuzeni Yahwe; kizazi cha Haruni, mtukuzeni Yahwe.
১৯হে ইস্ৰায়েলৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা; হে হাৰোণৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা;
20 Kizazi cha Lawi, mtukuzeni Yahwe.
২০হে লেবীৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা; হে যিহোৱালৈ ভয় ৰখা ভক্তসকল, তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা।
21 Atukuzwe Yahwe katika Sayuni, yeye aishiye Yerusalemu. Msifuni Yahwe.
২১চিয়োনৰ পৰা যিহোৱাৰ ধন্যবাদ হওঁক; তেওঁ যিৰূচালেমত নিবাস কৰে। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।