< Zaburi 125 >

1 Wale wamwaminio Yahwe ni kama mlima Sayuni, hautikisiki, wadumu milele.
যিসকলে যিহোৱাৰ ওপৰত ভাৰসা ৰাখে, তেওঁলোক চিয়োন পর্বতৰ নিচিনাকৈ অলৰ আৰু চিৰকাল স্থায়ী।
2 Kama milima inavyo izunguka Yerusalemu, hivyo ndivyo Yahwe anavyo wazunguka watu wake sasa na hata milele.
যিৰূচালেমক পর্বতবোৰে যেনেকৈ চাৰিওফালে আবৰি ৰাখিছে, তেনেকৈ যিহোৱাই নিজৰ লোকসকলক আবৰি ৰাখে; এতিয়াৰে পৰা অনন্তকাল পর্যন্ত ৰাখিব।
3 Fimbo ya uovu haitatawala katika nchi ya wenye haki. Vinginevyo wenye haki wanaweza kukosea.
ঈশ্বৰভক্ত সকলে যাতে অধৰ্ম কার্যলৈ হাত নেমেলে, সেই বাবে ধাৰ্মিকসকলক দিয়া দেশৰ ওপৰত দুষ্টতাৰ ৰাজদণ্ড নাথাকিব।
4 Ee Yahwe, utende wema kwa wale walio wema na wale walio wanyoofu mioyoni mwao.
হে যিহোৱা, যিসকলে মঙ্গল আচৰণ কৰে, তুমি তেওঁলোকৰ মঙ্গল কৰা; যিসকলৰ অন্তৰ শুচি, তেওঁলোকৰ মঙ্গল কৰা।
5 Lakini kwa wale wanaogeukia njia zao za upotovu, Yahwe atawaondoa pamoja na watenda maovu. Amani iwe na Israeli.
কিন্তু যিসকলে নিজ ইচ্ছাৰে খলা-বমা পথেদি এফলীয়া হৈ যায়, যিহোৱাই তেওঁলোকক কু-কার্য কৰা সকলৰ লগত দূৰ কৰিব। ইস্ৰায়েলৰ ওপৰত শান্তি হওঁক।

< Zaburi 125 >