< Zaburi 10 >
1 Kwa nini, Yahweh, unasimama mbali? Kwa nini unajificha wakati wa shida?
১হে যিহোৱা, তুমি কিয় দূৰৈত ৰৈ আছা? সঙ্কটৰ সময়ত কিয় তুমি নিজকে লুকুৱাই ৰাখা?
2 Kwa sababu ya majivuno yao, watu waovu waawakimbiza wanyonge; Basi tafadhari uwafanye waovu kunaswa kwa mipango yao wenyewe walioipanga.
২অহংকাৰৰ কাৰণে দুষ্টলোকে দৰিদ্রক নির্যাতিত কৰে; তেওঁলোকৰ নিজৰ কু-পৰিকল্পনাত তেওঁলোক নিজেই ধৰা পৰক;
3 Kwa kuwa mtu mwovu hujivuna kwa tamaa yake ya ndani; yeye hufurahisha tamaa na kumtusi Yahweh.
৩দুষ্টলোকে নিজৰ মনৰ দুষ্ট ইচ্ছাত অহংকাৰ কৰে; লুভীয়া লোকে নিজৰ লাভৰ বাবে যিহোৱাক অভিশাপ দিয়ে আৰু তেওঁক হেয়জ্ঞান কৰে।
4 Mtu mwovu ameinua uso wake; naye hamtafuti Mungu. Yeye hamfikilii Mungu kamwe kwa kuwa hamjali kabisa Mungu.
৪দুষ্টলোকে নিজৰ সমর্থনত গৰ্ব্ব কৰি কয়; “ঈশ্বৰে ইয়াক বিচাৰি নাপাব;” তেওঁলোকৰ চিন্তাবোৰ এয়ে যে, “ঈশ্বৰ বুলি কোনো নাই।”
5 Yeye yuko salama wakati wote, amri zako za haki ziko juu sana kwake; naye huwadharau adui zake wote.
৫সকলো সময়তে তেওঁলোক সফলতাৰ পথত আগবাঢ়ি যায়; তোমাৰ ন্যায় বিচাৰ ইমান ওপৰত আছে যে, সেয়া তেওঁলোকৰ চকুৰ দৃষ্টিৰ বাহিৰত; তেওঁলোকে নিজৰ সকলো শত্রুকে তুচ্ছ কৰে।
6 Yeye husema moyoni mwake, “Siwezi kamwe kushindwa; katika kizazi chote sitakutana na shida.”
৬তেওঁলোকে মনতে কয়, “একোৱেই মোক লৰচৰ কৰিব নোৱাৰিব। আমাৰ সকলো পুৰুষতে কোনো কালে বিপদ নহ’ব।”
7 Mdomoni mwake kumejaa kulaani na udanganyifu, maneno yenye sumu; ulimi wake unajeruhi na kuharibu.
৭তেওঁলোকৰ মুখ অভিশাপ, ছলনা আৰু অত্যাচাৰী কথাৰে পৰিপূৰ্ণ; তেওঁলোকৰ জিভাৰ তলত অন্যায় আৰু অপৰাধৰ কথা থাকে।
8 Yeye husubilia kwenye shambulio karibu na kijiji; mahali pa siri huwauwa watu wasio na hatia; macho yake huwatazama wasionahatia.
৮গাৱঁৰ ওচৰত তেওঁলোকে গোপনে খাপ পাতি বহি থাকে; সেই গোপন ঠাইতে তেওঁলোকে নিৰ্দ্দোষীক হত্যা কৰে; কোনোবাই অসহায়ৰ ওপৰত গোপনে লক্ষ্য ৰাখি খাপ দি থাকে।
9 Hujibanza mahari pa siri kama simba katika kichaka; yeye hulala akisubiri kumkamata mnyonge. Humkamata pale anapokwisha mweka mtegoni mwake.
৯তেওঁলোকে গুপুত ঠাইত খাপ পাতি সিংহৰ দৰে প্রতীক্ষাত থাকে; তেওঁলোকে প্রতীক্ষা কৰি থাকে যাতে অসহায় দৰিদ্রজনক ধৰিব পাৰে; তাৰ পাছত তেওঁলোকে দৰিদ্রজনক ধৰি চোঁচোৰাই লৈ নিজৰ জালত পেলায়।
10 Wanyonge wake hugandamizwa chini na kupigwa; wao huangukia katika mtego imara.
১০তেওঁলোকে চাপৰি কুঁজা হৈ অসহায়জনক তেওঁলোকৰ শক্তিত আৱদ্ধ কৰে।
11 Yeye husema katika moyo wake, “Mungu amesahau; huficha uso wake; hawezi kujishughulisha kutazama.”
১১তেওঁলোকে নিজৰ মনতে ভাৱে, “ঈশ্বৰে পাহৰিলে; তেওঁ নিজৰ মুখ লুকুৱাই থৈছে; তেওঁ কেতিয়াও আমাক দেখা নাপাব।”
12 Inuka, Yahweh! Inua mkono wako, Mungu! Usiwasahau wanyonge.
১২হে যিহোৱা, উঠা; হে ঈশ্বৰ তোমাৰ হাত তুলি ধৰা; নির্যাতিত সকলক পাহৰি নাযাবা।
13 Kwa nini mtu mwovu anamkataa Mungu na kusema moyoni mwake, “Hautanipata katika hatia?”
১৩দুষ্টবোৰে ঈশ্বৰক কিয় তুচ্ছ বুলি ভাৱে? তেওঁলোকে কিয় মনে মনে ভাৱে যে, “তেওঁ আমাৰ ওচৰত কোনো হিচাব নিবিচাৰিব?”
14 Umeona, maana mara zote unaangalia mtu aletaye madhara na jeuri. Mtu asiye na msaada hukuachia nafsi yake; maana wewe huwaokoa yatima.
১৪কিন্তু, হে ঈশ্বৰ, তুমি হ’লে দেখা পোৱা; অৱশ্যেই তুমি দুখ-কষ্ট আৰু সঙ্কটলৈ চকু দিয়া, তুমি তোমাৰ হাতেৰেই ইয়াৰ ব্যৱস্থা ল’ব পাৰা; অসহায়জনে তোমাৰ ওচৰতে নিজক সমৰ্পণ কৰে; তুমিয়েইতো অনাথক সহায় কৰোঁতা জনা
15 vunja mkono wa mwovu lo na mtu mwovu. Umuajibishe kwa matendo yake maovu, ambayo kwayo alifikiri hautayagundua.
১৫দুষ্ট আৰু অসৎ লোকৰ ক্ষমতাৰ বাহু তুমি ভাঙি পেলোৱা; তেওঁলোকৰ সকলো অন্যায় কার্যৰ শেষ পর্যন্ত হিচাব বিচাৰ কৰা।
16 Yahweh ni mfalme milele daima; mataifa yanaondolewa katika aridhi yake.
১৬যিহোৱা চিৰকালৰ ৰজা; তেওঁৰ দেশৰ পৰা জাতিবোৰ ধ্বংস হৈ যাব।
17 Yahweh, umesikia uhitaji wa wanyonge; nawe umeitia nguvu mioyo yao, wewe unasikia maombi;
১৭হে যিহোৱা, নম্ৰ লোকৰ অন্তৰৰ ইচ্ছাৰ কথা তুমি শুনিবা; তুমি তেওঁলোকৰ হৃদয়ত সাহস দিবা, তুমি তেওঁলোকৰ প্রার্থনালৈ কাণ দিবা;
18 Unawatetea yatima na wanyonge ili kusudi pasiwepo na mtu katika dunia hii atakaye leta hofu tena.
১৮এই পৃথিৱীৰ লোকে তেওঁলোকক যেন পুনৰ ভয় দেখুৱাব নোৱাৰিব; তাৰবাবে তুমিয়েই অনাথ আৰু নির্য্যাতিত লোকসকলৰ পক্ষত থিয় হ’ব পাৰা।