< Mithali 5 >
1 Mwanangu, zingatia hekima yangu; sikiliza kwa makini ufahamu wangu,
১হে মোৰ পুত্র, মোৰ প্রজ্ঞালৈ মনোযোগ দিয়া; সাৱধানতাৰে মোৰ তাৎপর্যপূৰ্ণ কথা শুনা।
2 ili ujifunze busara na midomo yako iweze kuhifadhi maarifa.
২সেয়ে তুমি সুবিবেচনা শিকিব পাৰিবা; আৰু তোমাৰ ওঁঠে জ্ঞান ৰক্ষা কৰিব পাৰিব।
3 Maana midomo ya malaya hutiririsha asali na kinywa chake ni laini kuliko mafuta,
৩কিয়নো ব্যভিচাৰিণীৰ ওঁঠৰ পৰা টোপে টোপে মৌ বৰষে, আৰু তেওঁৰ মুখৰ কথা তেলতকৈয়ো মসৃণ।
4 lakini mwishoni anakuwa mchungu kama mnyoo, hukata kama upunga mkali.
৪কিন্তু শেষত তেওঁ চোকা তৰোৱালে কটাৰ দৰে কাটে। তিতা উদ্ভিদৰ দৰে হয়,
5 Miguu yake huelekea mauti; hatua zake huelekea njia yote ya kuzimu. (Sheol )
৫তেওঁৰ ভৰি মৃত্যুলৈ নামি যায়, তেওঁ খোজ দিয়া সকলো পথ চিয়োললৈ যায়। (Sheol )
6 Hafikirii njia ya uzima. Hatua za miguu yake hupotea, maana hajui anakwenda wapi.
৬তেওঁ জীৱন পথত কোনো চিন্তা নকৰে; তেওঁৰ খোজ আচৰ্যজনক, তেওঁ ক’লৈ গৈ আছে তেওঁ নাজানে।
7 Sasa, wanangu, nisikilizeni; wala msiache kusikiliza maneno ya kinywa changu.
৭আৰু এতিয়া, হে মোৰ পুত্রসকল, মোৰ কথা শুনা, মোৰ মুখৰ বাক্য শুনাৰ পৰা বিমুখ নহবা।
8 Lindeni njia yenu mbali naye wala msiende karibu na mlango wa nyumba yake.
৮তেওঁৰ পৰা তোমাৰ পথ দূৰত ৰাখা; তেওঁৰ ঘৰৰ দুৱাৰৰ ওচৰলৈ নাযাবা।
9 Kwa njia hiyo hamtawapa wengine heshima yenu au miaka ya uzima wenu kwa mtu mkatiri;
৯নহ’লে তোমাৰ সন্মান অন্যলোকক এৰি দিব লাগিব, আৰু তোমাৰ জীৱনৰ বছৰবোৰ নিৰ্দয় ব্যক্তিক দিব লাগিব।
10 wageni usije kufanya karamu kwa utajiri wenu; kazi mliyoifanya haitaenda katika nyumba ya wageni.
১০তোমাৰ সম্পত্তি অচিনাকী লোকে ভোগ কৰিব; আৰু তোমাৰ পৰিশ্ৰমৰ ফল অচিনাকী লোকৰ ঘৰলৈ যাব।
11 Mwishoni mwa maisha yenu mtajuta ambapo nyama na mwili wenu vitaangamia.
১১আৰু তোমাৰ জীৱনৰ শেষত তুমি আৰ্তনাদ কৰিবা; তোমাৰ যেতিয়া শৰীৰ আৰু মাংস ক্ষয় হ’ব,
12 Nanyi mtasema, “Namna gani nilichukia fundisho na moyo wangu ulidharau sahihisho!
১২তুমি ক’বা, “মই কেনেকৈ শাসন প্রণালীক ঘিণ কৰিছিলোঁ। আৰু মোৰ অন্তৰে অনুযোগ হেয়জ্ঞান কৰিলে।
13 Sikuweza kuwatii walimu wangu au kuwasikiliza walionielekeza.
১৩মই মোৰ শিক্ষকসকলক মানিচলা নাছিলো, বা মোক দিয়া উপদেশ নুশুনিলোঁ।
14 Nilikuwa nimeharibika kabisa katikati ya kusanyiko, miongoni mwa makutano ya watu.”
১৪সমাজ আৰু সমবেত লোকসকলৰ মাজত মই প্ৰায় সম্পূৰ্ণ ধ্বংস হলোঁ।
15 Munywe maji kutoka kwenye birika lenu mwenyewe na munywe maji yanatiririka kutoka kwenye kisima chenu.
১৫তুমি তোমাৰ নিজৰ পুখুৰীৰ পানী খোৱা, আৰু তোমাৰ নিজৰ নাদৰ পৰা ওলাই থকা পানী পান কৰা।
16 Je inapaswa chemichemi yenu ifurike popote na mifereji yenu ya maji itiririke katika njia kuu?
১৬তোমাৰ ভুমুকবোৰ চাৰিওফালে প্লাৱিত হ’ব লাগে নে? আৰু তোমাৰ জুৰিৰ পানী জনসাধৰণৰ মাজলৈ বৈ যাব লাগে নে?
17 Yawe yenu wenyewe peke yenu wala si kwa wageni.
১৭সেইবোৰ কেৱল তোমাৰ নিজৰ বাবেই হওক, আৰু তোমাৰ সৈতে থকা অচিনাকী লোকৰ বাবে নহওক।
18 Chemichemi yako ibarikiwe na umfurahie mke wa ujana wako.
১৮তোমাৰ ভুমুক আশীৰ্ব্বাদযুক্ত হওক; তুমি তোমাৰ যৌৱন কালৰ ভাৰ্যাত আনন্দ কৰা।
19 Maana ni ayala apendezaye na kulungu mwenye uzuri. Matiti yake na yakujaze furaha muda wote; daima na utekwe na upendo wake.
১৯কাৰণ তেওঁ মৰমীয়াল হৰিণী আৰু লাবন্যময়ী মৃগ, তেওঁৰ স্তনৰ দ্বাৰাই সকলো সময়ত তুমি তৃপ্ত হোৱা, আৰু তেওঁৰ প্ৰেমতেই সদায় মত্ত থাকা।
20 Mwanangu, kwa nini uwe mateka wa malaya, kwa nini uyakumbatie matiti ya mwanamke mgeni?
২০কিয়নো হে মোৰ পুত্র, তুমি ব্যভিচাৰিণীত কিয় মত্ত হবা? আৰু তুমি অচিনাকী মহিলাৰ বুকু কিয় সাৱটি ধৰিবা?
21 Yehova huona kila kitu afanyacho mtu na huangalia mapito yake yote.
২১কিয়নো মানুহে কৰা সকলো কাম যিহোৱাই চাই, আৰু তেওঁ তাৰ সকলো পথ পৰ্যবেক্ষণ কৰে।
22 Mtu mwovu atatekwa na makosa yake mwenyewe; kamba za dhambi yake zitamnasa kwa nguvu.
২২এজন দুষ্ট লোক নিজৰ অপৰাধতে ধৰা পৰে; তেওঁক নিজৰ পাপৰূপ জৰীয়ে বান্ধি ৰাখে।
23 Atakufa kwa kukosa maonyo; atapotelea mbali kwa upumbavu wake wingi.
২৩নিয়মানুবৰ্ত্তিতাৰ অভাৱত তেওঁৰ মৃত্যু হয়; তেওঁৰ অজ্ঞানতাৰ কাৰণে তেওঁ বিপথে যায়।