< Mithali 16 >
1 Mipango ya moyo ni ya mtu, bali Yehova hutoa jawabu kutoka kwenye ulimi wake.
১মনৰ কল্পনা মানুহৰ; কিন্তু জিভাৰ উত্তৰ যিহোৱাৰ পৰা আহে।
2 Njia zote za mtu ni safi kwenye macho yake mwenyewe, bali Yehova huipima mioyo.
২মানুহৰ সকলো পথ নিজৰ দৃষ্টিত শুদ্ধ; কিন্তু যিহোৱাই আত্মাবোৰ পৰীক্ষা কৰে।
3 Kabidhi kwa Yehova kazi zako zote na mipango yako itafanikiwa.
৩তোমাৰ কাৰ্যৰ ভাৰ যিহোৱাত সমৰ্পণ কৰা; তাতে তোমাৰ অভিপ্ৰায় সিদ্ধ হ’ব।
4 Yehova alifanya kila kitu kwa kusudi lake, hata waovu kwa ajili ya siku ya taabu.
৪যিহোৱাই সেই উদ্দেশ্যে সকলোকে সৃষ্টি কৰিলে; এনে কি, তেওঁ দুষ্টলোককো দুৰ্দ্দশা-দিনৰ বাবে সৃষ্টি কৰিলে।
5 Yehova anamchukia kila mtu mwenye moyo wa majivuno, ingawa wanasimama imara, hawakosi kupata adhabu.
৫অহংকাৰী হৃদয়ৰ প্ৰত্যেক লোকক যিহোৱাই ঘিণ কৰে; যদিও তেওঁলোকে হাতত ধৰাধৰিকৈ থাকে, তথাপিও তেওঁলোকে দণ্ড নোপোৱাকৈ নাথাকিব।
6 Kwa agano la uaminifu na udhamini uovu husafishwa na kwa kumcha Yehova watu hujitenga na ubaya.
৬বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য চুক্তিৰ দ্বাৰাই অপৰাধৰ প্ৰায়শ্চিত্ত হয়, আৰু যিহোৱালৈ ৰখা ভয়ৰ দ্বাৰাই মানুহ বেয়াৰ পৰা আঁতৰি আহে।
7 Njia za mtu zinapompendeza Yehova, huwafanya hata adui zake huyo mtu wawe na amani naye.
৭যেতিয়া কোনো লোকৰ আচৰণে যিহোৱাক সন্তুষ্ট কৰে, তেতিয়া তেওঁ সেই জনৰ শত্রুসকলকো তেওঁৰ লগত শান্তিত থাকিব দিয়ে।
8 Bora kitu kidogo pamoja na haki, kuliko mapato makubwa pamoja na udhalimu.
৮অন্যায়েৰে সৈতে অধিক আয়তকৈ ন্যায়েৰে সৈতে অলপেই ভাল।
9 Katika moyo wake mtu hunuia njia yake, bali Yehova huziongoza hatua zake.
৯মানুহে হৃদয়ত নিজৰ পথৰ বিষয়ে পৰিকল্পনা কৰে; কিন্তু যিহোৱাই তেওঁৰ ভৰিৰ খোজ নিৰূপণ কৰে।
10 Mshauri yupo katika midimo ya mfalme, katika hukumu kinywa chake hakisemi kwa udanganyifu.
১০ৰজাৰ ওঁঠত ঈশ্বৰীয় বাক্য থাকে; বিচাৰত তেওঁৰ মুখে অন্যায়ৰ কথা নকয়।
11 Vipimo vya kweli hutoka kwa Yehova; uzito wote kwenye gunia ni kazi yake.
১১সঠিক তুলাচনী যিহোৱাৰ পৰা আহে; আৰু মোনাত থকা সকলোবোৰ দগা তেওঁৰেই সৃষ্টি।
12 Wafalme wanapofanya mambo maovu, hicho ni kitu cha kudharauliwa, kwa maana utawala huimarishwa kwa kutenda haki.
১২যেতিয়া ৰজাই বেয়া কৰ্ম কৰে, তেতিয়া কিছুমান অবজ্ঞা কৰিবলগীয়া বিষয় হয়, কাৰণ তেওঁৰ সিংহাসন সৎ কাৰ্য কৰাৰ দ্বাৰাই স্থাপন কৰা হৈছে।
13 Mfalme hufurahia midomo ambayo husema haki na anampenda mwenye kusema waziwazi.
১৩ন্যায় কথা কোৱা ওঁঠে ৰজাক আনন্দিত কৰে; আৰু তেওঁ পোনপটীয়াকৈ কথা কোৱা লোকক ভাল পায়।
14 Hasira ya mfalme ni mjumbe wa mauti lakini mtu mwenye busara atajaribu kutuliza hasira yake.
১৪ৰজাৰ ক্ৰোধ মৃত্যুৰ বাৰ্ত্তাবাহক স্বৰূপ; কিন্তু জ্ঞানী লোকে তেওঁৰ ক্রোধ শান্ত কৰিবলৈ চেষ্টা কৰে।
15 Katika nuru ya uso wa mfalme ni uzima na fadhila yake ni kama wingu linaloleta mvua ya masika.
১৫ৰজাৰ মুখমণ্ডলৰ উজ্জলতা জীৱন স্বৰূপ, আৰু তেওঁৰ অনুগ্ৰহ বসন্ত কালৰ বৰষুণৰ মেঘৰ দৰে।
16 Ni bora kiasi gani kupata hekima kuliko dhahabu. Kuchagua kupata ufahamu ni zaidi kuliko fedha.
১৬সোণতকৈ প্রজ্ঞা লাভ কৰা কেনে উত্তম! আৰু সুবিবেচনা নিৰ্বাচন কৰা ৰূপতকৈ কেনে উত্তম।
17 Njia kuu ya watu waadilifu hujitenga na ubaya; mwenye kuyahifadhi maisha yake huilinda njia yake.
১৭ন্যায়পৰায়ণ লোকৰ ৰাজপথ পাপৰ পৰা আঁতৰি থাকে; যি জনে নিজৰ জীৱন সুৰক্ষিত কৰে, তেওঁ নিজৰ পথৰ তত্বাৱধান কৰে।
18 Kiburi hutangulia kabla ya uharibifu na moyo wa kujivuna kabla ya maangamizi.
১৮বিনাশৰ আগত অহংকাৰ আহে, আৰু পতনৰ পূৰ্বতে মনৰ গৰ্ব্ব হয়।
19 Ni bora kunyenyekea miongoni mwa watu masikini kuliko kugawana ngawira pamoja watu wenye kiburi.
১৯অহংকাৰী সকলৰ সৈতে লুটদ্ৰব্য ভাগ কৰি লোৱাতকৈ, দৰিদ্ৰ সকলৰ সৈতে নম্ৰ হোৱাই ভাল।
20 Mwenye kutafakari yaliyofundishwa hupata kilicho chema na wenye kumtumaini Yehova watafurahi.
২০যিসকলে শিক্ষা লাভ কৰি অনুশীলন কৰে, তেওঁলোকে মঙ্গল বিচাৰি পায়; আৰু যি সকলে যিহোৱাত নির্ভৰ কৰে, তেওঁলোক সুখী হয়।
21 Mwenye hekima moyoni anaitwa ufuhamu na utamu wa hotuba huongeza uwezo wa kufundisha.
২১যিজন হৃদয়েৰে জ্ঞানী, তেওঁক সুবিবেচক বুলি কোৱা হয়, আৰু মৃদু কথাই শিক্ষা দিয়া সক্ষমতা বৃদ্ধি কৰে।
22 Ufahamu ni chemchemi ya uzima kwake ambaye nayo, bali adhabu ya wapumbavu ni upumbavu wao.
২২বিবেচক লোকৰ বাবে সুবিবেচনা জীৱনৰ ভুমুকস্বৰূপ; কিন্তু অজ্ঞানী সকলৰ শাস্তি তেওঁলোকৰ অজ্ঞানতা।
23 Moyo wa mtu mwenye hekima hutoa busara katika kinywa chake na huongeza ushawishi katika midomo yake.
২৩জ্ঞানী লোকৰ হৃদয়ে তেওঁৰ মুখেৰে জ্ঞান প্রকাশ কৰে; আৰু তেওঁৰ ওঁঠত বিশ্বাসৰ কথা থাকে।
24 Maneno yenye kufaa ni sega la asali -matamu kwenye nafsi na huponya mifupa.
২৪সন্তোষজনক বাক্য মৌচাকৰ দৰে; সেয়ে আত্মালৈ মিঠা, আৰু হাড়বোৰলৈ আৰোগ্য স্বৰূপ।
25 Kuna njia ambayo huonekana sawa kwa mtu, bali mwisho wake ni njia ya mauti.
২৫এনে পথ আছে, যি মানুহৰ দৃষ্টিত শুদ্ধ; কিন্তু শেষতে সেয়ে মৃত্যুৰ পথ হয়।
26 Hamu ya kibarua humfanyia kazi; njaa yake humsihi kuendelea.
২৬পৰিশ্ৰমী লোকৰ ক্ষুধাই তেওঁক পৰিশ্ৰম কৰায়; তেওঁৰ ক্ষুধাই তেওঁক উদগায়।
27 Mtu duni huchimba madhara na usemi wake ni kama moto unaounguza.
২৭নিষ্কৰ্মা লোকে দুষ্কর্ম খান্দি উলিয়াই, আৰু তেওঁৰ কথা জলন্ত আঙঠাৰ দৰে।
28 Mtu mkaidi huchochea mafarakano na umbeya huwafarakanisha marafiki.
২৮উচ্ছৃঙ্খল লোকে বিবাদ সৃষ্টি কৰে; পৰচৰ্চ্চাকাৰীয়ে প্ৰণয়ৰ বন্ধুৰ বিচ্ছেদ জন্মায়।
29 Mtu wa vurugu humdanganya jirani yake na kumwongoza kwenye mapito ambayo si mema.
২৯অত্যাচাৰী লোকে নিজৰ চুবুৰীয়াক মিছা কথা কয়; আৰু যি পথ বেয়া, সেই পথলৈ তেওঁক লৈ যায়।
30 Yule anayekonyeza kwa jicho anapanga njama za mambo ya ukaidi; wenye kuandama midomo yao watapitisha mabaya.
৩০যিজনে চকু টিপিয়াই, তেওঁ অসৎ বিষয়ৰ পৰিকল্পনা কৰে। যিসকলে ওঁঠ কামোৰে তেওঁলোকে পাপ কাৰ্য হ’বলৈ দিয়ে।
31 Mvi ni taji ya utukufu; hupatikana kwa kuishi katika njia ya haki.
৩১পকা চুলি গৌৰৱৰ মুকুট। সৎ পথত চলাৰ দ্বাৰাই ইয়াক পোৱা যায়।
32 Ni bora kukawia kuwa na hasira kuliko kuwa shujaa na mwenye kutawala roho yake ni imara zaidi kuliko yule anayeuteka mji.
৩২ক্ৰোধত ধীৰ লোক বীৰতকৈ উত্তম; আৰু নিজৰ মনক দমন কৰা লোক নগৰ জয়কাৰীতকৈয়ো শ্ৰেষ্ঠ।
33 Kura hurushwa kwenye mkunjo, bali maamuzi hutoka kwa Yehova.
৩৩চিঠি-খেলৰ গুটি কোঁচত পৰে, কিন্তু সিদ্ধান্ত যিহোৱাৰ পৰা হয়।