< Mithali 15 >

1 Jawabu la upole huondoa ghadhabu, bali neno la ukatili huchochea hasira.
মৃদু উত্তৰে ক্ৰোধ ক্ষান্ত কৰে; কিন্তু কঠোৰ কথাই খং তোলে।
2 Ulimi wa watu mwenye hekima husifu maarifa, bali kinywa cha wapumbavu humwaga upuuzi.
জ্ঞানীলোকৰ জিভাই জ্ঞানৰ প্ৰশংসা কৰে; কিন্তু অজ্ঞানীৰ মুখে অজ্ঞানতাৰ কথা কয়।
3 Macho ya Yehova yapo kila mahali, yakiwatazama juu ya waovu na wema.
যিহোৱাৰ দৃষ্টি সকলো ঠাইতে থাকে, ভাল আৰু বেয়াৰ ওপৰত তেওঁৰ দৃষ্টি থাকে।
4 Ulimi unaoponya ni mti wa uzima, bali ulimi wa udanganyifu huvunja moyo.
সুস্থ জিভা জীৱন বৃক্ষস্বৰূপ; কিন্তু প্রতাৰণাপূৰ্ণ জিভাই আত্মাক গুৰি কৰে।
5 Mpumbavu hudharau marudi ya baba yake, bali yeye anayejifunza kutokana na masahihisho ni mwenye hekima.
অজ্ঞানী লোকে নিজৰ পিতৃৰ নিয়মানুৱৰ্তিতা অৱজ্ঞা কৰে; কিন্তু যি জনে শুধৰণিৰ পৰা শিক্ষা লয়, তেওঁ দূৰদৰ্শী।
6 Katika nyumba ya wale watendao haki kuna hazina kubwa, bali mapato ya watu waovu huwapa taabu.
যি সকলে সত্যতাত চলে, তেওঁলোকৰ ভঁৰাল বৃহৎ হয়; কিন্তু দুষ্ট সকলৰ উপাৰ্জনে তেওঁলোকক সমস্যাত পেলায়।
7 Midomo ya wenye hekima husambaza maarifa, bali mioyo ya wapumbavu haifanyi hivyo.
জ্ঞানী লোকৰ ওঁঠে জ্ঞানৰ বিষয়ে কয়, কিন্তু অজ্ঞানী লোকৰ হৃদয়ে সেইদৰে নকৰে।
8 Yehova anachukia sadaka za watu waovu, bali maombi ya watu waadilifu ndiyo furaha yake.
দুষ্ট সকলৰ বলিদান যিহোৱাই ঘিণ কৰে; কিন্তু ন্যায়পৰায়ণ লোকৰ প্ৰাৰ্থনাত তেওঁ আনন্দিত হয়।
9 Yehova anachukia njia ya watu waovu, bali anampenda yule ambaye huandama haki.
দুষ্ট লোকৰ পথ যিহোৱাই ঘিণ কৰে; কিন্তু সত্যতাক অনুসৰণ কৰা জনক তেওঁ প্ৰেম কৰে।
10 Marudi ya ukatili hungojea kwa yeyote ambaye huiacha njia na yule ambaye huchukia masahihisho atakufa.
১০যিজনে সৎ পথ ত্যাগ কৰে, তেওঁলৈ কঠিন শাস্তি থাকে; আৰু যিজনে অনুযোগ ঘিণ কৰে তেওঁৰ মৃত্যু হ’ব।
11 Kuzimu na uharibifu vipo wazi mbele za Yehova; je si zaidi sana mioyo ya wana wa wanadamu? (Sheol h7585)
১১চিয়োল আৰু বিনাশ যিহোৱাৰ দৃষ্টিত লুকাই থকা নাই; তেনেহ’লে কিমান অধিক পৰিমাণে মনুষ্য সন্তান সকলৰ হৃদয় তেওঁৰ দৃষ্টিত থাকে। (Sheol h7585)
12 Mwenye mzaha huchukia masahihisho; hatakwenda kwa wenye hekima.
১২নিন্দক লোকে অনুযোগত বিৰক্তি পায়; তেওঁ জ্ঞানী লোকৰ ওচৰলৈ নাযায়।
13 Moyo wenye furaha husababisha uchangamfu wa uso, bali huzuni huvunja moyo.
১৩আনন্দিত হৃদয়ে মুখমণ্ডলক প্ৰফুল্লিত কৰে; কিন্তু মানসিক যন্ত্রণাই আত্মা ভাঙি দিয়ে।
14 Moyo wa mwenye ufahamu hutafuta maarifa, bali kinywa cha wapumbavu hujilisha kwenye upuuzi.
১৪সুবিবেচকৰ হৃদয়ে জ্ঞান বিচাৰ কৰে; কিন্তু অজ্ঞানী লোকৰ মুখে অজ্ঞানতা গ্রহণ কৰে।
15 Siku zote za watu waliokandamizwa ni taabu, bali moyo wenye furaha unakaramu daima.
১৫নিৰ্যাতিত লোকৰ সকলো দিন কষ্টদায়ক; কিন্তু প্ৰফুল্লিত হৃদয়ৰ ভোজ চিৰস্থায়ী।
16 Bora kitu kidogo pamoja na kumcha Mungu kuliko hazina kubwa pamoja na ghasia.
১৬বিভ্রান্তিৰ সৈতে বৃহৎ ভঁৰালতকৈ যিহোৱালৈ ভয় কৰি ৰখা অলপেই ভাল।
17 Bora mlo wenye mboga kukiwa na upendo kuliko kuandaliwa ndama aliyenona kwa chuki.
১৭হিংসাৰ সৈতে স্বাস্থ্যৱান গৰুতকৈ প্রেমেৰে সৈতে শাক-পাচলি ভোজন কৰাই ভাল।
18 Mtu mwenye hasira huchochea mabishano, bali mtu ambaye hukawia kukasirika hutuliza ugomvi.
১৮ক্রোধি লোকে বিতৰ্কৰ সৃষ্টি কৰে; কিন্তু ক্ৰোধত ধীৰ লোকে বিবাদ ক্ষান্ত কৰে।
19 Mapito ya mtu goigoi ni kama sehemu yenye uwa wa miiba, bali mapito ya mtu mwadilifu ni njia kuu iliyojengwa imara.
১৯এলেহুৱাৰ পথ কাঁইটৰ বেৰা স্বৰূপ; কিন্তু ন্যায়পৰায়ণৰ পথ ৰাজপথ স্বৰূপ।
20 Mwana mwenye busara huleta furaha kwa baba yake, bali mtu mpumbavu humdharau mama yake.
২০জ্ঞানৱান পুত্ৰই পিতৃক আনন্দিত কৰে; কিন্তু অজ্ঞানলোকে নিজ মাতৃক অবজ্ঞা কৰে।
21 Upuuzi humfurahia mtu ambaye amepungukiwa akili, bali mwenye ufahamu hutembea katika njia nyofu.
২১জ্ঞানশূন্যজনক অজ্ঞান জনে আনন্দ দিয়ে; কিন্তু যি জন বিবেচক, তেওঁ সৰল পথত চলে।
22 Mipango huharibika ambapo hakuna ushauri, bali washauri wengi wanafanikiwa.
২২পৰামৰ্শৰ অবিহনে কৰা পৰিকল্পনা ব্যৰ্থ হয়; কিন্তু বহু লোকৰ পৰামৰ্শত সেয়ে সিদ্ধ হয়।
23 Mtu anapata furaha wakati anapotoa jibu la kufaa; je ni zuri kiasi gani neno kwa wakati muafaka!
২৩মানুহে নিজৰ উপযুক্ত উত্তৰত আনন্দ পায়, আৰু উচিত সময়ত কোৱা বাক্য কেনে ভাল।
24 Njia ya uzima huwapeleka juu watu wenye hekima, ili waondoke kutoka chini kuzimu. (Sheol h7585)
২৪দূৰদৰ্শী লোকৰ বাবে জীৱনৰ পথ উৰ্দ্ধগামী হয়; যাতে তলত থকা চিয়োলৰ পৰা তেওঁ আতৰিব পাৰে। (Sheol h7585)
25 Yehova hurarua urithi wa mwenye kiburi, bali huzilinda mali za mjane.
২৫যিহোৱাই অহঙ্কাৰীলোকৰ উত্তৰাধিকাৰী উচ্ছন্ন কৰে, কিন্তু তেওঁ বিধৱা লোকৰ সম্পত্তি সুৰক্ষিত কৰে।
26 Yehova huyachukia mawazo ya watu waovu, bali maneno ya upole ni safi.
২৬যিহোৱাই দুষ্ট লোকৰ কল্পনা ঘিণ কৰে; কিন্তু দয়াশীলৰ বাক্যবোৰ নিৰ্মল।
27 Mporaji huleta shida kwenye familia yake, bali yeye ambaye huchukia rushwa ataishi.
২৭ডকাইতে নিজৰ পৰিয়াললৈ সমস্যা আনে; কিন্তু ভেঁটি ঘিণ কৰা জন কুশলে থাকে।
28 Moyo wa yule atendaye haki hutafakari kabla ya kujibu, bali kinywa cha watu waovu humwanga ubaya wake wote.
২৮সত্যতাত চলা জনৰ হৃদয়ে উত্তৰ দিয়াৰ পূৰ্বেই চিন্তা কৰে; কিন্তু দুষ্টলোকৰ মুখেৰে সকলো বেয়া কথা বাহিৰ হয়।
29 Yehova yupo mbali na watu waovu, bali husikia maombi ya wale watendao haki.
২৯যিহোৱা দুষ্টলোকৰ পৰা দূৰত থাকে; কিন্তু সত্যতাত চলাজনৰ প্ৰাৰ্থনা শুনে।
30 Nuru ya macho huleta furaha moyoni na habari njema ni afya kwenye mwili.
৩০চকুৰ প্ৰসন্নতাই হৃদয়ক আনন্দিত কৰে; আৰু শুভবাৰ্ত্তাই শৰীৰক স্বাস্থ্যৱান কৰে।
31 Kama utazingatia wakati mtu anapokurekebisha jinsi ya kuishi, utabaki miongoni mwa watu wenye busara.
৩১যেতিয়া কোনো এজনে তোমাৰ আচৰণ শুধৰাই দিয়ে আৰু যদি তুমি মনোযোগ দিয়া, তেতিয়া তুমি জ্ঞানীসকলৰ মাজত গণ্য হবা।
32 Yeye anayekataa karipio hujidharau mwenyewe, bali yule asikilizaye masahihisho hujipatia ufahamu.
৩২যিজনে নিয়মানুবৰ্তিতা অগ্ৰাহ্য কৰে, তেওঁ নিজকে হেয়জ্ঞান কৰে; কিন্তু যি জনে অনুযোগ শুনে, তেওঁ সুবিবেচনা লাভ কৰে।
33 Kumcha Yehova hufundisha hekima na unyenyekevu huja kabla ya heshima.
৩৩যিহোৱালৈ ৰখা ভয়ে প্ৰজ্ঞাৰ শিক্ষা দিয়ে, আৰু নম্ৰতা সন্মানৰ আগত আহে।

< Mithali 15 >